চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি
২৫ প্ৰবন্ধ
-
অনুপম খেৰ
অনুপম খেৰ (Anupam Kher, জন্ম-৭ মাৰ্চ ১৯৫৫) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক৷ তেওঁ মূলতঃ হিন্দী চিনেমাত কাম কৰে। চাৰি দশকৰো অধিক কালজুৰি বিস্তৃত হৈ থকা কেৰিয়াৰত তেওঁ ৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে আৰু বহুতো প্ৰশংসা লাভ কৰিছে৷ তেওঁ ভাৰতীয় চিনেমাৰ এজন প্ৰবীণ শিল্পী।তেওঁ সমালোচকৰ দ্বাৰা…
-
ৱাল্ট ডিজনী
ৱাল্টাৰ এলিয়াচ "ৱাল্ট" ডিজনী (৫ ডিচেম্বৰ ১৯০১, ১৫ ডিচেম্বৰ ১৯৬৬) এজন আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক আছিল আৰু মানৱতাবাদী পুৰুষ। এনিমেছন ছবিৰ নিৰ্মাণ আৰু আৰু এনিমেছন কলাৰ বিকাশত তেখেতৰ অৱদান অতি বিশেষ বুলি কোৱা হয়।
-
পৰেশ ৰাৱাল
পৰেশ ৰাৱাল (Paresh Rawal) এজন ভাৰতীয় অভিনেতা, কমেডিয়ান, চলচ্চিত্ৰ প্ৰযোজক আৰু ৰাজনীতিবিদ৷ তেওঁ প্ৰধানকৈ হিন্দী ছবিত কৰা কামৰ বাবে পৰিচিত। পৰেশ ৰাৱালে ২৪০ খনতকৈও অধিক ছবিত অভিনয় কৰি বিভিন্ন প্ৰশংসা লাভ কৰিছে।
-
কানি কুশ্ৰুতি
কানি কুশ্ৰুতি (കനി കുസൃതി) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ২০০৯ চনত কেৰালা কেফে ছবিখনৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে স্বীকৃতি লাভ কৰিছিল যাৰ জৰিয়তে তেওঁ সমালোচকৰো প্ৰশংসা লাভ কৰিছিল।
-
জনী লিভাৰ
জন প্ৰকাশ ৰাও জানুমালা, (John Prakash Rao Janumala) মঞ্চনাম জনী লিভাৰ (জন্ম ১৪ আগষ্ট ১৯৫৭)দ্বাৰা অধিক পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান৷ হিন্দী চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সৰ্বপৰিচিত।
-
কুমুদ মিশ্ৰ
কুমুদ মিশ্ৰ (Kumud Mishra) হিন্দী চলচ্চিত্ৰৰ এজন ভাৰতীয় অভিনেতা। তেওঁ সহ অভিনয়ৰ লগতে খলনায়কৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।
-
ছাৰা বাৰ্নহাৰ্ট
ছাৰা বাৰ্নহাৰ্ট (Sarah Bernhardt) (২২ অক্টোবৰ ১৮৪৪ — ২৬ মাৰ্চ ১৯২৩) আছিল এগৰাকী ফৰাচী মঞ্চ আৰু আৰু প্ৰথম অৱস্থাৰ চলচ্চিত্ৰৰ অভিনেত্ৰী। এখেতক 'জগতৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰী' (the most famous actress the world has ever known).
