ইলন ৰিভ্ মাস্ক্ (জন্ম: ২৮ জুন ১৯৭১) এগৰাকী পুঁজিপতি, বিনিয়োগকাৰী আৰু সমাজহিতৈষী লোক। দক্ষিণ আফ্ৰিকা, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব থকা ইলন মাস্ক্ স্পেছ্এক্সৰ (SpaceX) প্ৰতিষ্ঠাপক, মুখ্য কাৰ্যবাহী বিষয়া আৰু মূল পৰিকল্পনাকাৰী। তেওঁ টেছলা (Tesla Inc.) কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক, মুখ্য কাৰ্যবাহী বিষয়া আৰু স্থপতি; নিউৰালিংকৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, আৰু পেইপলৰ সহ-প্ৰতিষ্ঠাপক। ব্লুমবাৰ্গ বিলিয়নাৰ্ছ্ ইণ্ডেক্স আৰু ফ'ৰ্বছৰ বাস্তৱ-সময়ৰ বিলিয়নাৰৰ তালিকা অনুসৰি ২০২২ চনৰ মে' মাহলৈ আনুমানিক ২৬৫ বিলিয়ন ডলাৰ সম্পত্তিৰে সৈতে মাস্ক্ সমগ্ৰ বিশ্বৰ ভিতৰতে সবাতোকৈ চহকী ব্যক্তি।১২৩
দক্ষিণ আফ্ৰিকাৰ প্ৰিট'ৰিয়াত ডাঙৰ-দীঘল হোৱা মাস্কে ১৭ বছৰ বয়সত কানাডাৰ কুইনছ্ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায়। দুবছৰ পিছত তেওঁ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয়। ইয়াৰ অন্তৰ্গত হোৱাৰ্টন স্কুলৰ পৰা অৰ্থনীতি বিজ্ঞানৰ ডিগ্ৰী আৰু কলেজ অৱ্ আৰ্টছ্ এণ্ড্ চায়েন্সেছৰ পৰা পদাৰ্থবিজ্ঞানৰ ডিগ্ৰী লাভ কৰে। ১৯৯৫ চনত তেওঁ ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰায়োগিক পদাৰ্থবিজ্ঞান আৰু বস্তুবিজ্ঞান বিষয়ত পি. এইচ. ডি. আৰম্ভ কৰিছিল। কিন্তু মাত্ৰ দুটা দিন পিছতে নিজাকৈ উদ্যোগী কেৰিয়াৰ গঢ়াৰ প্ৰতি থকা আগ্ৰহৰ বাবে গৱেষণাৰ কাম বাদ দিয়ে। ইয়াৰ পিছতে তেওঁ জিপ২ নামৰ ৱেব ছফ্টৱেৰ কোম্পানী এটাৰ সহ-প্ৰতিষ্ঠা কৰে। ১৯৯৯ চনত ৩৪০ নিযুত ডলাৰৰ বিনিময়ত কমপেকে ইয়াক ক্ৰয় কৰে। মাস্কে তাৰ পিছত X.com নামেৰে অনলাইন বেংক এটাৰ জন্ম দিয়ে।
২০০২ চনৰ মে' মাহত ইলন মাস্কে বিমান আৰু মহাকাশযান নিৰ্মাণ কোম্পানী স্পেছ্এক্স্ প্ৰতিষ্ঠা কৰে। এতিয়া তেওঁ কোম্পানীটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া (চি ই অ') আৰু মুখ্য আৰ্হি-নিৰ্মাতা। ২০০৩ চনত তেওঁ বৈদ্যুতিক গাড়ী আৰু সৌৰ ফলক নিৰ্মাণ কোম্পানী টেছলা (Tesla, Inc.) প্ৰতিষ্ঠা কৰিবলৈ বিত্তীয় সাহায্য আগবঢ়াইছিল। তেওঁ টেছলাৰ মুখ্য কাৰ্য্যবাহী বিষয়া আৰু স্থপতি হৈছিল। ২০০৬ চনত মাস্কে সৌৰশক্তি যোগান ব্যৱস্থাৰ ওপৰত আধাৰিত ছ'লাৰচিটী গঢ়িবলৈ বিশেষ উদ্যোগ লৈছিল। সম্প্ৰতি টেছলাৰ অংশীদাৰ ৰূপে পৰিগণিত ছ'লাৰচিটীৰ অধ্যক্ষৰ দায়িত্বও মাস্কেই পালন কৰি আহিছে। ২০১৫ চনত মাস্কে মানৱোপযোগী আৰু বন্ধুভাৱাপন্ন কৃত্ৰিম বুদ্ধিমত্তাৰ বিস্তাৰৰ বাবে অপেন এ.আই. (OpenAI) নামৰ অলাভজনক গৱেষণা কোম্পানী এটাৰ সহ-প্ৰতিষ্ঠা কৰিছিল। ২০১৬ চনৰ জুলাই মাহত তেওঁ নিউৰালিংকৰ সহ-প্ৰতিষ্ঠা কৰিছিল। এইটো মগজু আৰু কম্পিউটাৰৰ মাজত সংযোগ বিকাশৰ ওপৰত গুৰুত্ব দিয়া এটা স্নায়ুপ্ৰযুক্তীয় কোম্পানী। সম্প্ৰতি তেওঁ নিউৰালিংকৰ মুখ্য কাৰ্য্যবাহী বিষয়া। একেটা বছৰৰে ডিচেম্বৰ মাহত তেওঁ আন্তঃগাঁথনি আৰু সুৰংগ নিৰ্মাণ কোম্পানী দ্য ব'ৰিং কোম্পানীৰ প্ৰতিষ্ঠা কৰে।
মাস্কৰ কৰ্মৰাজিসমূহ ব্যৱসায়িক লাভ আহৰণৰ প্ৰাথমিক চৰ্তটো পূৰণ কৰাতে সীমাৱদ্ধ নহয়। তেওঁৰ লক্ষ্য আৰু আঁচনিসমূহ ব্যক্তিগত লাভালাভৰ ঊৰ্ধত। মাস্কে হাইপাৰলুপ নামৰ অতি উচ্চবেগী যাতায়ত ব্যৱস্থা এটাৰ পৰিকল্পনা কৰিছে। উলম্ব দিশেৰে উৰণ আৰম্ভ কৰা আৰু অৱতৰণ কৰা শব্দতকৈ বেগী বৈদ্যুতিক জেটবিমান নিৰ্মাণৰো তেওঁ আঁচনি লৈছে। বৈদ্যুতিক ফেনেৰে সঞ্চালিত এই বিমানসমূহক "মাস্ক্ ইলেকট্ৰিক জেট" নাম দিয়া হৈছে। মাস্কে কৈছে যে স্পেছ্এক্স্, টেছলা আৰু ছ'লাৰচিটীৰ আঁচনিসমূহ সমগ্ৰ পৃথিৱী আৰু মানৱজাতিৰ ৰেহৰূপ সলনি কৰিবলৈ থকা তেওঁৰ স্বপ্নৰ দ্বাৰা পৰিচালিত হৈছে। তেওঁৰ অন্যান্য লক্ষ্যসমূহৰ ভিতৰত বহনক্ষম শক্তি উৎপাদন আৰু ব্যৱহাৰেৰে গোলকীয় উষ্ণতা হ্ৰাস, আৰু মানৱজাতিৰ ভৱিষ্যৎ নিৰাপদ কৰিবলৈ মংগল গ্ৰহত মানুহৰ এলেকা এটা গঢ়াৰ পৰিকল্পনাও আছে।
