অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰেশ ৰাৱাল

পৰেশ ৰাৱাল (Paresh Rawal) এজন ভাৰতীয় অভিনেতা, কমেডিয়ান, চলচ্চিত্ৰ প্ৰযোজক আৰু ৰাজনীতিবিদ৷ তেওঁ প্ৰধানকৈ হিন্দী ছবিত কৰা কামৰ বাবে পৰিচিত। পৰেশ ৰাৱালে ২৪০ খনতকৈও অধিক ছবিত অভিনয় কৰি বিভিন্ন প্ৰশংসা লাভ কৰিছে।

হালনাগাদ: ২৯ জানুৱাৰী ২০২৬ ৫১৮ শব্দ · ৩ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

পৰেশ ৰাৱাল (Paresh Rawal) এজন ভাৰতীয় অভিনেতা, কমেডিয়ান১, চলচ্চিত্ৰ প্ৰযোজক আৰু ৰাজনীতিবিদ৷ তেওঁ প্ৰধানকৈ হিন্দী ছবিত কৰা কামৰ বাবে পৰিচিত। পৰেশ ৰাৱালে ২৪০ খনতকৈও অধিক ছবিত অভিনয় কৰি বিভিন্ন প্ৰশংসা লাভ কৰিছে। ১৯৯৪ চনত তেওঁ 'ৱ' চোকৰী' আৰু 'ছাৰ' ছবিত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।২ পিছৰ ছবিখনৰ বাবে তেওঁ 'ঋণাত্মক চৰিত্ৰত আগবঢ়োৱা শ্ৰেষ্ঠ অভিনয়'ৰ বাবে প্ৰথমটি ফিল্মফেয়াৰ বঁটা লাভ কৰে। ইয়াৰ পিছত কেতন মেহতাৰ 'চৰ্দাৰ' ছবিত তেওঁ স্বাধীনতা সংগ্ৰামী বল্লভভাই পেটেলৰ মুখ্য চৰিত্ৰত অভিনয় কৰে, যাৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰে।২২০১৪ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰীৰে সন্মানিত হয়।

তেওঁৰ আন কেইখনমান উল্লেখযোগ্য ছবি হ’ল অৰ্জুন (১৯৮৫), নাম (১৯৮৬), শিৱ (১৯৯০), মহৰা (১৯৯৪), তমন্না (১৯৯৭), চাইনা গেট (১৯৯৮), আইত্ৰাজ (২০০৪), টেবুল নং ২১ (২০১৩ ) আৰু জিলা গাজিয়াবাদ (২০১৩)।[5] তেলেগু বক্স অফিচ হিট ছবি যেনে ক্ষনা ক্ষনাম (১৯৯১), মানি (১৯৯৩), মানি মানি (১৯৯৫), গোবিন্দ গোবিন্দ (১৯৯৪), ঋক্ষভোডু (১৯৯৫), বাভাগৰু বাগুন্নৰা (১৯৯৮)ত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি স্বীকৃতি লাভ কৰিছে।

কমেডী ধাৰাৰ লগতে হিন্দী ছবিৰ কিছুমান সহযোগী চৰিত্ৰত অভিনয় কৰি ৰাৱালে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কিছুমান উল্লেখযোগ্য ভূমিকা হ’ল আন্দাজ আপনা আপনা (১৯৯৪), চাচি ৪২০ (১৯৯৭), হেৰা ফেৰী (২০০০), নায়ক (২০০১), আনখেন, আৱৰা পাগল দীৱানা (দুয়োটা ২০০২), হুংগামা (২০০৩), গৰাম মছলা (২০০৫ ), ফিৰ হেৰা ফেৰী, চুপ চুপ কে, মালামাল উইকলি (সকলো ২০০৬), ৱেলকাম (২০০৭), মেৰে বাপ পেহলে আপ, অয়ে লাকী! লাকী অয়ে! (দুয়োটা ২০০৮), ডি ডানা ডেন (২০০৯), আতিথি তুম কাব জাওগে?, ৰেডি (দুয়োটা ২০১০), অ’এমজি (২০১২), ৱেলকাম বেক (২০১৫), টাইগাৰ জিন্দা হাই (২০১৭), সঞ্জু (২০১৮), উৰি (২০১৯ ), শাস্ত্ৰী বিৰুদ্ধ শাস্ত্ৰী (২০২৩)। তেওঁৰ আটাইতকৈ স্মৰণীয় চৰিত্ৰটো হ’ল কাল্ট ক্লাছিক ‘হেৰা ফেৰী কমেডী’ ফ্ৰেঞ্চাইজিৰ ‘বাবুৰাও গণপাত্ৰাও আপ্তে’। তেওঁ তামিল ছবি ছূৰাৰাই পট্ৰু (২০২০)তো অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

