অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনোজ কুমাৰ

মনোজ কুমাৰ ( Manoj Kumar; জন্ম: হৰিকৃষ্ণণ গোস্বামী; ২৪ জুলাই ১৯৩৭ - ৪ এপ্ৰিল ২০২৫) হিন্দী চলচ্চিত্ৰৰ এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু সম্পাদক। তেওঁ দেশপ্ৰেমমূলক বিষয়বস্তুৰ ছবি নিৰ্মাণ আৰু অভিনয়ৰ বাবে পৰিচিত। তেওঁক ভাৰত কুমাৰ উপনামেৰে জনা যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৭৮৪ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মনোজ কুমাৰ ( Manoj Kumar; জন্ম: হৰিকৃষ্ণণ গোস্বামী; ২৪ জুলাই ১৯৩৭ - ৪ এপ্ৰিল ২০২৫) হিন্দী চলচ্চিত্ৰৰ এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু সম্পাদক। তেওঁ দেশপ্ৰেমমূলক বিষয়বস্তুৰ ছবি নিৰ্মাণ আৰু অভিনয়ৰ বাবে পৰিচিত। তেওঁক ভাৰত কুমাৰ উপনামেৰে জনা যায়। কুমাৰে বিভিন্ন শাখাত এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ভাৰতীয় চলচ্চিত্ৰ আৰু কলালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ভাৰত চৰকাৰে ১৯৯২ চনত পদ্মশ্ৰী আৰু ২০১৬ চনত দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন

কুমাৰৰ ব্ৰিটিছ ভাৰতৰ উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ এখন চহৰ এবটাবাদত (বৰ্তমানৰ খাইবাৰ পখতুনখ্বা, পাকিস্তান) এটা হিন্দু ব্ৰাহ্মণ১ পৰিয়ালত জন্ম হৈছিল।২ তেওঁৰ জন্মৰ নাম হৰিকৃষণ গিৰি গোস্বামী। ১০ বছৰ বয়সত ভাৰত বিভাজনৰ বাবে তেওঁৰ পৰিয়াল জণ্ডিয়ালা শ্বেৰ খানৰ পৰা দিল্লীলৈ প্ৰব্ৰজন কৰে।৩ কুমাৰে ছবিত নিজৰ ভাগ্য পৰীক্ষা কৰাৰ পূৰ্বে হিন্দু কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। সৰুতে তেওঁ অভিনেতা দিলীপ কুমাৰ, অশোক কুমাৰ আৰু কামিনী কৌশলৰ অভিনয়ত মুগ্ধ হৈছিল আৰু ‘’শ্ববনম’’ ছবিৰ দিলীপ কুমাৰৰ চৰিত্ৰৰ নামেৰে নিজৰ নাম মনোজ কুমাৰ ৰখাৰ সিদ্ধান্ত লৈছিল।২৪

চলচ্চিত্ৰীয় জীৱন

১৯৫৭-১৯৬৪: আত্মপ্ৰকাশ আৰু উত্থান

ফেশ্বন ত (১৯৫৭) সামান্য লক্ষণীয় আত্মপ্ৰকাশৰ পিছত আৰু তাৰ পিছত চাহাৰা (১৯৫৮),চান্দ (১৯৫৯) আৰু হনিমুনৰ (১৯৬০) দৰে ছবিত মনত ৰাখিব নলগীয়া চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁ কাঞ্চ কি গুড়িয়াত (১৯৬১) প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছত পিয়া মিলন কী আচ (১৯৬১),সুহাগ সিন্দুৰ (১৯৬১),ৰেশমী ৰুমাল (১৯৬১) আদি ছবিত অভিনয় কৰিছিল, যিবোৰৰ বেছিভাগেই বিশেষ সাঁচ ৰাখি থৈ যাব পৰা নাছিল। প্ৰথম সফলতা আছে ১৯৬২ চনৰ বিজয় ভট্টৰ হাৰিয়ালি ঔৰ ৰাস্তা ছবিৰে, য’ত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল মালা সিনহাই। ছবিখনে সমালোচকৰ প্ৰশংসা পাইছিল আৰু ব্যৱসায়িকভাৱে হিট হৈছিল।৫ ইয়াৰ পিছত ছাদি (১৯৬২),ড° বিদ্যা (১৯৬২) আৰু গৃহস্থী-এ (১৯৬৩) বক্স অফিচত মধ্যমীয়া সফলতা লাভ কৰে।৬ তেওঁ ৰাজ খোছলাৰ ১৯৬৪ চনৰ ৰহস্য থ্ৰিলাৰ ৱহ কৌন থি যোগে বিশেষ অগ্ৰগতি লাভ কৰিছিল। [7] ছবিখন ছুপাৰহিট হয়; ইয়াৰ কাৰণ ছবিখনৰ পানী নসৰকা চিত্ৰনাট্য আৰু লতা মংগেশকাৰৰ কণ্ঠৰ সুৰীয়া গীত যেনে- "লগ যা গলে" আৰু "নেইনা বৰষে ৰিমঝিম" বুলি কোৱা হয়।৭

