অসমৰ সমাজকৰ্মী
৩৭ প্ৰবন্ধ
-
চন্দ্ৰপ্ৰভা শইকীয়ানী
চন্দ্ৰপ্ৰভা শইকীয়ানী (১৯০১–১৯৭২) অসমৰ শিক্ষয়িত্ৰী, ঔপন্যাসিকা, সমাজসেৱী আৰু স্বাধীনতা সংগ্ৰামী। অসমীয়া নাৰী-আন্দোলনৰ পথ প্ৰদৰ্শক আৰু সদৌ অসম প্ৰদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম হিচাপে তেওঁ স্বীকৃত।
-
অমিয় কুমাৰ দাস
লোকনায়ক অমিয় কুমাৰ দাস (১৮৯৫-১৯৭৫) এজন ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। তেওঁ অসম চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ যেনে শিক্ষা, শ্ৰম আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী আছিল।
-
অখিল গগৈ
অখিল গগৈ (Akhil Gogoi) অসমৰ এগৰাকী কৃষক নেতা আৰু আৰ টি আই কৰ্মী (RTI activist)। বিগত কেইবাটাও বছৰত তেওঁ ৰাজ্যখনত দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে।
-
পৰাগ কুমাৰ দাস
পৰাগ কুমাৰ দাস (জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৬১ - মৃত্যু: ১৭ মে, ১৯৯৬,) আছিল অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা। পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন্চ মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।
-
নবীনচন্দ্ৰ বৰদলৈ
নবীনচন্দ্ৰ বৰদলৈ (জন্ম:১৮৭৫ – মৃত্যু:১৯৩৬) হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা। অসমৰ প্ৰতি তেখেতৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে তেখেতক কৰ্মবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল। 'গৃহলক্ষ্মী' আৰু 'কৃষ্ণলীলা' তেওঁৰ মৌলিক নাট্য ৰচনা।
-
অমলপ্ৰভা দাস
অমলপ্ৰভা দাস (Amalprava Das) এগৰাকী ভাৰতীয় গান্ধীবাদী সমাজ কৰ্মী আছিল। তেওঁ গুৱাহাটীৰ শৰণীয়া পাহাৰত অৱস্থিত কস্তুৰবা গান্ধী আশ্ৰমৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ লগতে তেওঁ মহিলা সকলৰ বাবে এক আত্ম সহায়ক গোট আৰু হৰিজন সকলৰ সামাজিক উন্নতিৰ হকে কাম কৰা গুৱাহাটী যুৱক সেৱাদল নামৰ এটি বেচৰকাৰী সংগঠন প্ৰতিষ্ঠা…
-
পুষ্পলতা দাস
পুষ্পলতা দাস (১৯১৫–২০০৩) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ ১৯৫১ চনৰ পৰা ১৯৬১ চনলৈ ৰাজ্য সভাৰ সাংসদ আছিল। তেওঁ অসম বিধানসভাৰ প্ৰাক্তন বিধায়িকা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যা আছিল।
-
অনিমা গুহ
ড° অনিমা গুহ (Dr Anima Guha; ১৯৩২,২৬ মাৰ্চ-২০২১,২৯ জুলাই) একাধাৰে এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ। তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আৰু প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী।
-
মাণিক চন্দ্ৰ বৰুৱা
মাণিক চন্দ্ৰ বৰুৱা (৮ ছেপ্টেম্বৰ ১৮৫১ – ৭ ছেপ্টেম্বৰ ১৯১৫) অসমৰ এজন সমাজ সেৱক, শিক্ষা সংগঠক আৰু ব্যৱসায়ী। নগাঁৱৰ জন্মলাভ কৰা বৰুৱাই "বৰুৱা ফুকন ব্ৰাদাৰ্ছ কোম্পানী"ৰ দ্বাৰা ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈ পৰিছিল। পাছলৈ তেওঁ সমাজ সেৱক আৰু শিক্ষা সংগঠক হিচাপে জনাজাত হৈ পৰে।
-
পূৰ্ণানন্দ দত্ত
