অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৱিকিপিডিয়া

ৱিকিপিডিয়া (Wikipedia) হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ প্ৰায় ৪.১ নিযুত স্বেচ্ছাসেৱকে সহযোগিতাৰে ইংৰাজী ৱিকিপিডিয়া প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে।

হালনাগাদ: ২০ অক্টোবৰ ২০২৫ ৮০০ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৱিকিপিডিয়া (Wikipedia) হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ প্ৰায় ৪.১ নিযুত স্বেচ্ছাসেৱকে সহযোগিতাৰে ইংৰাজী ৱিকিপিডিয়া প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে। যিকোনো মানুহে প্ৰায় সকলো প্ৰবন্ধই সম্পাদনা কৰিব পাৰে আৰু ইয়াৰ প্ৰায় ১ লাখ সক্ৰিয় ব্যৱহাৰকাৰী আছে।১ পৃথিৱীৰ কিছুমান ঠাইত ৱিকিপিডিয়া নিষেধ কৰা হৈছে।২ জানুৱাৰী ২০১৩ লৈকে ২৮৫টা ভাষাত ৱিকিপিডিয়াৰ সংস্কৰণ আছে। বিশ্বজুৰি ৩৬৫ নিযুত পঢ়ুৱৈৰে আৰু এলেক্সাত সকলো ৱেবছাইটৰ ভিতৰত ষষ্ঠ স্থানেৰে৩৪ ই বিশ্বৰ সৰ্ববৃহৎ আৰু ইণ্টাৰনেটৰ সৰ্বাধিক জনপ্ৰিয় সাধাৰণ প্ৰসংগ কৰ্ম।৩৫৬৭

ইতিহাস

২০০১ চনত জিম্মী ৱেল্‌ছ আৰু লেৰী ছেংগাৰে ৱিকিপিডিয়া মুকলি কৰে।৮৯ ছেংগাৰে wiki (সহযোগিতামূলক ৱেবছাইট সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি, হাৱাইয়ান শব্দ wikiৰ পৰা যাৰ অৰ্থ হৈছে "ক্ষিপ্ৰ") আৰু encyclopedia শব্দ দুটা মিলাই Wikipedia শব্দটোৰ উদ্ভাৱন কৰে।১০ and encyclopedia ৱিকিপিডিয়া বিশেষজ্ঞৰদ্বাৰা লিখা নহয় আৰু ইয়াত থকা বহুতো অবিদ্যায়তনিক বস্তুৰবাবে ই লক্ষণীয় হৈ উঠিছে। টাইম আলোচনীয়ে 'আপোনাক' (You) '২০০৬ চনৰ ব্যক্তি' (Person of the year) হিচাপে নিৰ্বাচন কৰিছিল। এই নিৰ্বাচনৰ ভিত্তি আছিল 'ৱেব-২'-ৰ ভিত্তিত নিযুত ব্যক্তিৰ সংযোগী অৱদানেৰে গঠিত কেবাটও ৱেবছাইটৰ সাফল্য। 'ৱিকিপিডিয়া'কে ধৰি এই 'ৱেব-২'ৰ ভিত্তিত গঢ়ি উঠা ইউটিউব, মাইস্পেছ, ফেইচবুক ইত্যাদি ৱেবছাইট প্ৰায় একে ধাৰণাৰে গঠিত।১১ বিশ্বকোষ সুলভ তথ্যভাণ্ডাৰ হোৱাৰ উপৰিও ৱিকিপিডিয়া এতিয়া খবৰৰ বাবেও জনপ্ৰিয়, যিকোনো খবৰ খুব সোনকালেই ৱিকিপিডিয়াত আপডে'ট কৰা হয়।১২১৩ ছাত্ৰসকলক কোনো বিষয়ৰ ওপৰত প্ৰকল্প হিচাপেও প্ৰবন্ধ লিখিবলৈ দিয়া হৈছে।১৪

অসমীয়া ৱিকিপিডিয়াৰ বেটুপাত
অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতছবি: Gonitpankaj · CC BY-SA 3.0

