উত্তৰ পূব ভাৰত
২২ প্ৰবন্ধ
-
অসম
অসম উত্তৰ-পূব ভাৰতৰ এক গুৰুত্বপূৰ্ণ ৰাজ্য, যাৰ ভৌগোলিক-সাংস্কৃতিক পৰিচয় গঢ় লৈছে মূলতঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কেন্দ্ৰ কৰি। ইতিহাসত কামৰূপ–প্ৰাগজ্যোতিষপুৰ পৰম্পৰা আৰু পিছত টাই-আহোম জনগোষ্ঠীৰ উত্থানৰ যোগেদি এই ভূখণ্ডে পৃথক ৰাজনৈতিক-সাংস্কৃতিক ধাৰা লাভ কৰে।
-
উত্তৰ-পূব ভাৰত
উত্তৰ-পূব ভাৰত বুলিলে ভাৰতৰ একেবাৰে পূবদিশত থকা সাতভনী ৰাজ্যসমূহ, ছিক্কিম আৰু উত্তৰ বংগৰ কিছু অংশক (দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰ জিলা) বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক।
-
মেঘালয়
মেঘালয় (Meghalaya, मेघालय) হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। সংস্কৃত ভাষাত "মেঘালয়" শব্দৰ অৰ্থ হৈছে মেঘৰ আলয় (Abode of Clouds)। পূবা-পশ্চিমাকৈ ই প্ৰায় ৩০০ কিঃমিঃ আৰু বহলে প্ৰায় ১০০ কিঃমিঃ। ইয়াৰ উত্তৰে অসম আৰু দক্ষিণে বাংলাদেশ অৱস্থিত। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং।
-
মণিপুৰ
মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসম ৰাজ্য আৰু পূৱ দিশত ম্যানমাৰ আছে।
-
ত্ৰিপুৰা
ত্ৰিপুৰা (Tripura) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ই ভাৰতৰ সাতভনী ৰাজ্যৰ মাজত মাটিকালিৰ ফালৰপৰা তৃতীয়তম সৰু ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ৪০৫১ বৰ্গ কিঃমিঃ। ইয়াক উত্তৰ, দক্ষিণ আৰু পশ্চিম দিশৰপৰা বাংলাদেশে আগুৰি আছে। অসম আৰু মিজোৰাম ইয়াৰ উত্তৰ দিশত অৱস্থিত। ইয়াৰ ৰাজধানী হৈছে আগৰতলা।
-
নাগালেণ্ড
নাগালেণ্ড (Nagaland) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। নাগালেণ্ডৰ পশ্চিমে অসম, উত্তৰলৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশ, পূৱে ম্যানমাৰ আৰু দক্ষিণলৈ মণিপুৰ। ৰাজ্যৰ ৰাজধানী ক’হিমা, আৰু বৃহত্তম নগৰ ডিমাপুৰ, নাগালেণ্ডৰ মাটিকালি প্ৰায় ১৬,৫৭৯ km2 আৰু ২০১১ চনৰ লোকপিয়ল মতে জনসংখ্যা ১,৯৮০,৬০২ (ঊনৈশ লাখ আশী হাজাৰ…
-
ছিক্কিম
ছিক্কিম (Sikkim; ) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ছিক্কিমৰ জনসংখ্যা আৰু মাটিকালি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ পিছতেই আটাইতকৈ কম। ছিক্কিম নামজ্ঞাল ৰাজবংশৰ দ্বাৰা শাসিত এখন স্বাধীন ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰশাসনিক সমস্যাৰ ফলত হোৱা এক জনমতৰ পিছত ই ভাৰতবৰ্ষৰ লগত মিলি যায়।
-
মিজোৰাম
মিজোৰাম (Mizoram) (ইয়াৰ অৰ্থ হৈছে: মি 'মানুহ', জো 'পাহাৰ', ৰাম 'দেশ', পাহাৰীয়া লোকৰ দেশ/ মিজো লোকৰ") হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াক চাৰিওদিশৰপৰা ত্ৰিপুৰা, অসম, মণিপুৰ তথা প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু ম্যানমাৰে আগুৰি আছে।
-
পাটকাই
পাটকাই (𑜆𑜡𑜄𑜫 𑜀𑜩,Patkai) হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত পৰ্বতমালা। ই জৈৱ-বৈচিত্ৰৰে চহকী ঘন চিৰ সেউজীয়া বৰ্ষাৰণ্যৰে ভৰা এক অঞ্চল। কেইবাটাও জনগোষ্ঠীয়েও এই অঞ্চলত বসবাস কৰে। পাটকাই পৰ্বত অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ উপৰিও ম্যানমাৰ দেশলৈ বিস্তৃত হৈ আছে।
-
নেফা
উত্তৰ-পূব সীমান্ত অঞ্চল বা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী (চমুকৈ নেফা) আছিল ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ এক ৰাজনৈতিক সমষ্টি। ১৯৭২ চনলৈ ই সংযুক্ত ভাৰতবৰ্ষৰ অংশ হিচাপে থাকে আৰু পিছত অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত হয়। ১৯৭৪ চনলৈ ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙত আছিল আৰু পিছত ইটানগৰলৈ স্থানান্তৰিত কৰা হৈছিল।
-
কহিমা
