বিজ্ঞান, চলচ্চিত্ৰ, সাহিত্য, সাংবাদিকতা, সমাজসেৱা, শান্তি আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক প্ৰদান কৰা পৃথিৱীৰ কেইটামান উল্লেখযোগ্য বঁটাৰ তথ্য ইয়াত প্ৰকাশ কৰা হৈছে।
ন'বেল বঁটা
মূল প্ৰবন্ধ: ন'বেল বঁটা
বিজ্ঞানী আলফ্ৰেড ন'বেলৰ সন্মানাৰ্থে প্ৰতিবছৰে বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ন'বেল বঁটা প্ৰদান কৰা হয়। ছুইডেনৰ বিজ্ঞানী আলফ্ৰেড ন'বেলৰ মৃত্যু হয় ১৮৯৬ চনত। মৃত্যুৰ আগেয়ে ন'বেলে তেওঁৰ সম্পত্তি আৰু সঞ্চিত ধন এখন উইল কৰি বিশ্বক দান কৰি থৈ যায়। এই সম্পত্তিৰ পৰাই প্ৰতি বছৰে পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, চিকিৎসা-বিজ্ঞান, সাহিত্য আৰু বিশ্ব শান্তিৰ বাবে বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক আলফ্ৰেড ন'বেলৰ নাম অনুসৰি ন'বেল বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হয়। এই বঁটা সমূহ ১৯০১ চনৰ পৰা প্ৰদান কৰি অহা হৈছে।
১৯৬৮ চনত ছুইডেনৰ বেংক অব্ ছুইডেনে বেংকটোৰ ৩০০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আলফ্ৰেড ন'বেলৰ স্মৰণত ১৯৬৯ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ বেংক অব্ ছুইডেন বঁটা বা অৰ্থনীতিত আলফ্ৰেড ন'বেল স্মৃতি বঁটা শীৰ্ষক এটা বঁটা প্ৰদান কৰি আহিছে। অৰ্থনীতিৰ বাবে প্ৰদান কৰা এই বঁটা ন'বেল বঁটা প্ৰদানৰ দিনাই (১০ ডিচেম্বৰত) প্ৰদান কৰা আৰু ইয়াৰ অৰ্থ মূল্যও ন'বেল বঁটাৰ সমান। আজিকালি এই বঁটাকো অৰ্থনীতিৰ ন'বেল বঁটা বুলিয়েই কোৱা হয়।
ন'বেল বঁটাক পৃথিৱীৰ সকলো বঁটাৰ ভিতৰতে শ্ৰেষ্ঠ বঁটা বুলি গণ্য কৰা হয়। ন'বেল বঁটা সাধাৰণতে জীৱিতজনকহে দিয়া হয়। তদুপৰি কোনো বিষয়তে তিনিজনতকৈ বেছি লোকক এই বঁটা দিয়া নহয়। এই বঁটাৰ প্ৰতিটো বিভাগৰ বিজয়ীজনক ১.২ নিযুত আমেৰিকান ডলাৰ (প্ৰায ৪.৮ কোটি টকা ভাৰতীয় হিচাপে), এখন প্ৰশস্তি পত্ৰ আৰু এটা সোণৰ পদক দিয়া হয়। প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনা (আলফ্ৰেড ন'বেলৰ মৃত্যু দিন) ছুইডেনৰ ৰাজধানী ষ্টকহমত এই বঁটা প্ৰদান কৰা হয়।১
অস্কাৰ বঁটা
মূল প্ৰবন্ধ: অস্কাৰ বঁটা
বিশ্ব চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ বঁটা হৈছে অস্কাৰ বঁটা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ একাডেমী অব্ মচন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সছ-এ প্ৰতিবছৰে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ, তথ্যচিত্ৰ, পৰিচালক, অভিনেতা, অভিনেত্ৰী, কাহিনী, চিনেমাটগ্ৰাফী, কলা-নিৰ্দেশনা, সম্পাদনা, সংগীত, স্পেচেয়েল এফেক্টছ, ৰূপসজ্জা, সাজসজ্জা, প্ৰযুক্তিগত অৰিহণা আদি বাহুকেইটা শিতানত অস্কাৰ বঁটা প্ৰদান কৰে। এই বঁটা একাডেমী বঁটা বা একাডেমী এৱাৰ্ড নামেৰেও জনাজাত। ১৯২৯ চনৰ ১৬ মেত প্ৰথম বাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হৈছিল। আস্কাৰ বঁটাটো প্ৰায় ৩.