উইলিয়াম হেনৰি গেট্ছ তৃতীয় (William Henry Gates III; জন্ম ২৮ অক্টোবৰ, ১৯৫৫ চন) হৈছে এগৰাকী আমেৰিকান পুঁজিপতি, ছফ্টৱেৰ নিৰ্মাতা, বিনিয়োগকাৰী, আৰু সমাজহিতৈষী। মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাতা হিচাপে তেখেত জনাজাত।১২ মাইক্ৰ'ছফ্টত কৰ্মনিৰ্বাহ কৰি থকাৰ সময়ত তেখেত অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া, সভাপতি, মুখ্য ছফ্টৱেৰ স্থপতিৰ পদত অধিষ্ঠিত হৈছিল। ১৯৭০-৮০ৰ সময়ছোৱাত ঘৰুৱা কম্পিউটাৰ (মাইক্ৰ'কম্পিউটাৰ) বিপ্লৱৰ তেখেত এগৰাকী প্ৰভাৱশালী উদোগী আৰু অগ্ৰণী ব্যক্তি।
ৱাশ্বিংটনৰ ছিয়াটলত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা বিল গেট্ছে তেওঁৰ বাল্যবন্ধু প'ল এলেনৰ লগলাগি ১৯৭৫ চনত, নিউ মেক্সিকোৰ আলবুকাৰ্কত মাইক্ৰছ'ফ্টৰ সহ-প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী পৰ্যায়ত সেইটো পৃথিৱীৰ সৰ্ববৃহৎ ছফ্টৱেৰ কোম্পানী হিচাপ পৰিগণিত হয়।৩ ২০০০ চনৰ জানুৱাৰীলৈকে বিল গেট্ছে কোম্পানীৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব পালন কৰে। তাৰপিছত তেখেতে মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰে, কিন্তু অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰি থাকে আৰু পাছলৈ মুখ্য ছফ্টৱেৰ স্থপতিৰ পদত বহে।৪ কুৰি শতিকাৰ অন্তিমটো দশকৰ শেষৰফালে গেট্ছক তেওঁক ব্যৱসায়িক কৌশলৰ বাবে সমালোচনা কৰা হয় আৰু সেইবোৰক অ-প্ৰতিযোগিতামূলক অনুশীলন আখ্যা দিয়া হয়। বহুকেইখন আদালতে এইটো ৰায়ক বাহাল ৰাখিছে। ২০০৬ চনৰ জুন মাহত গেট্ছে ঘোষণা কৰে যে, তেওঁ মাইক্ৰ'ছফ্টত এগৰাকী অংশকালীন কৰ্মকৰ্তা হিচাপে দায়িত্বত থাকি "বিল আৰু মেলিণ্ডা গেট্ছ সংস্থা"ত পূৰ্ণকালীন ৰূপত সেৱা আগবঢ়াব; যিটো ব্যক্তিগত লোকহিতৈষী সংস্থা তেওঁ আৰু পত্নী মেলিণ্ডা গেট্ছে লগলাগি ২০০০ চনত প্ৰতিষ্ঠা কৰিছিল।৫গেট্ছে পৰ্যায়ক্ৰমে নিজৰ দায়িত্বসমূহ ৰেয় ওজি আৰু ক্ৰেইগ মুণ্ডিলৈ স্থানান্তৰিত কৰি দিয়ে।৬ ২০১৪ চনৰ ফেব্ৰুৱাৰীত তেখেতে মাইক্ৰ'ছফ্টৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লয়। তাৰ পৰিৱৰ্তে তেওঁ কাৰিকৰী উপদেষ্টা নামৰ পদ এটাত অধিষ্ঠিত হৈ নতুন মুখ্য কাৰ্যবাহী বিষয়া সত্য নাদেলাক সহযোগিতা আগবঢ়ায়।৭
