বঙালী চলচ্চিত্ৰৰ অভিনেতা
১৫ প্ৰবন্ধ
-
উৎপল দত্ত (অভিনেতা)
উৎপল দত্ত (Utpal Dutt) এজন ভাৰতীয় অভিনেতা, পৰিচালক, লেখক আৰু নাট্যকাৰ আছিল। তেওঁ মুলতঃ বঙালী থিয়েটাৰৰ এজন অভিনেতা আৰু আধুনিক ভাৰতীয় থিয়েটাৰৰ এজন অগ্ৰণী ব্যক্তি আছিল। তেওঁ ১৯৪৯ চনত "লিটল থিয়েটাৰ গ্ৰুপ" প্ৰতিষ্ঠা কৰে।
-
উত্তম কুমাৰ
উত্তম কুমাৰ (Uttam Kumar; জন্ম: অৰুণ কুমাৰ চাট্টোপাধ্যায়; ৩ ছেপ্টেম্বৰ ১৯২৬ – ২৪ জুলাই ১৯৮০) এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ আৰু গায়ক আছিল, যিয়ে মূলতঃ বঙালী চলচ্চিত্ৰত কাম কৰিছিল। বহুলভাৱে তেওঁ মহানায়ক নামেৰে পৰিচিত।
-
মিথুন চক্ৰৱৰ্তী
মিথুন চক্ৰৱৰ্তী (Mithun Chakraborty; জন্ম গৌৰাংগ চক্ৰৱৰ্তী; ১৬ জুন ১৯৫০) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ যিয়ে প্ৰধানকৈ হিন্দী আৰু বাংলা ভাষাৰ ছবিত অভিনয় কৰিছে। তেওঁ ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সদস্য ৷ চক্ৰৱৰ্তীয়ে শ্ৰেষ্ঠ অভিনেতাৰ তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
ছবি বিশ্বাস
ছবি বিশ্বাস (Chhabi Biswas; ১৩ জুলাই ১৯০০ – ১১ জুন ১৯৬২) এজন ভাৰতীয় বঙালী অভিনেতা। তেওঁ মূলতঃ তপন সিনহাৰ কাবুলীৱালা আৰু সত্যজিৎ ৰায়ৰ জলসাঘৰ (১৯৫৮), দেৱী (১৯৬০) আৰু কাঞ্চনজংঘা (১৯৬২) ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ওম পুৰী
ওম প্ৰকাশ পুৰী (Om Puri); ১৮ অক্টোবৰ ১৯৫০ – ৬ জানুৱাৰী ২০১৭) আছিল এজন ভাৰতীয় অভিনেতা যিয়ে মূলসুঁতিৰ বাণিজ্যিক হিন্দী ছবিৰ লগতে উৰ্দু, মালয়ালম, বাংলা, কানাড়া, ইংৰাজী, পাঞ্জাবী, গুজৰাটী, তেলেগু, আৰু মাৰাঠী ছবিৰ লগতে স্বতন্ত্ৰ আৰু কলাত্মক ছবিত অভিনয় কৰিছিল আৰু কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চিনেমাতো…
-
জৰ্জ বেকাৰ
জৰ্জ বেকাৰ (George Baker, জন্মː ২৮ অক্টোবৰ ১৯৪৬) এজন ভাৰতীয় অভিনেতা আৰু ৰাজনৈতিক নেতা। তেওঁক মূলতঃ অসমীয়া আৰু বঙালী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ২০১৪ত ভাৰতীয় জনতা পাৰ্টীত ভৰ্তি হয় আৰু হাওৰা লোকসভা আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰে।
-
ধীৰেন্দ্ৰ নাথ গাংগুলী
ধীৰেন্দ্ৰ নাথ গাংগুলী ( Dhirendra Nath Ganguly; ২৬ মাৰ্চ ১৮৯৩ – ১৮ নৱেম্বৰ ১৯৭৮) এজন দাদাচাহেব ফাল্কে বঁটা বিজয়ী আৰু পদ্মভূষণ লাভ কৰা চলচ্চিত্ৰ উদ্যোগী আৰু বঙালী চলচ্চিত্ৰৰ অভিনেতা, পৰিচালক। ধীৰেণ গাংগুলী বা ডি.জি. নামেৰে তেওঁ অধিক পৰিচিত আছিল।
-
অংকুশ হাজৰা
