উদ্যোগপতি
২১ প্ৰবন্ধ
-
জি ডি বিৰলা
ঘনশ্যাম দাস বিৰলা (Ghanashyam Das Birla; জন্ম ১০ এপ্ৰিল ১৮৯৪ – মৃত্যু ১১ জুন ১৯৮৩) এজন ভাৰতীয় ব্যৱসায়ী আৰু বিৰলা পৰিয়ালৰ সদস্য আছিল।
-
জামছেদজী টাটা
জামছেটজী নুছেৰৱানজী টাটা (জন্ম, ৩ মাৰ্চ ১৮৩৯ – মৃত্যু, ১৯ মে' ১৯০৪) ভাৰতৰ সৰ্ববৃহৎ সংঘবদ্ধ টাটা গ্ৰুপ প্ৰতিষ্ঠা কৰা এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ। তেওঁ জামছেদপুৰ নগৰ প্ৰতিষ্ঠা কৰিছিল। নৱছাৰীত পাৰ্চী পুৰোহিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।
-
ডোৰাবজী টাটা
ছাৰ ডোৰাবজী টাটা ( জন্ম,২৭ আগষ্ট ১৮৫৯ – মৃত্যু,৩ জুন ১৯৩২) ব্ৰিটিছ ৰাজৰ সময়ত এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ, আৰু টাটা গোটৰ ইতিহাস আৰু বিকাশৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল। বৃটিছ ভাৰতৰ উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯১০ চনত তেওঁক নাইট পদবী দিয়া হয়।
-
দ্বাৰকানাথ ঠাকুৰ
দ্বাৰকানাথ ঠাকুৰ (জন্ম ১৭৯৪-১৮৪৬) ব্ৰিটিছ অংশীদাৰসকলৰ সৈতে উদ্যোগ গঠন কৰা প্ৰথম ভাৰতীয় উদ্যোগপতিসকলৰ ভিতৰত এজন আছিল। তেওঁ ৰামমনি ঠাকুৰৰ পুত্ৰ আছিল আৰু ৰামমনিৰ জ্যেষ্ঠ ভাতৃ ৰামলোচন ঠাকুৰক দত্তক লোৱাৰ বাবে দিয়া হৈছিল।
-
শ্ৰীকান্ত ব’ল্লা
শ্ৰীকান্ত ব’ল্লা( Srikanth Bolla; জন্ম: ৭ জুলাই ১৯৯১) এজন ভাৰতীয় উদ্যোগপতি আৰু বোলাণ্ট ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। তেওঁ আছিল মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ স্ল'ন স্কুল অৱ মেনেজমেণ্টৰ মেনেজমেণ্ট বিজ্ঞানৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় দৃষ্টিহীন ছাত্ৰ।
-
অনিল আম্বানী
অনিল ধীৰুভাই আম্বাণী(Anil Dhirubhai Ambani জন্ম ৪ জুন ১৯৫৯) এজন ভাৰতীয় ব্যৱসায়ী, ৰিলায়েন্স গ্ৰুপ (ৰিলায়েন্স এ ডি এ গ্ৰুপ)ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। ২০০৬ চনৰ জুলাই মাহত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ পৰা বিচ্ছেদৰ পিছত ৰিলায়েন্স গ্ৰুপ গঠন কৰা হয়।
-
আদিত্য বিৰলা
আদিত্য বিক্ৰম বিৰলা ( জন্ম ১৪ নৱেম্বৰ, ১৯৪৩ – মৃত্যু,১ অক্টোবৰ ১৯৯৫) এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ। ভাৰতৰ অন্যতম বৃহৎ ব্যাৱসায়িক পৰিয়ালত জন্মগ্ৰহণ কৰা তেওঁ নিজৰ গোটৰ বস্ত্ৰশিল্প, পেট্ৰ’কেমিকেল, আৰু দূৰসংযোগৰ ক্ষেত্ৰত বৈচিত্ৰ্যৰ নেতৃত্ব দিছিল।