১৯৮৭ চনৰ পৰাই বিল গেট্ছক ফ'ৰ্বছ আলোচনীৰ পৃথিৱীৰ মহাধনাঢ্য ব্যক্তিৰ তালিকাত স্থান দি থকা হৈছে।৮৯ ১৯৯৫ চনৰ পৰা ২০১৭ চনলৈকে গেট্ছে সেইখন তালিকাত শীৰ্ষস্থান দখল কৰি আহিছে।১০ ২০১৭ চনৰ অক্টোবৰত এমাজন কোম্পানীৰ প্ৰতিষ্ঠাতা জেভ বেজোছে তেওঁক অতিকৰ্ম কৰি সেইখন তালিকাত শীৰ্ষস্থান দখল কৰে। বেজোছৰ সম্পত্তিৰ মূল্য আছিল ৯০.৬ বিলিয়ন আমেৰিকান ডলাৰ। আনহাতে গেট্ছৰ সেইসময়ত সম্পত্তি-মূল্য আছিল ৮৯.৯ বিলিয়ন আমেৰিকান ডলাৰ।১১ ২০১৯ চনৰ নৱেম্বৰ পৰ্যন্ত গেট্ছে ১০৭.১ বিলিয়ন আমেৰিকান ডলাৰেৰে সৈতে দ্বিতীয় ধনাঢ্য ব্যক্তিৰ স্থানত আছে। উল্লেখনীয় যে, জেফ বেজোছ আৰু বিল গেট্ছৰ মাজতেই প্ৰথম স্থানটোক লৈ আঘোষিত প্ৰতিদ্বন্দ্বিতা হৈ থাকে।১২}}
কেৰিয়াৰৰ পৰৱৰ্তী কালছোৱাত গেট্ছে কিছুমান লোকহিতকৰ কৰ্মৰ লগত জড়িত হৈ পৰে। "বিল আৰু মেলিণ্ডা গেট্ছ সংস্থা"ৰ জৰিয়তে তেখেতে বহুতো লোকহিতৈষী সংস্থা আৰু বৈজ্ঞানিক গৱেষণা কাৰ্যসূচীলৈ বৃহৎ পৰিমাণৰ ধন বৰঙনি হিচাপে আগবঢ়ায়। তেওঁলোকৰ এই সংস্থাটো পৃথিৱীৰ সকলো ব্যক্তিগত খণ্ডৰ ভিতৰতে বৃহৎ লোকহিতৈষী সংস্থা।১৩ ২০০৯ চনত গেট্ছ আৰু ৱাৰেন বাফেটে "দ্য গিভিং প্লেদজ্" প্ৰতিষ্ঠা কৰে। এই সংস্থাৰ জৰিয়তে তেওঁলোক আৰু তেওঁলোকৰ সমসাময়িক বিলিয়নাৰসকলে সম্পত্তিৰ কমেও অৰ্দ্ধাংশ ধন লোকহিতকৰ কামৰ বাবে আগবঢ়োৱাৰ সিদ্ধান্ত লয়।১৪ এই সংস্থাটোৱে গোলকীয় স্বাস্থ্যৰ উত্তৰণৰ হেতু কাম কৰিছে। ৰটাৰী ইণ্টাৰনেছনেলৰ লগত কাম কৰি তেওঁলোকে পলিঅ' ৰোগ নিৰ্মূলকৰণৰ বাবে প্ৰচেষ্টা চলাই আছে।১৫
প্ৰাৰম্ভিক জীৱন

১৯৫৫ চনৰ ২৮ অক্টোবৰত ৱাশ্বিংটনৰ ছিয়াটলত গেট্ছৰ জন্ম হৈছিল।২ তেওঁৰ পিতৃ আছিল উইলিয়াম এইছ. গেট্ছ জ্যেষ্ঠ (জন্ম-১৯২৫) আৰু মেৰি মেক্সৱেল গেট্ছ(১৯২৯-১৯৯৪).১৬ তেওঁৰ পূৰ্বপুৰুষসকল ইংৰাজ, জাৰ্মান, আইৰিছ/স্কট-আইৰিছ আছিল।১৭ তেওঁৰ পিতৃ আছিল এগৰাকী নামজ্বলা অধিবক্তা। আনহাতে মাতৃয়ে "ফাৰ্ষ্ট ইণ্টাৰষ্টেট বেংকছিষ্টেম" আৰু "উইনাইটেড ৱে অৱ আমেৰিকা"ৰ পৰিচালনা পৰিষদত কাৰ্যনিৰ্বাহ কৰিছিল। গেট্ছৰ আইতাক (মাকৰ মাক) আছিল জে.ডব্লিউ. মেক্সৱেল। নেশ্যনেল বেংকৰ এগৰাকী সভাপতি। গেট্ছৰ জ্যেষ্ঠা ভগ্নী ক্ৰিষ্টি আৰু কনিষ্ঠ ভগ্নী লিব্বী। নামটোৰ সৈতে যদিও তেওঁৰ পৰিয়ালত স্থান চতুৰ্থ, তেওঁক উইলিয়াম গেট্ছ তৃতীয় বুলিহে পৰিচয় আছে। কাৰণ তেওঁৰ দেউতাকে "দ্বিতীয়" লিখে।১৮১৯ তেওঁলোকৰ পৰিয়ালটোৱে ছিয়াটলৰ ছেণ্ড পইণ্টত বাস কৰিছিল। যিটো ঘৰ গেট্ছৰ সাত বছৰ বয়সত এক বিৰল টৰ্ণাডো ধুমুহাই ক্ষতিগ্ৰস্ত কৰিছিল।২০
জীৱনৰ প্ৰাৰম্ভিক অৱস্থাত গেট্ছে প্ৰত্যক্ষ কৰিছিল যে, তেওঁৰ অভিভাৱকে গেট্ছে আইনী বৃত্তি নিৰ্বাচন কৰাটো বিচাৰে।২১ তেওঁৰ কিশোৰ কালত, পৰিয়ালটোৱেই নিয়মীয়াকৈ কংগ্ৰেগছনে খ্ৰীষ্টান গীৰ্জালৈ গৈছিল।২২২৩২৪ বয়সৰ ফালৰ পৰা গেট্ছ সৰু আছিল আৰু তাৰবাবে তেওঁ পীড়িত (Bullied) হৈছিল।১৯ তেওঁৰ পৰিয়ালটোৱে প্ৰতিযোগিতাৰ বাবে উৎসাহিত কৰিছিল। এজন অতিথিৰ মতে, "it didn't matter whether it was Hearts (card game) or pickleball or swimming to the dock; there was always a reward for winning and there was always a penalty for losing".২৫