প্ৰাৰম্ভিক জীৱন
শৈশৱ আৰু পৰিয়াল
১৯৭১ চনৰ ২৮ জুনত দক্ষিণ আফ্ৰিকাৰ ট্ৰান্সভালৰ প্ৰিট'ৰিয়াত মাস্কৰ জন্ম হৈছিল।৪ তেওঁৰ মাতৃ আছিল কানাডাৰ ৰেজিনাৰ এগৰাকী মডেল আৰু পথ্য বিশেষজ্ঞ (dietitian) মেই মাস্ক্। ৫৬৭ পিতৃ এৰল মাস্ক্ এগৰাকী দক্ষিণ আফ্ৰিকান বিদ্যুৎৰাসায়নিক অভিযন্তা, বিমান চালক আৰু নাবিক। ৮৯ মাস্কৰ কনিষ্ঠ ভাতৃজনৰ নাম কিম্বল (জন্ম ১৯৭২) আৰু একমাত্ৰ ভনীৰ নাম তস্কা (জন্ম ১৯৭৪)। ৭১০ তেওঁৰ মাকৰ ফালৰ ককা ড॰ জছোৱা হাল্ডেমেন এগৰাকী আমেৰিকাত জন্ম লভা কানাডিয়ান আছিল। তেওঁৰ আইতাক আছিল এগৰাকী ব্ৰিটিছ। মাস্কৰ পেনছিলভেনিয়াৰ ডাটছ্ বংশৰ লগতো যোগসূত্ৰ আছে।
শৈশৱকালতে মাস্কৰ কণ্ঠশালুক আঁতৰাই পেলোৱা হৈছিল কাৰণ চিকিৎসকে তেওঁক বধিৰ বুলি সন্দেহ কৰিছিল। কিন্তু পিছলৈ মাকে সিদ্ধান্ত লৈছিল যে ইলনে 'অন্য এখন জগতত' চিন্তা কৰি আছিল। ১১ ইলনৰ ডেকাকালত পৰিয়ালটো অতি চহকী আছিল। এৰ'ল মাস্কে এবাৰ কৈছিল, "আমাৰ হাতত কেতিয়াবা ইমান টকা হৈছিলগৈ যে আমি আমাৰ চন্দুকটোও বন্ধ কৰিব পৰা নাছিলো"।৯ ইলনৰ দেউতাকক বৰ্ণবৈষম্য বিৰোধী প্ৰগতিশীল দলৰ প্ৰতিনিধি হিচাপে প্ৰিট’ৰিয়া চহৰ পৰিষদলৈও নিৰ্বাচন কৰা হৈছিল। মাস্কৰ সন্তানসকলেও বৰ্ণবাদৰ প্ৰতি পিতৃৰ অপছন্দৰ ভাগ লৈছিল বুলি জানিব পৰা গৈছে।১২
১৯৮০ চনত মাক-দেউতাকৰ বিবাহ বিচ্ছেদৰ পিছত মাস্কে প্ৰধানকৈ প্ৰিট'ৰিয়া আৰু অন্যান্য ঠাইত দেউতাকৰ সৈতে বাস কৰিছিল। এই সিদ্ধান্তটো তেওঁ বিবাহ বিচ্ছেদৰ দুবছৰ পাছত কৰিছিল আৰু পৰৱৰ্তী সময়ত তাক লৈ অনুশোচনা কৰিছিল।১৩ মাস্ক তেওঁৰ দেউতাকৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল, যাক তেওঁ এইদৰে বৰ্ণনা দিয়ে- "এজন ভয়ংকৰ মানুহ... সম্ভৱতঃ আপুনি ভাবিব পৰা প্ৰায় প্ৰতিটো বেয়া কামেই তেওঁ কৰিছে।"১৩দেউতাকৰ ফালৰ পৰা তেওঁৰ এগৰাকী অৰ্ধ-ভগ্নী আৰু এজন অৰ্ধ-ভাতৃ আছে। ১৪১৫ যুৱাৱস্থাত ইলনে দেওবৰীয়া এংলিকান বিদ্যালয়ত পঢ়িছিল। ১৬
প্ৰায় ১০ বছৰ বয়সত ইলনৰ কম্পিউটিং আৰু ভিডিঅ' গেমৰ প্ৰতি আগ্ৰহ জন্মিছিল, আৰু Commodore VIC-20 কম্পিউটাৰ এটা কিনিছিল।১৭১৮ তেওঁ নিৰ্দেশনা সম্বলিত কিতাপ এখনৰ সহায়ত কম্পিউটাৰ প্ৰগ্ৰেমিং শিকিছিল, আৰু বাৰ বছৰ বয়সত নিজে সাজি উলিওৱা 'ব্লাষ্টাৰ' নামৰ ভিডিঅ' গেম এটাৰ ক'ড PC and Office Technology নামৰ আলোচনীখনৰ ওচৰত প্ৰায় ৫০০ ডলাৰ মূল্যত বিক্ৰী কৰিছিল।১৯২০ অলপ জটিল আৰু অন্তৰ্মুখী প্ৰকৃতিৰ শিশু ২১ ইলনে সমগ্ৰ শৈশৱ কালছোৱাতে হাৰাশাস্তিৰ সন্মুখীন হৈছিল। এবাৰ কেইটামান শিশুৱে ইলনক চিৰিৰ ওপৰৰ পৰা বগৰাই দিয়াত তেওঁ চিকিৎসাধীন হ'বলগীয়া হৈছিল।১৩২২ প্ৰিট'ৰিয়া বালক হাইস্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ পূৰ্বে তেওঁ ৱাটাৰক্লফ হাউছ প্ৰিপাৰেটৰী স্কুল আৰু ব্ৰায়ানষ্টন হাইস্কুলতো কিছুদিন শিক্ষাগ্ৰহণ কৰিছিল।২৩
শিক্ষা

কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱাটো সহজ হ'ব বুলি জানি২৪ ইলনে কানাডাত জন্ম লাভ কৰা তেওঁৰ মাকৰ জৰিয়তে পাৰপত্ৰৰ বাবে আৱেদন কৰিছিল।২৫২৬ নথি-পত্ৰ সাজু হৈ উঠাৰ আগলৈকে তেওঁ পাঁচ মাহৰ বাবে প্ৰিট'ৰিয়া বিশ্ববিদ্যালয়ত নাম লগাইছিল। ইয়াৰ ফলত তেওঁ দক্ষিণ আফ্ৰিকান সামৰিক বাহিনীৰ বাধ্যতামূলক সেৱাৰ পৰা ৰক্ষা পৰিছিল। ২৭ ১৯৮৯ চনৰ জুনত মাস্ক কানাডাত উপস্থিত হৈছিল আৰু এবছৰ ধৰি ছাচকাটচেৱানত তেওঁৰ সম্পৰ্কীয় ভাই এজনৰ লগত থাকিছিল।২৮ সেই সময়ত তেওঁ মাজে-সময়ে পাম আৰু কাঠমিল এটাত কাম কৰিছিল।২৯ ১৯৯০ চনত তেওঁ কিংষ্টনৰ অণ্টাৰিঅ'ৰ কুইনছ্ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিছিল।৩০৩১ ইয়াৰ দুবছৰ পাছত তেওঁ পেনছিলভেনিয়া বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হয় আৰু তাৰ পৰা তেওঁ ১৯৯৭ চনত অৰ্থনীতিবিজ্ঞানত বিএছছি ডিগ্ৰী আৰু পদাৰ্থবিজ্ঞানত বিএ ডিগ্ৰী লাভ কৰে।৩২৩৩৩৪
