অজিত কুমাৰ ভূঞা ( Ajit Kumar Bhuyan) হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু ৰাজ্যসভাৰ সাংসদ। তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৰু দীৰ্ঘ সময়ৰ কাৰণে প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনৰ ১৮ মাৰ্চ তাৰিখে তেওঁ বিনাপ্ৰতিদ্বন্দিতাৰে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়।১
ৰাজনৈতিক জীৱন
২০২০ চনৰ জুন মাহত অজিত কুমাৰ ভূঞাই মুখ্য আহ্বায়ক হিচাপে আঞ্চলিক গণ মৰ্চা(Regional People's Front) নামৰ এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰে।২
তেওঁ নিৰ্বাচনৰ পিছত এখন সংবাদমেলত কয় যে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (কা) তেওঁৰ ৰাজনীতিত যোগদান কৰাৰ আঁৰৰ কাৰণ আছিল। ৰাজ্যসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা ভূঞাক সমৰ্থন কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফে। মনোনয়নৰ সময়ত উপস্থিত আছিল তৰুণ গগৈ আৰু বদৰুদ্দিন আজমল।৩ ভূঞা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰে প্ৰৱৰ্তন কৰি উভয় সংসদত গৃহীত কৰা নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ তীব্ৰ সমালোচক আছিল।৪
তথ্যসূত্ৰ
- ↑ Shri Ajit Kumar Bhuyan. National Portal of India
- ↑ (19 June 2020). Regional People's Front formed in Assam with eye on next year's state polls. United News India
- ↑ (13.03.20). Tarun Gogoi and Badruddin Ajmal bless Ajit Bhuyan nomination for 2021 Rajya Sabha election. telegraph India
- ↑ (14 March 2020). Assam: All three Rajya Sabha candidates set to be elected unopposed. Hemanta Kumar Nath. ইণ্ডিয়া টুডে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজিত কুমাৰ ভূঞা” প্ৰবন্ধৰ সংশোধন ৫১৪৬২৯ (৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।