বুকাৰ বঁটা (Booker Prize), পূৰ্বৰ নাম কল্প-সাহিত্যৰ বুকাৰ বঁটা (১৯৬৯–২০০১) আৰু মেন বুকাৰ বঁটা (২০০২–২০১৯), হৈছে ইংৰাজী ভাষাত লিখা আৰু যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসৰ বাবে প্ৰতি বছৰে প্ৰদান কৰা এক সাহিত্যিক বঁটা। ইয়াক ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াক ১৯৬৯ চনৰ পৰা প্ৰদান কৰা হয়। আৰম্ভণিতে কেৱল কমনৱেলথ ৰাষ্ট্ৰসমূহ, আয়াৰলেণ্ড, আৰু দক্ষিণ আফ্ৰিকাৰ (আৰু পিছলৈ জিম্বাৱৱে) নাগৰিকসকলে লিখা উপন্যাসসমূহে এই বঁটা লাভ কৰিবলৈ যোগ্য আছিল; পিছে ২০১৪ চনত ইয়াক যিকোনো ইংৰাজী ভাষাৰ উপন্যাসলৈ প্ৰসাৰিত কৰা হৈছিল— এই পৰিৱৰ্তনে বিতৰ্কৰ সূচনাও কৰে।১২
মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা নহয়। এই বঁটাৰ বাবে উপন্যাসসমূহ যুক্তৰাজ্য বা আয়াৰলেণ্ডৰ প্ৰকাশকে প্ৰকাশ কৰা হ’ব লাগে আৰু লগতে আৰু কিছুমান চৰ্ত থাকে। এই বঁটাত প্ৰদান কৰা ধনৰ পৰিমাণ ৫০,০০০ ব্ৰিটিছ পাউণ্ড। চূড়ান্ত তালিকালৈ নিৰ্বাচিত উপন্যাসৰ লেখকসকলক ২,৫০০ ব্ৰিটিছ পাউণ্ডকৈ প্ৰদান কৰা হয়।৩
বিচাৰ পদ্ধতি
পুৰস্কাৰ বিজয়ীৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় এখন পৰামৰ্শদাতা সমিতি গঠন কৰি, য’ত এজন লেখক, দুজন প্ৰকাশক, এজন সাহিত্যিক এজেণ্ট, এজন গ্ৰন্থ বিক্ৰেতা, এজন লাইব্ৰেৰিয়ান, আৰু বুকাৰ প্ৰাইজ ফাউণ্ডেচনে নিযুক্ত এগৰাকী অধ্যক্ষ অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ পিছত পৰামৰ্শদাতা সমিতিয়ে বিচাৰক পেনেল নিৰ্বাচন কৰে, যাৰ সদস্য সংখ্যা প্ৰতি বছৰে সলনি হয়, যদিও বিৰল সময়ত দ্বিতীয়বাৰৰ বাবে বিচাৰক বাছনি কৰিব পাৰি। বিচাৰকসকলক আগশাৰীৰ সাহিত্য সমালোচক, লেখক, শিক্ষাবিদ আৰু আগশাৰীৰ জনসাধাৰণৰ মাজৰ পৰা নিৰ্বাচিত কৰা হয়।
বুকাৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু কম সংখ্যক সাহিত্যিক অন্তৰ্দৃষ্টিসম্পন্ন লোকে বাছি লোৱা "শ্ৰেষ্ঠ কিতাপ"ৰ ধাৰণাটোৱেই বহুতৰে বাবে বিতৰ্কিত। গাৰ্ডিয়ানে ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আংশিকভাৱে পাঠকসকলে ভোট দিয়া "নট দ্য বুকাৰ প্ৰাইজ" প্ৰৱৰ্তন কৰে।৪লেখক অমিত চৌধুৰীয়ে লিখিছে- “এটা ‘বছৰৰ কিতাপ’ এখন বছৰি এজাক মানুহে – দিনটোত প্ৰায় এখন কিতাপ পঢ়িবলগীয়া হোৱা বিচাৰকসকলে – মূল্যায়ন কৰিব পাৰে বুলি ধাৰণাটো অৰ্থহীন, লগতে এইটোও যে এইটো যিকোনো উপায়” লেখকক সন্মান জনোৱা।"৫
