অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

বৃক্ক

বৃক্ক হ'ল মানুহ আৰু আন সকলো মেৰুদণ্ডী প্ৰাণীৰ প্ৰধান ৰেচন অংগ। ই মূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে, আৰু লগতে শৰীৰৰ পানী বা ইলেকট্ৰোলাইট (চদিয়াম, পটাচিয়াম, ইত্যাদি) ৰ ভাৰসাম্য বজায় ৰাখে। ‌ বৃক্কৰ উপদেহীয় অংশইঅন্তঃস্ৰাৱী গ্ৰন্থি হিচাপে কাম কৰে। অঙ্গটি পেৰিট'নিয়ামৰ পাছফালে অবস্থিত।

হালনাগাদ: ১৩ জানুৱাৰী ২০২৬ ৩৭৯ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

বৃক্ক হ'ল মানুহ আৰু আন সকলো মেৰুদণ্ডী প্ৰাণীৰ প্ৰধান ৰেচন অংগ। ই মূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে, আৰু লগতে শৰীৰৰ পানী বা ইলেকট্ৰোলাইট (চদিয়াম, পটাচিয়াম, ইত্যাদি) ৰ ভাৰসাম্য বজায় ৰাখে। ‌ বৃক্কৰ উপদেহীয় অংশইঅন্তঃস্ৰাৱী গ্ৰন্থি হিচাপে কাম কৰে। অঙ্গটি পেৰিট'নিয়ামৰ পাছফালে অবস্থিত। বৃক্ক বক্ষদেশীয় ১২ নং কশেৰুকা (T12) অঞ্চলৰপৰা তৃতীয় ককাঁলৰ কশেৰুকা (L3) পৰ্যন্ত বিস্তৃত। যকৃৎৰ অৱস্থানৰ বাবে সোঁ বৃক্ক বাঁও বৃক্কতকৈ সামান্য তলত অৱস্থিত।১

বাহ্যিক গঠন

বৃক্কৰ চিটি স্কেনৰ দৃশ্য
বৃক্কৰ চিটি স্কেনৰ দৃশ্যছবি: RGshredfox · CC BY-SA 3.0

প্ৰত্যেক স্তন্যপায়ী প্ৰাণীৰ উদৰ গহ্বৰৰ সন্মুখৰ ফালে পৃষ্ঠভাগত ৰাজহাড়ৰ দুয়োফালে এটাকৈ উৰহী গুটিৰ দৰে ৰঙা বৰণৰ বৃক্ক থাকে। ‌ বৃক্কৰ এপিঠি উত্তল আন পিঠি অৱতল। ‌ অৱতল পৃষ্ঠক বৃক্কীয় নাভি(hilus) বোলে। ‌ এই অংশৰ মাজেৰে ৰক্তনলী স্নায়ু আৰু মূত্ৰনলী বৃক্কৰ ভিতৰলৈ সোমায়। ‌ বৃক্ক সংযোগী কলাৰদ্বাৰা আবৃত হৈ থাকে। ‌ ইয়াক বৃক্কীয় কেপচুল(Renal Capsule) বোলে। ‌ হিলাচৰ চুপিসদৃশ বহল অংশক ৰিনেল পেলভিচ (Renal Pelvis) বোলে। ‌ ইয়াৰ পশ্চাদ অংশৰ পৰা এডাল দীঘল মিহি নলী মূত্ৰনলী ওলায়। ‌ ইয়াৰদ্বাৰা মূত্ৰ বৃক্কৰ পৰা ওলাই মূত্ৰথলীত জমা হয়। ‌ সময়ত মূত্ৰথলীৰ সংকোচনৰ ফলত মূত্ৰ দেহৰ বাহিৰলৈ পঠোৱা হয়। ‌

অভ্যন্তৰীণ গঠন

1. বৃক্কীয় পিৰামিড 2. আন্তঃলবিউলাৰ ধমনী • 3. বৃক্কীয় ধমনী • 4. বৃক্কীয় শিৰা 5. বৃক্কীয় হাইলাম • 6. বৃক্কীয় পেলভিচ • 7. মূত্ৰনলী • 8. সৰু কেলিক্স • 9. বৃক্কীয় কেপচুল • 10. নিম্নস্থ বৃক্কীয় কেপচুল • 11. উপৰস্থ বৃক্কীয় কেপচুল • 12. আন্তঃলবিউলাৰ শিৰা • 13. নেফ্ৰন • 14. সৰু কেলিক্স • 15. ডাঙৰ কেলিক্স • 16. বৃক্কীয় পেপিলা • 17. বৃক্কীয় কলম
1. বৃক্কীয় পিৰামিড 2. আন্তঃলবিউলাৰ ধমনী • 3. বৃক্কীয় ধমনী • 4. বৃক্কীয় শিৰা 5. বৃক্কীয় হাইলাম • 6. বৃক্কীয় পেলভিচ • 7. মূত্ৰনলী • 8. সৰু কেলিক্স • 9. বৃক্কীয় কেপচুল • 10. নিম্নস্থ বৃক্কীয় কেপচুল • 11. উপৰস্থ বৃক্কীয় কেপচুল • 12. আন্তঃলবিউলাৰ শিৰা • 13. নেফ্ৰন • 14. সৰু কেলিক্স • 15. ডাঙৰ কেলিক্স • 16. বৃক্কীয় পেপিলা • 17. বৃক্কীয় কলমছবি: Piotr Michał Jaworski; PioM EN DE PL · CC BY-SA 3.0

অনুদৈৰ্ঘ্য ছেদত বৃক্কৰ বাহিৰৰ অংশক কৰ্টেক্স আৰু ভিতৰৰ অংশক মেডুলা বোলে। ‌ মেডুলা কেইবাটাও শংকু আকৃতিত বিভক্ত হৈ থাকে ইয়াক বৃক্কীয় পিৰামিড বোলে। ‌ বৃক্কীয় পিৰামিডৰ মাজত সোমাই থকা কৰ্টেক্স অংশক বৃক্কীয় কলম বোলে। ‌ পিৰামিডৰ ভিতৰৰ ফালে মেডুলা ক্ৰমে সৰু কেলিক্স আৰু ডাঙৰ কেলিক্সলৈ অগ্ৰসৰ হয়। ‌

কাৰ্য্য

দেহৰ অতিৰিক্ত পানী, বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক জৈৱ আৰু অজৈৱ যৌগবোৰ ৰক্তস্ৰোতৰ পৰা পৃথক কৰি মূত্ৰ হিচাপে দেহৰ পৰা অপসাৰিত কৰাই বৃক্কৰ প্ৰধান কাৰ্য্য। ‌

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ বৃক্ক কি?

সম্পৰ্কিত শ্ৰেণী

অংগমানৱ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃক্ক” প্ৰবন্ধৰ সংশোধন ৫৬৯৪০৮ (১৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।