বাৰ্ষিক ছুটী বা আইনগত ছুটী নিয়োগকৰ্তাই কৰ্মচাৰীক প্ৰদান কৰে আৰু কৰ্মচাৰীয়ে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পৰা মজুৰিসহ ছুটী। যেনে—অৱকাশ, ব্যক্তিগত অনুষ্ঠান বা বিশ্ৰামৰ বাবে কৰ্মচাৰীয়ে বাৰ্ষিক ছুটী লব পাৰে। নিয়োগকৰ্তাৰ নীতি অনুসৰি ছুটীৰ দিনৰ সংখ্যা বেলেগ বেলেগ হ'ব পাৰে। ইয়াৰ বাবে কৰ্মচাৰীয়ে নিৰ্দিষ্ট সময়ৰ আগতে জাননী দিবলগীয়া হ'ব পাৰে। কৰ্মচাৰীৰ অনুপস্থিতিৰ সময়ত পৰ্যাপ্ত কৰ্মী থকাটো নিশ্চিত কৰিবলৈ নিয়োগকৰ্তাৰ সৈতে সমন্বয় কৰিবলগীয়া হ'ব পাৰে। আন কিছুমান চৰ্তও পূৰণ কৰিবলগীয়া হ'ব পাৰে।১ বৰ্তমান অধিকাংশ দেশেই আইনৰ জৰিয়তে ন্যূনতম পৰিমাণৰ বেতনসহ বাৰ্ষিক ছুটী বাধ্যতামূলক কৰিছে।২
বৃহৎ দেশসমূহৰ ভিতৰত চীনত বছৰি ন্যূনতম পাঁচ দিনৰ বেতনসহ ছুটী আৰু ভাৰতত প্ৰতিমাহে কাম কৰাৰ বাবে দুদিনৰ বেতনসহ ছুটীৰ ব্যৱস্থা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত বেতনসহ ছুটীৰ কোনো ন্যূনতম আইনগত বাধ্যবাধকতা নাই। তাত ইয়াক অধিকাৰ নহয়, বৰং কৰ্মসংস্থাপনৰ এটা সুবিধা হিচাপে গণ্য কৰা হয়।৩
ছুটী
অধিকাংশ দেশত শ্ৰম আইনৰ জৰিয়তে নিয়োগকৰ্তাক কৰ্মচাৰীক প্ৰতি বছৰে নিৰ্দিষ্টসংখ্যক বেতনসহ ছুটী দিবলৈ বাধ্য কৰা হৈছে।
চীনত ন্যূনতম বাৰ্ষিক ছুটীৰ অধিকাৰ আৰু ছুটী লাভ আৰু পৰিচালনাৰ নিয়ম কৰ্মচাৰী বেতনসহ বাৰ্ষিক ছুটী বিধিৰদ্বাৰা নিৰ্ধাৰিত হয়। চাকৰিৰ সময়সীমা অনুসৰি কৰ্মচাৰীয়ে ৫, ১০ বা ১৫ দিনৰ বেতনসহ বাৰ্ষিক ছুটী লাভ কৰে। ৰাজহুৱা বন্ধ আৰু নিয়মীয়া বিশ্ৰামৰ দিন-বাৰ্ষিক ছুটীৰ ভিতৰত গণনা কৰা নহয়। ছুটী বছৰটোৰ ভিতৰত একেলগে বা ভাগ কৰি ল'ব পাৰি। ব্যৱহাৰ নকৰা ছুটী সাধাৰণতে পৰৱৰ্তী বছৰলৈ স্থানান্তৰ নহয়। বিধি অনুসৰি ব্যৱহাৰ নকৰা বাৰ্ষিক ছুটীৰ প্ৰতিটো দিনৰ বাবে কৰ্মচাৰীয়ে নিয়মীয়া দৈনিক মজুৰিৰ তিনিগুণ লাভ কৰাৰ অধিকাৰী। এই বিধিয়ে জিলাৰ শ্ৰম নিয়ন্ত্ৰকসকলক নিজ নিজ অঞ্চলত নিয়োগকৰ্তাই নিয়ম পালন কৰাটো তদাৰক আৰু বলৱৎ কৰাৰ দায়িত্বও দিয়ে।৪
কানাডাত ন্যূনতম দুসপ্তাহৰ ছুটীৰ ব্যৱস্থা আছে। নিৰ্দিষ্টসংখ্যক বছৰ কাম কৰাৰ পাছত এই ছুটী তিনিসপ্তাহলৈ বৃদ্ধি হয়। ছাস্কাটচেৱানত এই অধিকাৰ আৰম্ভণিৰপৰাই তিনিসপ্তাহ আৰু পিছত চাৰিসপ্তাহলৈ বৃদ্ধি হয়।৫ কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰিত কৰ্মচাৰীসকলে আৰু নিৰ্দিষ্টসংখ্যক বছৰ কাম কৰাৰ পাছত অতিৰিক্ত চতুৰ্থ সপ্তাহৰ ছুটী লাভ কৰে।৬
ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহে ন্যূনতম ছুটীৰ পৰিমাণ নিজে নিৰ্ধাৰণ কৰিব পাৰে। কিন্তু ই কমেও চাৰি কৰ্মসপ্তাহৰ সমান হ'ব লাগিব।৭ নেদাৰলেণ্ডত এজন ব্যক্তিৰ সাপ্তাহিক চুক্তিবদ্ধ কৰ্মঘণ্টাৰ চাৰিগুণ পৰিমাণৰ বাৰ্ষিক ছুটীৰ ব্যৱস্থা কৰি এই নিয়ম পালন কৰা হয়। উদাহৰণস্বৰূপে, কোনো ব্যক্তিয়ে সপ্তাহত ৪ দিনকৈ প্ৰতিদিনে ৭ ঘণ্টা কাম কৰিলে বছৰি ন্যূনতম ১১২ ঘণ্টা বাৰ্ষিক ছুটী লাভ কৰে।
অষ্ট্ৰেলিয়াত পূৰ্ণকালীন কৰ্মচাৰীসকলে বছৰি চাৰি সপ্তাহ বা ২০ দিনৰ বাৰ্ষিক ছুটী লাভ কৰে।৮
নিউজিলেণ্ডতো ২০ দিনৰ বেতনসহ ছুটী সাধাৰণ ন্যূনতম অধিকাৰ। ইয়াৰ উপৰি ১১টা বেতনসহ আইনগত বন্ধৰ দিন আছে। ইয়াৰ ভিতৰত বৰদিন আৰু নৱবৰ্ষৰ দিন আদি অন্তৰ্ভুক্ত।৯ অৱশ্যে বহু নিয়োগকৰ্তাই, বিশেষকৈ ৰাজহুৱা খণ্ডত, পাঁচ সপ্তাহ বা তাতকৈ অধিক ছুটী প্ৰদান কৰে।
ডেনমাৰ্ক আৰু ইটালীৰ দৰে কিছুমান দেশত, অথবা কিছুমান প্ৰতিষ্ঠানত, বছৰৰ নিৰ্দিষ্ট সময়ত গ্ৰীষ্মকালীন ছুটী লোৱাটো বাধ্যতামূলক কৰা হ'ব পাৰে।১০
আৰ্জেণ্টিনাত ৰাজহুৱা আৰু ব্যক্তিগত চাকৰিৰ বাবে পৃথক শ্ৰম আইন আছে। ৰাজহুৱা কৰ্মচাৰীসকলে ন্যূনতম ২১ দিনৰপৰা সৰ্বাধিক ৪৫ দিনলৈ বেতনসহ ছুটী লাভ কৰে। ইয়াৰ ভিতৰত বন্ধৰ দিন আৰু সপ্তাহান্তৰ দিনো অন্তৰ্ভুক্ত। ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলে ন্যূনতম ১৪ দিনৰপৰা সৰ্বাধিক ২৮ দিনলৈ বেতনসহ ছুটী লাভ কৰে। ইয়াতো বন্ধৰ দিন আৰু সপ্তাহান্তৰ দিন অন্তৰ্ভুক্ত। দুয়োটা ক্ষেত্ৰতে ছুটীৰ পৰিমাণ চাকৰিৰ সময়সীমাৰ ওপৰত নিৰ্ভৰ কৰে। কৰ্মচাৰীয়ে যিমান বেছি বছৰ কাম কৰে, সিমান বেছি দিনৰ বেতনসহ ছুটী লাভ কৰে।
যুক্তৰাজ্যৰ নিয়োগকৰ্তাসকলে বছৰি ন্যূনতম ৫.৬ সপ্তাহ বা সৰ্বাধিক ২৮ দিনৰ আইনগত বাৰ্ষিক ছুটী প্ৰদান কৰে। কিছুমান নিয়োগকৰ্তাই বেংক বন্ধৰ দিনসমূহো কৰ্মচাৰীৰ বাৰ্ষিক ছুটীৰ ভিতৰত গণনা কৰিব পাৰে। ইংলেণ্ড আৰু ৱেলছত এনে বন্ধৰ দিন ৮টা, স্কটলেণ্ডত ৯টা আৰু উত্তৰ আয়াৰলেণ্ডত ১০টা। কৰ্মচাৰীসকলৰ ইয়াৰ উপৰি পিতৃত্ব আৰু মাতৃত্বৰ বেতন লাভৰ আইনগত অধিকাৰ আছে। তেওঁলোকে অসুস্থতাৰ ছুটীৰ সময়তো ছুটীৰ বাবে আবেদন কৰিব পাৰে।১১ নিয়মীয়া কৰ্মঘণ্টাৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত, পূৰ্ণকালীন হওক বা অংশকালীন, নিয়োগকৰ্তাই আইনগত ছুটীৰ কমেও ৪ সপ্তাহৰ বাবে "স্বাভাৱিক" হাৰত বেতন দিব লাগিব। বাকী ১.৬ সপ্তাহৰ বাবে "মৌলিক" হাৰত বেতন দিব লাগে। মুঠ ছুটী সৰ্বাধিক ২৮ দিন।১১