পূৰ্ণানন্দ দত্ত (১৯১২–১৯৮৮) ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী আছিল। তেওঁ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ অঞ্চলটিত স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী কৰ্মী হোৱাৰ লগতে এই অঞ্চলৰ বিভিন্ন শৈক্ষিক আৰু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত…
-
ৰেণুকা দেৱী বৰকটকী
ৰেণুকা দেৱী বৰকটকী (Renuka Devi Barkataki) (২৯ নৱেম্বৰ ১৯৩২ - ১৪ আগষ্ট ২০১৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰীপদ লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা।
-
প্ৰণিতা তালুকদাৰ
প্ৰণিতা তালুকদাৰ (Pranita Talukdar, ১৯৩৫ - ২০ এপ্ৰিল ২০১৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী। তেওঁ সৰভোগ বিধানসভা সমষ্টিৰ পৰা ১৯৬৭ আৰু ১৯৭২ চনত দুবাৰকৈ বিধায়িকা হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।
-
বিৰুবালা ৰাভা
বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী-হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী-সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে।
-
ইলোৰা ৰায়চৌধুৰী
ইলোৰা ৰায়চৌধুৰী (Ellora Roychoudhury) হৈছে মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা। তেখেত আছিল এগৰাকী বাঁওপন্থী কৰ্মী আৰু বিশিষ্ট সমাজ সেৱক।
-
নোমল মমিন
নোমল মমিন(জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৭২) অসমৰ কাৰ্বি আংলং জিলাৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত এজন বিধায়ক তথা চিকিৎসক। বৰ্তমান তেওঁ অসম বিধানসভাৰ উপাধ্যক্ষ। পেছাত চিকিৎসক ডাঃ নোমল মমিন ভাৰতীয় জনতা পাৰ্টীৰ সদস্য তথা দলৰ অসম প্ৰদেশৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
যোগেশ্বৰ বৰুৱা
যোগেশ্বৰ বৰুৱা (১৯১৭-১৯৫৮) ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী আছিল। লখিমপুৰ জিলাত যোগ বৰুৱা নামেৰে প্ৰখ্যাত যোগেশ্বৰ বৰুৱাক বিহপুৰীয়া নগৰৰ স্বপ্নদ্ৰষ্টা আখ্যা দিয়া হয়।
-
লুৰীণজ্যোতি গগৈ
লুৰীণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক (২০১৫-২০২০) তথা অসমৰ এগৰাকী প্ৰাক্তন ছাত্ৰনেতা।বৰ্তমান তেওঁ অসমৰ ৰাজনৈতিক দল অসম জাতীয় পৰিষদ (চমুকৈ অজাপ)ৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছে।
-
শীলা বৰঠাকুৰ
শীলা বৰঠাকুৰ (১৯৩৫ - ২১ জুন ২০২০) এগৰাকী ভাৰতীয় সমাজসেৱী আৰু লেখিকা। অসমৰ লেখিকা সকলৰ সামাজিক আৰু সাংস্কৃতিক উত্থানৰ বাবে স্থাপন কৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেওঁ প্ৰতিষ্ঠাপক আছিল।
-
সোণেশ্বৰ বৰা
সোণেশ্বৰ বৰা (Soneswar Borah) অসমৰ এজন স্বাধীনতা সংগ্ৰামী,ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ গোলাঘাট বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু ১৯৭৮ চনত তেওঁ জনতা দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈ অসমৰ কৃষি আৰু সমবায় বিভাগৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰিণিকি ভূঞা শৰ্মা
ৰিণিকি ভূঞা শৰ্মা (Riniki Bhuyan Sarma) এগৰাকী অধিবক্তা, উদ্যমী, সমাজকৰ্মী আৰু অসমৰ এগৰাকী ব্যৱসায়ী মহিলা। তেওঁ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মিডিয়া হাউচ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সঞ্চালক।