ৱিকিপিডিয়াত নিয়মাৱলীয়ে সদায়ে তথ্যৰ নিৰ্ভৰযোগ্যতা আৰু নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দি আহিছে যদিও, ঠিক এইকেইটা বিষয়ৰ বাবেই ৱিকিপিডিয়া প্ৰায়েই সমালোচনাৰ সম্মুখীন হৈ আহিছে। আকৌ ৱিকিপিডিয়াত জনপ্ৰিয় বিষয়ৰ প্ৰবন্ধৰ সৰহতা আৰু বিশেষজ্ঞ মতামততকৈও কেবাজনৰো সংগঠিত মতামতক বেছি গুৰুত্ব দিয়া নীতিৰ বাবেও ইয়াক সমালোচনা কৰা হৈছে।১৫ৱিকিপিডিয়াৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উঠিছে।১৬ আকৌ তথ্য-বিকৃতি আৰু তাৰ জৰিয়তে কোনো ধাৰণা বা ব্যক্তি-বিশেষৰ প্ৰতি বিদ্বেষমূলক প্ৰচাৰকাৰ্য্যৰ বাবেই ৱিকিপিডিয়া সমালোচনাৰ সম্মুখীন হৈছে।১৭ অৱশ্যে গৱেষণালব্ধ ফলাফলে দেখুৱায় যে এনে তথ্য-বিকৃতি সাধাৰণতে বেছি দিন থাকিবলৈ নাপায়।১৮১৯ ২০০৫ চনত 'নেচাৰ' পত্ৰিকাত প্ৰকাশিত এটা সমীক্ষাৰ মতে ৱিকিপিডিয়াৰ বিজ্ঞানৰ প্ৰবন্ধবোৰৰ শুদ্ধতা এনচাইক্ল'পেডিয়া ব্ৰিটানিকা-ৰ ওচৰচপা আৰু 'ডাঙৰ ভুল'ৰ সংখ্যাও প্ৰায় সমানেই।২০

সম্পাদনা

পৰম্পৰাগত বিশ্বকোষসমূহৰ বিপৰীতে ৱিকিপিডিয়া সম্পাদনাৰ বাবে সকলোৰে কাৰণে প্ৰায় মুকলি। ইয়াৰ অৰ্থ হ'ল যে স্পৰ্শকাতৰ আৰু বা ধ্বংসাত্মক কাৰ্যৰ সম্ভাৱনা থকা কিছুমান পৃষ্ঠা সুৰক্ষিত কৰা হয়। আন বেছিভাগ পৃষ্ঠাই পঢ়ুৱৈয়ে কোনো অনুমতি অবিহনে, নাম প্ৰকাশ নকৰাকৈ বা পঞ্জীয়ন নকৰাকৈ সম্পাদনা কৰিব পাৰে। বেলেগ বেলেগ ভাষাৰ ৱিকিপিডিয়াই এই নীতিটোৰ অলপ সালসলনি কৰে, যেনে- ইংৰাজী ৱিকিপিডিয়াত কেৱল পঞ্জীয়ন কৰা ব্যৱহাৰকাৰীয়েহে নতুন প্ৰবন্ধ সৃষ্টি কৰিব পাৰে। কোনো প্ৰবন্ধতে ইয়াৰ সৃষ্টিকৰ্তা বা আন সম্পাদকৰ মালিকীস্বত্ব নাথাকে। সম্পাদকসকলে প্ৰবন্ধৰ সমল বা গঠন সম্পৰ্কে ঐকমত্য প্ৰতিষ্ঠা কৰিব লাগে।

ডিফল্ট নিয়ম অনুসৰি প্ৰবন্ধত কৰা সম্পাদনা কোনো পৰ্যালোচনা নোহোৱাকৈ সাঁচি ৰাখিব পাৰি। তেনে হোৱা বাবে আন সম্পাদকে শুধৰণি নকৰালৈকে প্ৰবন্ধ এটাত অশুদ্ধ তথ্য, পক্ষপাতিত্ব, বা অৰ্থহীন কথা থাকিব পাৰে। বেলেগ বেলেগ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা বেলেগ বেলেগ ৱিকিপিডিয়াই এই নীতিৰ সালসলনি কৰিব পাৰে। যেনে- জাৰ্মান ৱিকিপিডিয়াই কেইবাবাৰো পৰ্যালোচনা হৈ যোৱা প্ৰবন্ধবোৰৰ এটা স্থায়ী ৰূপ সংৰক্ষণ কৰি ৰাখে।২১ তেনেদৰে ইংৰাজী ৱিকিপিডিয়াত ডিচেম্বৰ ২০১২ত "pending changes" প্ৰক্ৰিয়া ৰূপায়ণ কৰা হৈছে।২২ এই প্ৰক্ৰিয়া অনুসৰি নতুন ব্যৱহাৰকাৰীয়ে কিছুমান বিতৰ্কিত বিষয়ৰ বা ধ্বংসাত্মক কাৰ্যৰ সম্ভাৱনা থকা প্ৰবন্ধ সম্পাদনা কৰিলে সেয়া কোনো "প্ৰতিষ্ঠিত ৱিকিপিডিয়া সম্পাদকে পৰীক্ষা কৰাৰ পিছতহে প্ৰকাশ হ'ব। "

প্ৰবন্ধত হোৱা সালসলনি সম্পাদকে দুটা সংশোধনৰ মাজৰ পাৰ্থক্য পৰীক্ষা কৰি গম পায় (ইয়াত ৰঙা কৰি দেখুওৱা)।
প্ৰবন্ধত হোৱা সালসলনি সম্পাদকে দুটা সংশোধনৰ মাজৰ পাৰ্থক্য পৰীক্ষা কৰি গম পায় (ইয়াত ৰঙা কৰি দেখুওৱা)।ছবি: CC BY-SA 4.0

