থমাছ আলভা এডিচন (ইংৰাজী ভাষা: Thomas Alva Edison, জন্ম: ১১ ফ্ৰেব্ৰুৱাৰী, ১৮৪৭ - মৃত্যু: ১৮ অক্টোবৰ, ১৯৩১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী আছিল।
প্ৰাৰম্ভিক জীৱন

আমেৰিকাৰ অহায়ো প্ৰদেশৰ মিলানত থমাছ আলভা এডিচনৰ জন্ম হৈছিল আৰু মিচিগান প্ৰদেশৰ পোৰ্ট হুৰনত ডাঙৰ-দীঘল হৈছিল। তেওঁ চেমুৱেল অগডেন এডিচন জুনিয়ৰ আৰু নেঞ্চি মেথিউজ এলিয়তৰ সপ্তম আৰু পেট-মোচা সন্তান আছিল।১ বিদ্যালয়ত এডিচনে মন বহুৱাব পৰা নাছিল। শিক্ষকে তেওঁক ‘ঘোলা কণী’ আখ্যা দিছিল। মাত্ৰ তিনি মাহতে তেওঁ বিদ্যালয় এৰিছিল। মাকে তেওঁক ঘৰত লিখা-পঢ়া শিকাইছিল। .২ আৰ জি পাৰ্কাৰৰ ‘স্কুল অৱ নেচাৰেল ফিল’চফী আৰু ‘দ্যা কুপাৰ ইউনিয়ন’ গ্ৰন্থৰ পৰা তেওঁ বেছিখিনি শিক্ষা লাভ কৰিছিল।
শৈশৱকালত ভোগা স্কাৰলেট ফিভাৰ (scarlet fever) আৰু বাৰে বাৰে হৈ থকা মধ্য-কৰ্ণৰ সংক্ৰমণৰ ফলত এডিচনৰ শ্ৰৱণ শক্তিৰ সমস্যাই গা কৰি উঠিছিল। ১৮৫৪ চনত মিলানত এটা বাইপাছ ৰেলপথ নিৰ্মাণ কৰাৰ ফলত স্বৰূপে এডিচনৰ পৰিয়ালক মিচিগান প্ৰদেশৰ প'ৰ্ট হুৰনলৈ উঠি যাবলৈ বাধ্য কৰোৱা হৈছিল যদিও তেওঁ তাত এটা অম্ল-মধুৰ জীৱনেই কটাইছিল।৩ জীৱিকা অৰ্জনৰ বাবে তেওঁ প'ৰ্ট হুৰন আৰু ডেট্ৰ'ইটৰ মাজত চলাচল কৰা ৰেলত কেণ্ডি আৰু বাতৰি কাকত বিক্ৰি কৰিছিল। অধিক উপাৰ্জন কৰিবলৈ তেওঁ শাক-পাচলিও বিক্ৰি কৰিছিল। এইবোৰৰ মাজতো তেওঁ কিন্তু বৈজ্ঞানিক চিন্তা-চৰ্চা বাদ দিয়া নাছিল। তেওঁ গুণাত্মক বিশ্লেষণ (qualitative analysis) অধ্যয়ন কৰিছিল আৰু ৰেলৰ ডবাতে পৰীক্ষাগাৰ পাতি ৰাসায়নিক পৰীক্ষাThomas Alva Edison-নিৰীক্ষাও চলাই গৈছিল। পিছে দুৰ্ভাগ্যবশতঃ এদিন পৰীক্ষাগাৰত জুই লাগিল। খঙতে ৰেলৰ পৰিচালক (train conductor)এজনে তেওঁক চৰিয়ালে আৰু স্মিথ ক্ৰিক ষ্টেচনত পৰীক্ষাগাৰৰ সকলো লাম-লাকটুসহ তেওঁক নমাই দিলে। সেইদিনাৰ পৰা ৰেলৰ ডবাত বৈজ্ঞানিক পৰীক্ষা চলোৱা নিষিদ্ধ কৰা হ'ল। ৪৫
বাতৰি কাকত বিকি থকা দিনতে এডিচনে চাৰিজন সহযোগীৰ সৈতে গ্ৰেণ্ড ট্ৰাংক হেৰল্ড নামেৰে কাকত এখনৰ প্ৰকাশনা আৰম্ভ কৰিলে আৰু অন্যান্য কাকতৰ সৈতে তেওঁৰ কাকতখনো বিকিবলৈ ধৰিলে॥ এই ঘটনাটোৰ দ্বাৰাই তেওঁৰ ব্যৱসায়িক প্ৰতিভাৰ প্ৰথম স্ফুৰণ হৈছিল। পাছলৈ তেওঁ আজিও পৃথিৱীৰ অন্যতম বৃহৎ কোম্পানী হিচাপে জিলিকি থকা জেনেৰেল ইলেক্ট্ৰিককে ধৰি চৈধ্যটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল।৬৭
টেলিগ্ৰাফাৰ
