
ডলাৰ (Dollar) হৈছে বিভিন্ন দেশত প্ৰচলিত কেইবাপ্ৰকাৰৰ মুদ্ৰাৰ সমূহীয়া নাম। ডলাৰক পেচ’ বা $ চিহ্নৰদ্বাৰা বুজোৱা হয়। এই মুদ্ৰাসমূহ হৈছে অষ্ট্ৰেলিয়ান ডলাৰ, বেলিজ ডলাৰ, ব্ৰুনেই ডলাৰ, কানাডিয়ান ডলাৰ, হংকং ডলাৰ, জামাইকান ডলাৰ, নামিবিয়ান ডলাৰ, নিউজিলেণ্ড ডলাৰ, চিংগাপুৰ ডলাৰ, চুৰিনাম ডলাৰ, নিউ টাইৱান ডলাৰ আৰু আমেৰিকান ডলাৰ। জিম্বাবৱেতো পূৰ্বতে ডলাৰ ব্যৱহাৰ কৰা হৈছিল। আমেৰিকান ডলাৰ পূব টাইমৰ, ইকুৱেডৰ, এল ছালভাডৰ, মাইক্ৰনেছিয়ান ৰাষ্ট্ৰপুঞ্জ, মাৰ্শ্বেল দ্বীপপুঞ্জ, পালাও আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ আনুষ্ঠানিক মুদ্ৰা। এক ডলাৰক সাধাৰণতে ১০০ চেণ্টত ভঙোৱা হয়।
ইতিহাস
ডলাৰৰ ইতিহাস আৰম্ভ হয় ১৫২০ চনত। সেই বছৰৰ ১৫ জানুৱাৰীত ব’হেমিয়া সাম্ৰাজ্যই জ’কিমস্থেলাৰত থলুৱাভাৱে আহৰণ কৰা ৰূপৰ মোহৰৰ প্ৰচলন কৰে। এই মোহৰবিলাকক জ’কিমস্থেলাৰ বুলি কোৱা হৈছিল। পিছলৈ ইয়াক চমুৱাই থেলাৰ বা টেলাৰ নামেৰে ব্যৱহাৰ কৰা হয়। লাহে লাহে এই নামটো ভিন্ন ৰূপত বিভিন্ন ভাষালৈ বিয়পি পৰে: চেজ ভাষাত টলাৰ, হাংগেৰিয়ান ভাষাত টেলাৰ, দানিছ আৰু নৰৱেয়ান ভাষাত ৰিংচডেলাৰ, চুইডিছ ভাষাত ৰিকচডেলাৰ, আইচলেণ্ডিক ভাষাত ডালোৰ, ওলন্দাজ ভাষাত ৰিকচ ডালডেৰ বা ডেলাৰ আৰু ওলন্দাজ ভাষাৰ পৰা ইংৰাজী ভাষালৈ ডলাৰ।১
পৰৱৰ্ত্তী কালৰ সিংহৰ প্ৰতিকৃতি সম্বলিত ওলন্দাজ মোহৰক লিউৱেনডালডেৰ বা লিউৱেনডেলাৰ অৰ্থাৎ সিংহ ডেলাৰ বুলি কোৱা হৈছিল। ওলন্দাজ গণৰাজ্যই এই মোহৰবোৰ ক্ৰমাৎ বাঢ়ি অহা ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সুবিধাৰ বাবে প্ৰচলন কৰিছিল। লিউৱেনডেলাৰ সমগ্ৰ মধ্যপ্ৰাচ্যতে প্ৰচলিত হোৱাৰ লগতে ভালেকেইখন জাৰ্মান আৰু ইটালিয়ান নগৰে ইয়াৰ অনুকৰণ কৰিছিল। আমেৰিকাৰ ১৩টা ক’লনিত ইয়াৰ প্ৰচলন আছিল। ক’লনিসমূহত প্ৰচলিত ফটা-চিটা নোটসমূহক ডগ ডলাৰ (dog dollars) বোলা হৈছিল।২ লিউৱেনডেলাৰ লায়ন ডলাৰ (lion or lyon dollar) হিচাপে জনপ্ৰিয় আছিল।৩৪ ৰোমানিয়া আৰু বুলগেৰিয়াৰ বৰ্ত্তমানৰ প্ৰচলিত মুদ্ৰা হৈছে লায়ন (leu/leva)। ডলাৰৰ আধুনিক আমেৰিকান-ইংৰাজী যি উচ্চাৰণ সেয়া ১৭ শতিকাৰ ওলন্দাজ ডেলাৰৰ সৈতে মিলে।৫ লায়ন ডলাৰৰ সৈতে একে ওজন আৰু আকৃতিৰ স্পেনিচ পেচ’ক স্পেনিচ ডলাৰ বোলা হৈছিল।৫৬ ১৮ শতিকাৰ মাজভাগলৈ স্পেনিচ ডলাৰে লায়ন ডলাৰৰ ঠাই দখল কৰে আৰু ই স্পেনিচ ক’লনি আৰু ফিলিপাইনচত বিয়পি পৰে।৬৭৮৯১০