১৯৯৪ চনৰ গ্ৰীষ্মকালত মাস্কে ছিলিকন ভেলীত দুটা ইন্টাৰশ্বিপ কৰিছিল। এটা আছিল- শক্তি সংৰক্ষণ ষ্টাৰ্টআপ 'পিনাকল ৰিচাৰ্চ ইনষ্টিটিউট'ত, যিয়ে শক্তি সংৰক্ষণৰ বাবে বিদ্যুৎবিশ্লেষ্য উচ্চধাৰকৰ ওপৰত গৱেষণা কৰিছিল। আনটো আছিল- পালো আল্ট' ভিত্তিক ষ্টাৰ্টআপ 'ৰকেট চাইন্স গেমছ'।৩৫ ১৯৯৫ চনত তেওঁ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বস্তু বিজ্ঞানত পি এইচ ডি লাভৰ সুযোগ পাইছিল।৩৬ মাস্কে নেটস্কেপত চাকৰি এটা পাবলৈ চেষ্টা কৰিছিল যদিও তেওঁৰ সোধা-পোছাৰ কোনো সঁহাৰি নাপালে।২৫ দুদিন পাছতে তেওঁ ষ্টেনফ'ৰ্ডৰ পৰা নাম আঁতৰালে, আৰু পি এই ডিৰ পৰিৱৰ্তে ইণ্টাৰনেট বুমত যোগদান কৰি ইণ্টাৰনেট ষ্টাৰ্টআপ এটা আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লে।৩৭
ব্যৱসায়িক কৰ্মজীৱন
জিপ২
১৯৯৫ চনত মাস্ক্, তেওঁৰ ভাতৃ কিম্বাল, আৰু গ্ৰেগ কৌৰীয়ে এঞ্জেল ইনভেষ্টৰ্ছৰ ধনেৰে ৱেব চফ্টৱেৰ কোম্পানী জিপ২ প্ৰতিষ্ঠা কৰে।১৩ তেওঁলোকে পালো আল্ট'ৰ এটা সৰু ভাড়াঘৰত এই উদ্যোগটো ৰাখিছিল।৩৮ কোম্পানীটোৱে বাতৰি কাকত প্ৰকাশন উদ্যোগৰ বাবে এখন ইণ্টাৰনেট চহৰ নিৰ্দেশিকা প্ৰস্তুত কৰি বিপণন কৰিছিল; য'ত মানচিত্ৰ, দিশ নিৰ্দেশনা আৰু হালধীয়া পৃষ্ঠা আছিল।৩৯ মাস্কে কয় যে কোম্পানীটো সফল হোৱাৰ আগতে তেওঁ এটা এপাৰ্টমেণ্ট কিনিব পৰা নাছিল। তাৰ পৰিৱৰ্তে এটা অফিচ ভাড়া কৰি চোফাত শুই ৱাইএমচিএত গা ধুইছিল, আৰু এটা কম্পিউটাৰ ভাতৃৰ সৈতে যৌথভাৱে ব্যৱহাৰ কৰিছিল।৪০
মাস্কৰ মতে, "দিনত ৱেবছাইটটো সক্ৰিয় হৈ আছিল আৰু মই সপ্তাহৰ সাতোটা দিন গোটেই নিশা ইয়াৰ ক'ডিং কৰি আছিলোঁ।”৩৮ মাস্ক্ ভাতৃদ্বয়ে দ্য নিউয়ৰ্ক টাইমছ্ আৰু চিকাগো ট্ৰিবিউনৰ সৈতে চুক্তি লাভ কৰিছিল,৪১ আৰু চিটিচাৰ্চৰ সৈতে একত্ৰীকৰণৰ পৰিকল্পনা ত্যাগ কৰিবলৈ পৰিচালনা সমিতিক সৈমান কৰাইছিল।৪২ অধ্যক্ষ ৰিচ ছ'ৰকিন চিইঅ'ৰ পদতো আছিল।৪৩ মাস্কৰ চিইঅ' হোৱাৰ প্ৰচেষ্টা ব'ৰ্ডে বিফল কৰিছিল।৪৪ ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত কম্পেকে 'জিপ২'ক নগদ ৩০৭ মিলিয়ন ডলাৰত অধিগ্ৰহণ কৰে,৪৫৪৬ আৰু মাস্কে তেওঁৰ ৭ শতাংশ শ্বেয়াৰৰ বাবে ২২ মিলিয়ন ডলাৰ লাভ কৰে।৪৭৪৮
এক্স.কম আৰু পেইপল
১৯৯৯ চনত মাস্কে এক্স.কম (X.com) নামৰ এটা অনলাইন বিত্তীয় সেৱা আৰু ই-মেইলযোগে ধন পৰিশোধ কৰা কোম্পানী সহ-প্ৰতিষ্ঠা কৰিছিল।৪৯ ষ্টাৰ্টআপটো আছিল সংঘীয়ভাৱে বীমাকৃত প্ৰাৰম্ভিক অনলাইন বেংকসমূহৰ ভিতৰত অন্যতম। ইয়াৰ কাৰ্য্যকলাপ আৰম্ভ হোৱাৰ প্ৰাৰম্ভিক মাহকেইটাত ২ লাখতকৈ অধিক গ্ৰাহকে এই সেৱাত যোগদান কৰিছিল।৫০ কোম্পানীটোৰ বিনিয়োগকাৰীসকলে মাস্কক অনভিজ্ঞ বুলি গণ্য কৰিছিল আৰু বছৰৰ শেষলৈকে তেওঁৰ ঠাইত ইনটুইটৰ চিইঅ' বিল হেৰিছক নিযুক্তি দিছিল।৫১ পিছৰ বছৰত প্ৰতিযোগিতাৰ পৰা হাত সাৰিবলৈ এক্স.কমে অনলাইন বেংক কনফিনিটিৰ সৈতে একত্ৰিত হয়।৩৮৫১৫২ মেক্স লেভচিন আৰু পিটাৰ থিয়েলে প্ৰতিষ্ঠা কৰা কনফিনিটিৰ নিজা ধন স্থানান্তৰ সেৱা 'পেইপল' আছিল, যিটো এক্স.কমৰ সেৱাতকৈ অধিক জনপ্ৰিয় আছিল।৫৩৪৭৫৪
একত্ৰিত কোম্পানীটোলৈ মাস্ক্ চিইঅ’ হিচাপে ঘূৰি আহে। মাস্কে ইউনিক্সতকৈ মাইক্ৰ'ছফ্ট চফ্টৱেৰক পছন্দ কৰাৰ বাবে কোম্পানীটোত বিভাজনৰ সৃষ্টি হয় আৰু থিয়েলে পদত্যাগ কৰে।৫৫ ফলস্বৰূপে প্ৰযুক্তিগত সমস্যা আৰু এক সংহত ব্যৱসায়িক আৰ্হিৰ অভাৱত ব'ৰ্ডে মাস্কক বহিষ্কাৰ কৰে আৰু ২০০০ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ ঠাইত থিয়েলক নিযুক্তি দিয়ে।৫৬৫৭৫৮ থিয়েলৰ অধীনত কোম্পানীটোৱে পেইপল সেৱাত মনোনিৱেশ কৰে আৰু ২০০১ চনত পেইপলৰ নাম সলনি কৰে।৫৮৫৯ ২০০২ চনত ইবে'য়ে (eBay) পেইপলক ১.৫ বিলিয়ন ডলাৰৰ ষ্টকত অধিগ্ৰহণ কৰে। ১১.৭২% শ্বেয়াৰেৰে সৈতে সৰ্ববৃহৎ অংশীদাৰী হিচাপে মাস্কে ইয়াৰ পৰা ১৭৫.৮ মিলিয়ন ডলাৰ লাভ কৰে।৬০৬১ ২০১৭ চনত মাস্কে পেইপলৰ পৰা এক অজ্ঞাত পৰিমাণৰ ধনৰ বিনিময়ত X.com ডমেইনটো ক্ৰয় কৰিছিল। ইয়াৰ আঁৰৰ কাৰণ হিচাপে মাস্কে ডমেইনটোৰ লগত আৱেগ জড়িত হৈ থকা বুলি কৈছিল।৬২৬৩
স্পেচএক্স্

২০০১ চনত মাস্কে অলাভজনক 'মংগলগ্ৰহ সমাজ'ৰ (মাৰ্চ চ'ছাইটি) সৈতে জড়িত হৈ পৰিছিল। মংগল গ্ৰহত উদ্ভিদৰ বাবে এটা বৃদ্ধি-কক্ষ স্থাপনৰ পৰিকল্পনাৰ পৰা তেওঁ অনুপ্ৰাণিত হৈছিল আৰু নিজেই প্ৰকল্পটোৰ বাবে ধন আগবঢ়োৱাৰ বিষয়ে আলোচনা কৰিছিল।৬৪ ২০০১ চনৰ অক্টোবৰ মাহত মাস্কে জিম কেণ্ট্ৰেল আৰু মাইক গ্ৰীফিনৰ সৈতে মস্কোলৈ গৈ নৱীকৃত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) ক্ৰয় কৰে যিয়ে সেউজ গৃহৰ যন্ত্ৰভাৰসমূহ (পে'লোড) মহাকাশলৈ পঠিয়াব পাৰে। তেওঁ এন পি অ’ লাভ’চকিন আৰু কছমোট্ৰাছ নামৰ কোম্পানীকেইটা সাক্ষাৎ কৰে। কিন্তু মাস্কক দেখিবলৈ এজন ন-শিকাৰু যেন লাগিছিল আৰু ৰাছিয়াৰ এজন মুখ্য ডিজাইনাৰে আনকি তেওঁক থু পেলাইছিল।৬৫
দলটো খালী হাতে আমেৰিকালৈ উভতি আহিল। ২০০২ চনৰ ফেব্ৰুৱাৰী মাহত দলটোৱে তিনিটা আইচিবিএম বিচাৰি ৰাছিয়ালৈ উভতি যায়। কচমোট্ৰাছৰ সৈতে তেওঁলোকৰ আন এখন বৈঠক হৈছিল আৰু তেওঁলোকক ৮০ লাখ ডলাৰত এটা ৰকেটৰ প্ৰস্তাৱ দিয়া হৈছিল, যিটো মাস্কে নাকচ কৰিছিল। মাস্কে ইয়াৰ পৰিৱৰ্তে এটা কোম্পানী আৰম্ভ কৰাৰ সিদ্ধান্ত লয় যিয়ে সুলভ মূল্যৰ ৰকেট নিৰ্মাণ কৰিব পাৰে।৬৫ পূৰ্বৰ ব্যৱসায়িক লাভৰ পৰা ১০০ মিলিয়ন ডলাৰ খটুৱাই মাস্কে ২০০২ চনৰ মে' মাহত স্পেচ এক্সপ্ল'ৰেচন টেকন'লজিছ কৰ্প'ৰেচন প্ৰতিষ্ঠা কৰে।৬৬ বাণিজ্যিকভাৱে ইয়াৰ চমু নাম স্পেচএক্স্ (SpaceX)।৬৭ ২০২১ চনলৈকে তেওঁ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া হৈ আছে আৰু মুখ্য অভিযন্তাৰ উপাধিও তেওঁৰ নামত আছে।৬৮
২০০৬ চনত স্পেচএক্সে প্ৰথমবাৰৰ বাবে ফেলকন ১ ৰকেট উৎক্ষেপণৰ চেষ্টা কৰে। যদিও ৰকেটটোৱে পৃথিৱীৰ কক্ষপথত উপনীত হ'ব নোৱাৰিলে, সেই বছৰৰ শেষৰ ফালে নাছাই ইয়াক বাণিজ্যিক কক্ষীয় পৰিবহণ সেৱা কাৰ্যসূচীৰ চুক্তি প্ৰদান কৰে। পুনৰ দুটা প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পিছত, মাস্কৰ ইমানেই মানসিক চাপৰ সৃষ্টি হৈছিল যে তেওঁ "দুঃস্বপ্নৰ পৰা জাগি উঠিছিল, চিঞৰিছিল আৰু শাৰীৰিক বিষত পৰিছিল" বুলি জানিব পৰা গৈছে। স্পেচএক্সে ২০০৮ চনত ফেলকন ১ক কক্ষপথলৈ প্ৰেৰণ কৰাত সফল হয়, যাৰ ফলত ই তেনে কৰিবলৈ সক্ষম হোৱা প্ৰথমখন ব্যক্তিগত তৰল-ইন্ধন ব্যৱহৃত ৰকেট হিচাপে পৰিণত হয়। সেই বছৰৰ শেষৰ ফালে স্পেচএক্সে নাছাৰ পৰা ১৬ বিলিয়ন ডলাৰৰ বাণিজ্যিক পুনৰযোগান সেৱা কাৰ্যসূচীৰ চুক্তি লাভ কৰে। এই চুক্তি আছিল- ২০১১ চনত স্পেচ শ্বাটলে অৱসৰ লোৱাৰ পাছত তাৰ ঠাইত ফেলকন ৯ ৰকেট আৰু ড্ৰেগন মহাকাশযানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাবলগীয়া ১২ টা উৰণৰ বাবে। ২০১২ চনত ড্ৰেগন বাহনখন আই এছ এছত গৈ উপনীত হয়। কোনো ব্যক্তিগত উদ্যোগৰ জৰিয়তে আই এছ এছলৈ যোৱাৰ উদাহৰণ এয়াই প্ৰথম।
