অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিৰণ দেশাই

কিৰণ দেশাই (Kiran Desai; জন্ম: ৩ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় লেখিকা। তেওঁ ইংৰাজী ভাষাত ৰচনা কৰা উপন্যাস 'দা ইনহেৰিটেন্স অফ লষ্ট'ৰ বাবে ২০০৬ চনত মেন বুকাৰ বঁটা লাভ কৰে। একেখন উপন্যাসৰ বাবে তেওঁ ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰৰ ফিক্সন বঁটাও লাভ কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৬০ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কিৰণ দেশাই (Kiran Desai; জন্ম: ৩ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় লেখিকা। তেওঁ ইংৰাজী ভাষাত ৰচনা কৰা উপন্যাস 'দা ইনহেৰিটেন্স অফ লষ্ট'ৰ বাবে ২০০৬ চনত বুকাৰ বঁটা লাভ কৰে।১ একেখন উপন্যাসৰ বাবে তেওঁ ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰৰ ফিক্সন বঁটাও লাভ কৰিছিল। ২০১৫ চনৰ জানুৱাৰী মাহত ভাৰতৰ আগশাৰীৰ বাণিজ্য আলোচনী "দা ইকনমিক টাইমছ"য়ে তেওঁক বিশ্বৰ প্ৰভাৱশালী ভাৰতৰ ২০ গৰাকী মহিলাৰ তালিকাত স্থান দিয়ে।২ তেওঁৰ মাতৃ বিখ্যাত লেখিকা অনিতা দেশাই।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭১ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ ৰাজধানী নতুন দিল্লীত কিৰণ দেশাইৰ জন্ম হৈছিল। তেওঁৰ মাতৃ অনিতা দেশাই এগৰাকী বিখ্যাত ভাৰতীয় লেখিকা আৰু তেওঁ তিনিবাৰ বুকাৰ বঁটালৈ মনোনীত হৈছিল। কিৰণে তেওঁৰ বাল্যকাল পুনেত অতিবাহিত কৰে আৰু পিছলৈ তেওঁলোক মুম্বাইলৈ যায়। তেওঁ কেথেড্ৰেল এণ্ড জন কেনন স্কুলত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। ১৪ বছৰ বয়সত কিৰণ তেওঁৰ মাতৃৰ সৈতে ইংলেণ্ডলৈ যায়। তাত এবছৰ থকাৰ পিছত তেওঁলোক আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। তাত তেওঁ হলিন্স বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বেনিংটন কলেজ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ত সৃজনশীল সাহিত্য অধ্যয়ন কৰে।

কৰ্মৰাজি

তেওঁৰ প্ৰথম উপন্যাস হল 'হুল্লাবালু ইন দা গুৱাভা অৰ্কাৰ্ড'। এই উপন্যাসখন ১৯৯৮ চনত প্ৰকাশিত হৈছিল। ইয়াৰ বাবে তেওঁ চালমান ৰুশ্বদিৰ দ্বাৰা প্ৰশংসিত হৈছিল। এই উপন্যাসখনে বেটি ট্ৰাক্স বঁটা লাভ কৰিছিল। এই বঁটা কমনৱেলথ ৰাষ্ট্ৰসমূহৰ ৩৫ বছৰ অনুৰ্ধ নাগৰিকক শ্ৰেষ্ঠ উপন্যাসৰ বাবে ছচাইটি অফ অথাৰ নামৰ সংগঠনে প্ৰদান কৰে।

তেওঁৰ দ্বিতীয় উপন্যাস 'দা ইনহেৰিটেন্স অফ লষ্ট' ২০০৬ চনত প্ৰকাশিত হয়। এই উপন্যাসখনে গোটেই এছিয়া, ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বিশেষভাৱে সমাদৃত হয় আৰু সমালোচক সকলৰ পৰা প্ৰশংসা বুটলিব সক্ষম হয়। ইয়াৰ বাবে তেওঁ ২০০৬ চনত বুকাৰ বঁটা আৰু ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰৰ ফিক্সন বঁটা লাভ কৰিছিল।

২০০৮ চনৰ আগষ্ট মাহত কিৰণ দেশাইয়ে বিবিচি ৰেডিঅ' ৩ৰ দ্বাৰা অনুষ্ঠিত প্ৰাইভেট পেছন নামৰ সংগীতিক-জীৱনী আলোচনাত অংশগ্ৰহণ কৰিছিল। ইয়াৰ সূত্ৰধাৰ আছিল মাইকেল বাৰ্কলে। ২০০৭ চনৰ মে মাহত অনুষ্ঠিত এছিয়া হাউচ ফেষ্টিভেল অফ কল্ড লিটাৰেছাৰত তেওঁক মুখ্য সাহিত্যিক হিচাপে সন্মানিত কৰা হয়।

২০১৩ চনত তেওঁ আমেৰিকান একাডেমী ইন বাৰ্লিনৰ বাৰ্লিন বঁটা লাভ কৰে। ২০১৫ চনৰ জানুৱাৰী মাহত ভাৰতৰ আগশাৰীৰ বাণিজ্য আলোচনী "দা ইকনমিক টাইমছ"য়ে তেওঁক বিশ্বৰ প্ৰভাৱশালী ভাৰতৰ ২০ গৰাকী মহিলাৰ তালিকাত স্থান দিয়ে।৩

গ্ৰন্থৰাজি

  • (১৯৯৮). হুল্লাবালু ইন দা গুৱাভা অৰ্কাৰ্ড. ফেবাৰ এণ্ড ফেবাৰ. ISBN 0-571-19336-6
  • (২০০৬). দা ইনহেৰিটেন্স অফ লষ্ট. হেমিছ হেমিল্টন লিমিটেড. ISBN 0-241-14348-9

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kiran Desai. The Man Booker Prizes. The Booker Prize Foundation
  2. ↑ (5 January 2015). Global Indian Women: Top 20 India-born & globally successful women from business and arts. The Economic Times
  3. ↑ (5 January 2015). Global Indian Women: Top 20 India-born & globally successful women from business and arts. The Economic Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকবুকাৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰণ দেশাই” প্ৰবন্ধৰ সংশোধন ৩৮০৪৬৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।