অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দেৱদাসী নৃত্য

বিস্তাৰিত: দেৱদাসী মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল। তেওঁলোকক দেৱদাসী (দেৱতাৰ দাসী) বোলা হৈছিল আৰু তেওঁসকলে কৰা নৃত্য দেৱদাসী নৃত্য নামেৰে জনা গৈছিল।

হালনাগাদ: ৯ ডিচেম্বৰ ২০২০ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বিস্তাৰিত: দেৱদাসী

মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল। তেওঁলোকক দেৱদাসী (দেৱতাৰ দাসী) বোলা হৈছিল আৰু তেওঁসকলে কৰা নৃত্য দেৱদাসী নৃত্য নামেৰে জনা গৈছিল। কলহনৰ ৰাজতৰংগিণী, চাণক্যৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰ, দামোদৰ গুপ্তৰ কুট্টনীমতম্‌আদি গ্ৰন্থত আৰু সোমনাথ মন্দিৰত দেৱদাসী নৃত্য থকাৰ কথা জনা যায়। পদ্ম পুৰাণ আৰু ভৱিষ্য পুৰাণতো ইয়াৰ কথা উল্লেখ আছে। কালিদাসে মেঘদূত কাব্যত এই নৃত্যৰ কথা উল্লেখ কৰিছে। ভাৰতৰ বিভিন্ন ঠাইত প্ৰচলিত এই নৃত্যৰ নাম ঠাই বিশেষে বেলেগ বেলেগ।

অসমত দেৱদাসী নৃত্য

অসমত দেৱদাসী নৃত্যৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল তাক সঠিকভাৱে জনা নগ’লেও ইয়াক ঘাইকৈ শৈৱ ধৰ্মৰ প্ৰভাৱৰ ফল বুলি ক’ব পাৰি। দেৱদাসী সকলক মন্দিৰৰ কামত নিয়োগ কৰিব পৰাটো সৌভাগ্যৰ কাৰণ বুলি ভবা হৈছিল আৰু সেয়ে অসমৰ ৰজাসকলে শিৱ মন্দিৰ স্থাপন কৰি তাত নৰ্ত্তকী নিয়োগ কৰিছিল দেৰগাঁৱৰ নেঘেৰিটিং, শিৱৰ শিৱ মন্দিৰ আৰু বজালীৰ নিকটৱৰ্ত্তী ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্য বিখ্যাত। দেৱদাসী নৰ্ত্তকী সকলে কঁকালত লহঙা বা মেখেলা ব্যৱহাৰ কৰিছিল। গাত হাতৰ সৰু গাঠিলৈকে ঢকা দীঘল বগা গা-চোলা পিন্ধে আৰু বুকুত এখন ৰিহা টানি মেথনি মাৰি মূৰৰ খোপালৈকে পাৰ কৰি নিয়ে। হাত, কাণ, নাক, হাতৰ আঙুলি, ভৰিৰ আঙুলি আদিত নানা তৰহৰ বস্তু বা আ-অলংকাৰ ব্যৱহাৰ কৰে। এই নৃত্যত মন্দিৰৰ ওচৰৰ পুখুৰীত স্নান কৰি, পানীৰ দাপোণত নিজৰ প্ৰতিবিম্ব চাই, নিজকে সু-সজ্জিত কৰি, কেশ-বিন্যাসেৰে বিভিন্ন প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি লাস্যময়ী হৈ মন্দিৰৰ বিগ্ৰহক পূজা কৰা যেন দেখুৱা হয়। ইয়াৰ বেশ-ভূষা আৰু লয়-লাস ভঙ্গী বৰ চিত্তাকৰ্ষক। নৃত্যৰ লগত খোল, তাল, শংখ আৰু বৰকাঁহৰ ব্যৱহাৰৰ কথা জনা যায়। খোলৰ বাৰতা ঘাতৰ নৃত্যৰ বিভিন্ন অংশ প্ৰদৰ্শন কৰা হয়।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 'অসমৰ সংস্কৃতি কোষ: ড॰ নাৰায়ন দাস, ড॰ পৰমানন্দ ৰাজবংশী'

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নৃত্যঅসমৰ নৃত্যসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱদাসী নৃত্য” প্ৰবন্ধৰ সংশোধন ২৫৩৭৭০ (৯ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।