পুনৰ ব্যৱহাৰযোগ্য ৰকেটৰ লক্ষ্যৰ দিশত কাম কৰি ২০১৫ চনত স্পেচএক্সে ফেলকন ৯ৰ প্ৰথম পৰ্যায় সফলতাৰে অৱতৰণ কৰে। পিছলৈ ইয়াক এটা স্বশাসিত মহাকাশবন্দৰ ড্ৰ'ন জাহাজত অৱতৰণ কৰা হয়, যিটো এক সাগৰভিত্তিক পুনৰুদ্ধাৰ মঞ্চ। ২০১৮ চনত স্পেচএক্সে ফেলকন হেভি উৎক্ষেপণ কৰে। ইয়াৰ উদ্বোধনী অভিযানত মাস্কৰ ব্যক্তিগত টেছলা ৰ'ডষ্টাৰ বাহনখন নকল যন্ত্ৰভাৰ হিচাপে লৈ গৈছিল। ২০১৭ চনত স্পেচএক্সে ইয়াৰ পৰৱৰ্তী প্ৰজন্মৰ উৎক্ষেপণ বাহন আৰু মহাকাশযান ব্যৱস্থা, বিগ ফেলকন ৰকেট উন্মোচন কৰে, যাৰ নাম পাছলৈ সলনি কৰি ষ্টাৰশ্বিপ ৰখা হয়। ষ্টাৰশ্বিপে স্পেচএক্সৰ পূৰ্বৰ সকলো উৎক্ষেপকৰ ক্ষমতাক একেলগে সমৰ্থন কৰিব। ২০১৮ চনত স্পেচএক্সে ২০২৩ চনৰ পৰিকল্পিত চন্দ্ৰ প্ৰদক্ষিণ অভিযান ঘোষণা কৰে। এই ব্যক্তিগত উৰণৰ নাম ৰখা হৈছিল ডিয়াৰমুন প্ৰজেক্ট। ২০২০ চনত স্পেচএক্সে ডেমো-২ নামৰ ইয়াৰ প্ৰথমখন মানৱবাহী উৰণ অভিযান আৰম্ভ কৰে। ইয়াৰ জৰিয়তে স্পেচএক্স্ এজন ব্যক্তিক কক্ষপথত স্থাপন কৰোৱা আৰু আই এছ এছত মানৱবাহী মহাকাশযান নমোৱা প্ৰথমটো ব্যক্তিগত কোম্পানী হিচাপে পৰিগণিত হয়।
২০১৫ চনত স্পেচএক্সে কৃত্ৰিম উপগ্ৰহযোগে ইণ্টাৰনেট ব্যৱস্থাৰ যোগান ধৰিবলৈ নিম্ন কক্ষীয় কৃত্ৰিম উপগ্ৰহ ষ্টাৰলিংকৰ বিকাশ আৰম্ভ কৰিছিল। ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াৰ প্ৰথম দুটা আৰ্হি উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল। ২০১৯ চনৰ মে' মাহত প্ৰথম ৬০টা কাৰ্যক্ষম উপগ্ৰহ উৎক্ষেপণ কৰাৰ লগে লগে নক্ষত্ৰমণ্ডলৰ বৃহৎ অংশ এটা সম্পূৰ্ণ হৈছিল। নক্ষত্ৰমণ্ডলটোৰ চানেকি, নিৰ্মাণ আৰু নিয়োগৰ বাবে দশকজোৰা প্ৰকল্পটোৰ মুঠ ব্যয় স্পেচএক্সে প্ৰায় ১০ বিলিয়ন ডলাৰ হ'ব বুলি অনুমান কৰিছে।
জ্যোতিৰ্বিজ্ঞানীসকলে কোম্পানীটোক সমালোচনা কৰি কৈছে যে ষ্টাৰলিংকৰ উপগ্ৰহসমূহে আকাশখন ছানি ধৰিছে, আৰু বিশেষজ্ঞসকলে যুক্তি দিছে যে ইয়াৰ ফলত মহাকাশত সংঘৰ্ষ আৰু বিপদ হোৱাৰ আশংকা আছে। মাস্কে এই সমালোচনাক নাকচ কৰি কৈছে যে উপগ্ৰহৰ কোনো প্ৰভাৱ নপৰে আৰু “মহাকাশ অত্যন্ত বিশাল, আৰু উপগ্ৰহবোৰ অতি ক্ষুদ্ৰ।”
ছ'লাৰচিটি
মাস্কৰ খুলশালীয়েক লিণ্ডন আৰু পিটাৰ ৰাইভে ২০০৬ চনত যুটীয়াভাৱে ছ'লাৰচিটি প্ৰতিষ্ঠা কৰিছিল। কোম্পানীটোৰ বাবে প্ৰাৰম্ভিক ধাৰণা আৰু বিত্তীয় মূলধন মাস্কে যোগান কৰিছিল। ২০১৩ চনলৈকে ছ'লাৰচিটি আমেৰিকাৰ দ্বিতীয় বৃহত্তম সৌৰশক্তি ব্যৱস্থা প্ৰদানকাৰী কোম্পানী আছিল। ২০১৪ চনত মাস্কে নিউয়ৰ্কৰ বাফেলোত ছ'লাৰচিটিৰ এটা উন্নত উৎপাদন কেন্দ্ৰ নিৰ্মাণৰ ধাৰণাটো প্ৰচাৰ কৰে, যিটো আমেৰিকাৰ সৰ্ববৃহৎ সৌৰ প্ৰকল্পৰ আকাৰৰ তিনিগুণ। ২০১৪ চনত এই কাৰখানাটোৰ নিৰ্মাণৰ কাম আৰম্ভ হয় আৰু ২০১৭ চনত সম্পূৰ্ণ হয়। ২০২০ চনৰ আৰম্ভণিলৈকে ই পেনাচনিকৰ সৈতে যৌথ উদ্যোগ হিচাপে কাম কৰিছিল। ২০১৬ চনত টেছলাই ২ বিলিয়ন ডলাৰতকৈ অধিক মূল্যত ছ’লাৰচিটিক অধিগ্ৰহণ কৰিছিল আৰু 'টেছলা এনাৰ্জী' সৃষ্টি কৰিবলৈ ইয়াক বেটাৰী শক্তি সংৰক্ষণ সামগ্ৰী বিভাগৰ সৈতে একত্ৰিত কৰিছিল।
দ্য ব'ৰিং কোম্পানী
২০১৬ চনত মাস্কে সুৰংগ নিৰ্মাণৰ বাবে দ্য বৰিং কোম্পানী প্ৰতিষ্ঠা কৰে। ২০১৭ চনৰ আৰম্ভণিতে কোম্পানীটোৱে নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ সৈতে আলোচনা আৰম্ভ কৰে আৰু স্পেচএক্সৰ চৌহদত ৩০ ফুট (৯.১ মিটাৰ) বহল, ৫০ ফুট (১৫ মিটাৰ) দীঘল, আৰু ১৫ ফুট (৪.৬ মিটাৰ) গভীৰ "পৰীক্ষামূলক খাদ" নিৰ্মাণৰ কাম আৰম্ভ কৰে। কাৰণ স্পেচএক্সৰ কাৰ্যালয়সমূহৰ বাবে কোনো অনুমতি পত্ৰৰ প্ৰয়োজন নাছিল। ২০২১ চনৰ আৰম্ভণিতে লাছ ভেগাছ কনভেনচন চেণ্টাৰৰ তলৰ এটা সুৰংগ নিৰ্মাণ সম্পূৰ্ণ কৰা হয়। স্থানীয় বিষয়াসকলে সুৰংগ ব্যৱস্থাটোৰ অধিক সম্প্ৰসাৰণৰ বাবে অনুমোদন জনাইছে।