১৩ বছৰ বয়সত, গেট্ছক ছিয়াটলৰ লেকছাইড স্কুলত নাম লগাই দিয়া হৈছিল।২৬২৭ ইয়াতে তেওঁ জীৱনৰ প্ৰথমটো ছফ্টৱেৰ প্ৰগ্ৰাম লিখিছিল।২৮ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে বিদ্যালয়ৰ মাদাৰ্ছ ক্লাৱে বিদয়ালয় অনুসন্ধানৰ আয়সমূহ বিক্ৰী কৰিছিল আৰু সেই ধনেৰে জেনেৰেল ইলেকট্ৰিক কম্পিউটাৰৰ বাবে "টেলিটাইপ মডেল ৩৩ এএছআৰ আৰু কম্পিউটাৰ সময় ব্লক" কিনিব বিচাৰিছিল, যাতে ছাত্ৰ-ছাত্ৰীৰ সহায় হয়।২৯ গেট্ছক এইটো কথাই উৎসুকতা বঢ়ালে আৰু তেওঁ বেছিক প্ৰগ্ৰামিং লেংগুৱেজ ব্যৱহাৰ কৰি সেই GEৰ ছিষ্টেমটো প্ৰগ্ৰাম কৰিবলৈ আগ্ৰহ অনুভৱ কৰিলে। তেওঁ এইটো মেচিনতে প্ৰথমটো কম্পিউটাৰ প্ৰগ্ৰাম লিখিলে, যিটো টিক-টাক-টো নামৰ খেলটোৰ ৰূপায়ণ আছিল। ইয়াৰ ফলত ব্যৱহাৰকাৰীয়ে কম্পিউটাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা হৈছিল। মেছিনটোৱে গেট্ছক মন্ত্ৰমুগ্ধ কৰি পেলাইছিল। মেছিনটোৰ দ্বাৰা ক'ডবোৰ ইমান নিখুঁটভাৱে কাৰ্যকৰীকৰণ হোৱা দেখি তেওঁ আপ্লুত হৈছিল।৩০ মাদাৰ্ছ ক্লাৱৰ বৰঙনি শেষ হ'লত, গেট্ছ আৰু তেওঁৰ লগৰ শিক্ষাৰ্থীসকলে বাকীবোৰ ছিষ্টেম যেনে "ডিজিটেল ইকুইপমেণ্ট কৰ্পোৰেচন"(DEC), "প্ৰগ্ৰামড ডাটা প্ৰচেচৰ"ৰ (PDP) বাবে সময় বিচাৰিলে। তাৰে মাজৰ এটা ছিষ্টেম আছিল পিডিপি-১০, যিটো কম্পিউটাৰ চেণ্টাৰ কৰ্পোৰেচনৰ(CCC) অধীনস্থ আছিল। গেট্ছ, প'ল এলেন, ৰিক ৱেলেণ্ড আৰু গেট্ছৰ প্ৰিয় বন্ধু আৰু প্ৰথম ব্যৱসায়িক অংশীদাৰ কেণ্ট ইভান্সে এইটো ছিষ্টেমৰ "বাগ" (Bug) ব্যৱহাৰ কৰি অতিৰিক্ত কম্পিউটাৰ সময় বিচৰাৰ বাবে তেওঁলোকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।৩১৩২
এই চাৰিজন ছাত্ৰই ধন উপাৰ্জনৰ আশাৰে "লেকছাইড প্ৰগ্ৰামাৰছ ক্লাৱ" প্ৰতিষ্ঠা কৰিছিল। নিষেধাজ্ঞা অন্ত পৰাৰ পাছত, তেওঁলোকে অতিৰিক্ত কম্পিউটাৰ ব্যৱহাৰৰ বিনিময়ত চিচিচিৰ ((CCC)) ছফ্টৱেৰত "বাগ" বিচাৰি দিছিল। টেলিপ্ৰিণ্টাৰৰ জৰিয়তে ৰিম'ট অৱস্থাৰে ছিষ্টেষমটো চলোৱাৰ পৰিৱৰ্তে গেট্ছে চিচিচিৰ অফিচলৈ গৈছিল আৰু সেইটো চিষ্টেমত চলা বিভিন্ন প্ৰগ্ৰামৰ বাবে "উৎস সংকেত" (Source Code) অধ্যয়ন কৰিছিল। তাৰ ভিতৰত ফৰ্টান, লিছপ আৰু মেছিন লেংগুৱেজ আছিল। চিচিচিৰ লগত চুক্তিখন ১৯৭০ চনলৈকে বাহাল আছিল। তাৰপিছত সেইটো কোম্পানীৰ ব্যৱসায় বন্ধ হৈ গৈছিল।
