অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছেম অল্টমেন

ছেমুৱেল হেৰিছ অল্টমেন (Sam Altman; জন্ম: ২২ এপ্ৰিল, ১৯৮৫) এজন আমেৰিকান প্ৰযুক্তি-উদ্যোগী আৰু বিনিয়োগকাৰী। তেওঁ ২০১৯ চনৰ পৰা অ’পেনএআই-ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অধিক পৰিচিত। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক কম সময়ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰি পুনৰ নিযুক্তি দিয়া হয়।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ১,৩৯১ শব্দ · ৮ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ছেমুৱেল হেৰিছ অল্টমেন (Sam Altman; জন্ম: ২২ এপ্ৰিল, ১৯৮৫) এজন আমেৰিকান প্ৰযুক্তি-উদ্যোগী আৰু বিনিয়োগকাৰী। তেওঁ ২০১৯ চনৰ পৰা অ’পেনএআই-ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অধিক পৰিচিত। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক কম সময়ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰি পুনৰ নিযুক্তি দিয়া হয়।১ তেওঁক কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) উত্থানৰ অন্যতম অগ্ৰণী ব্যক্তি হিচাপে বিবেচনা কৰা হয়।২৩৪

দুবছৰৰ পাছত ষ্টেনফৰ্ড বিশ্ববিদ্যালয় এৰি অল্টমেনে লুপ্ট নামৰ এটা ম’বাইল ছ’চিয়েল নেটৱৰ্কিং সেৱা প্ৰতিষ্ঠা কৰে আৰু ৩ কোটি ডলাৰতকৈ অধিক বিনিয়োগ সংগ্ৰহ কৰে। ২০১১ চনত অল্টমেনে ষ্টাৰ্টআপ এক্সিলেৰেটৰ ৱাই কম্বিনেটৰত যোগদান কৰে আৰু ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে ইয়াৰ সভাপতি পদত অধিষ্ঠিত হৈ থাকে।৫ তেওঁ স্বচ্ছ শক্তি কোম্পানী হেলিয়ন এনাৰ্জী৬ আৰু অক্ল’ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে (২০২৫ চনৰ এপ্ৰিল মাহলৈকে)।৭ ২০২৫ চনৰ মে’ মাহ পৰ্যন্ত অল্টমেনৰ সম্পত্তিৰ পৰিমাণ ১.৫ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে।৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮৫ চনৰ ২২ এপ্ৰিলত ইলিনয়ৰ চিকাগোত৯১০ ইহুদী পৰিয়ালত১১ জন্মগ্ৰহণ কৰা অল্টমেনে মিছৌৰীৰ ছেইণ্ট লুইছত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ মাক চৰ্ম-বিশেষজ্ঞ, আৰু দেউতাক আছিল ৰিয়েল এষ্টেটৰ দালাল। চাৰিজন ভাই-ভনীৰ ভিতৰত অল্টমেন ডাঙৰ।২ আঠ বছৰ বয়সত তেওঁ প্ৰথম কম্পিউটাৰ এপল মেকিণ্টশ্ব লাভ কৰে আৰু কম্পিউটাৰৰ হাৰ্ডৱেৰ ক’ড আৰু পৃথক কৰিবলৈ শিকিবলৈ আৰম্ভ কৰে।১২১৩ তেওঁ মিছৌৰীৰ লাডুৰ ব্যক্তিগত বিদ্যালয়জন বাৰ’ছ স্কুলত পঢ়িছিল।১৪ ২০০৫ চনত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত দুবছৰ কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰাৰ পাছত তেওঁ স্নাতক ডিগ্ৰী লাভ নকৰাকৈয়ে শিক্ষা বাদ দিয়ে।১৫১৬

কৰ্মজীৱন

প্ৰাৰম্ভিক কৰ্মজীৱন

২০০৫ চনত ১৯ বছৰ বয়সত১৭ ছেম অল্টমেনে লুপ্ট (Loopt) নামৰ১৮ এটা স্থানভিত্তিক সামাজিক নেটৱৰ্কিং ম’বাইল এপ্লিকেশ্যনৰ সহ-প্ৰতিষ্ঠা কৰে। মুখ্য কাৰ্যবাহী বিষয়া হিচাপে তেওঁ কোম্পানীটোৰ বাবে ৩ কোটি ডলাৰতকৈ অধিক ভেঞ্চাৰ কেপিটেল সংগ্ৰহ কৰে, য’ত এক্সফাণ্ডৰ পেট্ৰিক চুং আৰু নিউ এণ্টাৰপ্ৰাইজ এছ’চিয়েট্‌ছৰ তেওঁৰ দলৰ পৰা প্ৰাৰম্ভিকভাৱে ৫ মিলিয়ন ডলাৰ বিনিয়োগ কৰা হয় আৰু তাৰপাছত চেকুয়া কেপিটেল আৰু ৱাই কম্বিনেটৰৰ পৰা বিনিয়োগ কৰা হয়।১৯ ২০১২ চনৰ মাৰ্চ মাহত লুপ্টে ব্যৱহাৰকাৰীৰ মাজত পৰ্যাপ্ত পৰিচিতি লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছত কোম্পানীটোক গ্ৰীণ ডট কৰ্প’ৰেশ্যনে ৪৩.৪ মিলিয়ন ডলাৰত ক্ৰয় কৰে।২০

