সুজানা অৰুন্ধতী ৰায় (Suzanna Arundhati Roy; জন্ম: ২৪ নৱেম্বৰ ১৯৬১) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ সাহিত্যিক। তেওঁৰ বিখ্যাত ইংৰাজী উপন্যাস দ্য গড অৱ স্মল থিংছৰ বাবে তেওঁ ১৯৯৭ চনত বুকাৰ বঁটা লাভ কৰে। ১৯৮৯ চনত ইন হুইছ এনি গিভ ইট ডজ ওৱানছৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ২০০৬ চনত দা আলজেব্ৰা অফ ইনফাইনিট জাষ্টিছ নামৰ প্ৰবন্ধ সংকলনৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ এগৰাকী ৰাজনৈতিক কৰ্মী আৰু মানৱ অধিকাৰ আৰু পৰিৱেশ সংৰক্ষণ সংক্ৰান্তিয় বিষয়ত জড়িত হৈ আছে।১
প্ৰাৰম্ভিক জীৱন
১৯৬১ চনৰ ১৪ নৱেম্বৰ তাৰিখে অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত অৰুন্ধতী ৰায়ৰ জন্ম হৈছিল।২ তেওঁৰ পিতৃ ৰাজীৱ ৰায় কলিকতাৰ পৰা অসমলৈ চাহ বাগিচাৰ মেনেজাৰ হিচাপে উত্তৰ পূৰ্বাঞ্চললৈ আহিছিল আৰু তেওঁৰ মাতৃ মেৰী ৰায় এগৰাকী কেৰালাৰ নাৰী অধিকাৰ কৰ্মী মালায়ালী খ্ৰীষ্টান মহিলা।৩ দুই বছৰ বয়সতে তেওঁৰ পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত মাতৃ আৰু ভাতৃৰ লগত কেৰালালৈ গুচি যায়।৩ কিছুদিনৰ বাবে তেওঁলোক তামিলনাডুৰ উটিৰ আইতাকৰ ঘৰত বাস কৰিছিল। পিছলৈ ৫ বছৰ বয়সত তেওঁ আকৌ কেৰালালৈ গুচি যায় আৰু তেওঁৰ মাতৃয়ে এখন বিদ্যালয় আৰম্ভ কৰে।৩
তেওঁ প্ৰথমে কত্যায়মৰ কৰ্পূচ খ্ৰীষ্টিয়ান স্কুলত শিক্ষা গ্ৰহণ কৰে। তাৰপিছত তেওঁ তামিলনাডুৰ লৰেন্স স্কুলত শিক্ষা গ্ৰহণ কৰে। তাৰপিছত তেওঁ দিল্লীৰ পৰিকল্পনা আৰু স্থাপত্যবিদ্যা বিদ্যালয়ৰত স্থাপত্যবিদ্যাৰ শিক্ষা লাভ কৰে। তাতে তেওঁ স্থাপত্যবিদ গেৰাৰ্ড ডে চোনহাক লগ পায় আৰু তেওঁলোক একেলগে দিল্লীত থাকিবলৈ লয়। পিছলৈ তেওঁলোকৰ বিচ্ছেদৰ পিছত গোৱালৈ গুচি আহে।৩
বঁটা আৰু সন্মান
১৯৯৭ চনত অৰুন্ধতী ৰায়ে দ্য গড অৱ স্মল থিংছৰ বাবে বুকাৰ বঁটা লাভ কৰে। ইয়াৰ অৰ্থমুল্য প্ৰায় ৩০,০০০ আমেৰিকান ডলাৰ।৪ and a citation that noted, "The book keeps all the promises that it makes".৫ তেওঁ এই গোটেই পুৰস্কাৰৰ ৰাশি আৰু কিতাপখনৰ পোৱা ধন মানৱ অধিকাৰৰ বাবে দান কৰে। বুকাৰ বঁটা লাভ কৰাৰ আগতে তেওঁ ১৯৮৯ চনত ইন হুইছ এনি গিভ ইট ডজ ওৱানছৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।৬ ২০১৫ চনত তেওঁ ভাৰতত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি হোৱাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় বঁটা ঘূৰাই দিয়ে।৭
২০০২ চনত তেওঁ লান্নান ফাউণ্ডেচনৰ সংস্কৃতিক মুক্তি বঁটা লাভ কৰে।৮ ২০০৩ চনত আমেৰিকাৰ ছান ফ্ৰান্সিনস্কত গ্লোৱেল এক্সচেঞ্জত তেওঁক শান্তিৰ নাৰী হিচাপে বিশেষ সন্মান প্ৰদান কৰা হয়। তেওঁৰ সামাজিক অৱদান আৰু অহিংস নীতিৰ বাবে ২০০৪ চনৰ মে মাহত ছিডনী শান্তি বঁটা লাভ কৰে।৯১০
২০০৬ চনত দা আলজেব্ৰা অফ ইনফাইনিট জাষ্টিছ নামৰ প্ৰবন্ধ সংকলনৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ এই বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।১১১২
২০১১ চনৰ নৱেম্বৰ মাহত তেওঁ সাহিত্যৰ বাবে নৰমেন মাইলাৰ বঁটা লাভ কৰে।১৩ ২০১৪ চনত তেওঁ টাইম আলোচনীৰ বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰে।১৪
গ্ৰন্থৰাজি
কল্প সাহিত্য
- দ্য গড অৱ স্মল থিংছ, ফ্লেমিংগ,১৯৯৭
- দা মিনিষ্ট্ৰী অফ অটমষ্ট হেপিনেছ, হেমিছ হেমিল্টন, ২০১৭
অন্যান্য
