কম্পিউটাৰ এক সঁজুলি যাক নিৰ্দেশ দি স্বয়ংক্ৰিয়ভাৱে গাণিতিক আৰু যৌক্তিক কাৰ্যপ্ৰণালী সমাধা কৰিব পাৰি। আধুনিক কম্পিউটাৰে প্ৰ'গ্ৰাম নামৰ কিছুমান নিৰ্দেশাৱলী অনুসৰণ কৰিব পাৰে। ইয়াৰ সহায়ত কম্পিউটাৰে ভিন ভিন প্ৰকাৰৰ অসংখ্য কাম কৰিব পাৰে। ইয়াৰ অসমীয়া নাম হৈছে পৰিকলন যন্ত্ৰ।
কম্পিউটাৰক বহু ঔদ্যোগিক আৰু উপভোক্তাৰ সঁজুলিৰ বাবে নিয়ন্ত্ৰণ প্ৰণালী হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত আছে সাধাৰণ বিশেষ কামৰ সঁজুলি যেনে মাইক্ৰ'ৱেভ অ'ভেন আৰু ৰিম'ট কণ্ট্ৰ'ল, ঔদ্যোগিক সঁজুলি যেনে ঔদ্যোগিক ৰ'ব'ট, আৰু লগতে সাধাৰণ ব্যৱহাৰৰ সঁজুলি যেনে ব্যক্তিগত কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ দৰে ম'বাইল সঁজুলি।
প্ৰাৰম্ভিক কম্পিউটাৰক কেৱল গণনাৰ সঁজুলি বুলি গণ্য কৰা হৈছিল। প্ৰাচীন কালৰে পৰা গণনা কৰিবলৈ মানুহে এবেকাছৰ দৰে সৰল সঁজুলিৰ সহায় লৈছিল। শিল্প বিপ্লৱৰ আৰম্ভণিৰ কালত দীঘলীয়া কাম স্বয়ংক্ৰিয়ভাৱে কৰিবলৈ কিছুমান সঁজুলি সজা হৈছিল। বিংশ শতিকাৰ আগছোৱাত এনালগ গণনাৰ বাবে অলপ উচ্চখাপৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে প্ৰথম ডিজিটেল বৈদ্যুতিন গাণনিক সঁজুলি উদ্ভাৱন কৰা হৈছিল। তেতিয়াৰ পৰা কম্পিউটাৰৰ গতি, ক্ষমতা আৰু কুশলতাৰ বহু বিকাশ সাধন হৈছে।
পৰম্পৰাগতভাৱে আধুনিক কম্পিউটাৰত কমেও এটা চেণ্ট্ৰেল প্ৰচেছিং ইউনিট (CPU)-ৰ দৰে প্ৰচেছিং অংশ আৰু কোনো প্ৰকাৰৰ স্মৃতি থাকে। প্ৰচেছিং অংশই গাণিতিক আৰু যৌক্তিক কাম সম্পাদন কৰে, আৰু এটা ছিকুৱেন্সিং আৰু নিয়ন্ত্ৰণ অংশই সাঁচি থোৱা তথ্য অনুসৰি কামৰ পদ্ধতি সলাব পাৰে। প্ৰান্তীয় সঁজুলিৰ ভিতৰত ইন্পুট সঁজুলি (কীব'ৰ্ড, মাউচ, জয়ষ্টিক), আউটপুট সঁজুলি (মনিটৰ পৰ্দা, প্ৰিণ্টাৰ আদি), আৰু ইন্পুট/আউটপুট সঁজুলি যি দুয়োটা কামেই কৰিব পাৰে (যেনে- একবিংশ শতিকাৰ টাচ্চস্ক্ৰীন)। প্ৰান্তীয় সঁজুলিৰ সহায়ত সম্পাদন কৰা কামৰ ফলাফল সাঁচি ৰাখিব পাৰি আৰু প্ৰয়োজনমতে উলিয়াই আনিব পাৰি।
নামৰ উৎস
অক্সফ'ৰ্ড ইংৰাজী অভিধানৰ মতে "কম্পিউটাৰ" শব্দটো প্ৰথমে ১৬১৩ চনত ইংৰাজ লেখক ৰিচাৰ্ড ব্ৰেথৱেইটৰ The Yong Mans Gleanings নামৰ কিতাপত উল্লেখ হৈছিল: "I haue [sic] read the truest computer of Times, and the best Arithmetician that euer [sic] breathed, and he reduceth thy dayes into a short number." এই শব্দটোৱে গান্তিক কাৰ্য কৰা লোকক বুজোৱা হৈছিল। বিংশ শতিকাৰ মাজলৈকে শব্দটোৰ অৰ্থ সলনি হোৱা নাছিল। ঊনবিংশ শতিকাৰ শেষৰ ভাগৰ পৰা শব্দটোৱে গণনা কৰা মেচিন বুজাবলৈ লয়।১
Online Etymology Dictionary অনুসৰি "কম্পিউটাৰ" শব্দটো ১৬৪০ চনমানত "গণনা কৰা লোক" বুজাবলৈ ব্যৱহৃত হৈছিল। অভিধানখনত থকা মতে শব্দটোৰ "আধুনিক ব্যৱহাৰ" টুৰিং মেচিনৰ অনুসৰণত "প্ৰ'গ্ৰেম কৰিব পৰা ডিজিটেল কম্পিউটাৰ" বুলি ১৯৩৭ চন মানৰ পৰা ব্যৱহাৰ হয়।২
প্ৰকাৰ
ব্যৱহাৰ অনুযায়ী
- এনালগ কম্পিউটাৰ
- ডিজিটেল কম্পিউটাৰ
- হাইব্ৰিড কম্পিউটাৰ
আকাৰ অনুযায়ী
- স্মাৰ্টফোন
- মাইক্ৰ'কম্পিউটাৰ
- ৱৰ্কষ্টেচন
- ব্যক্তিগত কম্পিউটাৰ
- লেপ্টপ
- মিনিকম্পিউটাৰ
- মেইনফ্ৰে'ম কম্পিউটাৰ
- চুপাৰকম্পিউটাৰ
উদ্দেশ্য আৰু ব্যৱহাৰঅনুযায়ী
- সাধাৰণ উদ্দেশ্যৰ কম্পিউটাৰ
- বিশেষ উদ্দেশ্যৰ কম্পিউটাৰ
তথ্যসূত্ৰ
- ↑ (1989). computer, n.. Oxford English Dictionary. Oxford University Press
- ↑ computer (n.). Online Etymology Dictionary
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কম্পিউটাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৮২৭৯ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।