কহিমা হৈছে ভাৰতৰ উত্তৰ-পূব ৰাজ্য নাগালেণ্ডৰ ৰাজধানী। প্ৰায় ১,০০,০০০ জনসংখ্যাৰ সৈতে ই ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম চহৰ। মূলতঃ কেভিৰা নামেৰে জনাজাত কহিমা ১৮৭৮ চনত প্ৰতিষ্ঠা হৈছিল যেতিয়া ব্ৰিটিছ সাম্ৰাজ্যই ইয়াত পূৰ্বৰ নাগা পাহাৰত মুখ্য কাৰ্যালয় স্থাপন কৰিছিল।
-
উত্তৰ পূব পৰিষদ
উত্তৰ-পূব পৰিষদ অইন, ১৯৭১ অধীনত উত্তৰ-পূব পৰিষদ (NEC)-ৰ গঠন হৈছিল আৰু ১৯৭২ চনৰ ১ আগষ্ট তাৰিখত ভাৰতৰ ৰাষ্ট্ৰপতিৰ এটি আদেশৰ বলত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষণা-বেক্ষণৰ বাবে এখন আঞ্চলিক সংগঠন হিচাপে ইয়াক আনুষ্ঠানিক ভাবে স্থাপন কৰা হৈছিল।
-
আখুনি (খাদ্য)
আখুনি (Axone) হৈছে মূলতঃ নাগালেণ্ডত পৰম্পৰাগতভাৱে সংৰক্ষণ কৰি ৰখা ছয়াবীন। আখুনি শব্দটো চুমী নগা ভাষাৰ পৰা উদ্ভৱ হৈছে। ই 'আখু' আৰু 'নি' এই দুটা শব্দৰে গঠিত। 'আখু' শব্দৰ অৰ্থ 'গোন্ধ' আৰু 'নি' শব্দৰ অৰ্থ 'গভীৰ' বা 'শক্তিশালী'। গতিকে আক্ষৰিক অৰ্থত আখুনিয়ে তীব্ৰ গোন্ধকে সূচায়।
-
আপাটানি
আপাটানি অৰুণাচল প্ৰদেশৰ নিম্ন সোৱনশিৰি অঞ্চলৰ জিৰো উপত্যকাত বসবাস কৰা এটা জনগোষ্ঠীৰ নাম৷
-
আগালমাকা
আগালমাকা (Agalmaka) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ গাৰো জনগোষ্ঠীৰ এক কৃষিভিত্তিক লোক উৎসৱ।
-
উজ্জয়ন্ত প্ৰসাদ
উজ্জয়ন্ত প্ৰসাদ হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজ্যিক সংগ্ৰহালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ পূৰ্বৰ ৰাজকীয় প্ৰসাদ। এই ৰাজপ্ৰসাদটো ১৯০১ চনত মহাৰাজ ৰাধা কিশোৰ মণিক্যই নিৰ্মাণ কৰিছিল। ১৯৭৩ চনৰ পৰা ২০১১ চনলৈ ইয়াক ৰাজ্যিক আইনসভা অনুষ্ঠিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
-
উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয়
উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। ভাৰত চৰকাৰে ২০০১ চনৰ ছেপ্টেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে এই মন্ত্ৰণালয় প্ৰতিষ্ঠা কৰিছিল।
-
উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ বিষয়সমূহ
উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ বিষয়সমূহ (ইংৰাজী: Human rights issues in northeast India) সংবাদ মাধ্যমত আৰু মানৱ অধিকাৰ কৰ্মীসকলে বহুলভাৱে প্ৰকাশ কৰি আহিছে।
-
চেলা সুৰংগ
চেলা সুৰংগ অসমৰ গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ মাজত সৰ্ববতৰ সংযোগৰ সুবিধা প্ৰদান কৰা ৩,০০০ মিটাৰ (৯,৮০০ ফুট) উচ্চতাৰ এটা পথ সুৰংগ হৈছে ছেলা সুৰংগ। ১৩ হাজাৰ ফুট উচ্চতাৰ এই সুৰংগটো হৈছে বিশ্বৰ আটাইতকৈ দীঘল দুলেনযুক্ত সুৰংগ।
-
ডফলা পাহাৰ
ডফলা বা ডাফলা পাহাৰ হৈছে পশ্চিম অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমান্তত থকা এটা পাহাৰীয়া অঞ্চল য'ত ডফলা নামৰ এটা স্বতন্ত্ৰ জনগোষ্ঠীয়ে বসবাস কৰিছিল। এই অঞ্চল তেজপুৰ আৰু উত্তৰ লখিমপুৰ মহকুমাৰ উত্তৰে অৱস্থিত আৰু ইয়াৰ পশ্চিমে অকা পাহাৰ আৰু পূবে আবৰ পাহাৰ।
-
নীৰমহল
নীৰমহল যাক টুইজিলিকমা নুয়ুং অৰ্থাৎ'জল প্ৰাসাদ' বুলিও জনা যায়। নীৰমহল হৈছে ত্ৰিপুৰা ৰাজ্যৰ এটা প্ৰাক্তন ৰাজকীয় প্ৰাসাদ। এই নীৰমহলটো ১৯৩০ চনত মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে নিৰ্মাণ কৰিছিল।এই মহলটো ভাৰতৰ আটাইতকৈ ডাঙৰ পানীৰ প্ৰাসাদ।
-
শ্বিলং চেৰী ব্লছম ফেষ্টিভেল
শ্বিলং চেৰী ব্লছম ফেষ্টিভেল (Shillong Cherry Blossom Festival) মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হোৱা এক বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান। মূলতঃ নৱেম্বৰ মাহত উদ্যাপন কৰা, এই উৎসৱটো চেৰী ফুল (চেৰী ব্লছম নামেৰে পৰিচিত)ৰ ফুলাৰ কালছোৱাৰ সৈতে মিল খায়।