ডলাৰ চিহ্ন
ডলাৰৰ চিহ্ন "ps" সৰ্বপ্ৰথম ৭০ৰ দশকত ব্যৱসায় সংক্ৰান্তত স্পেনিচ আমেৰিকান পেচ’ৰ (স্পেনিচ ডলাৰৰ ব্ৰিটিছ উত্তৰ আমেৰিকাত প্ৰচলিত নাম) চমু ৰূপ হিচাপে ব্যৱহৃত হৈছিল।১১১২ ১৮ শতিকাৰ শেষভাগৰ আৰু ১৯ শতিকাৰ আৰম্ভণিৰ হাতেলিখা নথি আদিত দেখা যায় যে s আখৰটো সেই সময়লৈ p-ৰ ওপৰত লিখা গৈছিল আৰু চিহ্নটোৱে "$"-ৰ দৰে আকাৰ লৈছিল। ১৭৮৫ চনত আমেৰিকাই আমেৰিকান ডলাৰৰ প্ৰৱৰ্ত্তন কৰোঁতে এই নতুন চিহ্নটোক বাহাল ৰখাৰ সিদ্ধান্ত লোৱা হয়।১৩১৪১৫১৬১৭
আমেৰিকাত প্ৰৱৰ্ত্তন
আমেৰিকান বিপ্লৱৰ সময়লৈ স্পেনিচ ডলাৰে বিশেষ গুৰুত্ব পাইছিল কিয়নো ক’লনিসমূহ আৰু কণ্টিনেণ্টেল কংগ্ৰেছে অনুমোদন কৰা কাগজৰ মুদ্ৰাসমূহ ই পুনৰ ঘূৰাই আনিছিল।৭ ১৩টা ক’লনিৰ প্ৰত্যেকতে প্ৰচলিত স্পেনিচ ডলাৰে ভাৰ্জিনিয়াত (১৩টা ক’লনিৰ এটা) আইনী মৰ্যাদা পাইছিল।
১৭৯২ চনৰ ২ এপ্ৰিলত আমেৰিকান ট্ৰেজাৰীৰ সচিব আলেকজেণ্ডাৰ হেমিল্টনে ৰাষ্ট্ৰসমূহত প্ৰচলিত স্পেনিচ ডলাৰৰ মুদ্ৰাত ৰূপৰ পৰিমাণৰ বিষয়ে প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পিছত ৩৭১ ৪/১৬ গ্ৰেইন (২৪.০৫৭ গ্ৰাম) ওজনৰ বিশুদ্ধ ৰূপ অথবা ৪১৬ গ্ৰেইনৰ মান্য ৰূপৰ এককত আমেৰিকান ডলাৰৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হয়১৮১৯ ইয়াৰ লগতে কম মূল্যৰ মুদ্ৰাসমূহত ৰূপৰ পৰিমাণ এক ডলাৰৰ মুদ্ৰাত থকা পৰিমাণৰ সমানুপাতিক হিচাপে থিৰ কৰা হয়।
১৮৩৭ চনৰ জানুৱাৰীত এক আইনৰ যোগে ডলাৰত ৰূপৰ বাহিৰে থাকিবলগা ধাতুৰ পৰিমাণ ১৫% নিৰ্ধাৰণ কৰা হয়। ১৮৫৩ চনৰ ২১ ফেব্ৰুৱাৰীত কম মূল্যৰ মুদ্ৰাসমূহত ৰূপৰ পৰিমাণ হ্ৰাস কৰা হয়। পিছলৈ আমেৰিকান মুদ্ৰাত থাকিবলগা ধাতুৰ প্ৰকাৰ আৰু পৰিমাণ সন্দৰ্ভত বিভিন্ন আইন প্ৰনয়ণ কৰা হয় আৰু বৰ্তমান আমেৰিকান আইনত ডলাৰৰ কোনো আইনী সংজ্ঞা পোৱা নাযায়।২০২১২২
১৯৬৫ চনলৈ আমেৰিকান মুদ্ৰাৰ পৰা ৰূপ প্ৰায় আঁতৰাই পেলোৱা হয় আৰু ডলাৰ এক মুক্ত বিনিময়যোগ্য মুদ্ৰা হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্ত্তমান সময়তো ৰূপৰ এক ডলাৰ মুদ্ৰা মুদ্ৰিত কৰে যদিও ই সাধাৰণ বিতৰণৰ বাবে নহয়।
ইংলেণ্ডত ব্যৱহাৰ