সাধাৰণতে অক্টোবৰৰ আৰম্ভণিতে লণ্ডনৰ গিল্ডহলত অনুষ্ঠিত হোৱা আনুষ্ঠানিক ৰাতিৰ আহাৰত বিজয়ীক ঘোষণা কৰা হয়। কিন্তু ২০২০ চনত কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰীৰ নিষেধাজ্ঞা আৰোপ কৰি নৱেম্বৰ মাহত বিবিচিৰ সৈতে অংশীদাৰিত্বৰে দ্য ৰাউণ্ডহাউছৰ পৰা বিজয়ী অনুষ্ঠান সম্প্ৰচাৰ কৰা হৈছিল।৬
বুকাৰ বিজয়ীসকল
| বছৰ | বঁটা বিজয়ী সকল | উপন্যাসৰ নাম | ৰাষ্ট্ৰ |
|---|---|---|---|
| ১৯৬৯ | পি এইচ্. নিউবাই | ছামথিং টু এন্সাৰ ফৰ | |
| ১৯৭০ | বাৰ্নিচ্ ৰুবেনছ্ | দ্যা ইলেকটেড মেম্বাৰ | |
| ১৯৭১ | ভি. এছ. নাইপল | ইন এ ফ্ৰী ষ্টেট | / |
| ১৯৭২ | জন বাৰ্গাৰ | জি | |
| ১৯৭৩ | জে. জি. ফাৰেৰেল | দ্যা ছ্যীজ অব্ কৃষ্ণাপুৰ | |
| ১৯৭৪ | নাডিন গাৰ্ডিমাৰ ষ্টেনলী মিডলটন | দ্যা কনজাৰভেছনিষ্ট হলিডে’ | / |
| ১৯৭৫ | ৰুথ প্ৰৱেৰ ঝাবভালা | হিট এণ্ডডাষ্ট | / |
| ১৯৭৬ | ডেভিড ষ্ট’ৰী | ছেভিল | |
| ১৯৭৭ | প’ল স্কট | ষ্টেয়ীং অন | |
| ১৯৭৮ | আইৰিছ মাৰ্ডক | দ্যা ছী, দ্যা ছী | |
| ১৯৭৯ | পেনেল’প ফিটজাৰেল্ড | অফশ্বোৰ | |
| ১৯৮০ | উইলিয়াম গল্ডিং | ৰাটছ অব্ পেছেজ | |
| ১৯৮১ | চলমান ৰুশ্বদি | মিডনাইটছ চিলড্ৰেন | |
| ১৯৮২ | টমাছ কেনিয়ালী | ছিল্ডলাৰ্ছ্ আৰ্ক্ | |
| ১৯৮৩ | জে. এম. কয়েৎজে | লাইফ এণ্ড টাইমছ অব্ মাইকেল কে | / |
| ১৯৮৪ | অনিতা ব্ৰুকনাৰ | হোটেল ডু লাক | |
| ১৯৮৫ | কেৰি হাম | দ্যা ব’ন পিপুল | |
| ১৯৮৬ | কিংছলী এমিজ | দ্যা অল্ড ডেভিলছ্ | |
| ১৯৮৭ | পেনেলপ লাইভলী | মুন টাইগাৰ | |
| ১৯৮৮ | পিটাৰ কেৰী | অস্কাৰ এণ্ড লুচিণ্ডা | |
| ১৯৮৯ | কাজুঅ’ইছিগুৰু | দ্যা ৰিমেইনছ অব্ দ্যা ডে | / |
| ১৯৯০ | এ. এছ. ব্যাট | পজেছন | |
| ১৯৯১ | বেন ওকৰি | দ্যা ফেমিছড ৰ’ড | |
| ১৯৯২ | মাইকেল অ’ণ্ডাটজে | দ্যা ইংলিছ | / |
| বেৰী আনছৱৰ্থ | পেছেণ্ট ছেক্ৰেড হাংগাৰ | ||
| ১৯৯৩ | ৰ’ড্ৰি ডয়াল | পেড্ডি ক্লাৰ্ক হা হা হা | |
| ১৯৯৪ | জেমছ্ কেলমান | হাউ লেট ইট ৱাজ, হাউ লেট | |
| ১৯৯৫ | পেট বাৰ্কাৰ | দ্যা ঘষ্ট ৰ’ড | |
| ১৯৯৬ | গ্ৰাহাম ছুইফট্ | লাষ্ট অৰ্ডাৰ্ছ | |
| ১৯৯৭ | অৰুন্ধতী ৰায় | দ্য গড অৱ স্মল থিংছ | |
| ১৯৯৮ | ইয়ান মেকএৱান | আমষ্টাৰডাম | |
| ১৯৯৯ | জে. এম. কয়েৎজে | ডিছগ্ৰেচ | / |