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় আইনে নিয়োগকৰ্তাক কোনো বেতনসহ অৱকাশ বা বন্ধৰ দিন প্ৰদান কৰিবলৈ বাধ্য নকৰে। অৱশ্যে ২০০৭ চনলৈ প্ৰায় ২৫ শতাংশ কৰ্মচাৰীয়ে কোনো বেতনসহ অৱকাশ বা বেতনসহ বন্ধৰ দিন লাভ কৰা নাছিল।১২ কেন্দ্ৰীয় আইনগত বাধ্যবাধকতাৰ অভাৱৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত বেতনসহ ছুটী মূলতঃ কৰ্মসংস্থাপনৰ চুক্তি আৰু শ্ৰমিক সংঘৰ চুক্তিৰ ওপৰত নিৰ্ভৰ কৰে।১৩১৪ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান ৰাজ্য, যেনে মেইন আৰু নেভাডাত, বেতনসহ ছুটীৰ দিনৰ ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে।১৫
আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্ৰম পৰিসংখ্যা ব্যুৰোৰ মতে, ১৯৯৬ চনত সৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ পূৰ্ণকালীন কৰ্মচাৰীসকলৰ গড় বেতনসহ বন্ধৰ দিনৰ সংখ্যা আছিল ৭.৬ দিন।১৬
| + | অঞ্চল | বাধ্যতামূলক বেতনসহ ছুটীৰ দিন |
| আৰ্জেণ্টিনা | ১০–২০ | |
| অষ্ট্ৰেলিয়া | ২০১৭ | |
| অষ্ট্ৰিয়া | ২৫ | |
| বেলজিয়াম | ২০ | |
| ব্ৰাজিল | ২০–৩০ | |
| কানাডা | ১০–২০ | |
| কলম্বিয়া | ১৫ | |
| চেক গণৰাজ্য | ২০ | |
| ডেনমাৰ্ক | ২৫–৩০ | |
| ফিনলেণ্ড | ২০–২৫ | |
| ফ্ৰান্স | ২৫ | |
| জাৰ্মানী | ২০–৩০ | |
| গ্ৰীচ | ২০ | |
| হংকং | প্ৰথম বছৰত ০, তাৰ পিছত ৭–১৪১৮ | |
| ভাৰত | ২৫ | |
| ইণ্ডোনেছিয়া | ১২ | |
| ইটালী | ২০ | |
| জাপান | ১০–২০১৯ | |
| লাক্সেমবাৰ্গ | ২৬ | |
| মালয়েছিয়া | প্ৰথম দুবছৰত ৮, পৰৱৰ্তী তিনিবছৰত ১২, তাৰ পিছত ১৬ | |
| মেক্সিকো | ১২২০ | |
| নেদাৰলেণ্ড | ২০ | |
| নিউজিলেণ্ড | ২০ | |
| পোলেণ্ড | ২০–২৬ | |
| পৰ্তুগাল | ২২–২৫ | |
| ৰাছিয়া | ২৮২১ | |
| ছিংগাপুৰ | ৭–১৪ | |
| দক্ষিণ আফ্ৰিকা | ১৫–২১২২ | |
| দক্ষিণ কোৰিয়া | ১১–১৫ | |
| স্পেইন | ২২ | |
| ছুইডেন | ২৫–৩০ | |
| ছুইজাৰলেণ্ড | ২০ | |
| তুৰস্ক | ১৪–২৬ | |
| যুক্তৰাজ্য | ২৮২৩ | |
| আমেৰিকা যুক্তৰাষ্ট্ৰ | ০ | |
| টোকা: বেতনসহ বাৰ্ষিক ছুটীত বেতনসহ ৰাজহুৱা বন্ধৰ দিন অন্তৰ্ভুক্ত নহয়।২৪ |
|---|
একেৰাহে ছুটী
একেৰাহে ছুটী বুলিলে মাজত কোনো কৰ্মদিন নথকাকৈ একেৰাহে হোৱা বন্ধৰ দিনৰ সমষ্টিক বুজায়। ১৯৯০-ৰ দশকৰ শেষৰফালে জাপান চৰকাৰে এনে এক আইন প্ৰণয়ন কৰে যাৰ ফলত একেৰাহে বন্ধৰ সম্ভাৱনা বৃদ্ধি পায়। এই আইনৰ জৰিয়তে কিছুমান বন্ধৰ দিন নিৰ্দিষ্ট তাৰিখৰপৰা আঁতৰাই মাহটোৰ কোনো আপেক্ষিক স্থানলৈ, যেনে দ্বিতীয় সোমবাৰলৈ, স্থানান্তৰ কৰা হয়।
পশ্চিমীয়া বহু দেশত বৰদিন আৰু তাৰ পিছৰ বন্ধৰ দিন, নৱবৰ্ষৰ পূৰ্বদিন আৰু নৱবৰ্ষৰ দিন, তথা গুড ফ্ৰাইডে আৰু ইষ্টাৰ সোমবাৰৰ সময়ত একেৰাহে ছুটী হয়। এই ছুটীসমূহৰ কিছুমান সপ্তাহান্তৰ সৈতে সংলগ্ন হয়।
ভাৰতত বাৰ্ষিক ছুটী
ভাৰতত বাৰ্ষিক ছুটীৰ অধিকাৰ কৰ্মস্থলীৰ ধৰণ আৰু প্ৰযোজ্য শ্ৰম আইনৰ ওপৰত নিৰ্ভৰ কৰে। কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত প্ৰতিষ্ঠান আৰু কৰ্মচাৰীৰ বাবে বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা, ২০২০-ত বেতনসহ ছুটীৰ বিধান আছে। এই সংহিতা ২০২০ চনৰ ২৮ ছেপ্টেম্বৰত প্ৰণয়ন কৰা হৈছিল আৰু ২০২৫ চনৰ ২১ নৱেম্বৰৰ পৰা বলৱৎ হয়।২৫
সংহিতাখনৰ ৩২ নং ধাৰা অনুসৰি, কোনো প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীয়ে এটা পঞ্জিকা বছৰত কমেও ১৮০ দিন কাম কৰিলে বেতনসহ বাৰ্ষিক ছুটী লাভ কৰাৰ অধিকাৰী হয়। সাধাৰণ প্ৰাপ্তবয়স্ক কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰতি ২০ দিন কাম কৰাৰ বাবে এদিন ছুটী লাভ কৰা হয়। ভূগৰ্ভস্থ খনিত কাম কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰতি ১৫ দিন কাম কৰাৰ বাবে এদিন ছুটী লাভ কৰাৰ ব্যৱস্থা আছে। কিশোৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰতি ১৫ দিন কাম কৰাৰ ভিত্তিত এদিন ছুটীৰ ব্যৱস্থা আছে।২৬
এই সংহিতাৰ অধীনত কৰ্মচাৰীৰ বাৰ্ষিক ছুটী গণনাৰ ক্ষেত্ৰত কিছুমান সময়ো কাম কৰা দিনৰ হিচাপত গণনা কৰা হয়। ইয়াৰ ভিতৰত ছাঁটাই, মাতৃত্বকালীন ছুটী আৰু আগতে লোৱা বাৰ্ষিক ছুটীৰ নিৰ্দিষ্ট সময় অন্তৰ্ভুক্ত। অৱশ্যে এনে সময়ৰ বাবে নতুনকৈ ছুটী অৰ্জন কৰা নহয়। বাৰ্ষিক ছুটীৰ মাজত পৰা বন্ধৰ দিন সাধাৰণতে ছুটীৰ দিন হিচাপে গণনা কৰা নহয়।২৭
ব্যৱহাৰ নকৰা বাৰ্ষিক ছুটী পৰৱৰ্তী পঞ্জিকা বছৰলৈ স্থানান্তৰ কৰিব পাৰি। সাধাৰণতে সৰ্বাধিক ৩০ দিনলৈকে ছুটী স্থানান্তৰ কৰাৰ ব্যৱস্থা আছে। কোনো কৰ্মচাৰীয়ে ছুটীৰ বাবে আবেদন কৰাৰ পিছতো নিয়ম অনুসৰি ছুটী লাভ নকৰিলে, তেনে প্ৰত্যাখ্যান কৰা ছুটী স্থানান্তৰৰ ক্ষেত্ৰত এই সীমা প্ৰযোজ্য নহয়। কৰ্মচাৰীয়ে বছৰৰ শেষত ছুটীৰ ধন নগদীকৰণৰ বাবেও দাবী কৰিব পাৰে। ৩০ দিনৰ সীমা অতিক্ৰম কৰা জমা ছুটীও নগদীকৰণ কৰিব পাৰি।২৮
কৰ্মচাৰীৰ চাকৰি সমাপ্ত হোৱা, চাকৰি ত্যাগ কৰা, অৱসৰ গ্ৰহণ কৰা বা সেৱাকালত মৃত্যু হোৱাৰ ক্ষেত্ৰতো প্ৰাপ্য ছুটীৰ পৰিমাণৰ বিপৰীতে বেতন লাভ কৰাৰ অধিকাৰ আছে। চাকৰি সমাপ্ত হোৱা বা চাকৰি ত্যাগ কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই ধন পৰিশোধ কৰিব লাগে। অৱসৰ বা সেৱাকালত মৃত্যুৰ ক্ষেত্ৰতো সংহিতাত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ধন পৰিশোধ কৰাৰ ব্যৱস্থা আছে।২৯
ইয়াৰ পূৰ্বে কাৰখানাসমূহৰ বাৰ্ষিক ছুটী কাৰখানা আইন, ১৯৪৮ৰ অষ্টম অধ্যায়ত নিয়ন্ত্ৰিত হৈছিল। সেই আইনৰ ৭৯ নং ধাৰা অনুসৰি, কোনো কৰ্মচাৰীয়ে এটা পঞ্জিকা বছৰত কাৰখানাত কমেও ২৪০ দিন কাম কৰিলে পৰৱৰ্তী বছৰত বেতনসহ বাৰ্ষিক ছুটী লাভ কৰিছিল। প্ৰাপ্তবয়স্ক কৰ্মচাৰীৰ বাবে প্ৰতি ২০ দিন কাম কৰাৰ বিপৰীতে এদিন ছুটী আৰু শিশুৰ বাবে প্ৰতি ১৫ দিন কাম কৰাৰ বিপৰীতে এদিন ছুটীৰ ব্যৱস্থা আছিল।৩০
ভাৰতত বাৰ্ষিক ছুটীৰ নিয়ম সকলো কৰ্মস্থলীৰ বাবে একে নহয়। কাৰখানা, দোকান, বাণিজ্যিক প্ৰতিষ্ঠান আৰু অন্যান্য কৰ্মস্থলীৰ বাবে প্ৰযোজ্য আইন আৰু নিয়ম অনুসৰি ছুটীৰ পৰিমাণ আৰু চৰ্ত ভিন্ন হ'ব পাৰে। ইয়াৰ উপৰি নিয়োগ চুক্তি, প্ৰতিষ্ঠানৰ সেৱা বিধি বা অধিক সুবিধাজনক কোনো চুক্তিৰ জৰিয়তে আইনত নিৰ্ধাৰিত ন্যূনতমতকৈ অধিক বাৰ্ষিক ছুটী প্ৰদান কৰিব পাৰি।৩১
তথ্যসূত্ৰ
গ্ৰন্থপঞ্জী
- Ghosheh, Naj. (2013). Working Conditions Laws Report 2012: A Global Review. International Labour Organization. ISBN 978-92-2-127516-9
- Ray, Rebecca; Schmitt, John. (2007). No-Vacation Nation. Center for Economic and Policy Research
- Ray, Rebecca; Sanes, Milla; Schmitt, John. (2013). No-Vacation Nation Revisited. Center for Economic and Policy Research
তথ্যসূত্ৰ
- ↑ FMLA Frequently Asked Questions · U.S. Department of Labor. www.dol.gov
- ↑ Additional leave entitlements for working parents
- ↑ Johanson, Mark. Life in a no-vacation nation. www.bbc.com
- ↑ (2008-01-01). 职工带薪年休假条例. 国务院 Translated in Employee Paid Annual Leave Regulations. CBL Translations
