অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰবিন্দ আদিগা

অৰবিন্দ আদিগা( Aravind Adiga); জন্ম হৈছিল ২৩ অক্টোবৰ ১৯৭৪ চনত)। অৰবিন্দ ভাৰতত জন্মগ্ৰহণ কৰা এজন অষ্ট্ৰেলিয়ান লেখক আৰু সাংবাদিক। তেওঁৰ প্ৰথম উপন্যাস দ্য হোৱাইট টাইগাৰে ২০০৮ চনত মেন বুকাৰ বঁটা লাভ কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৫৮৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অৰবিন্দ আদিগা( Aravind Adiga); জন্ম হৈছিল ২৩ অক্টোবৰ ১৯৭৪ চনত)১২। অৰবিন্দ ভাৰতত জন্মগ্ৰহণ কৰা এজন অষ্ট্ৰেলিয়ান লেখক আৰু সাংবাদিক। তেওঁৰ প্ৰথম উপন্যাস দ্য হোৱাইট টাইগাৰে ২০০৮ চনত মেন বুকাৰ বঁটা লাভ কৰে।৩

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৭৪ চনৰ ২৩ অক্টোবৰত তামিলনাডুৰ ৰাজধানী মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)ত অৰবিন্দ আদিগাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ উষা আদিগা আৰু ড° কে মাধৱ আদিগা আছিল কৰ্ণাটকৰ মাংগালোৰৰ। তেওঁৰ পিতাকৰফালৰপৰা ককাদেউতাক আছিল কৰ্ণাটক বেংকৰ প্ৰাক্তন অধ্যক্ষ কে সূৰ্য্যনাৰায়ণ আদিগা৪৫ আৰু মাতৃৰফালৰপৰা ককাদেউতাক ইউ ৰামা ৰাও আছিল মাদ্ৰাজৰ এজন জনপ্ৰিয় চিকিৎসক আৰু ৰাজনীতিবিদ।৬

আদিগাই মাংগালোৰত ডাঙৰ-দীঘল হয় আৰু কেনাৰা হাইস্কুলত আৰু পিছলৈ মাংগালোৰৰ ছেইণ্ট এলয়ছিয়াছ কলেজত অধ্যয়ন কৰে আৰু তাৰপৰা ১৯৯০ চনত এছ এছ এল চি সম্পূৰ্ণ কৰে।৫৭৮

পৰিয়ালৰ সৈতে ছিডনীলৈ যোৱাৰ পাছত অৰবিন্দই জেমছ ৰুজ এগ্ৰিকালচাৰেল হাইস্কুলত পঢ়িছিল। পিছলৈ তেওঁ নিউয়ৰ্ক চহৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ কলম্বিয়া কলেজত চাইমন শ্বামাৰ অধীনত ইংৰাজী সাহিত্য অধ্যয়ন কৰে আৰু ১৯৯৭ চনত শ্ৰেণীত দ্বিতীয় স্থান লাভ কৰে।৯ তেওঁ অক্সফৰ্ডৰ মেগডেলেন কলেজতো অধ্যয়ন কৰিছিল, য’ত তেওঁৰ এগৰাকী শিক্ষয়িত্ৰী আছিল হাৰ্মাইনী লী।

কৰ্মজীৱন

সাংবাদিকতা

অৰবিন্দ আদিগাই ফাইনেন্সিয়েল টাইমছৰ ইণ্টাৰ্ণ হিচাপে সাংবাদিকতা কেৰিয়াৰ আৰম্ভ কৰিছিল। ১০ তেওঁ ষ্টক মাৰ্কেট আৰু বিনিয়োগৰ বিষয়ে মানি এণ্ড টাইমত লিখা প্ৰবন্ধ প্ৰকাশ পাইছে।

২০০৩ চনত তেওঁ সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্ভাৱ্য ৰাষ্ট্ৰপতি প্ৰাৰ্থী ড'নাল্ড ট্ৰাম্পৰ সাক্ষাৎকাৰ লয়।১০১১ সেই বছৰৰ শেষৰফালে তেওঁ নিউয়ৰ্ক মহানগৰৰপৰা নতুন দিল্লীলৈ গুচি যায় আৰু টাইম মেগাজিনৰ দক্ষিণ এছিয়াৰ সংবাদদাতা হয়।১২১৩ ২০১৭ চনৰ এক সাক্ষাৎকাৰত তেওঁ ব্যাখ্যা কৰিছিল এই বুলি "সাংবাদিকতাই মোৰ ভাৰতলৈ ঘূৰি অহাৰ পথ প্ৰশস্ত কৰিলে।" ১২

তিনি বছৰৰ পাছত তেওঁ এগৰাকী ফ্ৰীলান্স লেখক হাচাপে মুম্বাইলৈ গুচি যায়।১০ ইয়াৰ পূৰ্বে বুকাৰ বঁটা বিজয়ী অস্কাৰ আৰু লুচিণ্ডাৰ বিষয়ে তেওঁৰ পৰ্যালোচনা অনলাইন সাহিত্যিক পৰ্যালোচনা দ্য ছেকেণ্ড চাৰ্কলত প্ৰকাশ পাইছিল। ১৪