মাহিষ্য ক্ষত্ৰিয় সম্প্ৰদায়ৰ পৰা অহা লোক অংকুশ হাজৰা বাংলা চলচ্চিত্ৰ জগতৰ এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, নৃত্যশিল্পী আৰু টেলিভিছন ব্যক্তিত্ব। ২০১০ চনত তেওঁ কেল্লাফতে ছবিৰে অভিষেক ঘটায়।
-
বনি সেনগুপ্ত
বনি সেনগুপ্ত (Bonny Sengupta; জন্ম: ১০ আগষ্ট ১৯৯০; অনুপ্ৰিয় সেনগুপ্ত) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেতা আৰু ৰাজনীতিবিদ। তেওঁৰ প্ৰথম দুখন চলচ্চিত্ৰ, বৰবাদ আৰু পাৰব না আমি ছাড়তে তোকে, পৰিচালক ৰাজ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰিছিল।
-
ব্ৰাত্য বসু
ব্ৰাত্যব্ৰত বসু ৰায়চৌধুৰী (Bratya Basu; জন্ম: ২৫ ছেপ্টেম্বৰ ১৯৬৯) এজন ভাৰতীয় বাঙালী নাট্যকাৰ, নাট পৰিচালক, কবি, প্ৰাবন্ধিক, ঔপন্যাসিক, অনুবাদক, সম্পাদক, অভিনেতা আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ পশ্চিম বংগৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী।
-
মনোজ মিত্ৰ
মনোজ মিত্ৰ (Manoj Mitra; ২২ ডিচেম্বৰ ১৯৩৮ – ১২ নৱেম্বৰ ২০২৪) হ'ল এজন বাঙালী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছনৰ অভিনেতা আৰু নাট্যকাৰ।
-
কবিৰ সুমন
কবীৰ সুমন (জন্ম: ১৬ মাৰ্চ ১৯৪৯) এজন ভাৰতীয় বাঙালী গায়ক, গীতিকাৰ, অভিনেতা, ৰেডিঅ' সাংবাদিক, লেখক আৰু সংসদ সদস্য। তেওঁৰ আগৰ নাম আছিল সুমন চট্টোপাধ্যায়। ২০০০ চনত বাংলাদেশী সংগীশিল্পী ছাবিনা ইয়াছমিনক বিয়া কৰাই ইছলাম ধৰ্ম গ্ৰহণ কৰে। সুমন এগৰাকী বিশিষ্ট আধুনিক আৰু ৰবীন্দ্ৰ সংগীতৰ গায়ক।
-
দিব্যেন্দু ভট্টাচাৰ্য
দিব্যেন্দু ভট্টাচাৰ্য (Dibyendu Bhattacharya(জন্ম ১১ নৱেম্বৰ ১৯৭৫) হিন্দী আৰু বাংলা চিনেমা আৰু ৱেব ছিৰিজত কাম কৰা এজন ভাৰতীয় অভিনেতা। তেওঁ দেৱ ডি, হটষ্টাৰৰ ৱেব ছিৰিজ ক্ৰিমিনেল জাষ্টিছত লায়ক তালুকদাৰ আৰু চনীলিভৰ ৱেব ছিৰিজ আনদেখীত ডেপুটি এছপি বৰুণ ঘোষৰ চৰিত্ৰত অভিনয় কৰি পৰিচয় অৰ্জন কৰে।
-
ধৃতিমান চট্টোপাধ্যায়
ধৃতিমান চট্টোপাধ্যায় (ইংৰাজী: Dhritiman Chatterjee, প্ৰকৃত নাম: সুন্দৰ চট্টোপাধ্যায়) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ১৯৭০ চনত সত্যজিৎ ৰায়ৰ “প্ৰতিদ্বন্দ্বী” (The Adversary) নামৰ চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰ হিচাপে অভিনয় কৰি নিজৰ চলচ্চিত্ৰজীৱন আৰম্ভ কৰিছিল।
-
সৌৰভ দাস
সৌৰভ দাস (Sourav Das; জন্ম: ২১ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেতা, উপস্থাপক, কৌতুক অভিনেতা, আৰু থিয়েটাৰ পৰিচালক। ‘বয়েই গেল’ নামৰ টিভি ধাৰাবাহিক এখনত অভিনয়েৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল।