অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঝুম্পা লাহিড়ী

নিলাঞ্জনা সুদেষ্ণা "ঝুম্পা" লাহিড়ী (জন্ম ১১ জুলাই, ১৯৬৭) এগৰাকী প্ৰখ্যাত আমেৰিকান সাহিত্যিক। চুটিগল্প, উপন্যাস আৰু প্ৰবন্ধ লেখাসমূহৰ বাবে সুপৰিচিত লাহিড়ীয়ে শেহতীয়াকৈ ইটালীয় ভাষাতো সাহিত্যচৰ্চা কৰিবলৈ লৈছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৭৭২ শব্দ · ৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

নিলাঞ্জনা সুদেষ্ণা "ঝুম্পা" লাহিড়ী (জন্ম ১১ জুলাই, ১৯৬৭) এগৰাকী প্ৰখ্যাত আমেৰিকান সাহিত্যিক। চুটিগল্প, উপন্যাস আৰু প্ৰবন্ধ লেখাসমূহৰ বাবে সুপৰিচিত লাহিড়ীয়ে শেহতীয়াকৈ ইটালীয় ভাষাতো সাহিত্যচৰ্চা কৰিবলৈ লৈছে।

কৰ্মৰাজি

লাহিড়ীৰ সাহিত্যৰাজিত মূলতঃ আমেৰিকাবাসী প্ৰৱাসী ভাৰতীয়সকলৰ অভিজ্ঞতা প্ৰকাশ পায়। তেওঁৰ প্ৰথমখন চুটি গল্পৰ সংকলন "ইণ্টাৰপ্ৰিটাৰ অৱ্ মেলেডিজ" (১৯৯৯) এ কাহিনীৰ শাখাত পুলিৎজাৰ বঁটা পাবলৈ সক্ষম হৈছিল। কিতাপখনে পেন/হেমিংৱে এৱাৰ্ডো পাইছিল। তেওঁৰ প্ৰথম উপন্যাস দ্য নেমচেক (২০০৩)খন একে নামেৰে এখন জনপ্ৰিয় চলচ্চিত্ৰৰ ৰূপ দিয়া হৈছিল। তেওঁৰ দ্বিতীয় চুটিগল্পৰ সংকলন "আনএকাষ্টমড্ আৰ্থ্" (২০০৮) য়ে "ফ্ৰেংক অ'কনৰ ইণ্টাৰনেশ্বনেল ছৰ্ট ষ্ট'ৰি এৱাৰ্ড" পাইছিল। ২০১১ চনৰ পৰা লাহিড়ীয়ে ইটালীৰ ৰোম চহৰত থাকিবলৈ লয়। ইয়াৰ পিছত তেওঁৰ দুখনকৈ নিৱন্ধ সংকলন প্ৰকাশ পাইছে আৰু ইটালীয় ভাষাত লিখা এখন উপন্যাসো প্ৰকাশৰ পথত আছে। তেওঁ নিজৰ আৰু আন কেইগৰাকীমান লেখকৰ ইটালীয় ভাষাৰ লেখা ইংৰাজীলৈ অনুবাদ কৰিছে।১২ ২০১৪ চনত লাহিড়ীক "নেশ্বনেল হিউমেনিটীজ্ মেডেল" প্ৰদান কৰা হৈছিল।১ সম্প্ৰতি তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ত এগৰাকী সৃজনীমূলক সাহিত্যচৰ্চাৰ অধ্যাপক।২

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

লাহিড়ীৰ জন্ম হৈছিল লণ্ডন মহানগৰত। তেওঁ আছিল ভাৰতৰ পশ্চিম বংগৰ পৰা উঠি যোৱা এটা প্ৰৱাসী বঙালী পৰিয়ালৰ ছোৱালী। লাহিড়ীৰ বয়স মাত্ৰ দুবছৰ থাকোঁতেই পৰিয়ালটো আমেৰিকালৈ আহে। তেওঁ সদায় নিজকে এগৰাকী আমেৰিকান বুলিয়েই গণ্য কৰি আহিছে। ৰড আইলেণ্ডৰ কিংষ্টনত তেওঁ ডাঙৰ-দীঘল হৈছিল। ইয়াৰ ৰড আইলেণ্ড বিশ্ববিদ্যালয়ত তেওঁৰ পিতৃ অমৰ লাহিড়ীয়ে এগৰাকী গ্ৰন্থাগাৰিকৰূপে কাম কৰিছিল। লাহিড়ীৰ মাতৃয়ে বিচাৰিছিল যে তেওঁৰ সন্তানে বঙালী ঐতিহ্য-পৰম্পৰাৰ সৈতে সুপৰিচিত হয়। সেইবাবে তেওঁলোকৰ পৰিয়ালটো প্ৰায়েই কলিকতাস্থিত সম্বন্ধীয়ৰ ঘৰলৈ আহিছিল।৩

তেওঁ ছাউথ কিংষ্টন হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল আৰু ১৯৮৯ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধীনস্থ বাৰ্ণাৰ্ড কলেজৰ পৰা ইংৰাজী সাহিত্যত বি. এ. ডিগ্ৰী লাভ কৰিছিল।৪

ইয়াৰ পিছত লাহিড়ীয়ে ব'ষ্টন বিশ্ববিদ্যালয়ৰ পৰা কেইবাটাও ডিগ্ৰী লাভ কৰে - ইংৰাজীত এম. এ., সৃজনীমূলক সাহিত্যত এম. এফ. এ., তুলনামূলক সাহিত্যত এম. এ. আৰু নৱজাগৰণসম্পৰ্কীয় অধ্যয়নত পি. এইচ. ডি. ডিগ্ৰী।

২০০১ চনত লাহিড়ীৰ এলবাৰ্ট' ভ'ৰ্ভ'লিয়াছ বুশ্ব নামৰ সাংবাদিকজনৰ সৈতে বিয়া হয়। সেইসময়ত তেওঁ টাইম আলোচনীখনৰ লেটিন আমেৰিকান সংস্কৰণৰ উপ-সম্পাদক আছিল। এতিয়া তেওঁ একেখন আলোচনীৰ জ্যেষ্ঠ সম্পাদক। লাহিড়ী তেওঁৰ স্বামী আৰু দুই সন্তান অক্টাভিঅ' (জন্ম ২০০২) আৰু নুৰৰ (জন্ম ২০০৫) লগত ৰোমত বাস কৰে।৫ ২০০৫ চনৰ ১ জুলাইত তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ লুইছ কেন্দ্ৰত সৃজনীমূলক সাহিত্যৰ অধ্যাপিকাৰূপে যোগদান কৰে।৬

সাহিত্যিক কেৰিয়াৰ

ঝুম্পা লাহিড়ীয়ে জীৱনৰ প্ৰথমভাগত লিখা চুটি গল্পবোৰ বহুবছৰ ধৰি প্ৰকাশকে নাকচ কৰি আহিছিল।৭ অৱশেষত ১৯৯৯ চনত তেওঁৰ প্ৰথমখন চুটি গল্পৰ সংকলন ইণ্টাৰপ্ৰিটাৰ অৱ্ মেল'ডিজ প্ৰকাশ পায়। এই গল্পবোৰত ভাৰতীয় অথবা প্ৰবাসী ভাৰতীয়সকলে মুখামুখি হোৱা বিভিন্ন সংবেদনশীল পৰিস্থিতিসমূহ, যেনে- বৈবাহিক সমস্যা, আমেৰিকাবাসী প্ৰৱাসীসকলৰ প্ৰথম আৰু দ্বিতীয় প্ৰজন্মৰ মাজত ব্যৱধান আদি উপস্থাপন কৰা হৈছিল। পিছত লাহিড়ীয়ে লিখিছিল, "যেতিয়া মই প্ৰথম লিখিবলৈ আৰম্ভ কৰিছিলোঁ, মই গমেই পোৱা নাছিলোঁ যে মই ভাৰতীয়-আমেৰিকানসকলৰ অভিজ্ঞতাসমূহক বিষয়বস্তু হিচাপে লৈছোঁ। মোৰ মনত দোলা দি থকা সেই দুখন জগতক পৃষ্ঠাত প্ৰকাশ কৰিবলৈ হোৱা ইচ্ছাটোৰ বাবেহে মই লিখিবলৈ দিছিলোঁ। কাৰণ সেইটো বাস্তৱ জীৱনত মুখামুখি হ'বলৈ মোৰ হয়তো সাহস নাছিল অথবা অভিজ্ঞ হৈ উঠা নাছিলোঁ। "৮ এই গল্প সংকলনখন আমেৰিকান সমালোচকে প্ৰশংসা কৰিছিল যদিও ভাৰতীয়সকলৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল। তেওঁলোকে এইটো কাৰণে নিৰাশ হৈছিল যে লাহিড়ীয়ে ভাৰতীয়সকলৰ বিষয়ে এটা ধনাত্মক আভাস নিদিলে।৯ ইণ্টাৰপ্ৰিটাৰ অৱ্ মেল'ডিজ-ৰ প্ৰায় ৬,০০,০০০ কপি বিক্ৰী হৈছিল আৰু ২০০০ চনত কাহিনী শাখাত পুলিৎজাৰ বঁটা পাবলৈ সক্ষম হৈছিল (এই বঁটা পোৱা এইখন সপ্তম গল্প সংকলন)।১০

২০০৩ চনত লাহিড়ীৰ প্ৰথমখন উপন্যাস দ্য নেমচেক প্ৰকাশ পাইছিল।৯ উপন্যাসখনৰ বিষয়বস্তু আৰু মূল আধাৰত তেওঁ ডাঙৰ-দীঘল হওঁতে শুনি অহা এটা পৰিয়ালৰ কাহিনীৰ প্ৰভাৱ পৰিছিল। নেমচেকৰ আধাৰত নিৰ্মাণ কৰা এখন চলচ্চিত্ৰ ২০০৭ চনৰ মাৰ্চত মুক্তি পাইছিল। চলচ্চিত্ৰখন পৰিচালনা কৰিছিল মীৰা নায়াৰে। চলচ্চিত্ৰখনৰ "আণ্ট ঝুম্পা" নামৰ চৰিত্ৰটোত লেখিকাই নিজেও ক্ষন্তেক সময়ৰ বাবে ভূমুকি মাৰিছিল।

লাহিড়ীৰ দ্বিতীয়খন গল্পৰ সংকলন আনএকাষ্টমড্ আৰ্থ্ ২০০৮ চনৰ ১ এপ্ৰিলত প্ৰকাশ পাইছিল। নিউয়ৰ্ক টাইমছৰ বেষ্ট ছেলাৰৰ তালিকাত কিতাপখনে পোনেপোনে প্ৰথম স্থানত অধিষ্ঠিত হৈ বিৰল কৃতিত্বৰ সাক্ষী হৈছিল।১১

দ্য নিউ য়ৰ্কাৰ আলোচনীখনৰ লগত লেখিকাৰ বিশেষ ঘনিষ্ঠতা আছিল। এই আলোচনীখনত তেওঁৰ কেবাটাও চুটি গল্প প্ৰকাশ পোৱাৰ উপৰি দ্য লং ৱে হোম, মাকৰ সৈতে তেওঁৰ সম্পৰ্কত খাদ্যৰ প্ৰভাৱক লৈ লিখা কুকিং হাউছ আদি কেবাটাও প্ৰবন্ধও প্ৰকাশ পাইছিল।

২০০৫ চনৰ পৰা লাহিড়ীয়ে "পেন আমেৰিকান চেণ্টাৰ"ৰো উপাধ্যক্ষৰ দায়িত্বত আছে। এই সংগঠনটোৱে লেখকসকলৰ মাজত বৌদ্ধিক সহযোগিতা আৰু বন্ধুত্ব গঢ়াৰ হকে কাম কৰি আহিছে।

২০১০ চনৰ ফেব্ৰুৱাৰী মাহত আন পাঁচগৰাকী লোকৰ সৈতে লাহিড়ীক "কমিটি অন দা আৰ্টছ্ এণ্ড্ হিউমেনিটিজ"ৰ সদস্যপদ দিয়া হৈছিল।১২

২০১৩ চনৰ ছেপ্টেম্বৰত তেওঁৰ দ্য ললেণ্ড উপন্যাসখন মেন বুকাৰ প্ৰাইজৰ বাবে বাছনি কৰা সংক্ষিপ্তসূচীত স্থান পাইছিল।১৩১৪ অৱশ্যে সেইবছৰ ইলিয়েনৰ কেটনৰ "দ্য লুমিনেৰিজ" গ্ৰন্থখনেহে বঁটাটো লাভ কৰিবলৈ সক্ষম হয়।

২০১৫ চনৰ ডিচেম্বৰত "দ্য নিউ য়ৰ্কাৰ"ত ইটালীয় ভাষা শিকাৰ অভিজ্ঞতাৰ বিষয়ে তেওঁৰ ৰচনা এখন প্ৰকাশ পাইছিল। সেই ৰচনাখনত তেওঁ ঘোষণা কৰিছিল যে তেওঁ এতিয়া কেৱল ইটালীয় ভাষাতহে লেখা-মেলা কৰি আছে। আনকি সেই ৰচনাখনো ইটালীয়ৰ পৰাই ইংৰাজীলৈ অনুবাদ কৰা হৈছিল।

চুটিগল্পৰ ক্ষেত্ৰখনত আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে লাহিড়ীয়ে ২০১৭ চনত পেন/মালামাড এৱাৰ্ড লাভ কৰে। এই বঁটাটো পুলিৎজাৰ বঁটা বিজয়ী সাহিত্যিক বাৰ্ণাৰ্ড মালামুডে আৰম্ভ কৰিছিল।১৫

দূৰদৰ্শন

দূৰদৰ্শন চেনেল এইচ. বি. অ'.ত (HBO) প্ৰচাৰিত "In Treatment"ৰ তৃতীয় সংস্কৰণৰ বাবে লাহিড়ীয়ে কাম কৰিছিল। সেই সংস্কৰণটোত সুনীল নামৰ এটা চৰিত্ৰ আছিল, যিয়ে নিজৰ পত্নী ঢুকোৱাৰ পিছত ভাৰতৰ পৰা আমেৰিকালৈ গৈ দুখ-যাতনা আৰু সাংস্কৃতিক বৈষম্যৰ মুখামুখি হৈছিল। যদিও লাহিড়ীকে এই খণ্ডকেইটা লিখাৰ কৃতিত্ব দিয়া হয়, আচলতে এগৰাকী বঙালী লোকে ব্ৰুকলিনক কি দৃষ্টিভংগীৰে চাব পাৰে সেই ধাৰণা দিয়াটোহে তেওঁৰ মূল দায়িত্ব আছিল।১৬

বঁটা-বাহন

  • ১৯৯৩ – "দ্য হেনফিল্ড্ ফাউণ্ডেশ্বন"ৰ পৰা "ট্ৰেন্সআটলাণ্টিক এৱাৰ্ড"
  • ১৯৯৯ – চুটিগল্প সংকল ইণ্টাৰপ্ৰিটাৰ অৱ্ মেল'ডিজৰ বাবে অ' হেনৰি এৱাৰ্ড
  • ১৯৯৯ – ইণ্টাৰপ্ৰিটাৰ অৱ্ মেল'ডিজৰ বাবে পেন/হেমিংৱে এৱাৰ্ড (বছৰটোৰ প্ৰকাশিত শ্ৰেষ্ঠ গল্প সংকলন)
  • ১৯৯৯ – ইণ্টাৰপ্ৰিটাৰ অৱ্ মেল'ডিজখন শ্ৰেষ্ঠ আমেৰিকান গল্প সংকলনবোৰৰ এখনৰূপে নিৰ্বাচিত
  • ২০০০ – "আমেৰিকান একাডেমী অৱ্ আৰ্টছ্ এণ্ড্ লেটাৰ্ছ্"ৰ পৰা এডিছন মেটকাফ এৱাৰ্ড
  • ২০০০ – দ্য নিউ য়ৰ্কাৰৰ দ্বাৰা ইণ্টাৰপ্ৰিটাৰ অৱ্ মেলেডিজক বছৰটোত প্ৰকাশিত শ্ৰেষ্ঠ গ্ৰন্থৰূপে নিৰ্বাচন
  • ২০০০ – লাহিড়ীৰ প্ৰথমখন গল্প সংকল ইণ্টাৰপ্ৰিটাৰ অৱ্ মেল'ডিজৰ বাবে কাহিনী শাখাত পুলিৎজাৰ বঁটা লাভ
  • ২০০২ – গাগেনহেইম ফেল'শ্বিপ
  • ২০০৮ – আনএকাষ্টমড্ আৰ্থ্খনৰ বাবে "ফ্ৰেংক অ'কনৰ ইণ্টাৰনেশ্বনেল ছৰ্ট ষ্ট'ৰি এৱাৰ্ড" লাভ
  • ২০০৯ – আনএকাষ্টমড্ আৰ্থ্ৰ বাবে "এছিয়ান আমেৰিকান লিটাৰেৰি এৱাৰ্ড"
  • ২০১৪ – ''দ্য ললেণ্ড"ৰ বাবে "ডি. এছ. চি. প্ৰাইজ ফৰ ছাউথ এছিয়ান লিটাৰেছাৰ"১৭
  • ২০১৪ – নেশ্বনেল হিউমেনিটিজ মেডেল১৮
  • ২০১৭ – পেন/মালামুড এৱাৰ্ড