'অয়ে লাকী লাকী অয়ে' ছবিখনৰ প্ৰদৰ্শনত পত্নী স্বৰূপ সম্পাটৰ সৈতে ৰাৱাল।
'অয়ে লাকী লাকী অয়ে' ছবিখনৰ প্ৰদৰ্শনত পত্নী স্বৰূপ সম্পাটৰ সৈতে ৰাৱাল।ছবি: Bollywood Hungama · CC BY 3.0

ৰাৱালৰ জন্ম আৰু প্ৰতিপালন হৈছিল মুম্বাইত (বৰ্তমানৰ মুম্বাই) এটা গুজৰাটী পৰিয়ালত।৩

১৯৮৭ চনত ৰাৱালে ১৯৭৯ চনত মিছ ইণ্ডিয়া প্ৰতিযোগিতাত বিজয়ী অভিনেত্ৰী স্বৰূপ সম্পতৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৪ পৰেশ আৰু স্বৰূপৰ দুই পুত্ৰ আদিত্য আৰু অনিৰুদ্ধ। তেওঁ মুম্বাইৰ ভিলে পাৰ্লেৰ নাৰ্চী মঞ্জী কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ প্ৰাক্তন ছাত্ৰ।৫

অভিনয় জীৱন

১৯৮৫ চনত নিৰ্মিত অৰ্জুন ছবিৰ জৰিয়তে পৰেশ ৰাৱালে সহযোগী চৰিত্ৰত অভিষেক ঘটায়৷ তেওঁ দূৰদৰ্শন টিভিৰ ধাৰাবাহিক ‘বন্তে বিগড়তে’ৰ অভিনয়-শিল্পী দলটোৰ অংশও আছিল। ১৯৮৬ চনৰ ব্লকবাষ্টাৰ ছবি ‘নাম’-এ তেওঁক এজন প্ৰতিভাসম্পন্ন অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত তেওঁ সমগ্ৰ ১৯৮০ আৰু ১৯৯০ চনজুৰি ১০০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল৷ আৰু বেছিভাগেই তেওঁক মূল খলনায়ক হিচাপে দেখা গৈছিল। তাৰে কেইখনমান ছবি হৈছে- ৰূপ কী ৰাণী চোৰো কা ৰাজা, কবজা, ৰজা খুৰা, ৰাম লখান, দাউদ, বাজী। নবৈৰ দশকত তেওঁ কাল্ট কমেডী আন্দাজ আপনা আপনা ছবিখনতো অভিনয় কৰিছিল য’ত তেওঁ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। ২০০০ চনৰ বলীউডৰ কাল্ট ক্লাছিক হেৰা ফেৰীত ৰাৱালক দৰ্শক আৰু সমালোচক উভয়ে চৰিত্ৰ অভিনেতা হিচাপে গ্ৰহণ কৰিছিল৷ ৰাজু (অক্ষয় কুমাৰ) আৰু শ্যাম (সুনিল শেট্টী)ক নিজৰ ঘৰত দৰমহা দিয়া অতিথি হিচাপে গ্ৰহণ কৰা হেৰা ফেৰী ছবিখনত ৰাৱালে ম্লান বুদ্ধি, উত্তাল আৰু সৌজন্যশীল মাৰাঠী ঘৰৰ মালিক বাবুৰাও গণপাত্ৰৱ আপ্তেৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰাৱালৰ অভিনয় আছিল ছবিখনে দেশজুৰি লাভ কৰা বৃহৎ সফলতাৰ এটা মূল কাৰণ।৬ অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ কমেডিয়ান বঁটা লাভ কৰে। তেওঁ ফিৰ হেৰা ফেৰী (২০০৬) ছবিৰ ছিকুৱেলত বাবুৰাওৰ চৰিত্ৰত পুনৰ অভিনয় কৰে৷ এইখন ছবিও সফল হয়।২