ৱিলিয়াম শ্বেইক্সপিয়াৰৰ নাটকসমূহৰ বহ ঠাইত ডলাৰক মুদ্ৰা হিচাপে অভিহিত কৰা হৈছে। ১৬ আৰু ১৭ শতিকাত থিছল ডলাৰ নামেৰে জনাজাত একপ্ৰকাৰৰ মুদ্ৰা স্কটলেণ্ডত প্ৰচলিত আছিল।২৩
১৮০৪ চনত ব্ৰিটিছ ৫ শ্বিলিং বা ক্ৰাউনকো কেতিয়াবা ডলাৰ বুলি কোৱা হৈছিল আৰু এই মুদ্ৰাসমূহৰ মূল আছিল স্পেনিচ ডলাৰ। ১৮১১ চনলৈকে এই মুদ্ৰাবোৰ প্ৰচলিত আছিল।
অন্যান্য ঠাইত ব্যৱহাৰ
১৯ শতিকা আৰু বিংশ শতিকাৰ আৰম্ভণিতে চীনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপান আদি দেশে ৰূপৰ বাণিজ্যিক ডলাৰ মুদ্ৰিত কৰিছিল। এনে ডলাৰসমূহত চীনা আখৰ অংকিত থকাৰ লগতে ইয়াৰ ওজন দেশত ব্যৱহৃত মুদ্ৰাতকৈ ভিন্ন আছিল।
অন্যান্য দেশৰ ডলাৰ
ৰ ডলাৰ]]


১৮৭৩ চনৰ প্ৰথমভাগলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত ৰূপৰ মুদ্ৰাৰ প্ৰচলন আছিল। ১৮৭০ চনত আৰম্ভ হোৱা ফ্ৰান্স-জাৰ্মান যুদ্ধৰ বাবে জাৰ্মান সাম্ৰাজ্যই ১৮৭১ চনত ৰূপৰ থেলাৰ মুদ্ৰণ কৰাটো বন্ধ কৰে আৰু ইয়াৰ ফলস্বৰূপে বিশ্বত ৰূপৰ মূল্যৰ অৱনতি ঘটে।২৪ ইয়াৰ ফলত ইউ এছ মুদ্ৰা আইন ১৮৭৩-ৰ জন্ম হয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বাস্তৱিকতে স্বৰ্ণ মান্যতাপ্ৰাপ্ত (gold standard) দেশলৈ পৰিৱৰ্তিত হয়। ইয়াৰ বিপৰীতে কানাডা আৰু নিউফাউণ্ডলেণ্ডে ইতিমধ্যে স্বৰ্ণ মান্যতা গ্ৰহণ কৰিছিল। ফলস্বৰূপে উত্তৰ আমেৰিকাৰ ডলাৰৰ মূল্য অন্যান্য ঠাইত যেনে লেটিন আমেৰিকা আৰু সুদুৰ প্ৰাচ্যত ব্যৱহৃত ৰুপৰ ডলাৰৰ তুলনাত বৃদ্ধি পায়। ১৯০০ চনলৈ ৰূপৰ ডলাৰৰ মূল্য স্বৰ্ণ ডলাৰৰ ৫০% লৈ হ্ৰাস পায়। ১৯৩১ চনত কানাডাই স্বৰ্ণ মান্যতা ত্যাগ কৰাৰ পিছতেই কানাডিয়ান ডলাৰ আৰু আমেৰিকান ডলাৰৰ সংযোগ ব্যৱধান আহি পৰে।
কিছুসংখ্যক দেশে ডলাৰ নামটো অন্য ডলাৰৰ সৈতে কোনোধৰণৰ সংযোগ নথকা মুদ্ৰাৰ বাবেও ব্যৱহাৰ কৰিবলৈ লয়। এনে দেশসমূহৰ ভালেসংখ্যকৰ মুদ্ৰা ব্যৱস্থা পূৰ্বতে দশমিকীকৰণ ব্যৱস্থাৰ ভিতৰুৱা নাছিল। অষ্ট্ৰেলিয়ান ডলাৰ, নিউজিলেণ্ড ডলাৰ, জামাইকান ডলাৰ, কে’মেন আইলেণ্ড ডলাৰ, ফিজি ডলাৰ, নামিবিয়ান ডলাৰ, ৰ’ডেচিয়ান ডলাৰ, জিম্বাবৱে ডলাৰ আৰু চ’ল’মন আইলেণ্ড ডলাৰ এনে ডলাৰৰ উদাহৰণ।
ডলাৰ ব্যৱহাৰকাৰী দেশসমূহ
| দেশ | মুদ্ৰা | ISO 4217 কোড | প্ৰচলনৰ তাৰিখ | পূৰ্বৰ মুদ্ৰা |
|---|---|---|---|---|
| পূব কেৰিবিয়ান ডলাৰ | XCD | |||
