লৰেঞ্চ মাৰ্ক ছেংগাৰ (Larry Sanger,;১ জন্ম ১৬ জুলাই ১৯৬৮) এজন আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰৰ সহ-প্ৰতিষ্ঠাপক। তেৱেঁ ৱিকিপিডিয়াৰ নামকৰণ কৰিছিল আৰু ইয়াৰ পৰিচালনা কৰা নীতিসমূহ লিখি উলিয়াইছিল। ছেংগাৰে অন্য শিক্ষামূলক ৱেবচাইট, যেনে -নুপিডিয়া, চিটিজেনডিয়াম, এভ্ৰিপিডিয়া আদিতো অৱদান আগবঢ়াইছে।
কলেজত পঢ়ি থকা অৱস্থাতে ছেংগাৰৰ শৈক্ষিক ক্ষেত্ৰত ইণ্টাৰনেটৰ ব্যৱহাৰ সম্পৰ্কে আগ্ৰহ বাঢ়িছিল আৰু ২০০০ চনত নুপিডিয়াৰ মুখ্য সম্পাদকৰ দায়িত্ব লৈছিল। নুপিডিয়াৰ মন্থৰ বিকাশত হতাশ হৈ তেওঁ এখন ৱিকিৰ বাস্তৱায়নৰ আৰু নুকিপিডিয়াৰ ‘পীয়েৰ-ৰিভিউ’ পদ্ধতিৰে প্ৰবন্ধ গ্ৰহণৰ প্ৰস্তাৱ দিছিল। এই প্ৰস্তাৱৰ গইনা লৈ ২০০১ চনত ৱিকিপিডিয়াৰ জন্ম হৈছিল। ছেংগাৰে আৰম্ভণিৰ সময়চোৱাত ৱিকিপিডিয়াৰ কমিউনিটি লীডাৰ হিচাপে সেৱা আগবঢ়াইছিল, কিন্তু এই প্ৰকল্পটোৰ প্ৰতি জন্মা বৰ্দ্ধিত হতাশাই ২০০২ চনত তেওঁক ৱিকিপিডিয়া এৰিবলৈ বাধ্য কৰিছিল।
ৱিকিপিডিয়াৰ পৰা আঁতৰি যোৱাৰ পিছত, ২০০৭ চনত “মেৰামতি কৰিব নোৱাৰাকৈ ভাঙি পৰা”২ বুলি প্ৰকল্পটোৰ প্ৰতি সমালোচনামুখৰ হৈ পৰিছিল। তেওঁ যুক্তি দিছিল যে যোগ্যতা থকা সত্ত্বেও দক্ষতা আৰু কৰ্তৃত্বৰ প্ৰতি শ্ৰদ্ধা নথকা বাবে ৱিকিপিডিয়াৰ বিশ্বাসযোগ্যতা নাই। ৱিকিপিডিয়াৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ২০০৬ চনত তেওঁ চিনিজেনডিয়াম প্ৰতিষ্ঠা কৰিছিল।
ইণ্টাৰনেটৰ বাদেও ছেংগাৰ অন্যতম আগ্ৰহ দৰ্শনশাস্ত্ৰ, বিশেষকৈ Epistemology, প্ৰাক-আধুনিক দৰ্শনশাস্ত্ৰ আৰু নীতিশাস্ত্ৰ। তেওঁ নিজে শিক্ষাগ্ৰহণ কৰা অ’হিও ৰাজ্যিক বিশ্ববিদ্যালয়ত দৰ্শনশাস্ত্ৰ শিকাইছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ছেংগাৰৰ জন্ম ১৯৬৮ৰ ১৬ জুলাইত ৱাশ্বিংটনৰ বেলভিউ, ৱাশ্বিংটনত হৈছিল। তেওঁৰ দেউতাক গেৰী এজন জীৱবিজ্ঞানী আৰু মাকে ল’ৰা-ছোৱালীহঁতক প্ৰতিপালন কৰিছিল।৩ তেওঁৰ সাতবছৰ বয়সতে পৰিয়ালটো আলাস্কাৰ এংকোৰেজলৈ উঠি গৈছিল আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। কম বয়সৰে পৰা তেওঁৰ দৰ্শনশাস্ত্ৰ সম্বন্ধীয় বিষয়ত আগ্ৰহ জন্মিছিল।৪৫
১৯৮৬ চনত তেওঁ হাইস্কুলৰ পৰা গ্ৰেজুৱেচন সমাপ্ত কৰি ৰীড কলেজত দৰ্শনশাস্ত্ৰ প্ৰধান বিষয় হিচাপে অধ্যয়ন কৰিছিল। কলেজত থাকোঁতেই তেওঁৰ প্ৰকাশৰ মাধ্যম হিচাপে ইণ্টাৰনেট আৰু ইয়াৰ সম্ভাৱনীয়তা সম্বন্ধে আগ্ৰহী হৈ উঠিছিল। বিশ্ববিদ্যালয়ৰ প্ৰচলিত শিক্ষণ পদ্ধতিৰ বিপৰীতে ইণ্টাৰনেটৰ যোগে ছাত্ৰ আৰু শিক্ষকৰ মাজত শিক্ষা আৰু শিক্ষণসামগ্ৰীৰ আলোচনা কৰা স্বেচ্ছাসেৱী, মুক্ত নেটৱৰ্কৰ এটা ফোৰাম হিচাপে কাৰ্য কৰিবলৈ তেওঁ এটা লিষ্টএভাৰ (বা Electronic Mailing List) গঠন কৰিছিল।৬
১৯৯৪ চনত তেওঁ আলোচনা চক্ৰৰ এখন ঘোষণাপত্ৰ লিখি উলিয়াইছিল।৪
ছেংগাৰে ১৯৯১ চনত ৰীডৰ পৰা দৰ্শনশাস্ত্ৰত স্নাতক ডিগ্ৰী, ১৯৯৫ চনত অ’হিও ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনশাস্ত্ৰত স্নাতকোত্তৰ আৰু সেই একেখন বিশ্ববিদ্যালয়ৰ পৰা ২০০০ চনত পি.এইচ.ডি. উপাধি লয়।৭ ১৯৯৮ৰ আৰম্ভণিতে তেওঁ আৰু এজন বন্ধুৰে মিলি Y2K সমস্যাৰ সৈতে জড়িত কম্পিউটাৰ প্ৰবন্ধকসকলৰ সহায়ক হোৱাকৈ "Sanger and Shannon's Review of Y2K News Reports" নামেৰে এটা ৱেবচাইট খোলে।৪
বাহ্যিক সংযোগ
- Larry Sanger – Sanger's personal website.
- Encyclosphere
তথ্যসূত্ৰ
- ↑ video taken from Sanger's official educational YouTube channel, pronunciation confirmed around 0:10, accessed May 7, 2016
- ↑ Thomson, Iain. (April 13, 2007). Wikipedia 'broken beyond repair' says co-founder. iTnews
- ↑ Lydgate, Chris. (June 2010). Deconstructing Wikipedia. Reed Magazine
- ↑ Poe, Marshall. (September 2006). The Hive. The Atlantic Monthly
- ↑ Boraas, Alan. (September 2, 2006). Hometown kid an Internet revolutionary. Anchorage Daily News
- ↑ Sanger, Larry. (August 30, 1995). Tutor-L: Higher education outside the universities. Internet Scout. scout.wisc.edu
- ↑ Moody, Glyn. (July 13, 2006). This time, it'll be a Wikipedia written by experts. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেৰী ছেংগাৰ” প্ৰবন্ধৰ সংশোধন ৪৫৩৪৫৪ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।