তেওঁৰ শেহতীয়া উল্লেখযোগ্য মুক্তি হৈছে ৰণবীৰ কাপুৰৰ সৈতে ৰাজকুমাৰ হিৰাণীৰ সঞ্জু। চিনেমাখনত তেওঁ অভিনেতা সুনীল দত্তৰ চৰিত্ৰত অভিনয় কৰিছে।২০২৪ চনত মুক্তি পাবলগীয়া 'হেৰা ফেৰী ৩' ছবিখনত তেওঁ পুনৰবাৰ বাবুৰাও গণপাত্ৰাও আপ্টেৰ চৰিত্ৰত অভিনয় কৰিছে,৭ কিন্তু ২০২৩ চনৰ মে' মাহৰ পৰা ছবিখনৰ কাম বন্ধ হৈ আছে।৮

২০২০ চনৰ ১০ ছেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে।৯

২০২১ চনত ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ পৰিচালনাত নিৰ্মিত ক্ৰীড়াড্ৰামা টুফানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰৰ চৰিত্ৰত অভিনয় কৰা ফাৰহান আখতাৰৰ সৈতে ৰাৱালে অভিনয় কৰিছিল। ২০২১ চনৰ ১৬ জুলাইত আমাজন প্ৰাইম ভিডিঅ'ত এই ছবিখন বিশ্বজুৰি প্ৰচাৰ কৰা হয়।১০

তেওঁৰ আন আগন্তুক ছবিসমূহ হ'ল ৱেলকাম টু দ্য জংগল, হেৰা ফেৰী ৩১১ আৰু দ্য ষ্ট'ৰীটেলাৰ য'ত তেওঁ সত্যজিৎ ৰায়ৰ বিখ্যাত চৰিত্ৰ তাৰিনি খুৰোৰ চৰিত্ৰত অভিনয় কৰিব।১২১৩১৪

ৰাজনীতি

পৰেশ ৰাৱালে ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত আহমেদাবাদ পূৱ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ সদস্য হিচাপে জয়লাভ কৰে৷ ২০১৪ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়।১৫১৬

বিতৰ্ক

২০১৭ চনৰ ২১ মে’ত ভাৰতীয় সেনাই সেনাবাহিনীৰ জীপত কাশ্মীৰী শিলগুটি-নিক্ষেপকাৰী এজনক মানৱ ঢাল হিচাপে বান্ধি ৰখাৰ এটা কাণ্ডক সম্বোধন কৰি ৰাৱালে টুইট কৰিছিল: "সেনাৰ জীপত নিক্ষেপকাৰীক বান্ধি লোৱাৰ পৰিৱৰ্তে অৰুন্ধতী ৰায়ক বান্ধি দিয়ক।"১৭ এই মন্তব্যৰ জৰিয়তে অনুমান কৰা হৈছিল যে পৰেশ ৰাৱালে অৰুন্ধতী ৰায়ক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাটো বিচাৰে।১৮ ৰাৱালৰ এই টুইটে বিতৰ্কৰ সৃষ্টি কৰে। সহযোগী অভিনেতা স্বৰা ভাস্কৰে তেওঁক সমালোচনা কৰিছিল।১৯ ৰাৱালক কংগ্ৰেছ নেত্ৰী শোভা ওঝাই২০ সমালোচনা কৰাৰ বিপৰীতে চলচ্চিত্ৰ নিৰ্মাতা অশোকে পণ্ডিতে তেওঁৰ টুইটক সমৰ্থন কৰে।১৯

