অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভানু আথাইয়া

ভানু আথাইয়া (Bhanu Athaiya; ২৮ এপ্ৰিল ১৯২৯ - ১৫ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় কষ্টিউম ডিজাইনাৰ। তেওঁ ১৯৫০ৰ দশকৰ পৰা প্ৰায় ১০০খন চলচ্চিত্ৰৰ কষ্টিউম ডিজাইন কৰিছে। তেওঁ ১৯৫৬ চনৰ 'চি.আই.ডি.' বোলছবিৰ বেশভূষা তৈয়াৰ কৰি তেওঁ কষ্টিউম ডিজাইনাৰ হিচাপে পৰ্দাপন কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ভানু আথাইয়া (Bhanu Athaiya; ২৮ এপ্ৰিল ১৯২৯ - ১৫ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় কষ্টিউম ডিজাইনাৰ। তেওঁ ১৯৫০ৰ দশকৰ পৰা প্ৰায় ১০০খন চলচ্চিত্ৰৰ কষ্টিউম ডিজাইন কৰিছে। তেওঁ ১৯৫৬ চনৰ 'চি.আই.ডি.' বোলছবিৰ বেশভূষা তৈয়াৰ কৰি তেওঁ কষ্টিউম ডিজাইনাৰ হিচাপে পৰ্দাপন কৰিছিল।১ তাৰ পিছত তেওঁ বিখ্যাত নিৰ্দেশক গুৰু দত্তৰ ছবি 'প্যাছা' (১৯৫৭), 'চৌধবী কা চান্দ' (১৯৬০) আৰু 'চাহিব বিবি ঔৰ গুলাম'ত (১৯৬২) কষ্টিউম ডিজাইন কৰে। তেওঁ সুদীৰ্ঘ ৫০ বছৰ কষ্টিউম ডিজাইনৰ লগত জড়িত আছিল। তেওঁ 'গান্ধী' চলচ্চিত্ৰত কৰা কষ্টিউম ডিজাইনৰ বাবে ১৯৮২ চনত শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ অস্কাৰ বঁটা। তেওঁ অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয়।১২ ইয়াৰ লগতে তেওঁ দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ১৯৯১ চনত তেওঁ 'লেকিন' আৰু ২০০২ চনত 'লগান' ছবিৰ বাবে শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ ৩৮তম আৰু ৪৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।৩

২০১০ চনৰ মাৰ্চ মাহত তেওঁৰ 'দা আৰ্ট অফ কষ্টিউম ডিজাইন' গ্ৰন্থখন প্ৰকাশিত হয়।৪ হাৰ্পাৰ কনিন্সৰ দ্বাৰা প্ৰকাশিত এই কিতাপ তেওঁ ২০১৩ চনৰ ১৩ জানুৱাৰী তাৰিখে চতুৰ্দশ দালাই লামাক উপহাৰ দিছিল।৫৬

২০১২ চনৰ ১৫ ডিচেম্বৰ তাৰিখে তেওঁ তেওঁৰ অস্কাৰ বঁটা একাডেমীলৈ ঘূৰাই দিয়ে। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে এই বঁটাৰ ভালকৈ যত্ন লব নোৱাৰিব বুলি তেওঁ এই বঁটা একাডেমীলৈ ঘূৰাই দিছিল।৭৮

২০২০ চনৰ ১৫ অক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰৰ মুম্বাইত ৯১ বছৰ বয়সত ভানু আথাইয়াৰ মৃত্যু হয়।

প্ৰাৰম্ভিক জীৱন

১৯২৯ চনৰ ২৮ এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতৰ কলহাপুৰ ৰাজ্যৰ কলহাপুৰত ভানুমতী আন্নাচাহিব ৰাজোপাধ্যায়ৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আন্নাচাহিব আৰু মাতৃ শান্তাবাঈ ৰাজোপাধ্যায়। তেওঁ সাতজন সন্তানৰ ভিতৰত তৃতীয় সন্তান আছিল। ভানুৰ পিতৃ আন্নাচাহিব এজন চিত্ৰকৰ আছিল। তেওঁ ন বছৰ বয়সতে পিতৃহাৰা হৈছিল।৯