- ↑ Ray Sanes Schmitt, পৃ. 10
- ↑ Canada, Employment and Social Development. (2015-07-29). Annual vacations. www.canada.ca
- ↑ (23 November 1993). COUNCIL DIRECTIVE 93/104/EC. Official Journal of the European Communities. পৃ. 20
- ↑ Ray Schmitt 2007, পৃ. 1–3, 8
- ↑ Minimum leave and holidays. Employment New Zealand
- ↑ NON-STANDARD EMPLOYMENT AROUND THE WORLD
- ↑ Holiday entitlement. GOV.UK
- ↑ Ray Schmitt 2007, পৃ. 1
- ↑ Leave Benefits. U.S. Department of Labor
- ↑ (December 17, 2021). Paid Leave in the U.S.. Kaiser Family Foundation
- ↑ Douglas, Genevieve. (July 12, 2019). Paid Leave 'for Any Reason' Laws Embraced by States, Localities. Bloomberg Law
- ↑ (15 June 1998). Employee Benefits in Small Private Industry Establishments, 1996. US Bureau of Labor Statistics
- ↑ Employees pay, leave and entitlements
- ↑ The Employment Ordinance, Cap. 57
- ↑ Osaka Labour Bureau. Encouraging Workers to Take Annual Paid Leave
- ↑ Diario Oficial de la Federación. DECRETO por el que se reforman los artículos 76 y 78 de la Ley Federal del Trabajo, en materia de vacaciones.
- ↑ Labor Code of the Russian Federation. www.consultant.ru
- ↑ Annual Leave and the labour laws in South Africa. Mywage.co.za
- ↑ Holiday entitlement. GOV.UK
- ↑ Ghosheh 2013
- ↑ The Occupational Safety, Health and Working Conditions Code, 2020. India Code
- ↑ The Occupational Safety, Health and Working Conditions Code, 2020. India Code
- ↑ The Occupational Safety, Health and Working Conditions Code, 2020. India Code
- ↑ The Occupational Safety, Health and Working Conditions Code, 2020. India Code
- ↑ The Occupational Safety, Health and Working Conditions Code, 2020. India Code
- ↑ The Factories Act, 1948. India Code
- ↑ The Factories Act, 1948. Ministry of Labour and Employment, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ্ষিক ছুটী” প্ৰবন্ধৰ সংশোধন ৬৪০০৫৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।