ব্যৱসায়ী
৫২ প্ৰবন্ধ
-
থমাছ আলভা এডিচন
থমাছ আলভা এডিচন (ইংৰাজী: Thomas Alva Edison, জন্ম: ১১ ফ্ৰেব্ৰুৱাৰী, ১৮৪৭ - মৃত্যু: ১৮ অক্টোবৰ, ১৯৩১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী আছিল।
-
বিল গেট্ছ
উইলিয়াম হেনৰি গেট্ছ তৃতীয় (William Henry Gates III; জন্ম ২৮ অক্টোবৰ, ১৯৫৫ চন) হৈছে এগৰাকী আমেৰিকান পুঁজিপতি, ছফ্টৱেৰ নিৰ্মাতা, বিনিয়োগকাৰী, আৰু সমাজহিতৈষী। মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাতা হিচাপে তেখেত জনাজাত।
-
লেৰী ছেংগাৰ
লৰেঞ্চ মাৰ্ক ছেংগাৰ (Larry Sanger,; জন্ম ১৬ জুলাই ১৯৬৮) এজন আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰৰ সহ-প্ৰতিষ্ঠাপক। তেৱেঁ ৱিকিপিডিয়াৰ নামকৰণ কৰিছিল আৰু ইয়াৰ পৰিচালনা কৰা নীতিসমূহ লিখি উলিয়াইছিল।
-
ইলন মাস্ক্
ইলন ৰিভ্ মাস্ক্ (জন্ম: ২৮ জুন ১৯৭১) এগৰাকী পুঁজিপতি, বিনিয়োগকাৰী আৰু সমাজহিতৈষী লোক। দক্ষিণ আফ্ৰিকা, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব থকা ইলন মাস্ক্ স্পেছ্এক্সৰ (SpaceX) প্ৰতিষ্ঠাপক, মুখ্য কাৰ্যবাহী বিষয়া আৰু মূল পৰিকল্পনাকাৰী।
-
মাৰ্ক জুকাৰবাৰ্গ
মাৰ্ক জাকাৰবাৰ্গ (Mark Elliot Zuckerberg) এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইণ্টাৰনেট উদ্যামী। ইণ্টাৰনেটৰ জগতত তেওঁ ফেইচবুকক লৈ এক আলোৰণৰ সৃষ্টি কৰে। তেওঁৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ মে’ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হুৱাইট প্লেইনছত।
-
ষ্টীভ জব্ছ
ষ্টিভেন পল জব্চ (Steven Paul Jobs, জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৫৫ - মৃত্যু ৫ অক্টোবৰ, ২০১১) এগৰাকী আমেৰিকান কম্পিউটাৰ ব্যৱসায়ৰ গুৰি ধৰোঁতা আৰু আৱিষ্কাৰক। তেখেত এপল ইন্ক. (Apple Inc.)-ৰ সহ-প্ৰতিষ্ঠাতা, লগতে তেখেত অধ্যক্ষ আৰু মুখ্য কাৰ্য্যবাহী বিষয়াৰ পদতো অধিষ্ঠিত আছিল।
-
ৰচনা বেনাৰ্জী
ৰচনা বেনাৰ্জী (Rachna Banerjee; ২ অক্টোবৰ ১৯৭২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ঔদ্যোগী, টেলিভিছনৰ পৰিৱেশক, আৰু ৰাজনীতিবিদ। তেওঁ সাধাৰণতে বাংলা, উড়িয়াৰ লগতে তেলেগু, তামিল আৰু কানাড়া ছবিতো কাম কৰিছে। ১৯৯১ চনত তেওঁ মিছ কলকাতাৰ মুকুট পিন্ধিছিল।
-
সুন্দৰ পিচাই
পিচাই সুন্দৰাৰাজন (பிச்சை சுந்தரராஜன், Pichai Sundararajan) অথবা সুন্দৰ পিচাই, এজন ভাৰতীয় ব্যৱসায়ী। বৰ্তমান তেঁও গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া।