৬ কিলোগ্ৰাম ওজনৰ আৰু প্ৰায় ৩৪.৩ চেণ্টিমিটাৰ উচ্চতাৰ এটা অৰ্দ্ধনগ্ন পুৰুষৰ মূৰ্তি। ২৮ কেৰেট সোণৰ প্ৰলেপ দিয়া ব্ৰঞ্জেৰে নিৰ্মিত এই মূৰ্তিটো থিয় হৈ আছে চলচ্চিত্ৰৰ ৰীলৰ আকৃতিৰ এক বেদীৰ ওপৰত। ভাৰতৰ ভানু আথাইয়া (গান্ধী ছবিৰ সাজসজ্জাৰ বাবে ১৯৮২ চনত) আৰু সত্যজিৎ ৰায়ে (চলচ্চিত্ৰ জগতলৈ জীৱন জোৰা সাধনাৰ বাবে বিশেষ অস্কাৰ বঁটা, ১৯৯২ চনত) অস্কাৰ বঁটা লাভ কৰিছে।১
বুকাৰ বঁটা
মূল প্ৰবন্ধ: বুকাৰ বঁটা
সাহিত্য ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিৰল দক্ষতাৰ বাবে বছৰি এই বঁটা প্ৰদান কৰা হয়। এই বঁটা যুক্তৰাজ্য, আয়াৰলেণ্ড আৰু কমনৱেলথ দেশৰ সাহিত্যিককহে প্ৰদান কৰা হয়। ১৯৬৯ চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে। বুকাৰ বঁটা সাধাৰণতে এক নিদিষ্ট বছৰত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসখনক প্ৰদান কৰা হয়। এই বঁটাৰ অৰ্থমূল্য প্ৰায় ৫০,০০০ পাউণ্ড-ষ্টাৰ্লিং। ১৯৯৭ চনত ভাৰতৰ অৰুন্ধতী ৰয়ে তেওঁৰ দ্য গড অৱ স্মল থিংছ উপন্যাসৰ বাবে, ২০০৬ চনত কিৰণ দেশায়ে তেওঁৰ দি ইনহেৰিটেনছ অব্ লছ উপন্যাসৰ বাবে, ২০০৮ চনত অৰবিন্দ আদিগাই তেওঁৰ দা হোৱাই টাইগাৰ উপন্যাসৰ বাবে এই বঁটা লাভ কৰে। ইয়াৰ উপৰি ভাৰতীয়-মূলৰ সাহিত্যিক বিদিয়াধৰ সুৰজপ্ৰসাদ নাইপলে তেওঁৰ ইন এ ফ্ৰি ষ্টেট উপন্যাসৰ বেবে ১৯৭১ চনত আৰু ছলমান ৰুশ্বডিয়ে তেওঁৰ মিডনাইটছ চিল্ড্ৰেন উপন্যাসৰ বাবে ১৯৮১ চনত বুকাৰ বঁটা লাভ কৰিছে।
পুলিৎজাৰ বঁটা

মূল প্ৰবন্ধ: পুলিৎজাৰ বঁটা
সাংবাদিকতা আৰু ইয়াৰ বিভিন্ন ক্ষেত্ৰ (যেনে: জনসেৱা, আনুসন্ধানমূলক প্ৰতিবেদন, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন, নিবন্ধ লিখন, সমালোচনা, সম্পাদকীয় লিখন, ফটোগ্ৰাফী আদি) সংগীত, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে বছৰি এই বঁটা প্ৰদান কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক মহানগৰ ৱৰ্ল্ড কাকতৰ প্ৰকাশক তথা স্বত্বাধিকাৰী যোছেফ পুলিৎজাৰে (Joseph Pulitzer, ১৯৪৮-১৯১১) মৃত্যুৰ আগতে তেওঁৰ সমস্ত সম্পত্তি আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ স্কুল অব্ জাৰ্নেলিজমক দান কৰি যায়। তেওঁৰ ইচ্ছা অনুসৰি প্ৰতিবছৰে পুলিৎজাৰৰ সম্পত্তিৰ ধনৰ অংশৰে বিভিন্ন ক্ষেত্ৰত এই বঁটা প্ৰদান কৰি অহা হৈছে। আমেৰিকাৰ শ্ৰেষ্ঠ বঁটা ৰূপে অভিহিত পুলিৎজাৰ বঁটাৰ প্ৰতিটো শাখাৰ বৰ্তমানৰ (২০০২) অৰ্থমূল্য ৫,০০০ আমেৰিকান ডলাৰ। অৱশ্যে জনসেৱাৰ (সাংবাদিকতা) ক্ষেত্ৰত নগদ ধনৰ পৰিবৰ্তে এটা পদকহে প্ৰদান কৰা হয়। ১৯১৭ চনৰ পৰা প্ৰদান কৰি এই বঁটা ২০০০ চনত ভাৰতৰ ঝুম্পা লাহিড়ীয়ে তেওঁৰ ইণ্টাৰপ্ৰেটাৰ অব্ মেলাডিছ গ্ৰন্থৰ বাবে লাভ কৰে।১
মেগছেছে বঁটা