-
পায়ল কাপাদিয়া
পায়ল কাপাদিয়া (Payal Kapadia; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ২০২১ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত তেওঁ এ নাইট অৱ ন'ইং নথিং ছবিৰ বাবে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ গোল্ডেন আই বঁটা লাভ কৰে ২০১৭ চনত তেওঁৰ চুটি ছবি আফটাৰনুন ক্লাউডছ আছিল ৭০ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত একমাত্ৰ ভাৰতীয়…
-
গজল ধালিৱাল
গজল ধালিৱাল (Gazal Dhaliwal, জন্ম: ১৯৮২) এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ আৰু ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী। তেওঁ ৰাজকুমাৰ ৰাও, অনিল কাপুৰ আৰু সোণম কাপুৰ আহুজা অভিনীত বিনোদ চোপ্ৰা ফিল্মছৰ 'এক লড়কী কো দেখা তো আইছা লগা'ৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল।
-
পাৰমিতা ভোহ্ৰা
পৰোমিতা ভোহ্ৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখিকা। নগৰীয়া জীৱন, ইচ্ছা-আকাংক্ষা, পপ সংস্কৃতি আৰু লিংগ বিষয়ক বিষয়ত নিৰ্মিত তেখেতৰ তথ্যচিত্ৰসমূহৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। তেওঁ পুৰস্কাৰপ্ৰাপ্ত পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ খামোশ পানীৰ চিত্ৰনাট্যো ৰচনা কৰিছে।
-
ৰেচুল পুকুট্টি
ৰেচুল পুকুট্টি ( ইংৰাজী: Resul Pookutty; জন্ম: ৩০ মে' ১৯৭১) এজন ভাৰতীয় চলচ্চিত্ৰৰ ধ্বনি ডিজাইনাৰ, ধ্বনি সম্পাদক আৰু অডিঅ' মিক্সাৰ। তেওঁ ৰিচাৰ্ড প্ৰাইক আৰু ইয়ান টেপৰ সৈতে শ্লামডগ মিলিয়নেয়াৰ বাবে শ্ৰেষ্ঠ শব্দ মিশ্ৰণৰ একাডেমী বঁটা লাভ কৰে।
-
আমেইৰা পুনবাণী
আমেইৰা পুনবাণী এগৰাকী ভাৰতীয় সাজ-পোছাক ডিজাইনাৰ আৰু চেলিব্ৰিটি ষ্টাইলিষ্ট যিয়ে হিন্দী চিনেমাত কাম কৰে।
-
আৰ্থী পাৰ্থসাৰথি
আৰ্থী পাৰ্থসাৰথি (ইংৰাজী: Aarthi Parthasarathy) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু ৱেবকমিক স্ৰষ্টা। মুম্বাইত ডাঙৰ-দীঘল হোৱা আৰু বৰ্তমান বেংগালুৰুত বাস কৰা পাৰ্থসাৰথি তেওঁৰ ৱেবকমিক ধাৰাবাহিক ৰয়েল এগজিষ্টেনচিয়েলছ আৰু আৰ্বানলোৰৰ বাবে পৰিচিত।
-
কৃতি খৰবন্দা
কৃতি খৰবন্দা ( Kriti Kharbanda; জন্ম: ২৯ অক্টোবৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, কানাড়া আৰু তেলেগু ভাষাৰ ছবিত কাম কৰে। খৰবন্দাই এছ আই আই এম এ বঁটাকে ধৰি কেইবাটাও প্ৰশংসা লাভ কৰিছে, আৰু দুটা ফিল্মফেয়াৰ এৱাৰ্ড চাউথৰ বাবে মনোনয়ন লাভ কৰিছে।
-
চেলিম–জাভেদ
চেলিম–জাভেদ (Salim-Javed) আছিল ভাৰতীয় চলচ্চিত্ৰ জগতত চিত্ৰনাট্য লিখাৰ এটি যুটি৷ এই যুটিটোৰ ব্যক্তি দুগৰাকী হৈছে চেলিম খান আৰু জাভেদ আখতাৰ৷ তেওঁলোকে মূলতঃ হিন্দী চিনেমাত কাম কৰিছিল।
-
জে.ভি. মণীষা
জে.ভি. মণীষা বাজাজ এগৰাকী ভাৰতীয় লেখিকা আৰু চলচ্চিত্ৰ নিৰ্মাতা। ভাৰতীয় টেলিভিছনত বিষয়ভিত্তিক কাব্য অনুষ্ঠান আৰম্ভ কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ডন পালাথাৰা