-
ৱাজেদ আলী চৌধুৰী
ৱাজেদ আলী চৌধুৰী (জন্ম ১ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ব্যৱসায়। তেখেত ২০১৬ চনৰপৰা দক্ষিণ শালমাৰা সমষ্টিক প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ সদস্য হিচাপে, আৰু ১৯৯৬ চনৰপৰা ২০০৬ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে আৰু ২০০২ চনৰপৰা ২০০৬ চনলৈ প্ৰথম তৰুণ গগৈ মন্ত্ৰ্যালয়ত অসম চৰকাৰৰ…
-
জৰ্জ ৱেষ্টিংহাউছ
জৰ্জ ৱেষ্টিংহাউছ কনিষ্ঠ (George Westinghouse Jr.) (৬ অক্টোবৰ, ১৮৪৬- ১২ মাৰ্চ, ১৯১৪) আছিল এগৰাকী আমেৰিকান উদ্যোগী আৰু অভিযন্তা; যাক বিদ্যুৎ শক্তি উদ্যোগৰ এগৰাকী অগ্ৰদূত বুলি অভিহিত কৰা হয়৷ তেওঁ ৰেলৱে বায়ু ব্ৰেকৰ সৃষ্টি কৰিছিল৷ মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ প্ৰথমটো পেটেণ্ট (Patent) লাভ কৰিছিল৷ ১৮৮০ৰ…
-
টিমথী ডেক্সটাৰ
টিমথী ডেস্কটাৰ (Timothy Dexter; ২২ জানুৱাৰী ১৭৪৭ – ২৩ অক্টোবৰ ১৮০৬) এগৰাকী আমেৰিকান ব্যৱসায়ী আছিল, যাক তেওঁৰ লেখনী, খামখেয়ালী তথা মুৰ্খতাৰ বাবে জনা যায়।
-
ডোৰাবজী টাটা
ছাৰ ডোৰাবজী টাটা ( জন্ম,২৭ আগষ্ট ১৮৫৯ – মৃত্যু,৩ জুন ১৯৩২) ব্ৰিটিছ ৰাজৰ সময়ত এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ, আৰু টাটা গোটৰ ইতিহাস আৰু বিকাশৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল। বৃটিছ ভাৰতৰ উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯১০ চনত তেওঁক নাইট পদবী দিয়া হয়।
-
পৱন আগৰৱালা
পৱন আগৰৱালা অসমৰ গুৱাহাটীত অৱস্থিত তথ্য প্ৰযুক্তি আৰু খুচুৰা বিশিষ্ট প্ৰতিষ্ঠান ডাটামেচনৰ প্ৰতিষ্ঠাপক, পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া।
-
অনিল আম্বানী
অনিল ধীৰুভাই আম্বাণী(Anil Dhirubhai Ambani জন্ম ৪ জুন ১৯৫৯) এজন ভাৰতীয় ব্যৱসায়ী, ৰিলায়েন্স গ্ৰুপ (ৰিলায়েন্স এ ডি এ গ্ৰুপ)ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। ২০০৬ চনৰ জুলাই মাহত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ পৰা বিচ্ছেদৰ পিছত ৰিলায়েন্স গ্ৰুপ গঠন কৰা হয়।
-
এলিজাবেথ হোমছ
এলিজাবেথ এন্নে হোমছ (ইংৰাজী: Elizabeth Anne Holmes; জন্ম: ৩ ফেব্ৰুৱাৰী, ১৯৮৪) এগৰাকী আমেৰিকান জৈৱ প্ৰযুক্তি উদ্যোগী যিয়ে তেওঁৰ তেজ পৰীক্ষা কোম্পানী থেৰানোছৰ সৈতে জড়িত প্ৰৱঞ্চনাৰ গোচৰত দোষী সাব্যস্ত হৈছিল।
-
ছেম অল্টমেন
