অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ননী গোপাল মহন্ত

ননী গোপাল মহন্ত (Nani Gopal Mahanta) ভাৰতৰ এগৰাকী শিক্ষাবিদ, ৰাজনৈতিক বিশ্লেষক, অধ্যাপক, লেখক আৰু সম্পাদক। তেওঁ ২০২৪ চনৰপৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (Vice-Chancellor) ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ৩ মে’ ২০২৬ ৭৭০ শব্দ · ৪ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ননী গোপাল মহন্ত (Nani Gopal Mahanta) ভাৰতৰ এগৰাকী শিক্ষাবিদ, ৰাজনৈতিক বিশ্লেষক, অধ্যাপক, লেখক১ আৰু সম্পাদক। তেওঁ ২০২৪ চনৰপৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (Vice-Chancellor) ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।২ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক আৰু পূৰ্বে দক্ষিণ-পূৰ্ব এছিয়া অধ্যয়ন কেন্দ্ৰৰ (Centre for South East Asia) সঞ্চালক হিচাপেও দায়িত্ব পালন কৰিছিল। তদুপৰি ২০২১ চনত তেওঁ অসম চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে দায়িত্ব পালন কৰিছিল।৩ তেওঁ নতুন শিক্ষা নীতি ৰূপায়ণ আৰু ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডৰ সংস্কাৰ সাধনৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।৪ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতি, জাতিগত পৰিচয়, সংঘাত-অধ্যয়ন আৰু শান্তি-নিৰ্মাণ বিষয়ত তেওঁৰ গৱেষণা আৰু নীতিগত অৱদান উল্লেখযোগ্য।৫

শিক্ষা

তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰপৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ২০০২ চনৰপৰা ২০০৪ চনলৈকে বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ৰটাৰী ৱৰ্ল্ড পিছ ফেলো হিচাপে শিক্ষা গ্ৰহণ কৰিছিল আৰু ইউৰোপ আৰু দক্ষিণ এছিয়াৰ বিভিন্ন অঞ্চলত গৱেষণা-সংলগ্ন কাৰ্য সম্পন্ন কৰিছিল।৬পৰৱৰ্তী সময়ত তেওঁ ২০০৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা “State, Identity and Politics of Violence: ULFA and Vision of Peace in Assam” শীৰ্ষক বিষয়ত ডক্টৰেট ডিগ্ৰী সম্পন্ন কৰে।

পেচাগত আৰু সামাজিক জীৱন

তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপক হিচাপে অধ্যাপনা আৰু গৱেষণা কৰাৰ লগতে ২০১৭ চনৰপৰা ‘চেণ্টাৰ ফৰ্ ইষ্ট এছিয়া’-ৰ সঞ্চালক হিচাপেও দায়িত্ব পালন কৰিছিল। ২০১৮ৰ পৰা ২০১৯ চনৰ ভিতৰত তেওঁ বিশ্ববিদ্যালয়খনৰ ‘পঞ্চীয়ক’ (ভাৰপ্ৰাপ্ত) হিচাপেও দায়িত্ব পালন কৰিছে৷ তদুপৰি তেওঁ ৰাজনীতি-বিজ্ঞান বিভাগৰ মুৰব্বী হিচাপেও দায়িত্ব পালন কৰিছে। ২০২৪ চনৰ ২৮ জুলাই তেওঁ বিশ্ববিদ্যালয়খনৰ ১৮সংখ্যক উপাচাৰ্য৭ হিচাপে নিযুক্ত হয় আৰু ২১ আগষ্ট ২০২৪ তাৰিখে তেওঁ দায়িত্ব গ্ৰহণ কৰে।৮ ২০২১–২০২৪ সময়ছোৱাত তেওঁ অসম চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে দায়িত্ব পালন কৰে আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP-2020) অসমত কাৰ্যকৰীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰসমূহ হ’ল- উত্তৰ-পূৰ্ব ভাৰত আৰু দক্ষিণ-পূব এছিয়া, জাতিগত ৰাজনীতি আৰু পৰিচয়, সংঘাত আৰু শান্তি অধ্যয়ন, নিৰ্বাচনী ৰাজনীতি, নাগৰিকত্ব, এন.আৰ.চি আৰু ‘কা’ (CAA) বিষয়ক ৰাজনীতি, সুৰক্ষা অধ্যয়ন আৰু সন্ত্ৰাসবাদ আদি। তেওঁ Oslo-স্থিত Peace Research Institute (PRIO)-ত ভিজিটিং ফেল’ হিচাপে কৰ্মৰত আছিল। Rotary International-ৰ বিশ্ব শান্তি সন্মিলনসমূহত তেওঁ বক্তৃতা প্ৰদান কৰিছে। ভাৰত-ASEAN সম্পৰ্ক, Indo-Pacific ৰাজনীতি আদি বিষয়ত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰবন্ধ লিখিছে। তেওঁৰ তত্ত্বাৱধানত ১৩জন গৱেষকে পিএইচ.ডি. ডিগ্ৰী লাভ কৰিছে আৰু কেইবাজনো গৱেষক বৰ্তমান গৱেষণাৰ সৈতে জড়িত।৯