-
কিৰণ মজুমদাৰ শ্ব
কিৰণ মজুমদাৰ-শ্ব(জন্ম: ২৩ মাৰ্চ,১৯৫৩) এগৰাকী ভাৰতীয় মহিলা কোটিপতি উদ্যোগী। তেওঁ ভাৰতৰ বাংগালোৰস্থিত জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান বায়োকন লিমিটেড আৰু বায়োকন বায়োলজিক্স লিমিটেডৰ কাৰ্যবাহী অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক আৰু বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ প্ৰাক্তন অধ্যক্ষা।
-
ছেম অল্টমেন
ছেমুৱেল হেৰিছ অল্টমেন (Sam Altman; জন্ম: ২২ এপ্ৰিল, ১৯৮৫) এজন আমেৰিকান প্ৰযুক্তি-উদ্যোগী আৰু বিনিয়োগকাৰী। তেওঁ ২০১৯ চনৰ পৰা অ’পেনএআই-ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অধিক পৰিচিত। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক কম সময়ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰি পুনৰ নিযুক্তি দিয়া হয়।
-
আজিম প্ৰেমজী
আজিম হাছিম প্ৰেমজী ( জন্ম: ২৪ জুলাই ১৯৪৫) এজন ভাৰতীয় ব্যৱসায়ী আৰু দানবীৰ। আজিম প্ৰেমজী ৱিপ্ৰ'ৰ অধ্যক্ষ আছিল। প্ৰেমজী ব'ৰ্ডৰ অকাৰ্যবাহী সদস্য আৰু প্ৰতিষ্থাপক অধ্যক্ষ হৈয়ে আছে। ২০১০ চনত এছিয়াউইকে তেওঁক বিশ্বৰ ২০ জন শক্তিশালী ব্যক্তিৰ ভিতৰত স্থান দিছিল।
-
গীতাঞ্জলি জে আংমো
গীতাঞ্জলি জে আংমো এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী, আৰু শিক্ষাবিদ, লাডাখৰ শিক্ষা আৰু সম্প্ৰদায় উন্নয়নৰ কামৰ বাবে পৰিচিত। শিক্ষা আৰু সমাজৰ বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ভাৰত চৰকাৰৰদ্বাৰা মহিলা ৰূপান্তৰকাৰী ভাৰত বঁটা লাভ কৰে।
-
গৌতম আদানী
গৌতম শান্তিলাল আদানী (জন্ম ২৪ জুন ১৯৬২) এজন ভাৰতীয় কোটিপতি ব্যৱসায়ী যি ভাৰতৰ বন্দৰ উন্নয়ন আৰু পৰিচালনাৰ সৈতে জড়িত বহুজাতিক সংঘ আদানী গ্ৰুপৰ প্ৰতিষ্থাপক আৰু অধ্যক্ষ।
-
চাইৰাছ মিস্ত্ৰী (ব্যৱসায়ী)
চাইৰাছ পল্লনজী মিষ্ট্ৰী (জন্ম, ৪ জুলাই ১৯৬৮ –মৃত্যু, ৪ ছেপ্টেম্বৰ ২০২২) আছিল এজন জন্মগতভাৱে ভাৰতীয় যদিও আইৰিছ কোটিপতি ব্যৱসায়ী। ২০১২ চনৰপৰা ২০১৬ চনলৈ তেওঁ ভাৰতীয় ব্যাৱসায়িক সংঘবদ্ধ টাটা গ্ৰুপৰ অধ্যক্ষ আছিল।
-
ছাৰ ৰতনজী টাটা
ছাৰ ৰতনজী জামছেদজী টাটা জে পি (২০ জানুৱাৰী ১৮৭১ – ৫ ছেপ্টেম্বৰ ১৯১৮) বৃটিছ ৰাজত্বৰ সময়ত এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ। টাটা গ্ৰুপৰ প্ৰতিষ্থাপক জামছেদজী টাটাৰ কনিষ্ঠ পুত্ৰ।