২০১১ চনত অল্টমেন ৱাই কম্বিনেটৰ (ৱাইচি)ৰ অংশীদাৰ হয়, যিটো এটা ষ্টাৰ্টআপ এক্সিলেৰেটৰ। ৱাইচি-এ বহু ষ্টাৰ্টআপত বিনিয়োগ কৰে। তেওঁলোকে প্ৰথমতে অংশকালীন ভিত্তিত কাম কৰে।২১ ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত সহ-প্ৰতিষ্ঠাপক পল গ্ৰেহামে তেওঁক ৱাইচি-ৰ সভাপতি হিচাপে নিযুক্তি দিয়ে।২২ ২০১৪ চনৰ এটা ব্লগ প’ষ্টত অল্টমেনে কয় যে ৱাইচি কোম্পানীসমূহৰ মুঠ মূল্যই এয়াৰবিএনবি, ড্ৰপবক্স, জেনেফিট্‌ছ আৰু ষ্ট্ৰাইপকে ধৰি ৬৫ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে।২৩ তেওঁ বছৰি ১০০০টা নতুন কোম্পানীক পুঁজিৰ বাবে ৱাইচি সম্প্ৰসাৰণ কৰাৰ লক্ষ্য লৈছিল আৰু পুঁজিৰে সহায় কৰা কোম্পানীসমূহৰ প্ৰকাৰসমূহ প্ৰসাৰ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে প্ৰধানকৈ "কঠিন প্ৰযুক্তি" ষ্টাৰ্টআপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।২৪

২০১২ চনৰ এপ্ৰিল মাহত অল্টমেনে তেওঁৰ ভাতৃ জেক অল্টমেনৰ সৈতে হাইড্ৰ’জীন কেপিটেলৰ সহযোগী প্ৰতিষ্ঠা কৰে।২৫২৬ ভেঞ্চাৰ কেপিটেল ফাৰ্মখন এতিয়াও চলি আছে আৰু ই প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰযুক্তিৰ বিনিয়োগত গুৰুত্ব আৰোপ কৰে।২৭

২০১৫ চনৰ অক্টোবৰ মাহত অল্টমেনে ৱাইচি কণ্টিনিৱিটী ঘোষণা কৰে, যিটো ৭০ কোটি ডলাৰৰ ইকুইটী ফাণ্ড; যি ৱাইচি কোম্পানীসমূহ পৰিপক্ব হোৱাৰ লগে লগে বিনিয়োগ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।২৮২৯ এসপ্তাহৰ আগতে তেওঁ ৱাই কম্বিনেটৰ ৰিছাৰ্চ নামৰ এটা অলাভজনক গৱেষণাগাৰ প্ৰৱৰ্তন কৰিছিল আৰু ইয়াক প্ৰতিষ্ঠা কৰিবলৈ নিজৰ ধনৰ এক কোটি ডলাৰ দান কৰিছিল।৩০

২০১৬ চনৰ ছেপ্টেম্বৰ মাহত অল্টমেনে ৱাই চি গ্ৰুপৰ সভাপতি হিচাপে নিজৰ সম্প্ৰসাৰিত ভূমিকা ঘোষণা কৰে, য’ত ৱাই কম্বিনেটৰ আৰু অন্যান্য ইউনিটসমূহ অন্তৰ্ভুক্ত আছিল।৩১

২০১৯ চনৰ মাৰ্চ মাহত ৱাইচি-এ অল্টমেনক সভাপতিৰ পৰা অধ্যক্ষলৈ পদ পৰিৱৰ্তন কৰাৰ কথা ঘোষণা কৰে, যাৰ ফলত তেওঁ অ'পেনএআইত মনোনিৱেশ কৰিব পাৰে।৩২৩৩ ৱাইচি-এ নিজৰ মুখ্য কাৰ্যালয় ছান ফ্ৰাঞ্চিস্কোলৈ স্থানান্তৰ কৰাৰ কথা ঘোষণা কৰাৰ কিছু সময়ৰ পাছতে এই সিদ্ধান্ত লোৱা হয়।২১ ২০২০ চনৰ আৰম্ভণিত তেওঁ ৱাইচি-ৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হয়।৩৪