১৯৬৫-১৯৮১: তাৰকাত্ব

১৯৬৫ চনটো কুমাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ বছৰ আছিল, কিয়নো এইটো বছৰতে তেওঁৰ তাৰকা হিচাপে উত্থানৰ সূচনা হৈছিল।৮ তেওঁৰ প্ৰথম মুক্তি আছিল স্বাধীনতা বিপ্লৱী ভগত সিঙৰ জীৱনৰ আধাৰত নিৰ্মিত দেশপ্ৰেমমূলক ড্ৰামা ছবি শ্বহীদ। ই সমালোচকৰ লগতে ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ পৰাও অতি ইতিবাচক সঁহাৰি লাভ কৰিছিল আৰু বক্স অফিচতো হিট হৈছিল।৯ ইয়াৰ পিছত ব্লকবাষ্টাৰ ছবি ৰোমান্টিক ড্ৰামা হিমালয় কি গোড মেঁই ১০ তেওঁক এজন ভৰষাযোগ্য তাৰকা হিচাপে গঢ়ি তুলিছিল।৮ ডিচেম্বৰ মাহত কুমাৰে ৰহস্য থ্ৰিলাৰ গুমনামৰ জৰিয়তে আন এক ডাঙৰ সফলতা লাভ কৰে।১১ ১৯৬৬ চনতো তেওঁ সফলতাৰ ধাৰা অব্যাহত থাকে ৰাজ খোচলাৰ দো বদন ছবিৰ জৰিয়তে, য’ত তেওঁৰ সৈতে আশা পাৰেখে অভিনয় কৰিছিল। এই ছবিখন খোছলাৰ পৰিচালনা, কুমাৰৰ অভিনয় আৰু গীতিকাৰ চাকিল বাদাউনী ৰচিত গীতৰ বাবে স্মৰণ কৰা হয় (লগতে মহম্মদ ৰফীৰ কণ্ঠৰ “ৰহা গৰ্দিছোঁ মে” আৰু লতা মংগেশকাৰৰ কণ্ঠৰ ‘’লো আ গয়ী উনকী য়াদ” গীত দুটাৰ বাবেও)। ১২ সেই বছৰ তেওঁ শক্তি সামন্তৰ সাৱন কী ঘাটাত শৰ্মিলা ঠাকুৰৰ বিপৰীতে অভিনয় কৰি আন এক হিট ছবি আগবঢ়ায়।১৩