দ্য হোৱাইট টাইগাৰ

টাইমৰ পদৰপৰা পদত্যাগ কৰাৰ কিছুসময়ৰ পাছতে আদিগাই তেওঁৰ প্ৰথম উপন্যাস দ্য হোৱাইট টাইগাৰ লিখিবলৈ আৰম্ভ কৰে।১৫ ২০০৮ চনৰ মাৰ্চ মাহত প্ৰকাশিত এই গ্ৰন্থখনে সেই বছৰৰ শেষৰফালে বুকাৰ বঁটা লাভ কৰে।১৬১৭ ছলমান ৰুশ্বদি, অৰুন্ধতী ৰায় আৰু কিৰণ দেশাইৰ পিছত এই বঁটা লাভ কৰা চতুৰ্থগৰাকী ভাৰতীয় মূলৰ লেখক। ১৮ বুকাৰ বঁটা বিজয়ৰ বাবেই বহুলাংশে পৰিচালিত দ্য হোৱাইট টাইগাৰৰ ভাৰতীয় হাৰ্ডকভাৰ সংস্কৰণৰ ২ লাখতকৈ অধিক কঁপি বিক্ৰী হয়।১৯

গ্ৰন্থখনে সমালোচকৰ প্ৰশংসা লাভ কৰে। ইউ এছ এ টুডে ইয়াক "দশক দশক ধৰি পঢ়া আটাইতকৈ শক্তিশালী কিতাপসমূহৰ ভিতৰত অন্যতম" বুলি অভিহিত কৰে আৰু ইয়াক ৰিচাৰ্ড ৰাইটৰ নেটিভ ছন আৰু ৰালফ এলিছনৰ ইনভিজিবল মেনৰ সৈতে তুলনা কৰে।

আদিগাই বুকাৰ বঁটা লাভ কৰাৰ কিছুসময়ৰ পাছতে অভিযোগ উত্থাপন হয় যে তেওঁ ২০০৭ চনৰ লণ্ডন গ্ৰন্থমেলাত আটলাণ্টিক বুকছৰ সৈতে চুক্তিবদ্ধ হোৱা এজেণ্টজনক চাকৰিৰপৰা বৰ্খাস্ত কৰিছিল। ২০২১ আদিগাই এই অভিযোগ অস্বীকাৰ কৰে।২২

২০০৯ চনৰ এপ্ৰিল মাহত এই উপন্যাসখনক বৈশিষ্ট্যপূৰ্ণ ছবিলৈ ৰূপান্তৰিত কৰা হ'ব বুলি ঘোষণা কৰা হয়, film]],২৩ যিখন পিছলৈ ২০২১ চনত নেটফ্লিক্সত মুক্তি দিয়া হয়।২৪২৫

অন্যান্য কৰ্ম

আদিগাৰ দ্বিতীয়খন গ্ৰন্থ বিটৱিন দ্য এচেচিনেচনছ ভাৰতৰ এখন কাল্পনিক উপকূলীয় চহৰত পৰিৱেশিত চুটিগল্পৰ সংকলন।২৬ ২০০৮ চনৰ নৱেম্বৰ মাহত ভাৰতত ২৭ আৰু ২০০৯ চনৰ মাজভাগত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুক্তৰাজ্যত প্ৰকাশ পায়।২৮

তেওঁৰ তৃতীয়খন গ্ৰন্থ লাষ্ট মেন ইন দ্য টাৱাৰ ২০১১ চনৰ ছেপ্টেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশ পায়।২৯ তেওঁৰ পৰৱৰ্তী উপন্যাস নিৰ্বাচন দিৱস ২০১৭ চনৰ জানুৱাৰী মাহত আমেৰিকাত প্ৰকাশ পায়।৩০

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশিত এম্নেষ্টী হৈছে অষ্ট্ৰেলিয়াত বাস কৰা এজন নথি-পত্ৰবিহীন শ্ৰীলংকাৰ প্ৰব্ৰজনকাৰীৰ জীৱনৰ ওপৰত আধাৰিত এখন উপন্যাস।৩১৩২ ২০২১ চনৰ মাইলছ ফ্ৰেংকলিন বঁটাৰ বাবে ইয়াক চৰ্টলিষ্ট কৰা হৈছিল।৩৩

গ্ৰন্থতালিকা

উপন্যাস

  • দ্য হোৱাইট টাইগাৰ আটলাণ্টিক বুকছ, লিমিটেড (ইউ কে), ফ্ৰী প্ৰেছ (প্ৰকাশক) (আমেৰিকা), ২০০৮
  • বিটৱিন দ্য এছেছিনেছনছ. পিকাডৰ (ভাৰত), ২০০৮
  • Last Man in Tower. Fourth Estate (IND), 2011
  • Selection Day. HarperCollins India (IND), (Scribner) 2016
  • এম্নেষ্ট্ৰী (উপন্যাস) পিকাডৰ, পান মেকমিলান, ২০২০