২০১৯ চনত অল্টমেনে লাভজনক কোম্পানী টুল্‌ছ ফৰ হিউমেনিটীৰ৩৫ সহ-প্ৰতিষ্ঠাপক হয়, যিয়ে মানুহৰ চকু স্কেন কৰি প্ৰমাণীকৰণ আৰু প্ৰৱঞ্চনা প্ৰতিহত কৰাৰ উদ্দেশ্যে ব্যক্তিত্বৰ প্ৰমাণ পৰীক্ষা কৰিবলৈ ব্যৱস্থা নিৰ্মাণ আৰু বিতৰণ কৰে। যিসকল অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ চকু স্কেন কৰিবলৈ সন্মত হয় তেওঁলোকক ৱৰ্ল্ডকইন নামৰ ক্ৰিপ্ট’কাৰেঞ্চীৰ দ্বাৰা ক্ষতিপূৰণ দিয়া হয়।৩৬৩৭৩৮৩৯ টুল্‌ছ ফৰ হিউমেনিটীয়ে ইয়াৰ ক্ৰিপ্ট’কাৰেঞ্চীক সাৰ্বজনীন মৌলিক আয়ৰ সৈতে একে বুলি বৰ্ণনা কৰিছে।৪০৪১ গোপনীয়তা আৰু জালিয়াতিৰ উদ্বেগ উল্লেখ কৰি টুল্‌ছ ফৰ হিউমেনিটীয়ে আমেৰিকাত সেৱা প্ৰদান নকৰে।৪২ কোম্পানীটোৱে কাম কৰা প্ৰথম দেশসমূহৰ ভিতৰত এখন আছিল কেনিয়া।৪৩ বায়’মেট্ৰিক ডেটাৰ গোপনীয়তা আৰু সম্ভাৱ্য জালিয়াতিৰ উদ্বেগক লৈ আইনী উদ্বেগ উল্লেখ কৰি ফ্ৰাঞ্চ, যুক্তৰাজ্য, বাভাৰিয়া, দক্ষিণ কোৰিয়া, কেনিয়া, স্পেইন, পৰ্তুগাল আৰু হংকঙৰ নিয়ন্ত্ৰকসকলে ৱৰ্ল্ডকইনৰ তদন্ত বা নিলম্বন কৰিছে।৪৪

অ’পেনএআই

ডীপমাইণ্ডৰ চিইঅ’ ডেমিছ হাছাবিছ, এন্থ্ৰপিকৰ চিইঅ’ ডাৰিয়া আমোদেই আৰু অ’পেনএআই-ৰ চিইঅ’ ছেম অল্টমেনৰ সৈতে সাক্ষাৎ কৰে। ২০২৩ চনৰ মে’ মাহত।]]

প্ৰথম অৱস্থাত অ’পেনএআই-ৰ বাবে অল্টমেন, গ্ৰেগ ব্ৰকমেন, ইলন মাস্ক, জেচিকা লিভিংষ্টন, পিটাৰ থিল, মাইক্ৰ’ছফ্ট, এমাজন ৱেব ছাৰ্ভিচেছ, ইনফ’ছিছ আৰু ৱাইচি ৰিছাৰ্চে ধন আগবঢ়াইছিল। ২০১৫ চনত যেতিয়া অ’পেনএআই আৰম্ভ হৈছিল, তেতিয়া ই ১ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছিল।৪৫ ২০১৯ চনৰ মাৰ্চ মাহত অল্টমেনে ৱাই কম্বিনেটৰ এৰি চিইঅ’ হিচাপে অ’পেনএআই-ত পূৰ্ণকালীনভাৱে মনোনিৱেশ কৰে।৪৬১ ২০১৯ চনৰ গ্ৰীষ্মকাললৈকে তেওঁ মাইক্ৰ’ছফ্টৰ পৰা ১ বিলিয়ন ডলাৰ সংগ্ৰহ কৰাত সহায় কৰিছিল।৪৭

অল্টমেনে ২০২৩ চনৰ ১৬ মে’ত আমেৰিকাৰ ছেনেটৰ গোপনীয়তা, প্ৰযুক্তি আৰু আইন উপসমিতিৰ সন্মুখত এআইৰ তদাৰকী বিষয়সমূহৰ বিষয়ে সাক্ষ্য দিছিল।৪৮ কোম্পানীটোৰ চেটবট এপ্লিকেশ্যন চেটজিপিটিৰ সফলতাৰপাছত ২০২৩ চনৰ মে’ মাহত অল্টমেনে বিশ্ব ভ্ৰমণ কৰিছিল, য’ত তেওঁ ২২খন দেশ ভ্ৰমণ কৰিছিল আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাক, ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজ, জাৰ্মানীৰ চাঞ্চেলৰ অলাফ শ্ব’ল্‌জ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন ছুক-ইয়ল আৰু ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগকে ধৰি একাধিক নেতা আৰু কূটনীতিবিদক লগ পাইছিল। তেওঁ ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্ছুলা ভন ডেৰ লেয়েনৰ সৈতে এখন ফটোৰ বাবে থিয় হৈছিল।২

অ’পেনএআই-ৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পৰা অপসাৰণ আৰু পুনৰ্নিযুক্তি

১৭ নৱেম্বৰ, ২০২৩, শুকুৰবাৰে গৱেষক হেলেন টনাৰ, কুঅ’ৰাৰ চিইঅ’ এডম ডি এঞ্জেল’, এআই-ৰ শাসনৰ অধিবক্তা টাছা মেকক’লী আৰু অ’পেনএআই-ৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য বিজ্ঞানী ইলিয়া ছাটস্কেভাৰে ঘোষণা কৰে যে তেওঁলোকে অল্টমেনক চিইঅ’ আৰু গ্ৰেগ ব্ৰকমেনক ব’ৰ্ডৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁলোক দুয়োজনেই সহ-প্ৰতিষ্ঠাপক আছিল।৪৯ এই ঘোষণাত উল্লেখ কৰা হৈছে যে অল্টমেনে "নিজৰ যোগাযোগত ধাৰাবাহিকভাৱে স্পষ্টবাদী নাছিল"।৫০৪৯ ইয়াৰ উত্তৰত ব্ৰকমেনে অ'পেনএআইৰ সভাপতি হিচাপে নিজৰ ভূমিকাৰ পৰা পদত্যাগ কৰে।৫১ অল্টমেনক আঁতৰোৱাৰ পাছদিনা দা ভাৰ্জে প্ৰতিবেদন দিছিল যে অল্টমেন আৰু ব’ৰ্ডে তেওঁক অ’পেনএআই-লৈ ঘূৰাই অনাৰ বাবে আলোচনাত মিলিত হৈছে।৫২

২০ নৱেম্বৰত মাইক্ৰ’ছফ্টৰ চিইঅ’ সত্য নাডেলাই ঘোষণা কৰে যে অল্টমেনে মাইক্ৰ’ছফ্টৰ সৈতে যোগদান কৰি নতুন উন্নত এআই গৱেষণা দলৰ নেতৃত্ব দিব।৫৩ দুদিন পাছত অ’পেনএআই-ৰ কৰ্মচাৰীসকলে ব’ৰ্ডলৈ এখন মুকলি পত্ৰ প্ৰকাশ কৰি অ’পেনএআই এৰি মাইক্ৰ’ছফ্টত যোগদান কৰাৰ ভাবুকি দিয়ে, য’ত সকলো কৰ্মচাৰীকে চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। তেওঁলোকে এই কাম কৰিব যদিহে ব’ৰ্ডৰ প্ৰতিগৰাকী সদস্যই পদত্যাগ কৰি অল্টমেনক চিইঅ’ হিচাপে পুনৰ নিযুক্তি নিদিয়ে। প্ৰথমতে ৫০৫জন কৰ্মচাৰীয়ে স্বাক্ষৰ কৰিছিল, যিটো পাছলৈ মুঠ ৭৭০জন কৰ্মচাৰীৰ ভিতৰত ৭০০ৰো অধিকলৈ বৃদ্ধি পাইছিল।৫৪ ইয়াৰ ভিতৰত আছিল ইলিয়া ছাটস্কেভাৰ, যিয়ে পূৰ্বে অল্টমেনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পোষকতা কৰিছিল যদিও এতিয়া টুইটাৰত ক্ষমা বিচাৰি কৈছে যে, “ব’ৰ্ডৰ এই কাৰ্যত মোৰ অংশগ্ৰহণৰ বাবে মই দুখ প্ৰকাশ কৰিছোঁ।" ২০ নৱেম্বৰৰ মাজনিশা অ’পেনএআই-এ ঘোষণা কৰে যে তেওঁলোকে অল্টমেনক চিইঅ’ হিচাপে আৰু ব্ৰকমেনক সভাপতি হিচাপে ঘূৰাই অনাৰ বাবে "নীতিগতভাৱে চুক্তি"ত উপনীত হৈছে।৫৫৫৬ বৰ্তমানৰ ব’ৰ্ডে পদত্যাগ কৰিব। কেৱল ডি এঞ্জেল’ক পূৰ্বৰ ব’ৰ্ডৰ মতামতক প্ৰতিনিধিত্ব কৰিবলৈ ৰখা হৈছিল।৫৫

২০২৪ চনৰ ৮ মাৰ্চত অ’পেনএআই-এ ঘোষণা কৰে যে আইন সংস্থা উইলমাৰহেলৰ পৰ্যালোচনাৰ পাছত অল্টমেনে পৰিচালনা সমিতিত পুনৰ যোগদান কৰিব।৫৭

২০২৪ চনৰ মে’ মাহত অ’পেনএআই-ৰ অ-অৱমাননা চুক্তিসমূহ উন্মোচন হোৱাৰ পাছত, চুক্তিত স্বাক্ষৰ নকৰা কৰ্মচাৰীসকলৰ ইকুইটী বাতিলৰ ব্যৱস্থাৰ বিষয়ে অজ্ঞাত বুলি দাবী কৰাৰ সময়ত অল্টমেনে মিছা কথা কোৱাৰ অভিযোগ উত্থাপন কৰা হয়।৫৮ তদুপৰি মে’ মাহত প্ৰাক্তন ব’ৰ্ডৰ সদস্য হেলেন টনাৰে ২০২৩ চনৰ নৱেম্বৰ মাহত অল্টমেনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ব’ৰ্ডৰ যুক্তি ব্যাখ্যা কৰিছিল। তেখেতে লগতে অভিযোগ কৰে যে অ’পেনএআই-ৰ দুজন কাৰ্যবাহীয়ে অল্টমেনৰ পৰা ব’ৰ্ডক "মানসিক নিৰ্যাতন"ৰ ৰিপৰ্ট দিছিল, আৰু তেওঁলোকৰ দাবীক সমৰ্থন কৰিবলৈ স্ক্ৰীনশ্বট আৰু নথিপত্ৰ প্ৰদান কৰিছিল। তেখেতে কয় যে বহু কৰ্মচাৰীয়ে অল্টমেনক সমৰ্থন নকৰিলে প্ৰতিশোধৰ আশংকা কৰিছিল আৰু যেতিয়া অল্টমেন লুপ্টৰ চিইঅ’ আছিল, তেতিয়া পৰিচালনা দলে তেওঁক দুবাৰকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ কৈছিল যিটো তেওঁলোকে "প্ৰতাৰণামূলক আৰু বিশৃংখল আচৰণ" বুলি কয়।৫৯৬০