-
পূজা শৰ্মা (উদ্যোগপতি)
পূজা শৰ্মা (Pooja Sharma; জন্ম: ) এগৰাকী ভাৰতীয় উদ্যোগপতি। তেওঁ তেওঁৰ গাঁৱৰ প্ৰথমগৰাকী মহিলা, যি ঘৰৰপৰা বাহিৰলৈ গৈ কাম কৰিছিল। তেওঁ এটা আত্ম-সহায়ক গোট স্থাপন কৰিছিল আৰু এখন বেকাৰী খুলি ১৫০ গৰাকী মহিলাক নিযুক্তি দিছিল। তেওঁৰ কৃতিত্বৰ স্বীকৃতিস্বৰূপে তেওঁক বহুকেইটা পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে।
-
বাণী কোলা
বাণী কোলা এগৰাকী ভাৰতীয় মহিলা উদ্যোগ পুঁজিপতি। তেওঁ ভাৰতীয় প্ৰাৰম্ভিক পৰ্যায়ৰ ভেঞ্চাৰ কেপিটেল ফাৰ্ম কালাৰী কেপিটেলৰ প্ৰতিষ্ঠাপক আৰু পৰিচালনা সঞ্চালক। তেওঁক ২০১৪ চনত ফৰ্চুন ইণ্ডিয়াৰ দ্বাৰা ভাৰতীয় ব্যৱসায়ৰ আটাইতকৈ শক্তিশালী মহিলা হিচাপে তালিকাভুক্ত কৰা হৈছিল।
-
মৰিয়ম মিৰবাগেৰী
মৰিয়ম মিৰবাগেৰী (ফাৰ্চী: مریم میرباقری; জন্ম ১৮ ফেব্ৰুৱাৰী), তেওঁৰ পেছাদাৰী নাম মাৰিয়ামা হিচাপে বেছি জনাজাত। তেওঁ লছ এঞ্জেলছত বসবাস কৰা এগৰাকী ইৰানী-আমেৰিকান সংগীতজ্ঞ, সংগীত প্ৰবন্ধক আৰু উদ্যোগী।
-
য়ুয়ানয়ুয়ান ঝৌ
য়ুয়ানয়ুয়ান (YY) ঝৌ এগৰাকী চীনা আৰু আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু উদ্যোগী। তেওঁ ছান ডিয়েগোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপিকা। তেওঁ ম'বাইল কম্পিউটিঙত কোৱালকম এনডাউড চেয়াৰ পদ লাভ কৰিছে।
-
লক্ষ্মী মিত্তল
লক্ষ্মী নিৱাস মিত্তল ( জন্ম ১৫ জুন ১৯৫০) যুক্তৰাজ্যত বাস কৰা এজন ভাৰতীয় তীখাৰ ব্যৱসায়ী। তেওঁ বিশ্বৰ দ্বিতীয় বৃহত্তম ষ্টীল কোম্পানী আৰ্চেলৰমিটালৰ কাৰ্যবাহী অধ্যক্ষ আৰু ষ্টেইনলেছ ষ্টীল নিৰ্মাতা কোম্পানী আপেৰামৰ অধ্যক্ষ।
-
ৰাধিকা আগৰৱাল
ৰাধিকা ঘাই আগৰৱাল এগৰাকী ইণ্টাৰনেট উদ্যোগী আৰু ইউনিকৰ্ণ ক্লাবত প্ৰৱেশ কৰা ভাৰতৰ প্ৰথম মহিলা। তেওঁ চিলিকন ভেলীত ২০১১ চনত স্থাপিত অনলাইন মাৰ্কেট প্লেচ শ্বপক্লুজৰ সহ-প্ৰতিষ্ঠাপক। বৰ্তমান তেওঁ কোম্পানীটোৰ মুখ্য ব্যৱসায়িক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ৰ’জ কামিং
ৰ’জ কামিং (Rose Cumming), যাৰ জন্ম হৈছিল ১৮৮৭ চনত অষ্ট্ৰেলিয়াত আৰু মৃত্যু ২১ মাৰ্চ, ১৯৬৮ চনত; এগৰাকী চমৎকাৰী আৰু চিত্তহৰণকাৰী অভ্যন্তৰীণ গৃহ সজ্জাকাৰী আছিল, যাৰ কৰ্মজীৱন নিউয়ৰ্ক চহৰক ভিত্তি কৰি গঢ় লৈ উঠিছিল।