পঞ্জীয়ন কৰা বা নকৰা অৱদানকৰীয়ে ৱিকিপিডিয়া পৰিচালনা কৰা ছফ্টৱেৰটোৰ সুবিধা গ্ৰহণ কৰিব পাৰে। প্ৰত্যেক প্ৰবন্ধৰে "ইতিহাস" পৃষ্ঠাখনত প্ৰবন্ধটোৰ সকলো পূৰ্ব সংশোধন লিপিবদ্ধ হৈ থাকে। কিন্তু অৰ্থহীন সমল থকা, ভাবুকিপূৰ্ণ বা কপিৰাইট উলঙ্ঘন থকা সংশোধন আঁতৰাই দিয়া হ'ব পাৰে।২৩ সম্পাদকে এই পৃষ্ঠাখন ভুল সম্পাদনা আঁতৰাবলৈ বা হেৰাই যোৱা সমল ঘূৰাই আনিবলৈ ব্যৱহাৰ কৰিব পাৰে। প্ৰতিটো প্ৰবন্ধতে থকা "আলোচনা" পৃষ্ঠাই সম্পাদকসকলক সমন্বয় ৰক্ষাত সহায় কৰে।২৪ তদুপৰি সম্পাদকসকলে ঐকমত্য প্ৰতিষ্ঠাৰ বাবে "আলোচনা" পৃষ্ঠা ব্যৱহাৰ কৰিব পাৰে।২৫

ইয়াৰ লগতে সম্পাদকে ৱেবছাইটটোৰ "শেহতীয়া সালসলনিসমূহ" চাব পাৰে। নিয়মিত অৱদানকাৰীসকলে প্ৰায়েই তেওঁলোকে গুৰুত্ব দিয়া প্ৰবন্ধবোৰৰ এখন "লক্ষ্য-তালিকা" ৰাখে যাতে সেইবোৰত হোৱা সালসলনি সহজে পৰীক্ষা কৰিব পাৰি। বহু বেছি প্ৰবন্ধ থকা ৱিকিপিডিয়াত ই লাভজনক কাৰণ সম্পাদকৰ বাবে "শেহতীয়া সালসলনি" ত থকা বৃহৎ পৰিমাণৰ সম্পাদনাৰ সংখ্যাত চকু ৰখা কষ্টকৰ। নতুন পৃষ্ঠা পৰীক্ষণ নামৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে নতুনকৈ সৃষ্টি কৰা প্ৰবন্ধসমূহ ভুল-ত্ৰুটিৰ বাবে পৰীক্ষা কৰা হয়।২৬ প্ৰায়েই ধ্বংসাত্মক কাৰ্যৰ সন্মুখীন হোৱা প্ৰবন্ধ অৰ্ধ-সুৰক্ষিত কৰা হয় যাতে কেৱল প্ৰতিষ্ঠিত ব্যৱহাৰকাৰীয়েহে সেয়া সম্পাদনা কৰিব পাৰে।২৭ বেছি বিতৰ্কিত প্ৰবন্ধ বা গুৰুত্বপূৰ্ণ পৃষ্ঠা কেৱল প্ৰশাসকেহে সম্পাদনা কৰিব পৰাকৈ বন্ধ কৰিও ৰাখিব পাৰি।

সাধাৰণ বৰ্ণাশুদ্ধি বা আংগিক সমস্যা দূৰ কৰিবলৈ, বা পৰিসাংখ্যিক তথ্যৰপৰা এটা নিৰ্দিষ্ট গতৰ প্ৰবন্ধ আৰম্ভ কৰিবলৈ বট নামৰ কম্পিউটাৰ প্ৰ'গ্ৰেম বহুলভাৱে ব্যৱহাৰ কৰা হয়।২৮২৯ "নিবিচৰা" ধৰণৰ সম্পাদনাৰ পৰা বিৰত থাকিবলৈ ব্যৱহাৰকাৰীক সতৰ্কবাণী দিয়া,৩০ কোনো ৱেবছাইটলৈ লিংক সৃষ্টিত বাধা দিয়া, আৰু কোনো একাউণ্ট বা আই পি ঠিকনাৰ পৰা সম্পাদনা ৰোধ কৰিবলৈকো কিছুমান বট ডিজাইন কৰা হৈছে। বট সক্ৰিয় কৰাৰ পূৰ্বে প্ৰশাসনৰ অনুমতি দৰকাৰী।

বাহ্যিক সংযোগ

*, describing an intelligence project utilizing Wikipedia, and how Wikipedia articles could be auto-generated from web content