সামাজিক পৰিচিতি আৰু সন্মান

২০১৭ চনত অল্টমেনক ৰিক ৱেইলেণ্ড বঁটা প্ৰদান কৰি থকা অৱস্থাত নেঞ্চী পেল’ছি
২০১৭ চনত অল্টমেনক ৰিক ৱেইলেণ্ড বঁটা প্ৰদান কৰি থকা অৱস্থাত নেঞ্চী পেল’ছিছবি: Office of Nancy Pelosi · Public domain

২০১৭ চনত অল্টমেনে কানাডাৰ ৱাটাৰলু বিশ্ববিদ্যালয়ৰ পৰা 'ভেল’চিটী উদ্যোগীকৰণ কাৰ্যসূচী'ৰ জৰিয়তে কোম্পানীসমূহক সহায় কৰাৰ বাবে সন্মানীয় ডক্টৰ অৱ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰে।৬১ ইণ্ডোনেছিয়া চৰকাৰে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত অল্টমেনক দেশখনৰ প্ৰথম "সোণালী ভিছা" (১০ বছৰৰ বাবে সীমান্ত পাছ) প্ৰদান কৰে।৬২ ২০২৪ চনত এক্সফাণ্ডে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অল্টমেনক বাৰ্ষিক পৰীক্ষা কাপৰ (Annual Experiment Cup) সন্মান প্ৰদান কৰে।৬৩

টাইম আলোচনীয়ে ২০২৩ চনত অল্টমেনক বিশ্বৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম৬৪ আৰু বছৰটোৰ চিইঅ’ হিচাপে নিৰ্বাচিত কৰে।৬৫ ২০২৩৬৬ আৰু ২০২৪ চনত এআই-ৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ টাইমৰ তালিকাতো তেওঁ অন্তৰ্ভুক্ত আছিল।৬৭ ২০০৮ চনত বিজনেছ ৱীকৰ দ্বাৰা তেওঁ "প্ৰযুক্তিৰ শ্ৰেষ্ঠ যুৱ উদ্যোগী",৬৮ আৰু ২০১৫ চনত ফৰ্ব্‌ছ আলোচনীৰ দ্বাৰা তালিকাভুক্ত ৩০ বছৰ-অনুৰ্ধ শীৰ্ষ বিনিয়োগকাৰী আছিল।৬৯ ২০১৬,৭০ ২০২২৭১ আৰু ২০২৩ চনত অল্টমেনক বিল্ডাৰবাৰ্গ সভাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।৭২৭৩

ৱালটাৰ আইজাক্সনে মতামত দিছিল যে অল্টমেনৰ "মাস্কৰ দৰে তীব্ৰতা" আছে। আৰু ই ইলন মাস্কৰ সৈতে অংশীদাৰিত্বৰে অ’পেনএআই প্ৰতিষ্ঠা কৰাত সহায়ক হৈছিল।৭৪ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে মাস্কে অ'পেনএআই আৰু অল্টমেনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু অভিযোগ কৰে যে তেওঁলোকে মানৱমুখী লাভৰ পৰিৱৰ্তে অৰ্থনৈতিক লাভক অগ্ৰাধিকাৰ দি কোম্পানীটোৰ প্ৰতিষ্ঠা চুক্তি ভংগ কৰে।৭৫ কেইদিনমানৰ পাছত অল্টমেনকে ধৰি অ'পেনএআইৰ কাৰ্যবাহীসকলে এটা ব্লগ প’ষ্টত এই দাবীসমূহ খাৰিজ কৰে।৭৬ প’ষ্টটোত কোৱা হৈছে যে ষ্টাৰ্টআপটোৱে মাস্কৰ পৰা তেওঁৰ ১ বিলিয়ন ডলাৰৰ প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে মাত্ৰ ৪৫ মিলিয়ন ডলাৰহে লাভ কৰিছিল আৰু মাস্কে ইয়াক টেছলাৰ সৈতে একত্ৰিত কৰাৰ প্ৰস্তাৱ দিছিল।৭৭

ব্যক্তিগত জীৱন

অল্টমেন সৰুৰে পৰা নিৰামিষভোজী।৭৮

অল্টমেন মুকলিকৈ সমকামী।২১০৭৯ হাইস্কুলত ১৭ বছৰ বয়সত২ তেওঁ নিজৰ যৌনতাক প্ৰকাশ কৰিছিল,১০৭৯ য’ত কিছুমান ছাত্ৰই ৰাষ্ট্ৰীয় কামিং আউট দিৱসৰ এজন বক্তাৰ বিৰুদ্ধে আপত্তি কৰাৰ পাছত তেওঁ মাত মাতিছিল।২৬৫ তেওঁ লুপ্টৰ সহ-প্ৰতিষ্ঠাপক নিক ছিভ’ৰ সৈতে ৯ বছৰ ধৰি ডে’ট কৰিছিল। ২০১২ চনত কোম্পানীটো অধিগ্ৰহণ কৰাৰ কিছু সময়ৰ পাছতে তেওঁলোকৰ বিচ্ছেদ ঘটে।১০