- দা এণ্ড অফ ইমাজিনেচন, কত্যায়ম: ডি.চি. বুকছ, ১৯৯৮
- দা কষ্ট অফ লিভিং, ফ্লেমিংগ, ১৯৯৯
- দা গ্ৰেটাৰ কমন গুড, বোম্বে: ইণ্ডিয়া বুক ডিষ্ট্ৰীবুটৰ, ১৯৯৯
- দা আলজেব্ৰা অফ ইনফাইনিট জাষ্টিছ, ফ্লেমিংগ, ২০০২
- পাৱাৰ পলিটিক্স, কেম্ব্ৰিজ: চাউথ এণ্ড প্ৰেছ, ২০০২
- ৱাৰ টক, কেম্ব্ৰিজ:চাউথ এণ্ড প্ৰেছ, ২০০৩
- এন অৰ্ডিনেৰী পাৰচনছ গাইড টু এম্পায়াৰ, কনচৰ্টিয়াম, ২০০৪
- (২০০৪). পাব্লিক পাৱাৰ ইন দা এজ অফ এম্পায়াৰ. চেভেন ষ্টৰিছ প্ৰেছ. ISBN 9781583226827
- দা চেকবুক এণ্ড দা ক্ৰুছ মিছাইল: কনভাৰচেচন উইথ অৰুন্ধতী ৰয়, ডেভিড বাৰ্চমিয়ানৰ দ্বাৰা সাক্ষাৎকাৰ, কেম্ব্ৰিজ: চাউথ এণ্ড প্ৰেছ, ২০০৪
- ''দা শ্বেপ অফ দা বিষ্ট: কনভাৰচেচন ৱিথ অৰুন্ধতী ৰয়, নতুন দিল্লী:পেংগুইন, ২০০৮
- লিচেনিং টু গ্ৰাছহপাৰছ: ফিল্ড নোটছ অন ডেম'ক্ৰেচি, নতুন দিল্লী:পেংগুইন, ২০১০
- ব্ৰকেন ৰিপাব্লিক: থ্ৰী এছেছ, নতুন দিল্লী: হেমিছ হেমিল্টন, ২০১১
- ৱাকিং ৱিথ দা কমৰেডছ. নতুন দিল্লী: পেংগুইন, ২০১১
- কাশ্মীৰ: দা কেচ অফ ফ্ৰিদম, ভেৰ্চ', ২০১১
- (২০১৩). দা হেংগিং অফ অফজল গুৰু এণ্ড দা ষ্ট্ৰেঞ্জ কেচ অফ এটেক অন দা ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট. পেংগুইন. ISBN 978-0143420750
- কেপিটেলিছম: এ ঘষ্ট ষ্ট্ৰৰি,চিকাগো: হেমাৰ্কেট বুকছ, ২০১৪
- থিংছ ডেট কেন এণ্ড কেন নট বি চেইড: এছে এণ্ড কনভাৰছেচন (জন কোচাকৰ সৈতে), চিকাগো: হেমাৰ্কেট বুকছ, ২০১৬
- দা ডক্টৰ এণ্ড দা ছেণ্ট: কাষ্ট, ৰেছ এণ্ড এনিহিলেচন অফ কাষ্ট, দা দিবেট বিটৱুইন বি. আৰ. আম্বেদকাৰ এণ্ড এম.কে. গান্ধী, চিকাগো: হেমাৰ্কেট বুকছ, ২০১৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Dhanusha Gokulan. (11 November 2012). ‘Fairy princess’ to ‘instinctive critic’. Khaleej Times
- ↑ (15 November 2002). Arundhati Roy, 1959–. The South Asian Literary Recordings Project. দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছ, New Delhi Office
- ↑ Siddhartha Deb, "Arundhati Roy, the Not-So-Reluctant Renegade ", The New York Times, 5 March 2014. Accessed 5 March 2014
- ↑ David Barsamian. (September 2001). Arundhati Roy interviewed. The South Asian
- ↑ Previous winners – 1997. Booker Prize Foundation
- ↑ 36th National Film Awards (PDF). Directorate of Film Festivals
- ↑ Hannah Ellis. (5 November 2015). Arundhati Roy returns award in protest against religious intolerance in India. Guardian
- ↑ 2002 Lannan Cultural Freedom Prize awarded to Arundhati Roy. Lannan Foundation
- ↑ "Arundhati Roy gets Sydney Peace Prize", Outlook, Retrieved 1 April 2012
- ↑ "Peace?...", Outlook, Retrieved 1 April 2012. Arundhati Roy
- ↑ "Sahitya Akademi Award: Arundhati Roy Rejects Honor", Deccan Herald, 16 January 2006
- ↑ "Award-Winning Novelist Rejects a Prize", The New York Times, 17 January 2006. Retrieved 18 December 2011
- ↑ "From Norman Mailer to Arundhati Roy". Hamish Hamilton. Retrieved 13 December 2015)
- ↑ Time 100
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুন্ধতী ৰায়” প্ৰবন্ধৰ সংশোধন ৩৭৯৮৪১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।