অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কেন্দ্ৰীয় অনুসন্ধান সংস্থা

কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআই ভাৰতৰ অন্যতম প্ৰধান অনুসন্ধানকাৰী সংস্থা। এই সংস্থা কৰ্মচাৰী, জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ৰ অধীনত। এই সংস্থা দেশৰ বহুতো অৰ্থনৈতিক অপৰাধ, বিশেষ অপৰাধ, দুৰ্নীতি আৰু উচ্চ পৰ্যায়ৰ অপৰাধৰ অনুসন্ধানৰ বাবে বিখ্যাত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৫৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআই ভাৰতৰ অন্যতম প্ৰধান অনুসন্ধানকাৰী সংস্থা।১ এই সংস্থা কৰ্মচাৰী, জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ৰ অধীনত। এই সংস্থা দেশৰ বহুতো অৰ্থনৈতিক অপৰাধ, বিশেষ অপৰাধ, দুৰ্নীতি আৰু উচ্চ পৰ্যায়ৰ অপৰাধৰ অনুসন্ধানৰ বাবে বিখ্যাত।১

কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অৱস্থিত আৰু ইয়াৰ বৰ্তমান সঞ্চালক প্ৰধান ঋষি কুমাৰ শুক্লা।

গঠন

কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ মুৰব্বীক সঞ্চালক প্ৰধান বোলা হয়। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আৰু আৰক্ষীৰ সঞ্চালক প্ৰধান হোৱাৰ যোগ্যতা থকা বাঞ্চনীয়। ইয়াৰ সঞ্চালক প্ৰধান চিভিচি এক্ট ২০০৩ ৰ আধাৰত দুবছৰৰ বাবে চয়ন কৰা হয়। ইয়াৰ বাকী বিষয়া সমূহ ভাৰতীয় ৰাজহ সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। অন্যান্য পদবী সমূহ হল: বিশেষ সঞ্চালক, অতিৰিক্ত সঞ্চালক, যুগ্ম সঞ্চালক, উপ আৰক্ষী প্ৰধান, আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, পৰিদৰ্শক, উপ পৰিদৰ্শক, সহযোগী উপ পৰিদৰ্শক, মুখ্য কনিষ্টবল আৰু কনিষ্টবল। এই পদ সমূহ কৰ্মচাৰী চয়ন আয়োগ অথবা আৰক্ষী, আয়কৰ আৰু সীমা শুল্ক বিভাগৰ পৰা পূৰণ কৰা হয়।

দণ্ডজ্ঞাৰ দৰ

কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ দণ্ডজ্ঞাৰ দৰ উচ্চ:

চনদণ্ডজ্ঞাৰ দৰ
২০১১৬৭%২
২০১০৭০.৮%৩
২০০৯প্ৰযোজ্য নহয়
২০০৮৬৬.২%৪
২০০৭৬৭.৭%৫

তথ্যসূত্ৰ

  1. ↑ www.cbi.gov.in/aboutus/cbiroles.php
  2. ↑ cbi_annual_report_2011. Central Bureau of Investigation. পৃ. 107
  3. ↑ CBI annual report 2010. cbi.gov.in
  4. ↑ CBI annual report 2008. cbi.gov.in
  5. ↑ CBI annual report 2007. cbi.gov.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেন্দ্ৰীয় অনুসন্ধান সংস্থা” প্ৰবন্ধৰ সংশোধন ৩৮০৫৪০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।