একুশে পদক বাংলাদেশৰ এক ৰাষ্ট্ৰীয় আৰু দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। বাংলাদেশৰ বিশিষ্ট সৈনিক, ভাষাবিদ, সাহিত্যিক, শিল্পী, শিক্ষাবিদ, গবেষক, সাংবাদিক, অৰ্থনীতিবিদ, দৰিদ্ৰতা দূৰীকৰণত অৱদানকাৰী আৰু সামাজিক প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়োৱা অনন্য অৱদানক স্বীকৃতি দিয়াৰ বাবে ১৯৭৬ চনৰ পৰা বাংলাদেশত একুশে পদক প্ৰদান আৰম্ভ কৰা হয়। ভাষা আন্দোলনৰ শ্বহীদসকলৰ স্মৰণত ১৯৭৬ চনত এই সন্মান প্ৰদানৰ প্ৰচলন আৰম্ভ কৰে বাংলাদেশ চৰকাৰে।
আক্ষৰিক অৰ্থ
বাংলাদেশৰ লোকৰ কাৰনে ২১ (একুশ) তাৰিখৰ বিশেষ এক অৱদান আছে, কিয়নো ২১ ফেব্ৰুৱাৰী ১৯৫২ চনত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ লগতে চহৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰসকলে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল, তেওঁলোকৰ দাবী আছিল বাংলা ভাষাক পূব পাকিস্তানৰ (বৰ্তমানৰ বাংলাদেশ) মাতৃভাষা স্বৰূপে স্বীকৃতি দিয়া। সেই অভিযান আৰু সংগ্ৰামত অংশ লোৱা বহুতো ছাত্ৰক সেই ২১ ফেব্ৰুৱাৰী তাৰিখে নিৰ্মম ভাৱে গুলিয়াই হত্যা কৰিছিল। ছাত্ৰসকলৰ ভাষাপ্ৰেম আৰু আত্মত্যাগক সন্মান দিয়াৰ উদ্দেশ্যে ২১ ফেব্ৰুৱাৰী দিনটোক ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাই আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰে।
ইতিহাস
বাংলাদেশৰ প্ৰথম সামৰিক শাসক জেনেৰেল জিয়াউব ৰহমান ১৯৭৬ চনত একুশে পদক সন্মান দিয়াৰ প্ৰচলন কৰিছিল। বঙ্গভবনত আয়োজিত হোৱা এটি অনুষ্ঠানত বিদ্ৰোহী কবি বুলি জনাজাত কাজী নজৰুল ইছলামক প্ৰথম বাৰৰ বাবে এই সন্মান আগবঢ়োৱা হৈছিল। ইয়াৰ পিছত পল্লীকবি জসীমউদ্দিনক বাংলা সাহিত্যত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে একুশে পদক দিয়া হৈছিল। ইয়াৰ পিছতে এই সন্মান লাভ কৰে বেগম সুফিয়া কামাল।
পদক
একুশে পদক সন্মান আগবঢ়োৱা সময়ত এই সন্মান প্ৰাপ্ত ব্যক্তিজনক এটি সোণৰ মেডেল, সন্মানপত্ৰ আৰু লগতে ১০০০০০ টকাও দিয়া হয়। এই টকাৰ পৰিমান আগত ২৫০০০ আছিল, কিন্তু ২০১৫ চনত এই টকাৰ পৰিমান ১০০০০০ কৰা হয়। একুশে পদক সন্মানত আগবঢ়োৱা মেডেলৰ আৰ্হি তৈৰি কৰিছিল চিত্ৰশিল্পী নিতিন কুণ্ডুৱে।
একুশে পদকত অন্তৰ্গত বিভিন্ন দিশ
শিল্পকলা, নৃত্য, সুকুমাৰ কলা, চিনেমাৰ তথা নাটক, সঙ্গীত আদি শিল্পকলাৰ বিভিন্ন দিশত বৰঙণি আগবঢ়োৱাৰ বাবে শিল্পকলাত একুশে পদক দিয়া হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একুশে পদক” প্ৰবন্ধৰ সংশোধন ২২৬৪১৩ (৯ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।