২০২৪ চনৰ জানুৱাৰী মাহত আল্টমেনে হাৱাইত অভিযন্তা অলিভাৰ মুলহেৰিনক বিয়া কৰায়।৮০ ৮১ দুয়ো ছান ফ্ৰান্সিস্কোৰ ৰাছিয়ান হিল চুবুৰীতো থাকে আৰু প্ৰায়ে সপ্তাহান্ত কেলিফৰ্ণিয়াৰ নাপাত কটায়।৭৯৮২ তেওঁলোকে ২০২৪ চনৰ মে’ মাহত গিভিং প্লেড্‌জত স্বাক্ষৰ কৰি নিজৰ সৰহভাগ ধন-সম্পত্তি দান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।৮৩

অল্টমেন মহাপ্ৰলয়ৰ বাবে সাজু হৈ থকা এজন ব্যক্তি।১০৮৪ ২০১৬ চনত তেওঁ কৈছিল— "মোৰ হাতত বন্দুক, সোণ, পটাছিয়াম আয়’ডাইড, এণ্টিবায়টিক, বেটাৰী, পানী, ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ গেছ মাস্ক আৰু বিগ ছাৰত মাটি আছে য’লৈ মই উৰা মাৰিব পাৰোঁ।"১০

২০২৫ চনৰ জানুৱাৰী মাহত অল্টমেনৰ ভগ্নী এন অল্টমেনে ছেইণ্ট লুইছৰ মিছৌৰীৰ পূব জিলাৰ আমেৰিকাৰ জিলা আদালতত অল্টমেনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। গোচৰটোত অভিযোগ কৰা হৈছে যে এন অল্টমেনৰ বয়স ৩ বছৰ আৰু ছেম অল্টমেনৰ বয়স ১২ বছৰ হোৱাৰ পৰাই এই নিৰ্যাতন আৰম্ভ হৈছিল।৮৫ ছেম অল্টমেনে তেওঁৰ মাতৃ কনী আৰু কনিষ্ঠ ভাতৃ মেক্স আৰু জেকৰ সৈতে এক্সত এক যৌথ বিবৃতি প্ৰকাশ কৰি এই অভিযোগসমূহ অস্বীকাৰ কৰি এই অভিযোগসমূহক "সম্পূৰ্ণ অসত্য" বুলি অভিহিত কৰে।৮৬৮৭৮৮