চুটি গল্প

  • "দ্য চুলতানচ্‌ বেটাৰী" (The Guardian, 18 October 2008, online text)
  • "Smack" (The Sunday Times, 16 November 2008, online text)
  • "লাষ্ট খ্ৰীষ্ট্ৰমাৰ্চ ইন বান্দ্ৰা" (The Times, 19 December 2008, online text)
  • "দ্য এলিফেণ্ট" (The New Yorker, 26 January 2009, online text)

নিৰ্বাচিত প্ৰবন্ধ

  • "দ্য ডেথ অৱ দ্য ইণ্ডিয়ান ড্ৰিম" (Time, 30 July 2008, archived text)
  • "Bachelor Bigotry" (The Guardian, 28 August 2008, online text)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Adiga, Aravind. (18 October 2008). Provocation is one of the legitimate goals of literature. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  2. ↑ Indian Australian novelist Aravind Adiga wins Booker prize - Express India
  3. ↑ (15 October 2008). Indian novelist Aravind Adiga wins Booker prize. Agencies. Expressindia
  4. ↑ (16 October 2008). Booker for KannAdiga. Deccan Herald
  5. ↑ (16 October 2008). Mangloreans rejoice over Aravind Adiga's win. দ্য হিন্দু
  6. ↑ Muthiah, S. (3 November 2008). A lineage of success. দ্য হিন্দু
  7. ↑ (16 October 2008). Almamater celebrates Adiga's win. Bangalore Mirror
  8. ↑ Karnel, Savie. (16 October 2008). Kannadigas' pride. Mid-Day
  9. ↑ At Last! Commencement For More than 8,900 Today. Columbia University Record. MAY 21, 1997
  10. ↑ (16 February 2021). Curious Case of Aravind Adiga. First Post
  11. ↑ Krich, John. (24 June 2020). Author Aravind Adiga highlights Australian 'hypocrisy'. Nikkei Asia
  12. ↑ Moss, Stephen. (25 Aug 2017). Aravind Adiga: 'I was afraid the White Tiger would eat me up too'. The Guardian
  13. ↑ Adiga, Aravind. (10 Jun 2009). My Wild Trip Home. The Daily Beast
  14. ↑ Adiga, Aravind. . The Second Circle.
  15. ↑ Green, William. (15 Oct 2008). Celebrating with Booker Prize Winner Aravind Adiga. Time
  16. ↑ The White Tiger. The Booker Prizes
  17. ↑ Young, Victoria. (14 October 2008). Novel About India Wins the Man Booker Prize. The New York Times
  18. ↑ Ritchie, Alice. (15 Oct 2008). India's Aravind Adiga wins Booker Prize. The Sydney Morning Herald
  19. ↑ "Boom time for English-language books in India", The Hindu, 4 March 2010
  20. ↑ (26 October 2008). Booker in pocket, Aravind Adiga sacks agent. CNN-IBN
  21. ↑ Eden, Richard. (25 October 2008). Ambitious Booker winner Aravind Adaga sacks agent of his success. The Telegraph
  22. ↑ (26 October 2008). Booker winner Adiga denies he sacked his agent. দ্য হিন্দু
  23. ↑ Kay, Jeremy (15 April 2009), "Smuggler, Ascension acquire 2008 Mann Booker winner White Tiger", Screen Daily
  24. ↑ Thiagarajan, Kamala; Silver, Marc. (29 Jan 2021). What Indians Who've Known Poverty Think Of Netflix's 'The White Tiger' Movie. NPR
  25. ↑ (2021-01-21). How Netflix helped The White Tiger movie become a reality. The Indian Express
  26. ↑ Swarup, Vikas. (2009-07-10). Caste away. The Guardian
  27. ↑ Donthi, Praveen. (23 October 2008). Adigas second book to hit shelves. Deccan Herald
  28. ↑ (19 May 2010). BETWEEN THE ASSASSINATIONS. Kirkus Reviews
  29. ↑ (1 August 2011). LAST MAN IN TOWER. Kirkus Reviews
  30. ↑ (18 Oct 2016). SELECTION DAY. Kirkus Reviews
  31. ↑ Rashid, Tanjil. (2020-02-20). Amnesty by Aravind Adiga review – a migrant's tale. The Guardian
  32. ↑ (10 Nov 2019). AMNESTY. Kirkus Reviews
  33. ↑ (2020-06-16). Miles Franklin 2021 shortlist announced. Books+Publishing

সম্পৰ্কিত শ্ৰেণী

ঔপন্যাসিকগল্পকাৰবুকাৰ বঁটা বিজয়ীঅষ্ট্ৰেলিয়াৰ ব্যক্তিসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰবিন্দ আদিগা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৫১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।