ছুটী
৪ প্ৰবন্ধ
-
বাৰ্ষিক ছুটী
বাৰ্ষিক ছুটী বা আইনগত ছুটী নিয়োগকৰ্তাই কৰ্মচাৰীক প্ৰদান কৰে আৰু কৰ্মচাৰীয়ে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পৰা মজুৰিসহ ছুটী। যেনে—অৱকাশ, ব্যক্তিগত অনুষ্ঠান বা বিশ্ৰামৰ বাবে কৰ্মচাৰীয়ে বাৰ্ষিক ছুটী লব পাৰে। নিয়োগকৰ্তাৰ নীতি অনুসৰি ছুটীৰ দিনৰ সংখ্যা বেলেগ বেলেগ হ'ব পাৰে।
-
ঋতুস্ৰাৱৰ ছুটী
ঋতুস্ৰাৱৰ ছুটী (Menstrual leave) হ’ল ঋতুস্ৰাৱৰ সময়ত ল'ব পৰা ছুটী৷ ঋতুস্ৰাৱৰ সময়ছোৱাত মহিলাগৰাকীয়ে কামলৈ যাব নোৱাৰিলে তেওঁ নিজৰ কৰ্মসংস্থাপনৰ পৰা বৈতনিক বা অবৈতনিকভাৱে এনে ছুটী ল'ব পাৰে।
-
অসুস্থতাজনিত ছুটী
অসুস্থতাজনিত ছুটী বা মজুৰিসহ অসুস্থতাৰ ছুটী হৈছে কৰ্মচাৰীয়ে অসুস্থতা বা স্বাস্থ্যজনিত প্ৰয়োজনৰ বাবে কৰ্মস্থলীৰপৰা অনুপস্থিত থাকি নিজৰ মজুৰি নেহেৰুৱাকৈ ল'ব পৰা ছুটী।
-
ছুটী
ছুটী বা কৰ্মৰ পৰা ছুটী হৈছে কোনো কৰ্মচাৰীয়ে নিয়োগকৰ্তাৰ অনুমতি, প্ৰযোজ্য আইন, সেৱা-নিয়ম অথবা কৰ্মসংস্থাপনৰ চৰ্ত অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে কৰ্মস্থলীত উপস্থিত নথকাৰ অনুমোদিত ব্যৱস্থা। ছুটী দৰমহাসহ বা দৰমহাবিহীন দুয়ো ধৰণৰ হ'ব পাৰে।