দায়িত্ব আৰু কৰ্তব্যসমূহ

  • ২০০২–২০০৪ চনত বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ৰ’টাৰী ৱৰ্ল্ড পীচ ফেলো হিচাপে অধ্যয়ন কৰে।
  • ২০০৮ চনত ‘পীচ ৰিচাৰ্চ ইনষ্টিটিউট’(প্ৰিঅ’), Oslo, Norwayত ভিজিটিং ফেলো হিচাপে কাৰ্যনিৰ্বাহ কৰে।
  • ২০১৯ চনৰ মাৰ্চ মাহত দিল্লী বিশ্ববিদ্যালয়ত ভিজিটিং প্ৰফেচৰ হিচাপে আমন্ত্ৰিত হয়।
  • ২০১৩ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত প্ৰফেচৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে; পূৰ্বতে বিভাগীয় প্ৰধান হিচাপেও দায়িত্ব পালন কৰে।
  • ২০১৮ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১৯ চনৰ নৱেম্বৰ মাহলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ (আই/চি) হিচাপে দায়িত্ব পালন কৰে।
  • ২০০৭–২০১২ চনৰ ভিতৰত ইউ.জি.চি. ইনোভেটিভ প্ৰজেক্টৰ অধীনত গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পীচ এণ্ড কনফ্লিক্ট ষ্টাডিজ’ কাৰ্যসূচীৰ সমন্বয়ক হিচাপে দায়িত্ব পালন কৰে।
  • ২০১৭ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘চেণ্টাৰ ফৰ চাউথ ইষ্ট এছিয়ান ষ্টাডিজ’ৰ ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
  • ২০১৬ চনৰ পৰা ‘ষ্টেট ইনোভেচন এণ্ড ট্ৰান্সফৰ্মেচন আয়োগ’ৰ, অসম চৰকাৰৰ সদস্য হিচাপে নিযুক্ত৷
  • ২০২১ চনৰ পৰা ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহলৈ অসম চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে দায়িত্ব পালন কৰে।
  • আদৰ্শ বিদ্যালয় সংগঠন (এভিএছ), অসম চৰকাৰৰ চেয়াৰমেন (অনৰি) হিচাপে দায়িত্ব পালন কৰে।
  • আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ (এবিলেক)ৰ গভৰ্ণিং কাউন্সিলৰ সদস্য হিচাপে যুক্ত।
  • SLET Commissionৰ চেয়াৰমেন হিচাপে দায়িত্ব পালন কৰে।
  • গুৱাহাটীত প্ৰস্তাৱিত মুখ্যমন্ত্ৰী সংগ্ৰহালয়ত প্ৰদৰ্শিত হ’বলগীয়া বিষয়বস্তু নিৰ্ধাৰণৰ উদ্দেশ্যে গঠিত ক’ৰ ৰিচাৰ্চ টীমৰ মেম্বাৰ হিচাপে নিযুক্ত।
  • National Council of Educational Research and Training (এনচিইআৰটি)ৰ জেনেৰেল কাউন্সিলত ভাৰত চৰকাৰৰ ন’মিনি হিচাপে নিযুক্ত।
  • “গভৰ্ণৰ আছাম এৱাৰ্ড ফৰ এক্সেলেন্স” আৰু “গভৰ্ণৰ আছাম বিশ্বকৰ্মা সম্মান”ৰ নিৰ্বাচন কমিটিৰ আহ্বায়ক হিচাপে দায়িত্ব পালন কৰে।
  • ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজোৰা উদ্‌যাপনৰ তদাৰক কৰিবলৈ গঠিত ক’ৰ কমিটীৰ মেম্বাৰ হিচাপে নিযুক্ত৷
  • প্ৰাক্তন মুখ্যমন্ত্ৰী গোলপ বৰবৰাৰ জন্ম শতবৰ্ষ উপলক্ষ্যে গ্ৰন্থ প্ৰকাশৰ বাবে গঠিত গ্ৰন্থ কমিটিৰ মেম্বাৰ হিচাপে নিযুক্ত
  • অসমৰ ১০খন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ বাবে ন’মিনি পেনেল গঠন কৰাৰ উদ্দেশ্যে গঠিত কমিটিৰ মেম্বাৰ হিচাপে দায়িত্ব পালন কৰে।