বিপণন আৰু প্ৰচাৰৰ উদ্দেশ্যে ২০১৮ চনত দ্য বৰিং কোম্পানীয়ে ২০০০ টা অভিনৱ ফ্লেমথ্ৰ'ৱাৰ (জুইৰে আক্ৰমণ কৰা অস্ত্ৰ) বিক্ৰী কৰে। এই ধাৰণাটো, আৰু সামগ্ৰিকভাৱে ফ্লেমথ্ৰ’ৱাৰৰ ধাৰণাটোৰ প্ৰতি তেওঁৰ আকৰ্ষণ মেল ব্ৰুকছৰ পৰিচালনাত নিৰ্মিত স্পেচবলছ্ (১৯৮৭) ছবিখনৰ পৰা অনুপ্ৰাণিত হৈছিল।
ব্যক্তিগত জীৱন
একবিংশ শতিকাৰ প্ৰথমটো দশকৰ আৰম্ভণিৰে পৰা ২০২০ চনৰ শেষলৈকে মাস্কে কেলিফৰ্ণিয়াত বাস কৰিছিল, য'ত টেছলা আৰু স্পেচএক্স প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়াও তাত তেওঁলোকৰ মুখ্য কাৰ্যালয় অৱস্থিত। ২০২০ চনত তেওঁ টেক্সাছলৈ গুচি যায়। তেওঁ কয় যে কেলিফৰ্ণিয়াই ইয়াৰ অৰ্থনৈতিক সফলতাৰ সৈতে "আত্মসন্তুষ্টি" লভিবলৈ লৈছে।
২০২১ চনৰ মে' মাহত চেটাৰ্ডে নাইট লাইভ আয়োজন কৰাৰ সময়ত মাস্কে কয় যে তেওঁৰ এছপাৰগাৰ চিনড্ৰম (স্বপ্নবিভোৰতাত ভুগি থকা এবিধ ৰোগ) আছে। বিবিচিয়ে লিখিছিল, "মিষ্টাৰ মাস্কে তেওঁৰ এই অৱস্থাৰ বিষয়ে এয়াই হয়তো প্ৰথমবাৰ কৈছে।"
বিবাহ, সম্পৰ্ক, আৰু সন্তান
কুইনছ্ বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত মাস্কে তেওঁৰ প্ৰথম পত্নী জাষ্টিন উইলছনক লগ পায় আৰু ২০০০ চনত তেওঁলোকৰ বিয়া হয়। জাষ্টিন এগৰাকী কানাডিয়ান। ২০০০ চনত দক্ষিণ আফ্ৰিকাত ছুটীত থকাৰ সময়ত তেওঁ মেলেৰিয়াত আক্ৰান্ত হৈছিল আৰু প্ৰায় মৃত্যুমুখত পৰিছিল। ২০০২ চনত তেওঁলোকৰ প্ৰথম সন্তানৰ মাত্ৰ ১০ সপ্তাহ বয়সত আকস্মিক শিশু মৃত্যুৰ চিনড্ৰম (SIDS) ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত দম্পতীহালে পৰিয়ালটোক আগুৱাই নিবলৈ আইভিএফ পদ্ধতি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়। ২০০৪ চনত তেওঁলোকৰ যমজ সন্তান জন্ম হয় আৰু ২০০৬ চনত একেলগে তিনিটা সন্তান জন্ম হয়। ২০০৮ চনত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয় আৰু তেওঁলোকৰ সন্তানক তত্ত্বাৱধানৰ দায়িত্ব ভগাই লয়। ২০২২ চনৰ এপ্ৰিল মাহত তেওঁলোকৰ এজন সন্তানে তেওঁৰ লিংগ পৰিচয় প্ৰতিফলিত কৰিবলৈ, আৰু জৈৱিক পিতৃ মাস্কৰ সৈতে কোনো সম্বন্ধ ৰাখিব নিবিচৰা বাবে তেওঁৰ নাম সলনি কৰিবলৈ অনুৰোধ দাখিল কৰে।
২০০৮ চনত মাস্কে ইংৰাজ অভিনেত্ৰী তালুলা ৰাইলীৰ সৈতে সময় কটাবলৈ আৰম্ভ কৰে। ২০১০ চনৰ ছেপ্টেম্বৰ মাহত স্কটলেণ্ডৰ ডৰ্নক কেথেড্ৰেলত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। ২০১২ চনত তেওঁ ৰাইলীৰ পৰা বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। ২০১৩ চনত মাস্ক্ আৰু ৰাইলেৰ পুনৰ বিবাহ হয়। ২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁ ৰাইলীৰ পৰা দ্বিতীয়বাৰৰ বাবে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়; কিন্তু পিছলৈ এই আৱেদন প্ৰত্যাহাৰ কৰা হয়। ২০১৬ চনত দ্বিতীয়টো বিবাহ বিচ্ছেদ চূড়ান্ত কৰা হয়। তাৰ পিছত মাস্কে ২০১৭ চনত কেইবামাহো এম্বাৰ হাৰ্ডক লগ কৰিবলৈ যায়। তেওঁ ২০১২ চনৰ পৰা এম্বাৰ হাৰ্ডৰ সৈতে লাগি আছিল বুলি খবৰত প্ৰকাশ পাইছে। পিছলৈ জনি ডিপে অভিযোগ উত্থাপন কৰিছিল যে হাৰ্ড জনি ডিপৰ সৈতে বৈবাহিক সম্বন্ধত থকাৰ পিছতো মাস্কে সম্পৰ্ক চলাই ৰাখিছে। মাস্ক আৰু হাৰ্ড- দুয়োৱে এই সম্পৰ্কক অস্বীকাৰ কৰিছিল।