| ২০০০ | মাৰ্গাৰেট এটউড | দ্যা ব্লাইণ্ড এছাছিন | |
| ২০০১ | পিটাৰ কেৰী | ট্ৰু হিষ্ট’ৰী অব্ দ্যা কেলী গেং | |
| ২০০২ | য়ান মাৰ্টেল | লাইফ অব্ পি | |
| ২০০৩ | ডি. বি. চি. পিয়েৰি | ভাৰ্নন গড্ লিটিল | / |
| ২০০৪ | এলান হলিঙহাৰ্ষ্ট | দা লাইন অফ বিউটি | |
| ২০০৫ | জন বেনভিল্লে | দা চি | |
| ২০০৬ | কিৰণ দেশাই | দা ইনহেৰিটেঞ্চ অফ ল'ছ | |
| ২০০৭ | এন এনৰাইট | দা গেদাৰিঙ | |
| ২০০৮ | অৰবিন্দ অডিগ' | দা হোৱাইট টাইগাৰ | |
| ২০০৯ | হিলাৰী মণ্টেল | ৱল্ফ হ'ল | |
| ২০১০ | হৱাৰ্ড জেকবচন | দা ফিঙ্কলাৰ কুৱেশ্বন | |
| ২০১১ | জুলিয়ান বাৰ্ণছ | দা ছেঞ্চ অফ এন এডিটিঙ | |
| ২০১২ | হিলাৰী মণ্টেল | ব্ৰিং আপ দ্যা বডিচ | |
| ২০১৩ | এলেনৰ কেটন | দ্য লুমিনেৰিজ | |
| ২০১৪ | ৰিচাৰ্ড ফ্লেনেগান | দ্য নেৰ' ৰ'ড টু দ্য ডীপ নৰ্থ | |
| ২০১৫ | মাৰ্লন জেইমছ | এ ব্ৰিফ হিষ্ট্ৰি অফ চেভেন কিলিংচ | |
| ২০১৬ | পৌল বিটি | দ্য ছেলআউট | |
| ২০১৭ | জৰ্জ চৌণ্ডাৰ্চ | লিংকন ইন দ্য বাৰ্ড' | |
| ২০১৮ | আনা বাৰ্ণছ্ | মিল্কমেন | |
| ২০১৯ | মৰ্গৰেট এটৱুড | দ্য টেষ্টিমেণ্ট | |
| বাৰ্ণাডিন এভাৰিষ্ট' | গাৰ্ল, ৱুমেন, আডাৰ | ||
| ২০২০ | ডগলাছ ষ্টুৱাৰ্ট | শ্বাগি বেইন | / |
| ২০২১ | ডেমন গালগুট | দ্য প্ৰমিজ | / |
বাহ্যিক সংযোগ
- অক্সফ'ৰ্ড ব্ৰুক্ছ বিশ্ববিদ্যালয়ত বুকাৰ বঁটা আৰ্কাইভ
- A primer on the Man Booker Prize and critical review of literature
তথ্যসূত্ৰ
- ↑ (12 December 2013). Meet The Man Booker Prize 2014 Judges. The Booker Prizes
- ↑ (18 September 2013). 'A surprise and a risk': Reaction to Booker Prize upheaval. BBC News
- ↑ বুকাৰ বঁটা, বিপুলজ্যোতি শইকীয়া, কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোৱৰ-নৱেম্বৰ, ২০০৪
- ↑ (16 October 2017). Not the Booker prize. The Guardian
- ↑ Chaudhuri, Amit. (15 August 2017). My fellow authors are too busy chasing prizes to write about what matters. The Guardian
- ↑ Flood, Alison. (12 November 2020). Barack Obama to take part in 2020 Booker prize ceremony. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুকাৰ বঁটা” প্ৰবন্ধৰ সংশোধন ৩৮২১৭০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।