-
অজয় কুমাৰ দত্ত
অজয় কুমাৰ দত্ত (Ajoy Kumar Dutta) ভাৰতৰ এগৰাকী সমাজকৰ্মী। তেওঁ অসমৰ বিভিন্ন বেচৰকাৰী সংগঠনৰ সৈতে জড়িত হৈ সমাজসেৱা আগবঢ়াই আহিছে।
-
মীনা আগৰৱালা
মীনা আগৰৱালা (১৫ ডিচেম্বৰ, ১৯২৪ – ১৪ জুলাই, ২০১৪) এগৰাকী অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ আছিল। তেজপুৰ মহিলা সমিতিৰ হৈ পঞ্চাশ বছৰতকৈও অধিক কাল তেখেতে নানা সামাজিক কাম-কাজত অংশ লৈছিল। ১৯৫০ৰ দশকত তেখেত জিলা সামাজিক উন্নয়ন সমিতিৰ অধ্যক্ষা আছিল।
-
মুকুলচন্দ্ৰ গোস্বামী
মুকুল চন্দ্ৰ গোস্বামী (Mukul Chandra Goswami) ভাৰতৰ এগৰাকী সমাজ সেৱক। তেওঁ মানসিক ৰোগী সকলক আশ্ৰয় আৰু পুনৰ্প্ৰতিষ্ঠাৰ বাবে অশ্বদ্বীপ (Ashadeep) নামৰ এটা বেচৰকাৰী সংগঠন প্ৰতিষ্ঠা কৰে। ২০১৪ চনত ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
-
লখিমী বৰুৱা
লখিমী বৰুৱা হৈছে অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা সমবায় বেংক কনকলতা মহিলা নগৰীয়া সমবায় বেংকৰ প্ৰতিষ্ঠাপক। তেওঁ ১৯৯৮ চনৰ ২২ মে তাৰিখে সমবায় সমিতি আইন-১৯৪৯ৰ অধীনত স্বাধীনতা সংগ্ৰামী শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে নামাংকিত কৰি মহিলা নগৰীয়া সমবায় বেংক লিমিটেডৰ স্থাপনা কৰিছিল।
-
ৰবীন্দ্ৰনাথ উপাধ্যায়
ৰবীন্দ্ৰনাথ উপাধ্যায় (১৯২৩–২০১০) এগৰাকী ভাৰতীয় গান্ধীবাদী সমাজ সেৱক। তেওঁ অসমৰ কুমাৰিকা গাঁৱৰ সামাজিক উন্নয়নৰ কাৰণে বেচৰকাৰী সংগঠন 'তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ' প্ৰতিষ্ঠা কৰিছিল। ২০০৩ চনত তেওঁ সমাজসেৱাৰ যমুনালাল বাজাজ বঁটা লাভ কৰিছিল।
-
অৰ্চনা বৰঠাকুৰ
অৰ্চনা বৰঠাকুৰ (Archana Borthakur, জন্ম:২৩ অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা সাহিত্যিক। বৰঠাকুৰে সমাজ বিকাশ আৰু সামাজিক পৰিৱৰ্তনৰ বাবে সমাজ কল্যাণ সমাজ 'প্ৰিয়বন্ধু' প্ৰতিষ্ঠা কৰিছিল। তেওঁ অব্যৱহৃত কাপোৰ, খাদ্য, কিতাপ আৰু দুখীয়া লোকসকলক ঘৰুৱা সঁজুলি দান কৰাৰ দৰে সামাজিক কামৰ বাবে জনাজাত।
-
কিৰণ বালা বড়া
কিৰণ বালা বড়া (১৯০৪ - ৮ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল।
-
চক্ৰেশ্বৰ শইকীয়া
চক্ৰেশ্বৰ শইকীয়া (Chakreswar Saikia) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, সমাজকৰ্মী আৰু সাহিত্যিক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনতো যোগদান কৰিছিল। চক্ৰেশ্বৰ শইকীয়াই তিতাবৰৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নত অগ্ৰণী ভূমিকা পালন কৰিছিল।
-
জাহ্নৱী গোস্বামী
জাহ্নৱী গোস্বামী এইচ.আই.ভি/এইড্ছৰ বিষয়ে সজাগতা সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা অসমৰ এগৰাকী সমাজকৰ্মী। নিজক এইচ.আই.ভি. সংক্ৰমিত বুলি ঘোষণা কৰা তেখেতেই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা।
-
নোমল চন্দ্ৰ বৰা
নোমল চন্দ্ৰ বৰা অসমৰ এজন প্ৰতিষ্ঠিত উদ্যমী আৰু স্নায়ৰোগ বিশেষজ্ঞ। তেওঁ GNRC Hospitalsৰ প্ৰতিষ্ঠাতা।GNRC Hospitals উত্তৰ পূব ভাৰতৰ প্ৰথমখন তৃতীয় পৰ্য্যায়ৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ চিকিৎসালয়।