পুৰস্কাৰ
১৭ প্ৰবন্ধ
-
সৰস্বতী সন্মান
সৰস্বতী সন্মান (Saraswati Samman) হৈছে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখিত ২২টা ভাষাৰ যিকোনো এটাত লিখিত শ্ৰেষ্ঠ কাব্য বা গদ্যৰ বাবে প্ৰদান কৰা এক উল্লেখযোগ্য সাহিত্য পুৰস্কাৰ। হিন্দু ধৰ্মৰ জ্ঞানৰ দেৱী সৰস্বতীৰ নামেৰে এই বঁটাৰ নামাকৰণ কৰা হৈছে। সৈতে এখন প্ৰমাণ পত্ৰ আৰু এটি ফলক প্ৰদান কৰা হয়।
-
একুশে পদক
একুশে পদক বাংলাদেশৰ এক ৰাষ্ট্ৰীয় আৰু দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। বাংলাদেশৰ বিশিষ্ট সৈনিক, ভাষাবিদ, সাহিত্যিক, শিল্পী, শিক্ষাবিদ, গবেষক, সাংবাদিক, অৰ্থনীতিবিদ, দৰিদ্ৰতা দূৰীকৰণত অৱদানকাৰী আৰু সামাজিক প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়োৱা অনন্য অৱদানক স্বীকৃতি দিয়াৰ বাবে ১৯৭৬ চনৰ পৰা…
-
জামনালাল বাজাজ বঁটা
জামনালাল বাজাজ বঁটা, গান্ধীবাদৰ মূল্যবোধ, সমাজ সেৱা আৰু সামাজিক উন্নয়নৰ প্ৰচাৰৰ বাবে দিয়া এক ভাৰতীয় বঁটা। ১৯৭৮ চনত বাজাজ গ্ৰুপৰ জামনালাল বাজাজ ফাউণ্ডেচনে প্ৰতিষ্ঠা কৰা এই বঁটা বছৰি চাৰিটা ভাগত দিয়া হয়; আৰু সাধাৰণতে ভাৰতৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী বা কোনো আগশাৰীৰ ব্যক্তিয়ে এই…
-
ডি এছ চি পুৰস্কাৰ
ডি এছ চি পুৰস্কাৰ (DSC Prize for South Asian Literature) হৈছে দক্ষিণ এছিয়াৰ বিষয়ে লিখা যিকোনো জাতি বা ৰাষ্ট্ৰীয়তাৰ লেখকসকলক বছেৰেকীয়াকৈ দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা এক আন্তৰ্জাতিক সাহিত্য বঁটা। এই বঁটাই সংস্কৃতি, ৰাজনীতি, ইতিহাস বা মানুহ বিষয়ক উপন্যাসসমূহ সামৰি লয়।
-
আনন্দ পুৰস্কাৰ
আনন্দ পুৰস্কাৰ (Ananda Puraskar)) হ'ল ভাৰতৰ পশ্চিমবঙ্গৰ আনন্দ প্ৰকাশন গোটে বাৰ্ষিকভাৱে প্ৰদান কৰা এক সাহিত্য বঁটা।
-
চুকাফা বঁটা
চুকাফা বঁটা অসম চৰকাৰে প্ৰদান কৰা এক বঁটা। সমাজৰ বিভিন্ন দিশলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়। ২০০৫ চনৰ পৰা এই বঁটাৰ প্ৰচলন হয়। এই বঁটাত আছে দুই লাখ টকা, শৰাই, এৰী চাদৰ আৰু এখন প্ৰশস্তি পত্ৰ।
-
নন্দী বঁটা
নন্দী বঁটা (Nandi Award) হৈছে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰদ্বাৰা প্ৰদান কৰা এক বাৰ্ষিক বঁটা, যাৰ উদ্দেশ্য হৈছে তেলেগু চিনেমা, নাট্যমঞ্চ আৰু দূৰদৰ্শন ক্ষেত্ৰৰ উৎকৃষ্টতাক, লগতে ভাৰতীয় চিনেমালৈ আগবঢ়োৱা জীৱনজোৰা সাধনাৰ স্বীকৃতি প্ৰদান কৰা।
-
অমৃতা দেৱী বিষ্ণোই পৰিৱেশ সুৰক্ষা বঁটা
অমৃতা দেৱী বিষ্ণোই বন্যপ্ৰাণী সুৰক্ষা বঁটা ভাৰত চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰতিষ্ঠা কৰা এক ৰাষ্ট্ৰীয় বঁটা। ১৭৩০ চনত ৰাজস্থানৰ খেজাৰলীত খেজৰি গছৰ বাগিছা এখন ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত খেজাৰলী হত্যাকাণ্ডত নিহত হোৱা অমৃতা দেৱী বিষ্ণোইৰ স্মৃতিত এই বঁটা প্ৰদান কৰা হৈছে।
-
এমা থমাছ
