অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ইউৰোপিয়ান ইউনিয়ন

ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপিয় সংঘ মূলতঃ ইউৰোপ মহাদেশত অৱস্থিত ২৮খন দেশৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ। ইয়াৰ মাটিকালি ৪,৩২৪,৭৮২ বৰ্গ কি:মি: আৰু জনসংখ্যা প্ৰায় ৫০.৮ কোটি।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপিয় সংঘ মূলতঃ ইউৰোপ মহাদেশত অৱস্থিত ২৮খন দেশৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ।১২ ইয়াৰ মাটিকালি ৪,৩২৪,৭৮২ বৰ্গ কি:মি: আৰু জনসংখ্যা প্ৰায় ৫০.৮ কোটি। কেইখনমান অভ্যন্তৰীণ বহুজাতিক সংগঠন আৰু প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ চৰকাৰী পক্ষসমূহৰ পৰস্পৰ বুজাপৰাৰ মাধ্যমেৰে ইউৰোপিয়ান ইউনিয়নৰ পৰিচালনা কৰা হয়।৩৪ এই বহুজাতিক সংগঠনকেইটা হৈছে: ইউৰোপিয়ান সদন, ইউৰোপিয়ান কাউঞ্চিল, কাউঞ্চিল অফ দ্য ইউৰোপিয়ান ইউনিয়ন, ইউৰোপিয়ান ইউনিয়নৰ ন্যায়িক আদালত, ইউৰোপিয়ান কেন্দ্ৰীয় বেংক আৰু ইউৰোপিয়ান ক'ৰ্ট অফ অ'ডিটৰছ। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে সংঘৰ নাগৰিকসকলে ইউৰোপিয়ান সদনক নিৰ্বাচিত কৰে।

ইউনিয়নে বিশেষ আইনী ব্যৱস্থাৰ যোগেদি প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ এক অভ্যন্তৰীণ বা একক বজাৰৰ বিকাশ ঘটাইছে। স্কেনজেন এলেকাৰ ভিতৰত পাছপ'ৰ্ট নিয়ন্ত্ৰণ ব্যৱস্থাও উঠাই লোৱা হৈছে।৫ বিভিন্ন নীতিৰ জৰিয়তে ইউনিয়নে বনুৱা, সামগ্ৰী, সেৱা আৰু মূলধনৰ অবাধ বিচৰণ বা স্থানান্তৰৰ লগতে৬ ন্যায়িক আৰু গৃহ বিষয়ত আইন প্ৰনয়ণ তথা বেপাৰ-বাণিজ্য,৭ কৃষি, মৎস্য পালন৮ আৰু আঞ্চলিক উন্নয়নৰ৯ ক্ষেত্ৰত উমৈহতীয়া নীতি গ্ৰহণ সুনিশ্চিত কৰে। ১৯৯৯ চনত সংঘৰ দেশসমূহে মুদ্ৰা সংঘ বা মানিটেৰী ইউনিয়ন গঠন কৰে আৰু ২০০২ চনৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হয়। বৰ্তমান ইউৰোপিয়ান ইউনিয়নৰ ১৯খন দেশে ইউৰোৰ ব্যৱহাৰ কৰে।

ইনাৰ চিক্স অৰ্থাৎ ইউনিয়নৰ প্ৰতিষ্ঠাপক ছয়খন দেশে (বেলজিয়াম, ফ্ৰান্স, পশ্চিম জাৰ্মানী, ইটালী, লাক্সেমবাৰ্গ আৰু নেডাৰলেণ্ড) গঠন কৰা ইউৰোপিয় কয়লা আৰু তীখা সমাজ (১৯৫১) আৰু ইউৰোপিয় অৰ্থনৈতিক সমাজৰ (১৯৫৮) পৰাই ইউৰোপিয় সংঘৰ আৰম্ভণি ঘটে। মাষ্ট্ৰিচ সন্ধিৰ লগে লগে ১৯৯৩ চনত বৰ্তমানৰ নামেৰে ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিষ্ঠা হয় আৰু ইউৰোপিয়ান নাগৰিকত্তৰো প্ৰৱৰ্তন কৰা হয়।১০

২০১২ চনত ইউৰোপিয়ান ইউনিয়নক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।১১

ইউৰোপিয়ান কমিচন
ইউৰোপিয়ান কমিচনছবি: EmDee · CC BY-SA 4.0

তথ্য সংগ্ৰহ

টোকা

তথ্যসূত্ৰ

  1. ↑ Basic information on the European Union. European Union. europa.eu
  2. ↑ European. Oxford English Dictionary
  3. ↑ European Union. Encyclopædia Britannica
  4. ↑ European Union. The World Factbook. Central Intelligence Agency
  5. ↑ Schengen area. Europa web portal
  6. ↑ European Commission. The EU Single Market: Fewer barriers, more opportunities. Europa web portal Activities of the European Union: Internal Market. Europa web portal
  7. ↑ Common commercial policy. Europa Glossary. Europa web portal
  8. ↑ Agriculture and Fisheries Council. The Council of the European Union
  9. ↑ Regional Policy Inforegio. Europa web portal
  10. ↑ Craig, Paul; Grainne De Burca; P. P. Craig. (2007). EU Law: Text, Cases and Materials. Oxford University Press. পৃ. 15. ISBN 978-0-19-927389-8; Treaty of Maastricht on European Union. Activities of the European Union. Europa web portal
  11. ↑ (10 December 2012). EU collects Nobel Peace Prize in Oslo. British Broadcasting Corporation

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় সংস্থাইউৰোপশান্তিৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউৰোপিয়ান ইউনিয়ন” প্ৰবন্ধৰ সংশোধন ৬৩২১৪২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।