| আৰু ইয়াৰ শাসনাধীন অঞ্চল | অষ্ট্ৰেলিয়ান ডলাৰ | AUD | ১৯৬৬-০২-১৪ | অষ্ট্ৰেলিয়ান পাউণ্ড ১৯১০-১৯৬৬ পাউণ্ড ষ্টাৰলিং ১৮২৫-১৯১০ |
| বাহামিয়ান ডলাৰ | BSD | বাহামিয়ান পাউণ্ড | ||
| বাৰ্বাডিয়ান ডলাৰ | BBD | |||
| বেলিজ ডলাৰ | BZD | 1973 | ব্ৰিটিছ হণ্ডুৰাম ডলাৰ | |
| বাৰ্মুডা ডলাৰ | BMD | |||
| ব্ৰুনেই ডলাৰ (চিংগাপুৰ ডলাৰৰ লগত) | BND (SGD) | |||
| কানাডিয়ান ডলাৰ | CAD | ১৮৫৮ | কানাডিয়ান পাউণ্ড ১৮৪১-১৮৫৮ স্পেনিচ ডলাৰ ১৮৪১ লৈকে নিউফাউণ্ডলেণ্ড ডলাৰ, নিউফাউণ্ডলেণ্ডৰ অধীনস্থ ঠাইসমূহত ১৯৪৯ লৈকে | |
| কেমেন আইলেণ্ডচ ডলাৰ | KYD | |||
| ইষ্ট কেৰিবিয়ান ডলাৰ | XCD | |||
| আমেৰিকান ডলাৰ | USD | |||
| আমেৰিকান ডলাৰ | USD | ২০০১ | ইকুৱেডৰিয়ান ছাক্ৰেই | |
| আমেৰিকান ডলাৰ | USD | ২০০১-০১-০১ | চালভাদ’ৰান ক’ল’ন | |
| ফিজিয়ান ডলাৰ | FJD | |||
| ইষ্ট কেৰিবিয়ান ডলাৰ | XCD | |||
| গুয়ানিজ ডলাৰ | GYD | |||
| হংকং ডলাৰ | HKD | ১৮৬৩ | টকা, স্পেনিচ ৰিয়েল, চীনা মুদ্ৰা | |
| জামাইকান ডলাৰ | JMD | ১৯৬৯ | জামাইকান পাউণ্ড | |
| কিৰিবাতি ডলাৰ (অষ্ট্ৰেলিয়ান ডলাৰৰ সৈতে) | N/A/AUD | |||
| লিবেৰিয়ান ডলাৰ | LRD | |||
| আমেৰিকান ডলাৰ | USD | |||
| আমেৰিকান ডলাৰ | USD | |||
| নামিবিয়ান ডলাৰ (দক্ষিণ আফ্ৰিকান ৰাণ্ডৰ সৈতে) | NAD | ১৯৯৩ | দক্ষিণ আফ্ৰিকান ৰাণ্ড | |
| অষ্ট্ৰেলিয়ান ডলাৰ | AUD | |||
| আৰু ইয়াৰ শাসনাধীন অঞ্চল | নিউজিলেণ্ড ডলাৰ | NZD | ১৯৬৭ | নিউজিলেণ্ড পাউণ্ড |
| আমেৰিকান ডলাৰ | USD | |||
| ইষ্ট কেৰিবিয়ান ডলাৰ | XCD | |||
| ইষ্ট কেৰিবিয়ান ডলাৰ | XCD | |||
| ইষ্ট কেৰিবিয়ান ডলাৰ | XCD | |||
| চিংগাপুৰ ডলাৰ | SGD | |||
| চ’ল’মন আইলেণ্ডচ ডলাৰ | SBD | |||
| চুৰিনামিজ ডলাৰ | SRD | ২০০৪ | ছুৰিনেমিজ গিল্ডাৰ | |
| নিউ টাইৱান ডলাৰ | TWD | ১৯৪৯ | ||
| ট্ৰিনিদাদ এণ্ড টবেগ’ ডলাৰ | TTD | |||
| টুভালুৱান ডলাৰ (অষ্ট্ৰেলিয়ান ডলাৰৰ সৈতে) | N/A/ AUD | |||
| আৰু ইয়াৰ শাসনাধীন অঞ্চল | আমেৰিকান ডলাৰ | USD | ১৭৯২ | স্পেনিচ ডলাৰ কলনিয়েল লিপি |
| আমেৰিকান ডলাৰ২৫ | USD | জিম্বাবৱেয়ান ডলাৰ |
ডলাৰ ব্যৱহাৰকাৰী অন্যান্য অঞ্চলসমূহ
*: ইষ্ট কেৰিবিয়ান ডলাৰ
- (নেদাৰলেণ্ড): আমেৰিকান ডলাৰ