২০১৮ চনত মাস্ক্ আৰু কানাডাৰ সংগীতজ্ঞ গ্ৰাইমছে প্ৰকাশ কৰে যে তেওঁলোকে ৰোমাণ্টিক মিলন চলাই ৰাখিছিল। ২০২০ চনৰ মে' মাহত গ্ৰাইমছে তেওঁলোকৰ পুত্ৰ সন্তান জন্ম দিয়ে। মাস্ক্ আৰু গ্ৰাইমছৰ মতে সন্তানটোৰ নাম আছিল "X Æ A-12"; কিন্তু এই নামটোৱে কেলিফৰ্ণিয়াৰ নিয়ম উলংঘা কৰিলেহেঁতেন কাৰণ ইয়াত আধুনিক ইংৰাজী বৰ্ণমালাত নথকা আখৰ আছিল। তাৰ পিছত ইয়াক "X Æ A-Xii" লৈ সলনি কৰা হৈছিল। ইয়াৰ ফলত অধিক বিভ্ৰান্তিৰ সৃষ্টি হয়, কিয়নো Æ টো আধুনিক ইংৰাজী বৰ্ণমালাত নথকা এটা আখৰ। অৱশেষত শিশুটিৰ নাম "X AE A-XII" মাস্ক্ হিচাপে চূড়ান্ত কৰা হয়। ইয়াত প্ৰথম নাম "X", মধ্য নাম "AE A-XII" আৰু উপাধি "মাস্ক্"। মাস্কে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত দম্পতীহাল “অৰ্ধ-বিচ্ছিন্ন” হোৱাৰ বাতৰি নিশ্চিত কৰিছিল। ২০২১ চনৰ ডিচেম্বৰ মাহত টাইমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁ অবিবাহিত। ২০২২ চনৰ মাৰ্চ মাহত গ্ৰাইমছে মাস্কৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে কৈছিল: “মই হয়তো তেওঁক মোৰ বয়ফ্ৰেণ্ড্ বুলি ক’ম, কিন্তু আমি অতি পৰিৱৰ্তনশীল।” তেওঁ আৰু প্ৰকাশ কৰে যে তেওঁলোকৰ প্ৰথম কন্যাৰ জন্ম ২০২১ চনৰ ডিচেম্বৰ মাহত ভেৰোনীয়া মাতৃৰ জৰিয়তে হৈছিল। সেই মাহৰ শেষৰ ফালে গ্ৰাইমছে টুইট কৰি কয় যে তেওঁ আৰু মাস্কৰ মাজত পুনৰ বিচ্ছেদ ঘটিছে- “কিন্তু তেওঁ মোৰ শ্ৰেষ্ঠ বন্ধু আৰু মোৰ জীৱনৰ প্ৰেম”।
তথ্যসূত্ৰ
- ↑ Elon Musk. Forbes
- ↑ Bloomberg Billionaires Index. Bloomberg.com
- ↑ Real Time Billionaires. Forbes
- ↑ Vance (2015), pp. 25, 31
- ↑ discussion of his family starts around the 15th minute
- ↑ Vargas, Chanel. (March 6, 2018). 11 Things to Know About Stunning 69-Year-Old Model Maye Musk. Town & Country
- ↑ Usborne, Simon. (February 21, 2018). Meet the Musks: who's who in Elon's extended family?. The Guardian
- ↑ * May, Dana Hull and Patrick. Exploring the otherworldly ambitions of Elon Musk. The Buffalo News * Friend, Tad. (August 17, 2009). Plugged In. The New Yorker * Dolan, Kerry A. How To Raise A Billionaire: An Interview With Elon Musk's Father, Errol Musk. Forbes
- ↑ Smith, Adam. (June 28, 2021). 50 years of Elon Musk's huge wealth, from emeralds to SpaceX and Tesla. The Independent
- ↑ The Musk of Romance. Wired
- ↑ Vance (2015), pp. 31–32
- ↑ Eligon, John; Chutel, Lynsey. (2022-05-05). Elon Musk Left a South Africa That Was Rife With Misinformation and White Privilege. The New York Times
- ↑ Strauss, Neil. (November 15, 2017). Elon Musk: The Architect of Tomorrow. Rolling Stone
- ↑ Hull, Dana; May, Patrick. (April 10, 2014). 2014: Rocket Man: The otherworldly ambitions of Elon Musk. The Mercury News
- ↑ Crilly, Rob. (March 25, 2018). Elon Musk's father has baby with step-daughter he has known since she was four. The Daily Telegraph
- ↑ Elon Musk reveals Tesla's plan to be at the forefront of a self-driving-car revolution — and why he wants to be buried on Mars. Business Insider
- ↑ Grubb, Jeff. (April 7, 2015). How games helped make Elon Musk the real-life Tony Stark. VentureBeat
- ↑ Vance (2015), p. 38
- ↑ O'Kane, Sean. (June 9, 2015). Play the PC game Elon Musk wrote as a pre-teen. The Verge. Vox
- ↑ Belfiore (2007), pp. 166–95
- ↑ Vance (2015), pp. 33–34
- ↑ Vance (2015), pp. 40–41
- ↑ Mak, Aaron. (December 4, 2019). Elon Musk Says "Pedo Guy" Was a Common Insult in His Youth. We Checked With His Schoolmates.. Slate
- ↑ Junod, Tom. (November 15, 2012). Elon Musk: Triumph of His Will. Esquire