ছেমুৱেল হেৰিছ অল্টমেন (Sam Altman; জন্ম: ২২ এপ্ৰিল, ১৯৮৫) এজন আমেৰিকান প্ৰযুক্তি-উদ্যোগী আৰু বিনিয়োগকাৰী। তেওঁ ২০১৯ চনৰ পৰা অ’পেনএআই-ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অধিক পৰিচিত। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক কম সময়ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰি পুনৰ নিযুক্তি দিয়া হয়।
-
অডেট কৰ্টেজ
ওডেট মেৰিনা কৰ্টেজ পালাচিঅ’চ (জন্ম ২৭ মে' ১৯৮৭) এগৰাকী পানামানিয়ান ক'ৰিওগ্ৰাফাৰ, নৃত্যশিল্পী আৰু লোক-সংস্কৃতিবিদ। তেওঁ 'ফোকলোৰ ডান্স ষ্টুডিঅ’'ৰ এগৰাকী অংশীদাৰ আৰু প্ৰতিষ্ঠাপক।
-
অদিতি গুপ্তা
অদিতি গুপ্তা (Aditi Gupta) হ'ল এগৰাকী ভাৰতীয় লেখক আৰু 'মেন্সট্ৰুপীডিয়া কমিক'ৰ সহ-প্ৰতিষ্ঠাতা। অদিতি আৰু তেওঁৰ স্বামী তুহিন পল, দুয়োজনেই ৰাষ্ট্ৰীয় ডিজাইন সংস্থাৰ প্ৰাক্তন ছাত্ৰ আৰু তেওঁলোকে মিলি 'মেন্সট্ৰুপীডিয়া কমিক' প্ৰতিষ্ঠা কৰে।
-
অনিতা ৰডিক
ডেম অনিতা লুচিয়া ৰডিক ডিবিই (জন্ম: ২৩ অক্টোবৰ, ১৯৪২ - মৃত্যু:১০ ছেপ্তেম্বৰ, ২০০৭) এগৰাকী ব্ৰিটিছ ব্যৱসায়ী মহিলা, মানৱ অধিকাৰ কৰ্মী আৰু পৰিৱেশ প্ৰচাৰক আছিল। তেওঁ বডী শ্বপৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়।
-
আন্না কেথাৰিনা জেংগাৰ
আন্না কেথাৰিনা জেংগাৰ (প্ৰায় ১৭০৪–১৭৫১) এগৰাকী আমেৰিকান প্ৰকাশক আৰু আমেৰিকাত বাতৰি কাকত প্ৰকাশ কৰা প্ৰথম মহিলা। তেওঁৰ পৰিয়ালে জাৰ্মানীৰ ফল্জ অঞ্চলৰপৰা পলায়ন কৰিছিল, ১৭০৪ চনৰ আশে-পাশে তেওঁৰ জন্ম হৈছিল আন্না কেথাৰিনা মাউল নামে, সম্ভৱতঃ ইংলেণ্ড বা নেদাৰলেণ্ডত।
-
আন্না গুছ
আন্না গুছ (১৬২৭–১৬৯১), ১৬৭৪ চনৰপৰা ১৬৮১ চনলৈকে এণ্টৱাৰ্পৰ অফিচিনা প্লেণ্টিনানা (বৰ্তমান প্লেণ্টিন প্ৰেছ বুলি কোৱা হয়)ৰ মুদ্ৰক আৰু সহ-পৰিচালক আছিল। তেওঁ নিজৰ পুত্ৰ বালথাছাৰ দ্বিতীয় মৰেটাছক ব্যৱসায় চলাবলৈ প্ৰস্তুত কৰিছিল, ৰাজনৈতিক আৰু আৰ্থিকভাৱে অশান্ত সময়ত, যেনে ফ্ৰান্স-ডাচ যুদ্ধৰ সময়ত…
-
আবিছ’য়ে অজয়ী-আকিনফ’লাৰিন
আবিছ'য়ে আজয়ী-আকিনফোলাৰিন (Abisoye Ajayi-Akinfolarin,জন্ম-১৯ মে' ১৯৮৫) এগৰাকী উদ্যোগী আৰু মানৱ উন্নয়ন বিশেষজ্ঞ। তেখেত পাৰ্লছ আফ্ৰিকা ইউথ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, যিটো অলাভজনক সংস্থাই অৰ্থনৈতিক স্বাধীনতাৰ সামগ্ৰিক উদ্দেশ্যৰ বাবে প্ৰযুক্তিৰ দক্ষতা আৰু মেণ্টৰিঙৰ সুবিধা…
-
ইজাবেল জুনট