এমা থমাছ নোলান ( জন্ম ৯ ডিচেম্বৰ ১৯৭১ চনত)হৈছে যুক্তৰাজ্যৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক। এখেত পতি ক্ৰিষ্টোফাৰ নোলানৰ লগত অংশীদাৰ হৈ বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰাৰ বাবে বিশ্বজুৰি বিখ্যাত হৈছে। এওঁ 'নোলান'ৰ সকলো বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰি বিশ্বজুৰি ৬ বিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰিছে।
-
গান্ধী শান্তি বঁটা
গান্ধী শান্তি বঁটা (Gandhi Peace Award) হৈছে বছৰি প্ৰদান কৰা এক বঁটা আৰু নগদ পুৰস্কাৰ।এই বঁটা আন্তৰ্জাতিক শান্তি আৰু সদিচ্ছাৰ প্ৰচাৰত আগবঢ়োৱা অৱদানৰ বাবে ব্যক্তিসকলক প্ৰদান কৰা হয়।
-
পৃথিৱীৰ বিভিন্ন বঁটা আৰু সন্মান
বিজ্ঞান, চলচ্চিত্ৰ, সাহিত্য, সাংবাদিকতা, সমাজসেৱা, শান্তি আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক প্ৰদান কৰা পৃথিৱীৰ কেইটামান উল্লেখযোগ্য বঁটাৰ তথ্য ইয়াত প্ৰকাশ কৰা হৈছে।
-
আহমদ আলি বাঁশকান্দি বঁটা
আহমদ আলি বাঁশকান্দি বঁটা হৈছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা প্ৰদান কৰা এটি মৰ্য্যদাপূৰ্ণ বঁটা। এই বঁটা ভাষা, সাহিত্য, সংস্কৃতি আৰু সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰদান কৰা হয়।
-
উইমেন ইন বিজনেছ বঁটা
উইমেন ইন বিজনেছ বঁটা: The Women in Business Award হৈছে ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সন্মিলন (UNCTAD) দ্বাৰা প্ৰদান কৰা দ্বি-বাৰ্ষিক পুৰস্কাৰ। এই প্ৰতিযোগিতা EMPRETEC কাৰ্যসূচীত অংশগ্ৰহণ কৰা মহিলাসকলৰ বাবে সীমিত। প্ৰথমবাৰৰ বাবে এই পুৰস্কাৰ ২০০৮ চনত প্ৰদান কৰা হৈছিল।
-
গংগাধৰ ৰাষ্ট্ৰীয় বঁটা
গংগাধৰ ৰাষ্ট্ৰীয় বঁটা হৈছে উৰিষ্যাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ে সাহিত্য, বিশেষকৈ কবিতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা এটি সাহিত্য বঁটা। কবি গংগাধৰ মেহেৰৰ নামত এই বঁটা নামাকৰণ কৰা হৈছে। ১৯৯১ চনত আলি চৰ্দাৰ জাফ্ৰিক প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল।
-
দীনবন্ধু পুৰস্কাৰ
দিনবন্ধু পুৰস্কাৰ হ'ল পশ্চিম বংগৰ এক সন্মানীয় নাট্য বঁটা। ১৯৮৩ চনত পশ্চিম বংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ নাট্য উপদেষ্টা ব’ৰ্ডে বাংলা নাট্য জগতলৈ আগ বঢে়াৱা সামগ্ৰিক অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদানৰ সিদ্ধান্ত লয়। ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈকে নাট্য উপদেষ্টা ব’ৰ্ডে এই পুৰস্কাৰ প্ৰদান কৰে।
-
নীৰজা ভানোট বঁটা
নীৰজা ভানোট বঁটা হৈছে ভাৰতৰ নীৰজা ভানোট - পান আম ট্ৰাষ্টে বছৰত এবাৰলৈকে সামাজিক অন্যায়ৰ বলি হোৱা সেই দেশৰ এগৰাকী মহিলাক প্ৰদান কৰা স্বীকৃতিৰ বঁটা, যিয়ে পৰিস্থিতিৰ সৈতে গ্ৰিট আৰু দৃঢ়তাৰে মুখামুখি হয় আৰু একেধৰণৰ দুৰ্দশাগ্ৰস্ত আন মহিলাসকলকো সহায় আগবঢ়ায়।
-
ৰাজা ৰাম মোহন ৰায় বঁটা
ৰাজা ৰাম মোহন ৰায় বঁটা ভাৰতৰ প্ৰেছ কাউন্সিলে ভাৰতৰ সাংবাদিকতাত সৰ্বাধিক উৎকৃষ্টতা প্ৰদৰ্শন কৰাসকলক প্ৰতি বছৰে প্ৰদান কৰা বঁটা। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যে ১৬ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠানত ইয়াক উপস্থাপন কৰা হৈছিল।