তেওঁৰ প্ৰাৰম্ভিক শিক্ষা ঘৰতে আৰম্ভ হৈছিল। তেওঁৰ শিক্ষকে তেওঁৰ ঘৰলৈ আহি ছবি আঁকিবলৈ শিকাইছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ মুম্বাইৰ ছাৰ জে. জে. স্কুল অফ আৰ্টত নামভৰ্তি কৰে। তাৰপৰা তেওঁ ললিত কলা বিভাগৰ প্ৰথম হৈ সোণৰ পদক আৰু ফেল'শ্বিপ লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ফ্ৰান্সিছ নিউটন সৌজায়ে প্ৰতিষ্ঠা কৰা প্ৰগেচীভ আৰ্টিষ্টছ গ্ৰুপলৈ সদস্য হিচাপে মনোনীত হৈছিল।

ব্যক্তিগত জীৱন

ভানু আথাইয়ায়ে কবি আৰু গীতিকাৰ সত্যেন্দ্ৰ আথাইয়াৰ লগত বিবাহপাশত আৱদ্ধ হয়। কিন্তু পিছলৈ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ এগৰাকী জীয়েক আছে আৰু তেওঁ এতিয়া পৰিয়ালৰ সৈতে কলিকতাত থাকে। ভানুয়ে বৰ্তমান মুম্বাইত বাস কৰে।

বঁটা আৰু মনোনয়ন

চনবঁটাচলচ্চিত্ৰফলাফলউৎস
১৯৮৩ (৫৫তম)শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ অস্কাৰ বঁটা'গান্ধী'১০
১৯৮৩ (৩৬তম)শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ বাফটা বঁটা'গান্ধী'১১
১৯৯১ (৩৮তম)শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'লেকিন...'১২
২০০২ (৪৯তম)শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'লগান'৩
২০০৯ (৫৪তম)জীৱনজোৰা সাধনাৰ ফিল্মফেয়াৰ বঁটা১৩
২০১৩ (৪ৰ্থ)লাডলি জীৱনজোৰা সাধনা বঁটা১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Chatterjee, Madhusree. (20 February 2009). Bhanu Athaiya - India's first Oscar winner walks down memory lane. হিন্দুস্তান টাইমছ
  2. ↑ From dandy to Dandi, it was a long journey. হিন্দুস্তান টাইমছ
  3. ↑ 49th National Film Awards. Directorate of Film Festivals
  4. ↑ The Art of Costume Design, by Bhanu Rajopadhye Athaiya. HarperCollins Publishers India
  5. ↑ No one will fight China to make a stand for Tibet. Phayul.com
  6. ↑ Athaiya meets Dalai Lama. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ Singh, Lada. (23 February 2012). First Indian to win an Oscar, Bhanu Athaiya wants to return her award. হিন্দুস্তান টাইমছ
  8. ↑ Ghosh, Avijit. (15 December 2012). Bhanu Athaiya returns Oscar fearing theft. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ Lala, Smita. (7 May 2008). My Fundays: Bhanu Athaiya. The Telegraph
  10. ↑ The 55th Academy Awards (1983) Nominees and Winners. Academy of Motion Picture Arts and Sciences
  11. ↑ Film in 1983 - BAFTA Awards. British Academy of Film and Television Arts
  12. ↑ 38th National Film Awards. Directorate of Film Festivals
  13. ↑ (1 March 2009). Filmfare: 'Jodha..' bags 5, Priyanka, Hrithik shine. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. The Times Group
  14. ↑ (21 January 2013). NGO to honour Bhanu Athaiya with Lifetime Achievement award. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. The Times Group

সম্পৰ্কিত শ্ৰেণী

একাডেমী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভানু আথাইয়া” প্ৰবন্ধৰ সংশোধন ৬৩৭৫৮৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।