ইজাবেল জুনট, মাৰ্চিঅ’নেছ ডি কিউবাছ (ইংৰাজী: Isabelle Junot, Marchioness de Cubas; জন্ম: ১৮ এপ্ৰিল ১৯৯১) এগৰাকী ফৰাচী-ডেনিছ আৰু স্পেনিছ অভিজাত মহিলা, অভিনেত্ৰী আৰু ব্যৱসায়ী।
-
এণ্টনিয়া ফেৰেইৰা
এণ্টনিয়া এডিলেইড ফেৰেইৰা, জন্ম: গ’ডিম, পেছ' দা ৰেগুয়া, ৪ জুন, ১৮১১ — মৃত্যু: গ’ডিম, পেছ' দা ৰেগুয়া, ২৬ মাৰ্চ, ১৮৯৬; যাক পৰ্তুগালত প্ৰায়ে "ফেৰেইৰিনহা" বুলি কোৱা হয়, এগৰাকী পৰ্তুগীজ ব্যৱসায়ী আছিল।
-
এন ৱাৰ্ড (মুদ্ৰক)
এন ৱাৰ্ড (১৭১৫/১৬ – ১০ এপ্ৰিল ১৭৮৯) এগৰাকী ব্ৰিটিছ প্ৰিণ্টাৰ আৰু ব্যৱসায়ৰ মালিক আছিল। ১৭৫৯ চনত স্বামী চিজাৰ ৱাৰ্ডৰপৰা তেওঁৰ ব্যৱসায় উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল আৰু ইয়ৰ্ক ক’ৰেণ্ট কাকত আৰু কেইবাখনো কিতাপ দুয়োখন ছপা কৰিছিল।
-
এৰিয়ানা মেডিক্স
এৰিয়ানা মেডিক্স (ইংৰাজী: Ariana Madix; জন্ম: ২৪ জুন, ১৯৮৫) এগৰাকী টেলিভিছন হষ্ট, ৰিয়েলিটি টেলিভিছন ব্যক্তিত্ব, অভিনেত্ৰী আৰু ব্যৱসায়ী। তেওঁ ব্ৰাভো ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক ভাণ্ডাৰপাম্প ৰুলছৰ (২০১৩–২০২৪) এগৰাকী অভিনয় শিল্পী আৰু প্ৰাক্তন বাৰ্টেণ্ডাৰ আছিল।
-
কেথাৰিনা বুইজ
কেথাৰিনা বুইজ (১৭১৪–১৭৮১), এগৰাকী ডাচ মানচিত্ৰ নিৰ্মাতা আৰু প্ৰকাশক আছিল, যি শক্তিশালী ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাবে এগৰাকী গুৰুত্বপূৰ্ণ মানচিত্ৰ নিৰ্মাতা হৈ পৰিছিল।
-
কেথেৰিন লিণ্টট
কেথেৰিন লিণ্টট (১৭৩৩–১৮১৬), পিছলৈ কেথেৰিন ফ্লেচাৰ, লণ্ডনৰ টেম্পলবাৰত জন্মগ্ৰহণ কৰা লেডী ফ্লেচাৰ এগৰাকী ইংৰাজ গ্ৰন্থ মুদ্ৰক আছিল। তেওঁ হেনৰী (১৭০৩–১৭৫৮) আৰু এলিজাবেথ লিণ্টট (জন্ম অব্ৰি, মৃত্যু ১৭৩৪)ৰ একমাত্ৰ জীয়াই থকা সন্তান আছিল।
-
ক্লোয়ি কাৰ্ডাশিয়ান
ক্লোয়ি আলেকজেণ্ড্ৰা কাৰ্ডাশিয়ান (জন্ম: ২৭ জুন ১৯৮৪) এগৰাকী আমেৰিকান সংবাদ মাধ্যমৰ ব্যক্তিত্ব, চচিয়েললাইট আৰু ব্যৱসায়ী। ২০০৭ চনৰ পৰা ২০২১ চনলৈ ৰিয়েলিটী টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছত নিজৰ পৰিয়ালৰ সৈতে অভিনয় কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
ক্ৰিছ জেনাৰ
ক্ৰিষ্টেন মেৰী জেনাৰ (ইংৰাজী: Kristen Mary Jenner; জন্ম ৫ নৱেম্বৰ, ১৯৫৫) এগৰাকী আমেৰিকান মিডিয়া ব্যক্তিত্ব, চচিয়েলিটি আৰু ব্যৱসায়ী মহিলা। তেওঁ নিজৰ পৰিয়ালৰ সৈতে ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্দাশিয়ানছ (২০০৭–২০২১)-ত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।