ডন পালাথাৰা (Don Palathara; জন্ম: ২২ আগষ্ট ১৯৮৬) হৈছে কেৰালাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। কম বাজেটত কাম কৰাৰ বাবে পৰিচিত তেওঁৰ চলচ্চিত্ৰসমূহ স্থানীয় কেৰালাৰ সংস্কৃতিৰ প্ৰদৰ্শন আৰু মানৱ প্ৰকৃতিৰ অধ্যয়ন।
-
তামাৰা জেনকিন্স
তামাৰা জেনকিন্স (ইংৰাজী: Tamara Jenkins; জন্ম: ২ মে', ১৯৬২) এগৰাকী আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা আৰু মাজে-সময়ে অভিনয় কৰা এগৰাকী অভিনেত্ৰী। তেওঁ মূলত তেওঁৰ কাহিনীচিত্ৰ স্লমছ অৱ বেভাৰ্লী হিলছ (১৯৯৮), দা চেভেজ (২০০৭) আৰু প্ৰাইভেট লাইফ (২০১৮)-ৰ বাবে সৰ্বাধিক পৰিচিত।
-
বীণা পাল
বীণা পাল (জন্ম ২৮ জানুৱাৰী ১৯৬১), বিবাহোত্তৰ নাম বীণা পাল ভেনুগোপাল, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সম্পাদক, যিয়ে মূলতঃ মালয়ালম ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু ১৯৮৩ চনত পুনেৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (এফটিআইআই)ৰপৰা চলচ্চিত্ৰ সম্পাদনাত ডিপ্লোমা লাভ কৰে।
-
মধুশ্ৰী দত্ত
মধুশ্ৰী দত্ত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, লেখিকা আৰু কিউৰেটৰ।
-
মাহনাজ মোহম্মদী
মাহনাজ মোহম্মদী (ফাৰ্চী: مهناز محمدی; জন্ম ১ জানুৱাৰী ১৯৭৫, তেহৰাণ) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু নাৰী অধিকাৰ কৰ্মী। তেওঁ ২০০৩ চনত তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ ৱিমেন ৱিপাউট শ্বিল্ড'জ ৰচনা আৰু পৰিচালনা কৰিছিল, যিয়ে এখন চৰকাৰী আশ্ৰয় শিবিৰত গৃহহীন আৰু পৰিত্যক্ত মহিলাৰ জীৱন চিত্ৰিত কৰিছিল।
-
শাহনূৰ
শাহনূৰ (ইংৰাজী: Shahnoor) এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু মডেল যিয়ে চলচ্চিত্ৰ আৰু টেলিভিছন নাটকত অভিনয় কৰাৰ লগতে টিভি বিজ্ঞাপনত (TVC) মডেল হিচাপে কাম কৰিছে। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে হাজাৰ বছৰ ধৰে, সাহসী মানুষ চাই, স্বপ্নৰ বাশৰ আৰু নয়ন ভৰা জল।
-
হাজিৰ দাৰিয়ুচ
হাজিৰ দাৰিয়ুচ (ফাৰ্চী: هژیر داریوش; জন্ম ১১ আগষ্ট, ১৯৩৮ মৃত্যু ২ অক্টোবৰ, ১৯৯৫) এজন ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আছিল, যাক ১৯৮২ চনত জাভেদ জব্বাৰে "সংগঠিত প্ৰগতিশীল ইৰানী চিনেমাৰ নেতা" হিচাপে বৰ্ণনা কৰিছিল। দাৰিয়ুচে পেৰিছৰ আই.ডি.এইচ.ই.চি.ত চলচ্চিত্ৰ বিষয়ত অধ্যয়ন কৰিছিল।
-
হানা মাখমালবাফ
হানা মাখমালবাফ (ফাৰ্চী: حنا مخملباف; জন্ম ৩ ছেপ্টেম্বৰ ১৯৮৮) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ চলচ্চিত্ৰ নিৰ্মাতা ছমীৰা মাখমালবাফৰ কনিষ্ঠ ভগ্নী আৰু চলচ্চিত্ৰ নিৰ্মাতা মহচেন মাখমালবাফ আৰু ফাতেমেহ মেশ্কিনীৰ কন্যা।
-
হান্স জিমাৰ
হান্স ফ্লৰিয়ান জিমাৰ (Hans Zimmer, জন্ম-১২ ছেপ্টেম্বৰ ১৯৫৭)এজন জাৰ্মান চলচ্চিত্ৰ সুৰকাৰ আৰু সংগীত প্ৰযোজক। জিমাৰে দুটা একাডেমী বঁটা, এটা বাফটা বঁটা, পাঁচটা গ্ৰেমী বঁটা লাভ কৰাৰ লগতে ৭টা এমি বঁটা আৰু এটা টনি বঁটাৰ বাবে মনোনীত হৈছে।