সাহিত্যৰাজি

  • Confronting the State: ULFA’s Quest for Sovereignty – SAGE Publications – 2013১০
  • Citizenship Debate over NRC and CAA, 2021১১ ১২
  • আধুনিক অসমৰ ৰাজৈনৈতিক ইতিহাস (মুছিলম লীগৰপৰা নাগৰিকত্ব আইনলৈকে, অসম প্ৰকাশন পৰিষদ, ২০২৩ ১৩

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত তেওঁৰ ২০০ৰো অধিক উদ্ধৃতি (citations) আছে; তাৰ ভিতৰত Economic and Political Weekly (EPW)-ত প্ৰকাশিত প্ৰবন্ধসমূহ বিশেষ উল্লেখযোগ্য।

সম্পাদিত গ্ৰন্থ, আলোচনী, পত্ৰিকা

  • Shifting Terrain: Conflict Dynamics in Northeast India – DVS পাব্লি‌চিং হাউচ– ২০১২
  • The Ethnic Dilemma: The Garo-Rabha Conflict (Occasional Paper) – ৰাজনীতি বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
  • Mapping the Trajectory of a Contemporary Ethnic Identity Movement – PACS, গুৱাহাটী বিশ্ববিদ্যালয়– ২০১২
  • Politeia (Vol. XVII) – NEIPSA– ২০০৮-২০০৯
  • Politeia (Vol. XVIII) – NEIPSA– ২০০৯-২০১০
  • Journal of Political Science (Vol. 7) – ৰাজনীতি বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১২

প্ৰশাসনিক আৰু নীতিগত অৱদান

  • সদস্য, State Innovation and Transformation Aayog (SITA), অসম চৰকাৰ
  • সদস্য, State Higher Education Commission, অসম
  • অধ্যক্ষ, SLET Commission
  • সভাপতি আৰু সাধাৰণ সম্পাদক, North-East India Political Science Association (NEIPSA)
  • সদস্য, NCERT সাধাৰণ পৰিষদ (Government of India Nominee)

সন্মান

২০০৯ চনত নাগৰিক আৰু সামাজিক অধিকাৰ-দায়িত্বৰ বিষয়ে জনসচেতনতা সৃষ্টিৰ বাবে তেওঁ ERDF Award of Excellence বঁটা লাভ কৰে। এই সন্মান তৎকালীল অসম সাহিত্য সভাৰ সভাপতি ৰং বং তেৰাঙে প্ৰদান কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Nani gopal Mahanta, Gauhati University, scholar.google.com
  2. ↑ Prof Nanigopal Mahanta Vice Chancellor, GU
  3. ↑ Nani Gopal Mahanta to take over as Education Advisor of Assam
  4. ↑ assam-all-set-to-begin-four-year-degree-course
  5. ↑ Union Budget has potential to reshape higher education: Gauhati University V-C
  6. ↑ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি ননী গোপাল মহন্তক
  7. ↑ Assam: Nani Gopal Mahanta appointed as new Vice Chancellor of Gauhati University
  8. ↑ Nani Gopal Mahanta Appointed Vice Chancellor of Gauhati University
  9. ↑ Assam: Gauhati University launches podcast series ‘Chai, Chatters & Chapters’
  10. ↑ Book Review: Nani Gopal Mahanta, Confronting the State: ULFA's Quest for Sovereignty
  11. ↑ Citizenship Debate over NRC and CAA: Assam and the Politics of History Paperback – Import, 15 July 2021
  12. ↑ Dr Nani Gopal Mahanta Releases Book on NRC & CAA
  13. ↑ আধুনিক অসমৰ ৰাজৈনৈতিক *ইতিহাস (মুছিলম লীগৰপৰা নাগৰিকত্ব আইনলৈকে, অসম প্ৰকাশন পৰিষদ, ২০২৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ননী গোপাল মহন্ত” প্ৰবন্ধৰ সংশোধন ৬০৪২০৮ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।