২০২৫ চনৰ ২২ ফেব্ৰুৱাৰীত অল্টমেনে নিজৰ পুত্ৰৰ জন্মৰ কথা ঘোষণা কৰে।৮৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ OpenAI LP. openai.com
  2. ↑ Weil, Elizabeth. (2023-09-25). Sam Altman Is the Oppenheimer of Our Age.. Intelligencer
  3. ↑ Mickle, Tripp; Metz, Cade; Isaac, Mike. (2023-12-09). Inside OpenAI's Crisis Over the Future of Artificial Intelligence. The New York Times
  4. ↑ (2023-12-10). Artificial: The OpenAI Story. Wall Street Journal
  5. ↑ Sam Altman Fired from Y Combinator by Paul Graham. The Washington Post
  6. ↑ (March 15, 2021). Y Combinator's Sam Altman teams up with Michael Klein to launch SPAC looking to raise $1 billion. Reuters
  7. ↑ Stevens, Pippa. (2025-04-22). Sam Altman steps down as Oklo board chair, freeing nuclear startup to work with more AI companies. CNBC
  8. ↑ Sam Altman. Forbes
  9. ↑ Colome, Jordi Perez. (May 26, 2023). Sam Altman: billionaire ChatGPT creator, startup guru and prohet of the apcalypse?. El Pais
  10. ↑ Friend, Tad. (October 3, 2016). Sam Altman's Manifest Destiny. The New Yorker
  11. ↑ Chapman, Glenn; Bachner, Michael; Magid, Jacob. (2023-05-17). Sam Altman: The quick, deep thinker leading OpenAI. The Times of Israel
  12. ↑ Junod, Tom. (December 18, 2014). How Venture Capitalists Find Opportunities in the Future. Esquire
  13. ↑ Afifi-Sabet, Keumars. Sam Altman: the OpenAI CEO leading the AI revolution. The Week
  14. ↑ Nguyen, Britney; Hart, Jordan. (February 20, 2024). Meet Sam Altman, the OpenAI CEO who learned to code at 8 and is a doomsday prepper with a stash of guns and gold
  15. ↑ Hagy, Paige. (November 21, 2023). Sam Altman's ousting from OpenAI could lead to even greater success: 'You could parachute him into an island full of cannibals and come back in five years and he'd be the king'. Fortune
  16. ↑ People. Y Combinator
  17. ↑ Ankeny, Jason. (April 25, 2015). Meet Y Combinator's Bold Whiz Kid Boss. Entrepreneur
  18. ↑ Executives. Loopt
  19. ↑ Seetharaman, Deepa. (December 24, 2023). Sam Altman's Knack for Dodging Bullets—With a Little Help From Bigshot Friends. The Wall Street Journal
  20. ↑ Vascellaro, Jessica E. (March 9, 2012). Startup Loopt Lands with Green Dot. The Wall Street Journal
  21. ↑ Clark, Kate. (2019-03-08). Y Combinator president Sam Altman is stepping down amid a series of changes at the accelerator. TechCrunch
  22. ↑ Loizos, Connie. (November 6, 2015). Garry Tan Says Goodbye to Y Combinator. TechCrunch
  23. ↑ Altman, Sam. (August 26, 2015). YC Stats. Y Combinator
  24. ↑ Chafkin, Max. (April 16, 2015). Y Combinator President Sam Altman is Dreaming Big. Fast Company
  25. ↑ Hydrazine Capital GP, LLC. (February 14, 2023). Form ADV - Uniform Application for Investment Adviser Registration and Report by Exempt Reporting Advisers.. Securities and Exchange Commission
  26. ↑ Hydrazine Capital LP - Company Profile and News. Bloomberg L.P.
  27. ↑ Matthews, Jessica. The University of Michigan wrote Sam Altman's venture capital firm a $75M check earlier this year for a new fund. Fortune
  28. ↑ (October 15, 2015). YC Continuity. Y Combinator
  29. ↑ (October 15, 2015). Y Combinator raises $700M to keep funding YC startups as they mature. VentureBeat
  30. ↑ (October 7, 2015). YC Research. Y Combinator
  31. ↑ Altman, Sam. (September 13, 2016). YC Changes. Y Combinator
  32. ↑ Loizos, Connie. (March 9, 2019). Did Sam Altman make YC better or worse?. TechCrunch
  33. ↑ Updates from YC
  34. ↑ McGregor, Jena. (February 21, 2020). Y Combinator president Sam Altman steps down to focus on OpenAI. The Washington Post
  35. ↑ Currie, Richard. (2023-05-16). Sam Altman rattles tin for Worldcoin crypto startup. The Register
  36. ↑ Nieva, Richard; Sethi, Aman. (2022-04-21). Worldcoin Promised Free Crypto If They Scanned Their Eyeballs With "The Orb." Now They Feel Robbed.. BuzzFeed News
  37. ↑ Guo, Eileen; Renaldi, Adi. (2022-04-06). Deception, exploited workers, and cash handouts: How Worldcoin recruited its first half a million test users. MIT Technology Review
  38. ↑ (2021-10-21). You Can Get This Free Crypto—If the 'Orb' Scans Your Eye. Wired
  39. ↑ Hart, Robert. (July 24, 2023). What Is Worldcoin? Here's What To Know About The Eyeball-Scanning Crypto Project Launched By OpenAI's Sam Altman. Forbes
  40. ↑ (October 21, 2021). How the Launch Works. Worldcoin
  41. ↑ (2023-01-27). Opening the Orb: A look inside Worldcoin's biometric imaging device. Worldcoin
  42. ↑ Hammond, George; Chipolina, Scott. (2023-07-24). Ready for your eye scan? Worldcoin launches—but not quite worldwide. Ars Technica
  43. ↑ Njanja, Annie. (2 August 2023). Kenya suspends Worldcoin scans over security, privacy and financial concerns. TechCrunch
  44. ↑ Sources for investigation: * Howcroft, Elizabeth. (July 31, 2023). France's watchdog questions legality of Worldcoin biometric data collection. Reuters * Howcroft, Elizabeth. (July 25, 2023). UK data watchdog to make enquiries about Worldcoin crypto project. Reuters * Howcroft, Elizabeth. (July 31, 2023). German data watchdog probing Worldcoin crypto project, official says. Reuters * Atkinson, Sophie. (2024-03-04). South Korea launches investigation into Worldcoin. ''
  45. ↑ Olanoff, Drew. (December 11, 2015). Artificial Intelligence Nonprofit OpenAI Launches With Backing From Elon Musk And Sam Altman. TechCrunch