*: আমেৰিকান ডলাৰ (পাউণ্ড ষ্টাৰলিঙৰ সৈতে) *: আমেৰিকান ডলাৰ
- (ফ্ৰান্স): কানাডিয়ান ডলাৰ (ইউৰোৰ সৈতে)
- (নেদাৰলেণ্ড): আমেৰিকান ডলাৰ
ডলাৰ গ্ৰহণকাৰী দেশসমূহ
- আফগানিস্তান: আমেৰিকান ডলাৰ
- বলিভিয়া: আমেৰিকান ডলাৰ
- কম্বোডিয়া: আমেৰিকান ডলাৰ
- ক’ষ্টাৰিকা: আমেৰিকান ডলাৰ
- গুৱাটেমালা: আমেৰিকান ডলাৰ২৬
- লেবানন: আমেৰিকান ডলাৰ
- মাকাও: হংকং ডলাৰ
- ম্যানমাৰ: আমেৰিকান ডলাৰ
- পানামা: আমেৰিকান ডলাৰ২৭
- পাৰাগুৱে: আমেৰিকান ডলাৰ
- পেৰু: আমেৰিকান ডলাৰ
- ফিলিপাইন: আমেৰিকান ডলাৰ
- উৰুগুৱে: আমেৰিকান ডলাৰ
- উত্তৰ কোৰিয়া: আমেৰিকান ডলাৰ
পূৰ্বতে ডলাৰ ব্যৱহাৰকাৰী দেশসমূহ
- মালয়েছিয়া: মালয়েচিয়ান ৰিংগিটক পূৰ্বতে মালয়েচিয়ান ডলাৰ বুলি কোৱা হৈছিল। ইংলেণ্ডৰ পৰা স্বাধীনতা লাভ কৰাৰ আগলৈকে মালয়েচিয়া আৰু কাষৰীয়া ঠাইসমূহে বিভিন্ন প্ৰকাৰৰ ডলাৰ ব্যৱহাৰ কৰিছিল।
- স্পেইন: বৰ্তমান ব্যৱহৃত ডলাৰ আৰু ইউৰো স্পেনিচ ডলাৰৰ ওচৰ সম্বন্ধীয়।
- ৰ’ডেচিয়া: ১৯৭০ চনত ৰ’ডেচিয়ান পাউণ্ডক আঁতৰাই ৰ’ডেচিয়ান ডলাৰে দেশখনৰ মুদ্ৰাৰ ঠাই দখল কৰে আৰু ১৯৮০ চনত জিম্বাবৱে প্ৰতিষ্ঠা হোৱালৈকে ই বাহাল থাকে।
- জিম্বাবৱে: এসময়ত জিম্বাবৱেত জিম্বাবৱে ডলাৰ ব্যৱহাৰ কৰা হৈছিল। পিছলৈ দেশখনে দক্ষিণ আফ্ৰিকান ৰাণ্ড, আমেৰিকান ডলাৰ,২৮ ইউৰো, পাউণ্ড ষ্টাৰলিং আৰু বটছৱানা পোলা গ্ৰহণ কৰে।
তথ্যসূত্ৰ
- ↑ Why Is The Dollar Sign A Letter S?. Observation Deck
- ↑ Lion Dollar — Introduction
- ↑ Taxation in Colonial America
- ↑ Dutch Colonial - Lion Dollar
- ↑ etymologiebank.nl
- ↑ Taxation in Colonial America
- ↑ Julian, R.W. (2007). All About the Dollar. Numismatist. পৃ. 41
- ↑ Cross, Bill. (2012). Dollar Default: How the Federal Reserve and the Government Betrayed Your Trust. পৃ. 17–18. ISBN 9781475261080
- ↑ National Geographic. June 2002. p. 1. Ask Us
- ↑ The First Modern Economy
- ↑ Lawrence Kinnaird (July 1976). "The Western Fringe of Revolution," The Western Historical Quarterly'7(3)', 259
- ↑ (1930). Origin of Dollar Sign is Traced to Mexico. Popular Science. পৃ. 59
- ↑ Florian Cajori ([1929]1993). A History of Mathematical Notations (Vol. 2), 15-29
