অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

বিকাশপিডিয়া

বিকাশপিডিয়া (হিন্দী ভাষাত 'विकासपीडिया', ইংৰাজী ভাষাত 'Vikaspedia') ভাৰত চৰকাৰে আৰম্ভ কৰা এটি অনলাইন তথ্য পথপ্ৰদৰ্শক। ৱেবচাইটটো চি-ডিএচি হায়দৰাবাদৰ দ্বাৰা চালিত আৰু বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, যোগাযোগ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)ৰ দ্বাৰা স্থাপিত।

হালনাগাদ: ৩১ জুলাই ২০২৫ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বিকাশপিডিয়া (হিন্দী ভাষাত 'विकासपीडिया', ইংৰাজী ভাষাত 'Vikaspedia') ভাৰত চৰকাৰে আৰম্ভ কৰা এটি অনলাইন তথ্য পথপ্ৰদৰ্শক।১২ ৱেবচাইটটো চি-ডিএচি হাইদৰাবাদৰ দ্বাৰা চালিত আৰু বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, যোগাযোগ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)ৰ দ্বাৰা স্থাপিত। আৰম্ভণিতে বিকাশপিডিয়াক ৫টা ভাষাত মুকলি কৰা হৈছিল-- অসমীয়া, ইংৰাজী, তেলুগু, হিন্দী আৰু মাৰাঠী।৩

ৱেবচাইটটো ১৮ ফেব্ৰুৱাৰী ২০১৪ত মুকলি কৰা হৈছিল আৰু বৰ্তমান কৃষি, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, শক্তি আৰু ই-প্ৰশাসনৰ বিষয়ে তথ্য যোগান ধৰে।৪ পৰ্টেলটোৰ নাম হিন্দী ভাষাৰ "বিকাশ" আৰু ইংৰাজী ভাষাৰ এনচাইক্ল'পিডিয়া (যাৰ অৰ্থ বিশ্বকোষ)ৰ পৰা লোৱা। পৰ্টেলটোত গোটেইকেইটা বিভাগৰ তথ্যই স্থানীয় ভাষাকেইটাত উপলব্ধ কৰোৱা হৈছে। বৰ্তমান বিকাশপেডিয়াত ২৩টা ভাৰতীয় ভাষাৰ সংস্কৰণ আছে। ভাষাবিলাক হ'ল: ইংৰাজী, অসমীয়া, তেলেগু, হিন্দী, বাংলা, গুজৰাটী, কন্নড়, মালায়ালম, তামিল, বড়ো, ডোগৰী, সংস্কৃত, কাশ্মিৰী, কংকনী, নেপালী, ওড়িয়া, উৰ্দু, মৈথিলী, মণিপুৰী, সান্থালী, সিন্ধী, পঞ্জাৱী, আৰু মাৰাঠী।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ (18 February 2014). Government launches Vikaspedia as online information guide. DNA
  2. ↑ (18 February 2014). Government launches Vikaspedia, website for local content development tools. NDTV
  3. ↑ (18 February 2014). Govt launches Vikaspedia as online information guide. Livemint
  4. ↑ (18 February 2014). Government launches online information guide Vikaspedia. Times of India

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইটবিশ্বকোষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিকাশপিডিয়া” প্ৰবন্ধৰ সংশোধন ৫২৯১১৬ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।