১৯৬৫ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ পিছত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে তেওঁক জনপ্ৰিয় শ্লোগান- “জয় জৱান জয় কিষান”ৰ আধাৰত এখন ছবি নিৰ্মাণ কৰিবলৈ কয়।২৯ এনেকৈয়ে তেওঁ ১৯৬৭ চনৰ দেশপ্ৰেমমূলক ড্ৰামা উপকাৰৰ যোগেদি পৰিচালনাৰ ক্ষেত্ৰখনত প্ৰবেশ কৰে।১৪ সেই বছৰ ছবিখনে বক্স অফিচৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল আৰু অল টাইম ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হৈছিল।১৫ উপকাৰে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু ইয়াৰ সংগীতো অতি সফল হয়, বিশেষকৈ গণৰাজ্য দিৱস আৰু ভাৰতৰ স্বাধীনতা দিৱসত বজোৱা "মেৰে দেশ কি ধৰতি" গীতটো। উপকাৰৰ যোগেদি তেওঁ দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে প্ৰথম ফিল্মফেয়াৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটাও আজুৰি আনে।১৬১৭ তেওঁৰ পৰৱৰ্তী মুক্তিপ্ৰাপ্ত ছবি পত্থৰো কে সনম পুনৰ ব্যৱসায়িকভাৱে বৃহৎ সফল হয় যদিও সাধনাৰ বিপৰীতে অভিনয় কৰা অনিতা ছবিখন ফ্লপ হয়।১৮ ১৯৬৮ চনত তেওঁ ৰাজ কুমাৰ আৰু ৱাহীদা ৰহমানৰ সৈতে নীল কমল ছবিত অভিনয় কৰে।১৯ সেই বছৰতে তেওঁ ৰহমানৰ সৈতে আদমীৰ বাবে পুনৰ মিলিত হয়, য'ত দিলীপ কুমাৰেও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।২০ নীল কমল বক্স অফিচত ছুপাৰহিট বুলি প্ৰমাণ কৰি ১৯৬৮ চনৰ তৃতীয় সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছিল।২১ আদমীয়েও ভাল ব্যৱসায় কৰিছিল আৰু ই ছেমি-হিট হৈছিল।২২ ১৯৬৯ চনত ৰাজেশ খান্নাৰ উত্থান হয়, যিয়ে আৰাধনা আৰু দো ৰাস্তে নামৰ এখনৰ পিছত আনখন ব্লকবাষ্টাৰ ছবিৰে দেশত ধুমুহাৰ সৃষ্টি কৰিছিল।২৩খান্নাৰ উত্থানৰ ফলত বহুতো সুপ্ৰতিষ্ঠিত শিল্পীৰ কেৰিয়াৰৰ অৱনতি ঘটে, কিন্তু কুমাৰ আৰু ধৰ্মেন্দ্ৰ ৰাজেশ খান্না উন্মাদনাৰ দ্বাৰা প্ৰভাৱিত নহ'ল আৰু বিশাল হিট ছবি আগবঢ়াই থাকিল।২৪ ১৯৬৯ চনত কুমাৰৰ একমাত্ৰ মুক্তিপ্ৰাপ্ত ছবি আছিল পাৰেখৰ সৈতে অভিনীত সাজন।২৫ ছবিখন হিট হৈছিল, আৰু সেই বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিসমূহৰ ভিতৰত দশম স্থানত আছিল।২৬

ৰাজনীতি

আন বহু বলীউডৰ তাৰকাৰ দৰে কুমাৰেও অৱসৰৰ পিছত ৰাজনীতিত নামিবলৈ সিদ্ধান্ত লয়। ২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।২৭

মৃত্যু

দীৰ্ঘদিনীয়া ৰোগাক্ৰান্ত হৈ ২০২৫ চনৰ ৪ এপ্ৰিলত মুম্বাইৰ জুহুত মৃত্যু হয়। মহাৰাষ্ট্ৰৰ ৰাজ্যিক চৰকাৰে ৰাজ্যিক সন্মানেৰে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনায়।২৮ ২৯৩০৩১

বঁটা আৰু সন্মান

য়ে ২০১৬-ত ৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত মনোজ কুমাৰলৈ দাদাচাহেব ফাল্কে বঁটা আগবঢ়াইছে।]]

অসাৰিক সন্মান

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ফিল্মফেয়াৰ বঁটা

  • ১৯৬৮
    • শ্ৰেষ্ঠ চলচ্চিত্ৰ- উপকাৰ
    • শ্ৰেষ্ঠ পৰিচালনা- উপকাৰ
    • শ্ৰেষ্ঠ কাহিনী- উপকাৰ
    • শ্ৰেষ্ঠ সংলাপ- উপকাৰ৩৫
  • ১৯৭২
    • শ্ৰেষ্ঠ অভিনেতা- বে-ইমান
    • শ্ৰেষ্ঠ সম্পাদনা- শোৰ৩৬
  • ১৯৯৯- জীৱনজোৰা কৃতিত্ব বঁটা৩৭