পৰৱৰ্তী বছৰত, লেকছাইডৰ এজন শিক্ষকে গেট্ছ আৰু ইভানসে বিদ্যালয়ৰ শ্ৰেণী-পৰিকল্পনা প্ৰণালীৰ বাবে তালিকাভুক্ত কৰিছিল। ইয়াৰ বাবদ তেওঁলোকক অতিৰিক্ত কম্পিউটাৰ সময় আৰু ৰয়েল্টি দিয়া হৈছিল। পৰৱৰ্তী বছৰসমূহৰ বাবে প্ৰগ্ৰামটো সাজু কৰিবলৈ তেওঁলোক দুয়োজনে খুবেই নীতিনিষ্ঠতাৰে কাম কৰিছিল। জুনিয়ৰ বৰ্ষসমূহৰ শেষৰফালে, পৰ্বত-আৰোহণকাৰী এটা দুৰ্ঘটনাত পতিত হৈ ইভান্সৰ মৃত্যু হৈছিল। যিটো ঘটনাক গেট্ছে জীৱনৰ সৰ্বাধিক দুখদায়ী দিনৰ অন্যতম বুলি চিহ্নিত কৰে। ইয়াৰ পিছত গেট্ছে প'ল এলানৰ সহায় লৈ লেকছাইডৰ ছিষ্টেমটো সম্পূৰ্ণ কৰিলে।১৯
১৭ বছৰ বয়সত, গেট্ছে এলেনৰ লগ লাগি "ট্ৰেফ-অ'-ডাটা" নামৰ উদ্যোগ এটা আৰম্ভ কৰে। ইণ্টেল ৮০০৮ প্ৰচেছৰৰ ওপৰত ভিত্তি কৰি ট্ৰেফিক কাউণ্টাৰ তৈয়াৰ কৰায়েই তেওঁলোকৰ মূল উদ্দেশ্য আছিল।৩৩ ১৯৭২ চনত তেওঁ প্ৰতিনিধি সভাত (House of Representatives) কংগ্ৰেছনেল পৃষ্ঠা এটাত সেৱা আগবঢ়ায়।৩৪৩৫ ১৯৭৩ চনত লেকছাইড স্কুলৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ সময়ত তেওঁ আছিল ৰাষ্ট্ৰীয় মেধা জলপানি লাভ কৰা এগৰাকী শিক্ষাৰ্থী।৩৬ তেওঁ SAT (Scholastic Aptitude Test) পৰীক্ষাত ১৬০০ নম্বৰৰ ভিতৰত ১৫৯০ নম্বৰ লাভ কৰে। আৰু ১৯৭৩ চনৰ শৰৎ কালত হাৰ্ভাৰ্ড কলেজত নামভৰ্তি হয়।৩৭৩৮ গেট্ছে অধ্যয়নৰ বাবে গণিত বিষয় আৰু স্নাতক পৰ্যায়ৰ কম্পিউটাৰ বিজ্ঞানৰ পাঠ্যক্ৰম নিৰ্বাচন কৰে।৩৯ হাৰ্ভাডত তেওঁ সহপাঠী ষ্টিভ বলমাৰক লগ পায়। দুবছৰৰ পাছত গেট্ছে হাৰ্ভাৰ্ড এৰে, অন্যহাতে বলমাৰে তাতে পঢ়ি স্নাতক ডিগ্ৰী লাভ কৰে। কেইটামান বছৰৰ পিছত বলমাৰ মাইক্ৰ'ছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদত বহে আৰু ২০০০ চনৰ পৰা ২০১৪ চনলৈকে সেইটো পদত থাকে। তাৰপিছত তেওঁ অৱসৰ লয়।৪০৪১
সমাধানবিহীন সমস্যা এটাৰ শৃংখলাৰ সমাধানৰ বাবে গেট্ছে "পেনকেক শ্ৰেণীকৰণ"ৰ এটা এলগৰিথম প্ৰস্তুত কৰে।৪২যিটো অধ্যাপক হেৰী আৰ. লিৱিছে কম্বিনেটৰিস্কৰ এটা শ্ৰেণীত উত্থাপন কৰিছিল। তেওঁৰ এই সমাধানটোৱে ৩০ বছৰতকৈও অধিক কাল দ্ৰুতবেগী সংস্কৰণ হিচাপে স্বীকৃতি পাইছিল। আৰু এইটোক অতিক্ৰম কৰা সমাধানটোও মাত্ৰ ২%হে দ্ৰুততৰ আছিল।৪২৪৩ তেখেতেৰ সমাধানটো শৃংখলিত কৰা হৈছিল আৰু হাৰ্ভাৰ্ডৰ কম্পিউটাৰ বিজ্ঞানী ক্ৰিষ্টোছ পাপাডিমিট্ৰিয়াৰ সহযোগিতাত প্ৰকাশ কৰা হৈছিল।৪৪
