অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাশ্মীৰি শইকীয়া বৰুৱা

কাশ্মীৰি শইকীয়া বৰুৱা (Kashmiri Saikia Baruah) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু কণ্ঠশিল্পী। অসমৰ মঙলদৈত ৩০ নৱেম্বৰ তাৰিখে তেওঁৰ জন্ম হৈছিল। মংলদৈত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত ১৯৮১ চনত কটন কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে।

হালনাগাদ: ৫ এপ্ৰিল ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কাশ্মীৰি শইকীয়া বৰুৱা (Kashmiri Saikia Baruah) এগৰাকী অসমৰ চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু কণ্ঠশিল্পী। অসমৰ মঙলদৈত ৩০ নৱেম্বৰ তাৰিখে তেওঁৰ জন্ম হৈছিল। মংলদৈত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত ১৯৮১ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উপাধি লাভ কৰে। চলচ্চিত্ৰৰ উপৰিও তেখেতে ভালেমান দিন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বাতৰি পৰিবেশক হিচাপে কাম কৰিছিল। তেওঁ দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠানত আঁতধৰোঁতাৰ (anchor) কামো কৰিছে।১

শিক্ষা আৰু কৰ্মজীৱন

গৃহনগৰ মঙলদৈতে তেওঁৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল। ১৯৮১ চনত তেওঁ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰী লয়।২ তেওঁ অৰণ্য (১৯৭১) ছবিৰ এই পূৰ্ণিমা ৰাতি শীৰ্ষক এটা বিখ্যাত গীতৰ দৃশ্যত এজনী নৃত্যশিল্পী হিচাপে প্ৰথম ভুমুকি মাৰে। মূল নাৰী চৰিত্ৰত অভিনয় কৰা তেওঁৰ প্ৰথম চিনেমা সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত পুতলা ঘৰ (১৯৭৬) মুক্তি পাওঁতে তেওঁ এজনী স্কুলীয়া ছাত্ৰী। এবছৰ পিছত ভাৰতীয়া পেনোৰামত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। '৮০ৰ দশকটো তেওঁৰ অভিনয় জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ সময়। এই সময়চোৱাতে তেওঁ 'অগ্নিস্নান' (১৯৮৫), 'ময়ুৰী' (১৯৮৬), 'এণ্টনী মোৰ নাম' (১৯৮৬), 'এই দেশ মোৰ দেশ' (১৯৮৬) আৰু পিছলৈ 'সাগৰলৈ বহু দূৰ'ত (১৯৯৫) অভিনয় কৰে। ৩

'৯০ৰ দশকত তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাতৰি পঢ়ুৱৈ হিচাপে জড়িত হৈ পৰিছিল। তেওঁক দূৰদৰ্শনৰ বহুতো কাৰ্যসূচী বা টকশ্ব'তো আঁতধৰোঁতা বা অংশগ্ৰহণকাৰী হিচাপে দেখা গৈছে।

অভিনীত চলচ্চিত্ৰ

ক্ৰমিক নংছবিৰ নামবৰ্ষপৰিচালকচৰিত্ৰ
১অৰণ্য১৯৭১সমৰেন্দ্ৰ নাৰায়ণ দেৱনৃত্যশিল্পী
২পুতলা ঘৰ১৯৭৬সমৰেন্দ্ৰ নাৰায়ণ দেৱমূল নাৰী চৰিত্ৰ বেউলা
৩নতুন আশা১৯৭৭প্ৰবীৰ মিত্ৰ
৪সন্ধ্যাৰাগ১৯৭৭ভবেন্দ্ৰ নাথ শইকীয়া
৫অগ্নিস্নান১৯৮৫ভবেন্দ্ৰ নাথ শইকীয়া
৬ময়ুৰী১৯৮৬শিৱপ্ৰসাদ ঠাকুৰ
৭এণ্টনী মোৰ নাম১৯৮৬নিপ বৰুৱা
৮এই দেশ মোৰ দেশ৪১৯৮৬শিৱপ্ৰসাদ ঠাকুৰ
৯সাগৰলৈ বহু দূৰ১৯৯৫জাহ্নু বৰুৱা
১০প্ৰেমগীত২০০২আশীষ শইকীয়া
১১চেনাই মোৰ ঢুলীয়া২০০৫চন্দ্ৰ মূদৈ

তথ্যসূত্ৰ

  1. ↑ Rajadhyaksha, Ashish; Willemen, Paul. (2014-07-10). Encyclopedia of Indian Cinema. Routledge. ISBN 9781135943189
  2. ↑ Kashmiri Saikia Baruah Actors Celebrities official contact website for booking/artistebooking.com. www.artistebooking.co.in
  3. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati
  4. ↑ Kashmiri Saikia's flimography. imdb.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাশ্মীৰি শইকীয়া বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৬৯ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।