তথ্যউৎস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 10 interesting facts about Manoj Kumar - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Verghis, Shana Maria. (8 May 2011). 'I left behind a can of marbles in Abbotabad after Partition'
  3. ↑ Vijayakar, Rajiv. A patriot at heart. Deccan Herald. DHNS
  4. ↑ How Manoj Kumar got his name and whom does he thank for that?. youtube.com
  5. ↑ Box Office 1962
  6. ↑ BoxOffice India.com
  7. ↑ Archived copy
  8. ↑ Top Actors. Box Office India
  9. ↑ (2012-02-10). Boxofficeindia.com
  10. ↑ Himalay Ki God Mein
  11. ↑ (19 March 2024). Yodha Monday Box Office Collections
  12. ↑ (8 May 1966). From Dharmendra's Phool Aur Patthar To Manoj Kumar's Do Badan – Top Bollywood Box Office Grossers Of 1966
  13. ↑ Worth Their Weight in Gold! - Box Office India: India's premier film trade magazine
  14. ↑ (15 August 2021). Upkar — film born of churn in newly-Independent India gave Bollywood a hit formula
  15. ↑ (7 August 2014). Sajid Nadiadwala Joins An Elite List With Kick
  16. ↑ The Times of India, Entertainment. National Awards Winners 1967: Complete list of winners of National Awards 1967. timesofindia.indiatimes.com
  17. ↑ Filmfare Awards Winners from 1953 to 2020
  18. ↑ (7 May 1967). From Dilip Kumar's Ram Aur Shyam To Manoj Kumar's Patthar Ke Sanam – Top Box Office Grossers Of 1967
  19. ↑ Neel Kamal. indiancine.ma
  20. ↑ (18 March 2010). Aadmi (1968). The Hindu
  21. ↑ (6 May 1968). From Dharmendra's Aankhen To Kishore Kumar's Padosan – Top Bollywood Box Office Grossers Of 1968
  22. ↑ (18 March 2010). Aadmi (1968)
  23. ↑ (14 July 2010). India's First Superstar – Retiring Room: Rajesh Khanna. MSN
  24. ↑ (23 February 2013). From artistes to brands
  25. ↑ Parekh, Asha and Mohammed, Khalid. The Hit Girl. New Delhi: Om Books International (2017), p. 130
  26. ↑ Worth Their Weight in Gold! - Box Office India: India's premier film trade magazine
  27. ↑ Manoj Kumar, Apra Mehta join BJP. www.rediff.com
  28. ↑ www.indiatoday.in/movies/celebrities/story/manoj
  29. ↑ Legendary actor-director Manoj Kumar, Nicknamed 'Bharat Kumar', Died at 87 in Mumbai. Bru Times News
  30. ↑ Veteran Bollywood Actor Manoj Kumar Dies At 87 In Mumbai. www.ndtv.com
  31. ↑ Cherylann Mollan. (4 April 2025). Manoj Kumar: Bollywood actor and director dies at 87. www.bbc.com
  32. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  33. ↑ 15th National Film Awards. Directorate of Film Festivals
  34. ↑ Kumar, Anuj. (2016-03-10). Know your Bharat. The Hindu
  35. ↑ Filmfare Awards Winners from 1953 to 2020
  36. ↑ Reuben, Bunny. (2005). ..and Pran: A Biography. HarperCollins and Living Media. পৃ. 265–267. ISBN 978-81-72234-66-9
  37. ↑ Bhatt, SC; Bhargava, Gopal K. (2006). Land and People of Indian States and Union Territories (in 36 Volumes). Kalpaz Publications. পৃ. 685. ISBN 81-7835-372-5

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিদাদাচাহেব ফাল্কে বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকহিন্দী চলচ্চিত্ৰৰ অভিনেতাচিত্ৰনাট্য লেখকৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোজ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬৪০১২৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।