গেট্ছে প'ল এলেনৰ লগত যোগাযোগ ৰক্ষা কৰি চলে আৰু ১৯৭৪ চনৰ গ্ৰীষ্মকালত হানিৱেলত পুনৰ লগ হয়।৪৫ ১৯৭৫ চনত, ইণ্টেল ৮০৮০ প্ৰচেচৰৰ ওপৰত ভিত্তি কৰি মিটছ অলটেয়াৰ ৮৮০০ (MITS Altair 8800) মুক্তি দিয়া হয়। এই সুযোগৰ সদব্যৱহাৰ কৰাৰ উদ্দেশ্যে গেট্ছ আৰু এলেনে তেওঁলোকৰ নিজা কম্পিউটাৰ ছফ্টেৱৰ কোম্পানী আৰম্ভ কৰাৰ কথা ভাবে।৪৬ সেইটো বৰ্ষতে গেট্ছে হাৰ্ভাডৰ পৰা ওলাই আহে। তেওঁক তেওঁ অভিভাৱকে সমৰ্থন জনাইছিল। কাৰণ, তেওঁলোকে গেট্ছৰ চিন্তাত নিজাকৈ কোম্পানী এটা খোলাৰ তীব্ৰ আগ্ৰহ প্ৰত্যক্ষ কৰিছিল।৪৭ হাৰ্ভাৰ্ড এৰাৰ কাৰণ দৰ্শাই গেট্ছে এইদৰে কয়: "if things hadn't worked out, I could always go back to school. I was officially on leave."৪৮
মাইক্ৰ'ছফ্ট
বেছিক(BASIC)

বিল গেট্ছে "পপুলাৰ ইলেক্ট্ৰনিকছ"ৰ জানুৱাৰী, ১৯৭৫ সংখ্যাটো পঢ়ে। য'ত অলটেয়াৰ ৮৮০০ উপস্থাপন কৰা হৈছিল। গেট্ছ তাৰপাছত মিটছ্ৰ (MITS-Micro Instrumentation and Telemetry Systems) লগত যোগাযোগ কৰে। তেওঁ জনায় যে-প্লেটফৰ্মটোৰ বাবে তেওঁলোকে "বেছিক ইণ্টাৰপ্ৰিটাৰ"ৰ (BASIC Interpreter) ওপৰত কাম কৰি আছে।৪৯ কিন্তু বাস্তৱিকতে, গেট্ছ আৰু এলেনৰ ওচৰত অলটেয়াৰ নাছিল আৰু তাৰ বাবে তেওঁলোকে কোনো ক'ডো লিখা নাছিল; তেওঁলোকে মাত্ৰ MITSৰ আগ্ৰহটোহে জুখি চাব বিচাৰিছিল। মিটছৰ সভাপতি এড ৰবাৰ্টছে তেওঁলোকক লগ পাবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু উপস্থাপন (Demo) চাবলৈ মান্তি হয়। পৰৱৰ্তী কেইটামান সপ্তাহৰ ভিতৰত তেওঁলোকে মিনি কম্পিউটাৰত কাৰ্যক্ষম হোৱাকৈ এটা অলটেয়াৰ ইমুলেটৰ (Emulator) সাজি উলিয়ায়। একেটা ইমুলেটৰেই বেছিক ইণ্টাৰপ্ৰিটাৰতো চলে। সেই প্ৰদৰ্শনী/উপস্থাপনটো(Demo) মিটছৰ নিউ মেক্সিকোস্থিত আলবুকাৰ্কৰ কাৰ্যালয়ত হৈছিল। তেওঁলোকৰ প্ৰদৰ্শনীয়ে সাফল্য লাভ কৰিলে আৰু যাৰ পৰিণতিস্বৰূপে তেওঁলোকে মিটছৰ লগত চুক্তিবদ্ধ হৈ অলটেয়াৰ বেছিকৰ ইণ্টাৰপ্ৰিটাৰটো বিতৰণ কৰাৰ অনুমতি লাভ কৰিলে। মিটছে এলেনক নিযুক্তিপত্ৰ দিলে,৫০ আৰু গেট্ছে হাৰ্ভাডৰ পৰা অনুপস্থিতিৰ অনুমতি লৈ ১৯৭৫ চনৰ নৱেম্বৰত মিটছত এলেনৰ লগ হ'ল। প'ল এলেনে তেওঁলোকৰ অংশীদাৰিত্বটোক মাইক্ৰ'-ছফ্ট (Micro-soft) নাম দিয়ে যি আছিল মাইক্ৰ'কম্পিউটাৰ (microcomputer) আৰু ছফ্টৱেৰ (software)ৰ এটা সংমিশ্ৰণ। তেওঁলোকৰ প্ৰথমটো কাৰ্যালয় আছিল আলবুকাৰ্কত। তেওঁলোকে নিযুক্তি দিয়া প্ৰথমগৰাকী ব্যক্তি আছিল তেওঁলোকৰ হাইস্কুলীয়া সহযোগী ৰিক ৱেলেণ্ড।৫০ এটা বছৰ শেষ নৌহওঁতেই তেওঁলোকে "মাইক্ৰ'-ছফ্ট" নামটোৰ মাজত থকা হাইফেনডাল আঁতৰাই দিয়ে আৰু ষ্টেট অৱ নিউ মেক্সিকোৰ সচিবৰ দ্বাৰা "মাইক্ৰ'ছফ্ট"ক আনুষ্ঠানিকভাৱে বাণিজ্যিক নাম হিচাপে লিপিবদ্ধ কৰে। সেইয়া আছিল ২৬ নৱেম্বৰ, ১৯৭৬ চনৰ কথা।৫০ অধ্যয়ন সমাপ্ত কৰিবলৈ গেট্ছ আৰু পুনৰ হাৰ্ভাডলৈ উভতি নগ'ল।
