বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এটা ইণ্ডো-আৰ্য ভাষা। ভাৰতৰ মূলতঃ অসম, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্য, বাংলাদেশৰ চিলেট অঞ্চল, ম্যানমাৰ আদি দেশত এই ভাষাটো প্ৰচলিত। বিষ্ণুপ্ৰিয়া মনিপুৰী লোকসকলে নিজৰ ভাষাক ইমাৰ ঠাৰ বা মাতৃভাষা বোলে। এই ভাষা লিখিবৰ বাবে অসমীয়া-বঙালী লিপিৰ ব্যৱহাৰ কৰা হয়। বিষ্ণুপ্ৰিয়া মণিপুৰীত বঙালী 'ব়' আৰু অসমীয়া 'ৱ' ব্যৱহাৰ কৰা হয়।
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত অন্যান্য ভাষাৰ প্ৰভাৱ
- তৎসম শব্দ প্ৰায় ১০,০০০
- হিন্দী, বঙালী আৰু অসমীয়া শব্দ প্ৰায় ৮,০০০
- মণিপুৰী শব্দ প্ৰায় ৪,০০০১
- তৎভব শব্দ প্ৰায় ২,০০০
- আৰবী-পাৰ্চী শব্দ প্ৰায় ২,০০০
- ইংৰাজী শব্দ প্ৰায় ২,০০০
- দেশী শব্দ প্ৰায় ২,০০০
- অৰ্ধ-তৎসম প্ৰায় ১,৫০০
উল্লেখযোগ্য সাহিত্যিক
ভাৰতৰ:
- অধ্যাপক ব্ৰজেন্দ্ৰ কুমাৰ সিংহ - বঙালী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- ড॰ কালি প্ৰসাদ সিংহ - সংস্কৃত আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- বৰুণ কুমাৰ সিংহ -ইংৰাজী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- দিল্স লক্ষ্মীন্দ্ৰ কুমাৰ সিংহ - অসমীয়া আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- দিল্স দেবজ্যোতি সিংহ - ইংৰাজী, অসমীয়া আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
বাংলাদেশৰ:
- শুভাশিস সমীৰ - বঙালী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- অধ্যাপক ৰনজিত সিংহ - বঙালী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
- অসীম কুমাৰ সিংহ - ইংৰাজী, বঙালী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী।
তথ্যসূত্ৰ
- ↑ Gelbukh, Alexander. (18 April 2014). Computational Linguistics and Intelligent Text Processing: 15th International Conference, CICLing 2014, Kathmandu, Nepal, April 6-12, 2014, Proceedings, Part I. Springer. পৃ. 207. ISBN 978-3-642-54906-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২২২৯ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।