অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এমাজন (কোম্পানী)

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আমাজ’ন ডট কম হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বহুজাতিক ই-বাণিজ্য প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় যুক্তৰাষ্ট্ৰৰ চিয়াট্টল, ৱাচিংটনত। প্ৰথমে নিজৰ ৱেবচাইটৰ যোগেদি কিতাপ বিক্ৰীৰে নিজৰ ব্যৱসায় আৰম্ভ কৰা আমাজ’ন ডট কমে পাছলৈ চফটৱেৰ, গেমছ, ইলেকট্ৰনিকচ সঁজুলি, এম পি থ্ৰী ডাউনলোড, ঘৰুৱা…

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আমাজ’ন ডট কম হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বহুজাতিক ই-বাণিজ্য প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় যুক্তৰাষ্ট্ৰৰ চিয়াট্টল, ৱাচিংটনত। প্ৰথমে নিজৰ ৱেবচাইটৰ যোগেদি কিতাপ বিক্ৰীৰে নিজৰ ব্যৱসায় আৰম্ভ কৰা আমাজ’ন ডট কমে পাছলৈ চফটৱেৰ, গেমছ, ইলেকট্ৰনিকচ সঁজুলি, এম পি থ্ৰী ডাউনলোড, ঘৰুৱা আচবাব, গহণা আদি সকলো প্ৰকাৰৰ বস্তু নিজৰ ৱেবচাইটত উপলভ্য কৰে। এমাজ’নে ই-কিতাপ (ই-বুক) পঢ়িবলৈ কিণ্ডল নামৰ সঁজুলি বিধ মুকলি কৰে। তদুপৰি আমাজ’ন ডট কমৰ এচিয়াৰ দেশসমূহৰ বাবে ক্লাউড তথ্য সংৰক্ষণ ব্যৱস্থাও আছে (Cloud Based Storage)।১

আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিমাহে প্ৰায় ৬৫ নিযুত মানুহে আমাজ’ন ডট কমৰ পৰা বজাৰ কৰে, বৰদিনৰ সময়ত এই পৰিসংখ্যা আৰু অধিক বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়।১

অৱস্থানসমূহ

আমাজ’নৰ কাৰ্যালয়সমূহ, গ্ৰাহক সেৱা কেন্দ্ৰসমূহ আৰু চফ্টৱেৰ বিকাশ কেন্দ্ৰসমূহ উত্তৰ আমেৰিকা, লেটিন আমেৰিকা, ইউৰোপ, আফ্ৰিকা আৰু এচিয়াৰ বিভিন্ন স্থানত আছে।২

মুখ্য কাৰ্যালয়সমূহ

কোম্পানীটোৰ গোলকীয় মুখ্য কাৰ্যালয় চিয়াট্টলৰ "চাউথ লেক ইউনিয়ন"ত আছে। আনহাতেদি ইয়াৰ ইউৰোপীয় মুখ্য কাৰ্যালয় আছে লাক্সেমবাৰ্গৰ ৰাজধানী লাক্সেমবাৰ্গ মহানগৰীত। তদুপৰি আমাজ’নৰ মায়ামি আৰু ফ্ল’ৰিডাত দুটা কাৰ্যালয় আছে।

চফ্টৱেৰ বিকাশ কেন্দ্ৰসমূহ

যদিও আমাজ’নৰ চফ্টৱেৰ বিকাশৰ অধিকাংশ কাম চিট্টলতে হয় তথাপিও গোটেই বিশ্বজুৰি আমাজ’নৰ কেইবাটাও চফ্টৱেৰ বিকাশ কেন্দ্ৰ আছে। এইসমূহ আমাজ’নৰ অধীনস্থ সংস্থা এ2জেডে তদাৰক কৰে।৩

  • উত্তৰ আমেৰিকা
    • যুক্তৰাষ্ট্ৰ: কেম্ব্ৰিজ, মেছাচুচেট;৪ ছাৰ্লেষ্ট’ন, দক্ষিণ কেৰ’লিনা;৫ কুপেৰটিন’, কেলিফ’ৰ্নিয়া;৩ অৰেঞ্জ কাণ্ট্ৰি, কেলিফ’ৰ্নিয়া; ছান ফ্ৰান্সিস্ক, কেলিফ’ৰ্নিয়া; ছান লুই অ’বিচপ’, কেলিফ’ৰ্নিয়া;,৬ চিয়াট্টল, ৱাচিংটন; আৰু টেম্পে, এৰিজ’না
    • কানাডা: ভেংক’ভাৰ, ব্ৰিটিছ কলম্বিয়া আৰু অণ্টেৰিঅ’
  • ইউৰোপ
    • যুক্তৰাজ্য: শ্ল’ঘ (ইংলেণ্ড), লণ্ডন (ইংলেণ্ড) আৰু এডিনবাৰ্গ (স্কটলেণ্ড), ডবলিন (আয়াৰলেণ্ড)
    • ৰোমানিয়া: Iaşi
  • এচিয়া
  • আফ্ৰিকা

গ্ৰাহক সেৱা কেন্দ্ৰ সমূহ

  • যুক্তৰাষ্ট্ৰ: কেন্নেৱিক, ৱাচিংটন; হানিংটন, পশ্চিম ভাৰ্জিনিয়া; গ্ৰেণ্ড ফৰ্কচ, উত্তৰ ডাক’টা; ৱিনচেষ্টাৰ, কেনাটকি
  • ভাৰত: হায়দৰাবাদ
  • দক্ষিণ আফ্ৰিকা: কেপ টাউন৭
  • ফিলিপাইনচ: Convergys Cebu, Convergys Bacolod
  • চীন: চেংডু
  • জাৰ্মানী: বাৰ্লিন
  • আয়াৰলেণ্ড: কৰ্ক
  • মৰ’ক্ক’: চালা অল জাডিদা
  • স্ক’টলেণ্ড: এডিনবাৰ্গ
  • জাপান: চাপ্প’ৰ’
  • ক’ষ্টা ৰিকা: হেৰেডিয়া আৰু কালে ব্লানক’চ
  • উৰুগুৱে: মণ্টেভিডেঅ’

তথ্যসূত্ৰ

  1. ↑ thinkdigit.com. (২০১২). Encyclopedia Technica A to E. ডিজিট. পৃ. ১৫
  2. ↑ Amazon.com facilities. Amiba.net
  3. ↑ Woo, Stu. (July 1, 2011). California Online Tax Law Pressures Amazon. The Wall Street Journal
  4. ↑ Kirsner, Scott. (December 23, 2011). Amazon plans Cambridge office. Boston Globe
  5. ↑ Charleston. a2z.com
  6. ↑ San Luis Obispo. a2z.com
  7. ↑ "Amazon chooses 1stream call center solutions for South Africa", Retrieved, February 1, 2012

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইটবহুজাতিক কোম্পানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমাজন (কোম্পানী)” প্ৰবন্ধৰ সংশোধন ৫৯৩৬৩৮ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।