  46. ↑ De Vynck, Gerrit. (April 9, 2023). The man who unleashed AI on an unsuspecting Silicon Valley. The Washington Post
  47. ↑ Cade, Metz. (July 22, 2019). With $1 Billion From Microsoft, an A.I. Lab Wants to Mimic the Brain. The New York Times
  48. ↑ (15 May 2023). WATCH: OpenAI CEO Sam Altman testifies before Senate Judiciary Committee. PBS NewsHour
  49. ↑ Difeliciantonio, Chase. (2024-01-12). Sam Altman pushed out from OpenAI for not being 'candid' with board. San Francisco Chronicle
  50. ↑ OpenAI announces leadership transition. openai.com
  51. ↑ Peters, Jay. (2023-11-17). Sam Altman fired as CEO of OpenAI. The Verge
  52. ↑ Das, Shanti; Connett, David. (2023-11-18). Sam Altman 'was working on new venture' before sacking from OpenAI. The Observer
  53. ↑ (20 November 2023). Microsoft CEO says Sam Altman will be joining Microsoft. Reuters
  54. ↑ Warren, Tom. (2023-11-20). Hundreds of OpenAI employees threaten to resign and join Microsoft. The Verge
  55. ↑ Heath, Alex. (2023-11-22). Sam Altman to return as CEO of OpenAI. The Verge
  56. ↑ Cade, Metz. (Nov 22, 2023). Sam Altman Is Reinstated as OpenAI's Chief Executive. The New York Times
  57. ↑ (8 March 2024). Review completed & Altman, Brockman to continue to lead OpenAI. OpenAI
  58. ↑ Getahun, Hannah. Sam Altman addresses 'potential equity cancellation' in OpenAI exit agreements after 2 high-profile departures. Business Insider
  59. ↑ Lawler, Richard. (2024-05-29). Former OpenAI board member explains why they fired Sam Altman. The Verge
  60. ↑ Field, Hayden. (2024-05-29). Former OpenAI board member explains why CEO Sam Altman got fired before he was rehired. CNBC
  61. ↑ (2 June 2017). University of Waterloo to honour Silicon Valley leader Sam Altman. CBC News
  62. ↑ (2023-09-06). OpenAI CEO Receives Indonesia's First Golden Visa. Finews
  63. ↑ Josephy, Matan H.; Ravi, Akshaya. (May 1, 2024). 'That's the Miracle': OpenAI CEO Sam Altman Talks Undergrad Years, Future of AI at Harvard Event. The Harvard Crimson
  64. ↑ (April 13, 2023). Time 100. Time
  65. ↑ Bajekal, Naina; Perrido, Billy. (December 6, 2023). CEO of the Year 2023: Sam Altman. Time
  66. ↑ (2023-09-07). TIME100 AI 2023: Sam Altman. Time
  67. ↑ Perrigo, Billy. (2024-09-05). TIME100 AI 2024: Sam Altman. Time
  68. ↑ (April 18, 2008). Tech's Best Young Entrepreneurs. Businessweek
  69. ↑ Wilson. (January 5, 2015). Forbes' 30 Under 30 2015: Venture Capital. Forbes
  70. ↑ (June 9, 2016). The World's Most Powerful and Secret Group, Explained. Time
  71. ↑ Participants 2022. www.bilderbergmeetings.org
  72. ↑ Gilchrist, Karen. (May 18, 2023). A secretive annual meeting attended by the world's elite has A.I. top of the agenda. CNBC
  73. ↑ Skelton, Charlie. (May 20, 2023). At Bilderberg's bigwig bash two things are guaranteed: Kissinger and secrecy. The Guardian
  74. ↑ Isaacson, Walter. (13 Sep 2023). Elon Musk. Simon and Schuster. পৃ. 240–243. ISBN 978-1-76142-262-1
  75. ↑ Vipers, Gareth. (1 March 2024). Elon Musk Sues OpenAI, Sam Altman, Saying They Abandoned Founding Mission. Wall Street Journal
  76. ↑ (5 March 2024). OpenAI and Elon Musk. Open AI
  77. ↑ Singh, Manish. (6 March 2024). OpenAI says Musk only ever contributed $45 million, wanted to merge with Tesla or take control. TechCrunch
  78. ↑ (February 24, 2020). Fireside Chat with Sam Altman. Rescale
  79. ↑ Farah, Lynn. (November 24, 2023). Meet ChatGPT boss Sam Altman, who's back in the CEO chair: Microsoft briefly hired him before his OpenAI return, he came out as LGBT in high school, and he splurges his millions on Tesla and McLaren. South China Morning Post
  80. ↑ Russell, Melia; Kay, Grace. OpenAI CEO Sam Altman just got married. Business Insider
  81. ↑ Le, Linh. (13 Jan 2024). OpenAI's Sam Altman ties knot with same-sex partner on $43M Hawaii estate. VN Express
  82. ↑ Metz, Cade. (March 31, 2023). The ChatGPT King Isn't Worried, but He Knows You Might Be. The New York Times
  83. ↑ Valinsky, Jordan. (May 28, 2024). OpenAI's Sam Altman vows to give away most of his wealth through the Giving Pledge. CNN Business
  84. ↑ Russell, Melia; Black, Julia. Inside OpenAI CEO Sam Altman's fixation on death and the apocalypse. Business Insider
  85. ↑ Field, Hayden. OpenAI CEO Sam Altman denies sexual abuse allegations made by his sister in lawsuit. CNBC
  86. ↑ Partridge, Joanna. (2025-01-08). OpenAI chief executive Sam Altman accused of sexual abuse by sister in lawsuit. The Guardian
  87. ↑ Altman, Sam. My sister has filed a lawsuit against me. Here is a statement from my mom, brothers, and me
  88. ↑ Hoskins, Peter. (January 8, 2025). OpenAI boss Sam Altman denies sexual abuse allegations made by sister. www.bbc.com
  89. ↑ Altman, Sam [@sama] (February 22, 2025). "welcome to the world, little guy! he came early and is going to be in the nicu for awhile. he is doing well and it’s really nice to be in a little bubble taking care of him. i have never felt such love." (Tweet). Retrieved February 22, 2025 – via টুইটাৰ

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিব্যৱসায়ীএলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিউদ্যোগপতিসমাজকৰ্মীসমকামিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেম অল্টমেন” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৪০ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।