উল্লেখযোগ্য বঁটা-সন্মান

  • ১৯৯৪: চনত ছাৰ আৰু ৱহ চোক্ৰিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • ১৯৯৪: চনত ছাৰৰ বাবে ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ বঁটা
  • ১৯৯৫: মহৰাৰ বাবে কমিক ৰ’লত শ্ৰেষ্ঠ অভিনয়ৰ বাবে মনোনীত–ফিল্মফেয়াৰ বঁটা
  • ১৯৯৬: ৰাজাৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ পৰ্দা বঁটা
  • ২০০১: চনত হেৰা ফেৰীৰ বাবে শ্ৰেষ্ঠ কমেডিয়ানৰ পৰ্দাৰ বঁটা
  • ২০০১: চনত হেৰা ফেৰীৰ বাবে কমিক ৰ’লত শ্ৰেষ্ঠ অভিনেতাৰ বাবে জি চিনে বঁটা
  • ২০০৩ চনত আৱৰা পাগল দীৱানাৰ বাবে কমিক ৰ’লত শ্ৰেষ্ঠ অভিনেতাৰ জি চিনে বঁটা
  • ২০০৪: হাংগামাৰ বাবে কমিক ভূমিকাত শ্ৰেষ্ঠ অভিনয়ৰ বাবে মনোনীত–ফিল্মফেয়াৰ বঁটা
  • ২০০৫: হালচুলৰ বাবে কমিক ভূমিকাত শ্ৰেষ্ঠ অভিনয়ৰ বাবে মনোনীত–ফিল্মফেয়াৰ বঁটা
  • ২০০৬: চৰ্দাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বাবে চৰ্দাৰ পেটেল আন্তঃৰাষ্ট্ৰীয় বঁটা (১৯৯৩)।
  • ২০০৭: ফিৰ হেৰা ফেৰীৰ বাবে কমিক ভূমিকাত শ্ৰেষ্ঠ অভিনয়ৰ বাবে মনোনীত–ফিল্মফেয়াৰ বঁটা
  • ২০১০: অতিথি তুম কব জাওগেৰ বাবে কমিক ভূমিকাত শ্ৰেষ্ঠ অভিনেতাৰ প্ৰযোজক গিল্ড ফিল্ম বঁটা
  • ২০১২: ৰেডিৰ বাবে কমিক ভূমিকাত শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত–প্ৰযোজক গিল্ড ফিল্ম বঁটা২১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ode to irreverence. The Hindu
  2. ↑ Paresh Rawal. Yahoo.com Won 2 national awards for Woh Chokri & Sir
  3. ↑ (5 July 2019). From Sanjay Leela Bhansali to Paresh Rawal; Gujarati's who made it big in Bollywood. The Times of India
  4. ↑ (26 October 2021). Paresh Rawal says wife Swaroop was his boss' daughter, reveals how he proposed: 'Don't do this futile exercise with me'. Hindustan Times
  5. ↑ UMANG 2010, Inter-Collegiate Culture Festival, Narsee Monjee college
  6. ↑ Box Office 2000. BoxOfficeIndia.Com
  7. ↑ (23 May 2018). Hera Pheri 3 confirmed, to reunite Akshay Kumar, Suniel Shetty and Paresh Rawal. The Indian Express
  8. ↑ Raghuvanshi, Aakanksha. (19 May 2020). Suniel Shetty Shares An Update About Hera Pheri 3. NDTV.com
  9. ↑ (10 September 2020). Paresh Rawal appointed as chief of National School of Drama. Hindustan Times
  10. ↑ Jha, Subhash K. (10 March 2021). Farhan Akhtar's pugilist drama Tofaan to release on OTT on May 21, confirms director Rakeysh Omprakash Mehra. Bollywood Hungama
  11. ↑ Parashar, Shivam. (1 February 2021). Priyadarshan wraps Hungama 2 shoot. India Today
  12. ↑ (19 December 2013). Ray's Tarini Khuro set for Bollywood debut. The Daily Star
  13. ↑ PTI. (30 October 2012). Ananth Mahadevan to adapt Satyajit Ray's short story into film. NDTV
  14. ↑ Bhattacharya, Roshmila. (13 December 2013). Paresh to tell Ray's story. The Times of India
  15. ↑ (23 March 2014). Paresh Rawal in dinu solanki out
  16. ↑ (16 May 2014). Election results 2014 Paresh rawals biopic on Narendra Modi on hold
  17. ↑ Paresh Rawal Says 'Tie Arundhati Roy To Army Jeep', Fuels Outrage. NDTV.com
  18. ↑ (22 May 2017). Indian actor Paresh Rawal proposes using Arundhati Roy as human shield
  19. ↑ (23 May 2017). Swara Bhaskar slams Paresh Rawal's comment on Arundhati, Ashoke Pandit supports actor. Hindustan Times
  20. ↑ (23 May 2017). Paresh Rawal tweet an indication of BJP's 'dictatorial mentality' says Congress. www.timesnownews.com
  21. ↑ NRI Award, Sardar Patel Award, Sardar Ratna, Pravasi Bharatiya Award, International Award. sardarpatelaward.org

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত) বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীঅভিনয় শিল্পীচলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিচলচ্চিত্ৰ প্ৰযোজকৰাজনীতিবিদহিন্দী চলচ্চিত্ৰৰ অভিনেতাভাৰতীয় ৰাজনীতিবিদতেলেগু চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰেশ ৰাৱাল” প্ৰবন্ধৰ সংশোধন ৫৭২২৯৭ (২৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।