তথ্যসূত্ৰ

  1. ↑ Gutting, Elizabeth Ward. Jhumpa Lahiri: 2014 National Humanities Medal. National Endowment for the Humanities
  2. ↑ Jhumpa Lahiri: Professor of Creative Writing. Lewis Center for the Arts, Princeton University
  3. ↑ Aguiar, Arun. "One on One With Jhumpa Lahiri", Pifmagazine.com, 1999-07-28. Retrieved on 2008-04-13
  4. ↑ "Pulitzer Prize awarded to Barnard alumna Jhumpa Lahiri ’89; Katherine Boo ’88 cited in public service award to The Washington Post", Barnard Campus News, 2000-04-11. Retrieved on 2008-04-13
  5. ↑ Spinks, John. "A Writer's Room", T: The New York Times Style Magazine, 25 August 2013
  6. ↑ Saxon, Jamie. (September 4, 2015). Author Jhumpa Lahiri awarded National Humanities Medal. Research at Princeton, Princeton University
  7. ↑ Arun Aguiar (August 1, 1999). "Interview with Jhumpa Lahiri". Pif Magazine/ Retrieved September 4, 2015
  8. ↑ Lahiri, Jhumpa. "My Two Lives", Newsweek, March 6, 2006. Retrieved on 2008-04-13
  9. ↑ Wiltz, Teresa. "The Writer Who Began With a Hyphen: Jhumpa Lahiri, Between Two Cultures" আৰ্কাইভ কপি, The Washington Post, October 8, 2003. Retrieved on 2008-04-15
  10. ↑ Farnsworth, Elizabeth. "Pulitzer Prize Winner-Fiction", Public Broadcasting Service (PBS) NewsHour, April 12, 2000. Retrieved on 2008-04-15
  11. ↑ Garner, Dwight. "Jhumpa Lahiri, With a Bullet" The New York Times Paper Cuts blog, April 10, 2008. Retrieved on 2008-04-12
  12. ↑ (February 7, 2010). Barack Obama appoints Jhumpa Lahiri to arts committee. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  13. ↑ Masters, Tim. (July 23, 2013). Man Booker judges reveal 'most diverse' longlist. BBC
  14. ↑ (September 10, 2013). BBC News - Man Booker Prize 2013: Toibin and Crace lead shortlist. BBC News
  15. ↑ (May 25, 2017). Jhumpa Lahiri Receives 2017 PEN/Malamud Award for Excellence in the Short Story. Lewis Center for the Arts
  16. ↑ Shattuck, Kathryn. (November 11, 2010). Therapy? Not His Cup of Tea. The New York Times
  17. ↑ Claire Armitstead. (January 22, 2015). Jhumpa Lahiri wins $50,000 DSC prize for south Asian literature. The Guardian
  18. ↑ (September 3, 2015). President Obama to Award 2014 National Humanities Medal. National Endowment for the Humanities

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান লেখকভাৰতীয় মূলৰ আমেৰিকানপুলিৎজাৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝুম্পা লাহিড়ী” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৯৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।