- ↑ Arthur S. Aiton and Benjamin W. Wheeler (May 1931). "The First American Mint", The Hispanic American Historical Review'11(2)', 198 and note 2 on 198
- ↑ Nussbaum, Arthur. (1957). A History of the Dollar. Columbia University Press. পৃ. 56
- ↑ Riesco Terrero, Ángel (1983). Diccionario de abreviaturas hispanas de los siglos XIII al XVIII: Con un apendice de expresiones y formulas juridico-diplomaticas de uso corriente. Salamanca: Imprenta Varona, 350. ISBN 84-300-9090-8
- ↑ Bureau of Engraving and Printing. 'What is the origin of the $ sign?' in FAQ Library
- ↑ Act of April 2, A.D. 1792 of the Senate and House of Representatives of the United States of America in Congress assembled, Section 9
- ↑ Section 13 of the Act
- ↑ United States Statutes at Large
- ↑ Yeoman, RS. (1981). A Guide Book of United States Coins
- ↑ Ewart, James E. Money — Ye shall have honest weights and measures
- ↑ Herbert Appold Grueber. Handbook of the Coins of Great Britain and Ireland in the British Museum
- ↑ Monetary Madhouse, Charles Savoie, 2005. Silver-investor.com
- ↑ Alongside Zimbabwean dollar (suspended indefinitely from 12 April 2009), ইউৰো, Pound sterling, South African rand, Botswana pula, Australian dollar, Chinese yuan, ভাৰতীয় টকা and Japanese yen. The US Dollar has been adopted as the official currency for all government transactions
- ↑ Wojtanik, Andrew. (2005). Afghanistan to Zimbabwe. National Geographic Society. পৃ. 147
- ↑ Although called Panamanian balboas, US dollars circulate as official currency, since there are no Balboa bills, only coins that are the same size, weight and value as their US counterparts
- ↑ Adopted for all official government transactions
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডলাৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৮৪৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।