কম্পিউটাৰক হবি হিচাপে গ্ৰহণ কৰা ব্যক্তিসকলৰ মাজত মাইক্ৰ'ছফ্টৰ "অলটেয়াৰ বেছিক" জনপ্ৰিয় হৈ উঠিছিল। কিন্তু গেট্ছে আৱিষ্কাৰ কৰিলে-যে, বজাৰত ইতিমধ্যেই ইয়াৰ অনুলিপি এটা ফাদিল হৈছে; যাক ব্যাপক হাৰত বিতৰণ আৰু কপি কৰা হৈছে। ১৯৭৬ চনৰ ফেব্ৰুৱাৰী মাহত, গেট্ছে মিটছৰ সংবাদপত্ৰিকাত হবি-ইষ্টসকললৈ এখন মুকলি চিঠি লিখিলে। তেওঁ লিখিলে যে মাইক্ৰ'ছফ্ট অলটেয়াৰ বেছিকৰ ৯০%তকৈও অধিক ব্যৱহাৰকাৰীয়ে মাইক্ৰ'ছফ্টক ধন পৰিশোধ কৰা নাই; আৰু অলটেয়াৰ বেছিকৰ "হবি মাৰ্কেট"খনে উচ্চমানবিশিষ্ট ছফ্টৱেৰৰ উৎপাদন, বিতৰণ আৰু তাক বাহাল ৰখাৰ বাবে কোনো পেছা্ দাৰী নিৰ্মাতাক দৰকাৰ হোৱা উদ্দীপনাখিনিক বিনষ্ট কৰাৰ আশংকা আছে।৫১ এই পত্ৰখনে আশানুৰূপ জনপ্ৰিয়তা লাভ নকৰিলে যদিও গেট্ছে দৃঢ়তাৰে বিশ্বাস কৰিছিল যে ছফ্টৱেৰ নিৰ্মাতাই নিজৰ প্ৰাপ্য দাবী কৰিব লাগে। ১৯৭৬ চনৰ শেষৰফালে মাইক্ৰ'ছফ্ট মিটছৰ পৰা পৃথক হয়। অৱশ্যে বিভিন্ন ছিষ্টেমৰ বাবে প্ৰগ্ৰামিং লেংগুৱেজ প্ৰস্তুত কৰাৰ কামটো তেওঁলোকে কৰি থাকে।৫০ ১৯৭৯ চনৰ ১ জানুৱাৰীত তেওঁলোকৰ কোম্পানী আলবুকাৰ্কৰ পৰা ৱাশ্বিংটনৰ বেলিভিউলৈ স্থানান্তৰিত হয়।৪৯
গেট্ছে কয় যে প্ৰথম পাঁচটা বছৰত কোম্পানীয়ে লিখা প্ৰতিটো প্ৰগ্ৰামৰ প্ৰতিটো শাৰী তেওঁ ব্যক্তিগতভাৱে পুনৰীক্ষণ আৰু প্ৰায়ে পুনৰসম্পাদনা কৰিছিল। ক্ৰমাৎ কোম্পানীৰ বিকাশ ঘটিল আৰু গেট্ছ মেনেজাৰৰ পদত বহিল। তাৰপিছত এজন কাৰ্যবাহী ৰূপে অধিষ্ঠিত হ'ল।৫২
আইবিএমৰ লগত অংশীদাৰিত্ব
১৯৮০ চনৰ জুলাই মাহত আইবিএম কোম্পানীয়ে তেওঁলোকৰ আহিবলগীয়া ব্যক্তিগত কম্পিউটাৰ "আইবিএম পিচি"ৰ বাবে মাইক্ৰ'ছফ্টৰ কাষ চাপে। উদ্দেশ্য আছিল-ছফ্টৱেৰ সম্পৰ্কীয় আলোচনা। উল্লেখযোগ্য যে, সেইসময়ত আইবিএম আছিল কম্পিউটাৰৰ সঁজুলি বিতৰণ কৰা আগশাৰীৰ বিতৰক।৫৩ আইবিএমে প্ৰথমতে প্ৰস্তাৱ ৰাখিলে যে, তেওঁলোকে পোনপ্ৰথমে BASIC ইণ্টাৰপ্ৰিটাৰ এটা সাজক। তেওঁলোকৰ প্ৰতিনিধিৰ দলে ইয়াকো উল্লেখ কৰিলে যে-তেওঁলোকক এটা অপাৰেটিং ছিষ্টেমৰ দৰকাৰ হৈছে। তেওঁলোকৰ কথা শুনি বিল গেট্ছে তেওঁলোকক "ডিজিটেল ৰিচাৰ্ছ"ৰ লগত যোগাযোগ কৰিবলৈ কয়। ডিজিটেল ৰিচাৰ্চ বা ডিআৰআই আছিল CP/M নামৰ বহুল-ব্যৱহৃত অপাৰেটং ছিষ্টেমটোৰ নিৰ্মাতা।