- ↑ Clifford, Catherine. (June 12, 2018). Multi-billionaire Elon Musk: 'I arrived in North America at 17 with $2,000'. CNBC
- ↑ Vance (2015), p. 44
- ↑ Vance (2015), pp. 43–44
- ↑ Vance (2015), p. 45
- ↑ Vance (2015), p. 46
- ↑ Vance (2015), pp. 46–47
- ↑ Locke, Taylor. (December 20, 2019). Elon Musk's college pal: This is what 'differentiates Elon from the rest of humanity'. CNBC
- ↑ Hull, Dana. (April 11, 2014). Timeline: Elon Musk's accomplishments. Mercury News
- ↑ Zanerhaft, Jaron. (2013). Elon Musk: Patriarchs and Prodigies. CSQ. C-Suite Quarterly
- ↑ Meisenzahl, Elizabeth. SpaceX, founded by Penn graduate Elon Musk, launches U.S. astronauts into space. thedp.com
- ↑ (July 16, 2018). How internships helped Elon Musk figure out his future. CNBC
- ↑ Vance (2015), p. 368
- ↑ Maidment, Paul. (March 15, 2016). 7 college dropouts who made millions. CNBC
- ↑ Huddlestone, Tom Jr. (June 19, 2018). Elon Musk slept on his office couch and 'showered at the YMCA' while starting his first company. CNBC
- ↑ Chafkin, Max. (December 1, 2007). Entrepreneur of the Year, 2007: Elon Musk. Inc.
- ↑ Fox, Emily Jane. (October 21, 2015). How Elon Musk's Mom (and her Twin Sister) Raised the First Family of Tech. Vanity Fair
- ↑ Zip2 Founder Launches 2nd Firm: Readies Financial Supersite. – Free Online Library. www.thefreelibrary.com
- ↑ Kidder (2013), pp. 224–228
- ↑ Cooper, Charles. CitySearch, Zip2 to merge in $300 million deal. ZDNet
- ↑ Vance (2015), p. 67
- ↑ Vance (2015), p. 14
- ↑ Junnarkar, Sandeep. (February 16, 1999). Compaq buys Zip2. CNET
- ↑ Hartmans, Matt Weinberger, Avery. How billionaire Tesla and SpaceX CEO Elon Musk went from getting bullied as a child to becoming one of the most successful and provocative men in tech. Business Insider
- ↑ Vance (2015), p. 109
- ↑ Vance (2015), p. 78
- ↑ Vance (2015), p. 84
- ↑ Vance (2015), p. 86
- ↑ Jackson (2004), pp. 40, 69, 130, 163
- ↑ Vance (2015), p. 85
- ↑ Vance (2015), pp. 85–86
- ↑ Vance (2015), pp. 86–87
- ↑ Vance (2015), pp. 87–88
- ↑ The PayPal Mafia. Fortune
- ↑ Vance (2015), p. 89
- ↑ Odell, Mark. (September 30, 2014). Timeline: The rise of PayPal. Financial Times
- ↑ (December 31, 2001). SEC 10-K. PayPal
- ↑ Vance (2015), pp. 116
- ↑ Huang, Echo. Elon Musk bought a web domain worth millions with "sentimental value" to him. Quartz
- ↑ Statt, Nick. (July 10, 2017). Elon Musk now owns X.com, the defunct domain of his second startup. The Verge
- ↑ Vance (2015), pp. 99, 102—103
- ↑ Vance, Ashlee. (May 14, 2015). Elon Musk's space dream almost killed Tesla. Bloomberg L.P.
- ↑ Wayne, Leslie. (February 5, 2006). A Bold Plan to Go Where Men Have Gone Before. The New York Times
- ↑ California Business Search (C2414622 – Space Exploration Technologies Corp)
- ↑ Koren, Marina. (May 6, 2021). Elon Musk Is Maybe, Actually, Strangely, Going to Do This Mars Thing. The Atlantic
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলন মাস্ক্” প্ৰবন্ধৰ সংশোধন ৫৪৫৫৯৫ (২৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।