মূল প্ৰবন্ধ: ৰমন মেগছেছে বঁটা
ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে (১) আন্তৰ্জাতিক বুজা-পৰা, (২) সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, (৩) সমাজ সেৱা, (৪) উজ্জীৱিত নেতৃত্ব, (৫) চৰকাৰী সেৱা আৰু (৬) ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়। এই বঁটা ১৯৫৮ চনৰ পৰা প্ৰদান কৰি অহা হৈছে। এই বঁটাক এছিয়াৰ ন'বেল বঁটা হিচাপেও অভিহিত কৰা হয়। এছিয়াৰ দেশ সমূহৰ ব্যক্তি বা সংস্থাকহে এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই বঁটাত আছে এটি সোণৰ পদক, এখন প্ৰশস্তি পত্ৰ আৰু ৫০,০০০ আমেৰিকান ডলাৰ।১
ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বঁটা
জনসংখ্যা বিস্ফোৰণ আৰু ইয়াৰ ফলত হোৱা সমস্যাৰ বিষয়ে জনগণক অৱগত কৰি জনসংখ্যা প্ৰতিৰোধৰ বাবে বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তি বা সংস্থাক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ১০,০০০ ডলাৰ, এটা সোঁণৰ পদক আৰু এখন ডিপ্লমা প্ৰশস্তি পত্ৰ।
নিশান-ই-পাকিস্তান বঁটা
পাকিস্তানৰ সৰ্ব্বোচ্চ সন্মন। ১৯৯১ চনত ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইক এই বঁটা প্ৰদান কৰা হৈছিল। সেইবাৰেই পাকিস্তানৰ বাহিৰৰ ব্যক্তিক এই সন্মান প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল।
গ্ৰেণ্ড এছিয়ান বঁটা
ফুকুৰা এছিয়ান কালছাৰেল সমিতিয়ে প্ৰতি বছৰে এছিয়াৰ কলা, সংস্কৃতি আদিৰ বিকাশ আৰু জনপ্ৰিয় কৰাৰ দিশত বিশিষ্ট বৰঙণি যোগোৱা ব্যক্তিক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে ৫০ লাখ য়েন (৮.৫ লাখ ভাৰতীয় টকা)।
ইউনেস্কো (UNESCO) পুৰস্কাৰ
বিশ্বশান্তি আৰু আৰ্ন্তজাতিক বুজা-পৰাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে প্ৰতি বছৰে ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা পুৰস্কাৰ প্ৰদান কৰা হয়।
কলিংগ বঁটা
বিজ্ঞানক জনপ্ৰিয় কৰাত অনবদ্য বৰঙণি আগবঢ়োৱা ব্যক্তিক ইউনেস্কোৰ পৰা কলিংগ বঁটা প্ৰদান কৰা হয়। ১৯৫১ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে।
মানৱ অধিকাৰ বঁটা
মানৱ অধিকাৰ সুৰক্ষাৰ দিশত বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক মানৱ অধিকাৰ বঁটা প্ৰদান কৰা হয়।
গ্লোবেল ৫০০ বঁটা
পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ দিশত বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক গ্লোবেল ৫০০ বঁটা প্ৰদান কৰা হয়।১
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. জানানে (নতুন সংস্কৰণ). ইলা শৰ্মা, জ্যোতি প্ৰকাশণ. পৃ. ২৬৭, ২৬৮, ২৬৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৃথিৱীৰ বিভিন্ন বঁটা আৰু সন্মান” প্ৰবন্ধৰ সংশোধন ২৫৭৬৭৫ (৪ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।