তথ্যসূত্ৰ

  1. ↑ (November 7, 2011). Technology can topple tyrants: Jimmy Wales an eternal optimist. Sydney Morning Herald
  2. ↑ Wikipedia says it's losing contributors
  3. ↑ Five-year Traffic Statistics for Wikipedia.org. Alexa Internet
  4. ↑ /3a/TED2010%2C_Stuart_West_full_presentation_updated_with_January_data.pdf Wikipedia's Evolving Impact, by Stuart West, slideshow presentation at TED2010
  5. ↑ Bill Tancer. (May 1, 2007). Look Who's Using Wikipedia. Time Cf. Bill Tancer (Global Manager, Hitwise), "Wikipedia, Search and School Homework", Hitwise: An Experian Company (Blog), March 1, 2007. Retrieved December 18, 2008
  6. ↑ Alex Woodson. (July 8, 2007). Wikipedia remains go-to site for online news. Reuters
  7. ↑ Top 500. Alexa Internet
  8. ↑ Mike Miliard. (2008-03-01). Wikipediots: Who Are These Devoted, Even Obsessive Contributors to Wikipedia?. Salt Lake City Weekly
  9. ↑ Kaplan Andreas, Haenlein Michael (2014) Collaborative projects (social media application): About Wikipedia, the free encyclopedia. Business Horizons, Volume 57 Issue 5, pp.617-626
  10. ↑ “wiki” in the Hawaiian Dictionary, Revised and Enlarged Edition, University of Hawaii Press, 1986
  11. ↑ Grossman, Lev. (2006-12-13). Time's Person of the Year: You. TIME. Time, Inc
  12. ↑ Jonathan Dee. (2007-07-01). All the News That's Fit to Print Out. The New York Times Magazine
  13. ↑ Andrew Lih. (2004-04-16). Wikipedia as Participatory Journalism: Reliable Sources? Metrics for Evaluating Collaborative Media as a News Resource. 5th International Symposium on Online Journalism
  14. ↑ Witzleb, Normann. (2009). Engaging with the World: Students of Comparative Law Write for Wikipedia. Legal Education Review. পৃ. 83–98
  15. ↑ Danah Boyd. (2005-01-04). Academia and Wikipedia. Many 2 Many: A Group Weblog on Social Software. Corante
  16. ↑ Simon Waldman. (2004-10-26). Who knows?. Guardian.co.uk
  17. ↑ Ahrens, Frank. (July 9, 2006). Death by Wikipedia: The Kenneth Lay Chronicles. The Washington Post
  18. ↑ Fernanda B. Viégas, Martin Wattenberg, and Kushal Dave. (2004). Studying Cooperation and Conflict between Authors with History Flow Visualizations. Proceedings of the ACM Conference on Human Factors in Computing Systems (CHI). ACM SIGCHI. পৃ. 575–582. ISBN 1-58113-702-8
  19. ↑ Reid Priedhorsky, Jilin Chen, Shyong (Tony) K. Lam, Katherine Panciera, Loren Terveen, and John Riedl (GroupLens Research, Department of Computer Science and Engineering, University of Minnesota). (2007-11-04). Creating, Destroying, and Restoring Value in Wikipedia. Association for Computing Machinery GROUP '07 conference proceedings
  20. ↑ Jim Giles. (2005). Internet encyclopedias go head to head. Nature (journal). পৃ. 900–901 The study (that was not in itself peer reviewed) was cited in several news articles, e.g., * (December 15, 2005). Wikipedia survives research test. BBC News. British Broadcasting Corporation
  21. ↑ Birken, P. (December 14, 2008). Bericht Gesichtete Versionen. Wikimedia Foundation
  22. ↑ Business Insider।
  23. ↑ Kleinz, Torsten. (2005-02). World of Knowledge. Linux Magazine
  24. ↑ Fernanda B. Viégas, Martin M. Wattenberg, Jesse Kriss, Frank van Ham. (January 3, 2007). Talk Before You Type: Coordination in Wikipedia. Visual Communication Lab, IBM Research
  25. ↑ Wikipedia:Consensus
  26. ↑ Wikipedia:New pages patrol
  27. ↑ English Wikipedia's semi-protection policy
  28. ↑ Daniel Nasaw. (July 24, 2012). Meet the 'bots' that edit Wikipedia. BBC News Nagazine
  29. ↑ Halliday, Josh; Arthur, Charles. (July 26, 2012). Boot up: The Wikipedia vandalism police, Apple analysts, and more. The Guardian
  30. ↑ (March 23, 2009). Wikipedia signpost: Abuse Filter is enabled. English Wikipedia

সম্পৰ্কিত শ্ৰেণী

ৱিকিমিডিয়া প্ৰকল্পসমূহৱেবছাইটৱিকিবিশ্বকোষইণ্টাৰনেট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৫৪৪৪১৫ (২০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।