৫৪ কিন্তু আইবিএম আৰু ডিজিটেল ৰিচাৰ্চৰ মাজত আলোচনা সফলভাৱে সমাপ্তি নহ'ল আৰু তেওঁলোকৰ মাজত অনুজ্ঞাপত্ৰ সম্পৰ্কীয় কোনো চুক্তিও স্বাক্ষৰিত নহ'ল। আইবিএমৰ প্ৰতিনিধি জেক ছেমছে পৰৱৰ্তী এখন আলোচনাত বিল গেট্ছক এই বিষয়ে অৱগত কৰে আৰু তেওঁলোকে অপাৰেটিং ছিষ্টেম এটাৰ ব্যৱস্থা কৰিব পাৰিব নেকি-এই বিষয়ে জানিবলৈ বিচাৰে। কিছু সপ্তাহৰ পাছত, গেট্ছ আৰু এলেনে "৮৬-DOS" নামৰ অপাৰেটিং ছিষ্টেমটোৰ প্ৰস্তাৱ আগবঢ়ায়, যাৰ CP/Mৰ লগত সাদৃশ্য আছিল। "ছিয়াটল কম্পিউটাৰ প্ৰডাক্টছ"ৰ (SCP) টিম পেটাৰছনে কম্পিউটাৰটোৰ বাবে প্ৰয়োজনীয় হাৰ্ডৱেৰ নিৰ্মাণ কৰিছিল।৫৫ মাইক্ৰ'ছফ্টে SCPৰ লগত এখন চুক্তি স্বাক্ষৰ কৰে আৰু ৮৬-DOSৰ একছেতীয়াভাৱে অনু্জ্ঞাপত্ৰৰ এজেণ্ট হয়। পাছলৈ তেওঁলোক সম্পূৰ্ণ মালিকী-স্বত্ব অৰ্জন কৰে। কম্পিউটাৰ লগত অপাৰেটিং ছিষ্টেমটো কাৰ্যকৰী কৰিবলৈ মাইক্ৰ'ছফ্টে পেটাৰছনক নিযুক্তি দিয়ে।৫৬ শেষত ৫০,০০০ ডলাৰৰ একঁকালীন ধনৰাশিৰ বিনিময়ত মাইক্ৰ'ছফ্টে আইবিএমক "PC-DOS"টো চমজাই দিয়ে।৫৭
বাহ্যিক সংযোগ
- www.gatesnotes.com
- www.gatesfoundation.org
- ফৰ্বছত থকা প্ৰফাইল
- Bill Gates Biography in Assamese। উইলিয়াম হেনৰি গেট্ছ জীৱনী
তথ্যসূত্ৰ
- ↑ Manes 1994, পৃ. 11
- ↑ Bill Gates (American computer programmer, businessman, and philanthropist)
- ↑ Sheridan, Patrick. (May 2, 2014). Bill Gates no longer Microsoft's biggest shareholder. CNN Money
- ↑ Einstein, David. (January 13, 2000). Gates steps down as Microsoft CEO. forbes.com
- ↑ Microsoft Chairman Gates to leave day-to-day role. money.cnn.com
- ↑ Bill Gates · Development of Information and Knowledge Management. tlu.ee
- ↑ Bill Gates steps down as chairman, will assist new CEO as 'technology advisor'. The Verge
- ↑ Why Putin Isn't on 'Forbes' Billionaires List. Newsweek
- ↑ Thibault, Marie. (January 19, 2010). The Next Bill Gates. Forbes
- ↑ (March 5, 2019). Billionaires #2 Bill Gates. Forbes
- ↑ Amazon CEO Jeff Bezos Is The Richest Perosn In The World-Again. Forbes
- ↑ Van Bloom, Daniel. (November 17, 2019). Bill Gates beats Jeff Bezos as world's richest man (again). CNET. CBS Interactive Inc
- ↑ Neate, Rupert. (August 15, 2017). Bill Gates gives $4.6bn to charity in biggest donation since 2000. The Guardian
- ↑ The $600 billion challenge. Fortune
- ↑ Bill Gates Cofounder, Bill & Melinda Gates Foundation. Forbes
- ↑ (June 11, 1994). Mary Gates, 64; Helped Her Son Start Microsoft. The New York Times. Associated Press
- ↑ "Microsoft founder Bill Gates has Yorkshire roots" ''The Telegraph" 23 June 2020.
- ↑ Manes 1994, পৃ. 15
- ↑ Leibovich, Mark. (December 31, 2000). Alter Egos. Washington Post
- ↑ Lange, Greg; Stein, Alan. (February 14, 1999). Tornado with 100-m.p.h. winds hits Seattle and Juanita on September 28, 1962.. HistoryLink
- ↑ Manes 1994, পৃ. 47
- ↑ Lesinski, Jeanne M. (September 1, 2008). Bill Gates: Entrepreneur and Philanthropist. Twenty First Century Books. পৃ. 12. ISBN 9781580135702
- ↑ Lowe, Janet. (January 5, 2001). Bill Gates Speaks: Insight from the World's Greatest Entrepreneur. Wiley. ISBN 9780471401698
- ↑ Berkowitz, Edward D. (2006). Something Happened: A Political and Cultural Overview of the Seventies. Columbia University Press. পৃ. 228. ISBN 9780231124942
- ↑ Part II. Triumph of the Nerds: The Rise of Accidental Empires
- ↑ Manes 1994, পৃ. 24
- ↑ Soundaian, S. (June 10, 2019). New Dimensions of Management. MJP Publisher
- ↑ Bill Gates · American computer programmer, businessman, and philanthropist. Encyclopædia Britannica
- ↑ Manes 1994, পৃ. 27
- ↑ Gates 1996, পৃ. 12
- ↑ Manes 1994, পৃ. 34
- ↑ Manes 1994, পৃ. 34
- ↑ Gates 1996, পৃ. 14
- ↑ Michael A. Schuman. (2008). Bill Gates: Computer Mogul and Philanthropist. Enslow Publishers, Inc. পৃ. 34. ISBN 978076602693-3
- ↑ Marcie Sims. (February 9, 2018). Capitol Hill Pages: Young Witnesses to 200 Years of History. McFarland. পৃ. 196. ISBN 9781476669724
- ↑ National Merit Scholarship Corporation – Scholars You May Know. nationalmerit.org
- ↑ The new—and improved?—SAT. The Week Magazine
- ↑ Gates 1996, পৃ. 15
- ↑ Timeline: Bill Gates: 1973; from google (bill gates major in harvard) result 3
- ↑ Michael Hitt; R. Duane Ireland; Robert Hoskisson. (January 1, 2012). Strategic Management: Concepts and Cases: Competitiveness and Globalization. পৃ. 263. ISBN 9781111825874
- ↑ Mejia, Zameena. (April 29, 2018). The No. 1 thing Bill Gates wishes he'd done in college. CNBC
- ↑ Kestenbaum, David. (July 4, 2008). Before Microsoft, Gates Solved A Pancake Problem. National Public Radio
- ↑ (September 17, 2008). UT Dallas Team Bests Young Bill Gates With Improved Answer to So-Called Pancake Problem in Mathematics. University of Texas at Dallas
- ↑ Gates, William; Papadimitriou, Christos. (1979). Bounds for sorting by prefix reversal. Discrete Mathematics. পৃ. 47–57
- ↑ Wallace 1993, পৃ. 59
- ↑ Gates 1996, পৃ. 18
- ↑ Gates 1996, পৃ. 19
- ↑ The History of Microsoft – 1976: Bill Gates explaining that his departure from Harvard was reversible if Microsoft had failed
- ↑ Microsoft Visitor Center Student Information: Key Events in Microsoft History. Microsoft
- ↑ Microsoft history. The History of Computing Project
- ↑ Manes 1994, পৃ. 81
- ↑ Gates, William 'Bill'. (October 13, 2005). Remarks
- ↑ Bunnell, David. (Feb–Mar 1982). The Man Behind The Machine?. PC Magazine. পৃ. 16
- ↑ Gordon, John Steele; Maiello, Michael. (December 23, 2002). Pioneers Die Broke. Forbes
- ↑ Father of DOS. Paterson Technology
- ↑ The Roots of DOS. Paterson Technology
- ↑ Gates 1996, পৃ. 54
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিল গেট্ছ” প্ৰবন্ধৰ সংশোধন ৫২১১০৪ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।