এডিচনে এখন চলন্ত ট্ৰেইনৰ সন্মুখৰ পৰা জিমি মেকেঞ্জি নামৰ এটা তিনিবছৰীয়া শিশুক বচাইছিল। জিমিৰ দেউতাক জে. ইউ. মেকেঞ্জি আছিল এজন ষ্টেচন এজেণ্ট। কৃতজ্ঞতাৰ চিন-স্বৰূপে জিমিৰ দেউতাকে এডিচনক টেলিগ্ৰাফ অপাৰেটৰৰ কাম শিকালে। কাম শিকি এডিচনে গ্ৰেণ্ড ট্ৰাংক ৰেলৱেৰ টেলিগ্ৰাফিৰ কামত সোমোল। ৮ ১৯৬৬ চনত এডিচনে কেণ্টাকি প্ৰদেশৰ লুইচভিলিলৈ যাত্ৰা কৰিলে। তাত তেওঁ ৱেষ্টাৰ্ণ ইউনিয়নৰ এজন কৰ্মচাৰী ৰূপে সংবাদ প্ৰতিষ্ঠান এচোচিয়েটেড প্ৰেছত সেৱা আগবঢ়াবলৈ ললে। বৈজ্ঞানিক অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষাৰ বাবে যাতে পৰ্যাপ্ত সময় পায়, তাৰ বাবে তেওঁ নাইট চিফ্ট (night shift) দিবলৈ কৰ্তৃপক্ষক অনুৰোধ জনালে। ৯ পিছে ১৮৬৭ চনৰ এনিশা এটা লিড এচিড বেটাৰীৰে কাম কৰি থাকোঁতে চালফিউৰিক এচিদ মজিয়াত বিয়পি পৰিল। কিছু এচিদ এডিচনৰ মুৰব্বী বিষয়াগৰাকীৰ মেজৰ তলতো পৰিল। ঘটনাৰ ফলস্বৰূপে পিছদিনা পুৱাই এডিচনে কামৰ পৰা খেদা খালে। ১০
এডিচনৰ প্ৰাৰম্ভিক কালৰ কিছুমান উদ্ভাৱন টেলিগ্ৰাফৰ সৈতে জড়িত আছিল; যেনে ষ্টক টিকাৰ (stock ticker)। এডিচনে প্ৰথম পেটেণ্ট লাভ কৰা উদ্ভাৱনটো হ'ল ইলেক্ট্ৰিক ভোট ৰেকৰ্ডাৰ। ই ১৮৬৯ চনৰ ১ জুন তাৰিখে যুক্তৰাষ্ট্ৰৰ পেটেণ্ট লাভ কৰিছিল। পেটেণ্ট নং আছিল ৯০,৬৪৬। ১১১২
বিবাহ আৰু সন্তান

১৮৭১ চনৰ ২৫ ডিচেম্বৰত এডিচনে মাত্ৰ দুমাহ আগেয়ে লগ পোৱা মেৰী ষ্টিলৱেল নামৰ এজনী ষোল বছৰ বয়সীয়া ছোৱালীক বিয়া কৰায়। মেৰীয়ে এডিচনৰে দোকান এখনৰ কৰ্মচাৰী আছিল। তেওঁলোকৰ তিনিটা সন্তান আছিল:
- মেৰিয়ন এষ্টেল এডিচন (১৮৭৩-১৯৬৫), উপ-নাম 'ডট'১৩
- থমাছ আলভা এডিচন, জুনিয়ৰ (১৮৭৬-১৯৩৫) উপ-নাম 'ডেছ'১৪
- উইলিয়াম লেচলে এডিচন (১৮৭৮-১৯৩৭) উদ্ভাৱক, শ্বেফিল্ড চাইণ্টিফিক স্কুল, য়েলেৰ স্নাতক, ১৯০০ চন১৫
১৮৮৪ চনৰ ৯ আগষ্টৰ দিনা সম্ভৱতঃ মগজুৰ টিউমাৰ হৈ১৬ অথবা অত্যধিক পৰিমাণে গ্ৰহণ কৰা মৰফিনৰ (morphine overdose) বাবে মেৰী এডিচনৰ মৃত্যু হয়। বিভিন্ন ৰোগৰ ঔষধৰূপে চিকিত্সকে প্ৰায়ে এই মহিলাগৰাকীক মৰফিন খাবলৈ দিছিল। ১৭
বাহ্যিক সংযোগ
শ্ৰেণী:বিজ্ঞানী
তথ্যসূত্ৰ
- ↑ National Historic Landmarks Program (NHL)
- ↑ Edison Family Album. US National Park Service
- ↑ Josephson, p 18
- ↑ "Edison" by Matthew Josephson. McGraw Hill, New York, 1959, ISBN 978-0-07-033046-7
- ↑ "Edison: Inventing the Century" by Neil Baldwin, University of Chicago Press, 2001, ISBN 978-0-226-03571-0
- ↑ (April 10, 2009). GE emerges world's largest company: Forbes. Trading Markets.com
- ↑ (April 9, 2009). GE emerges world's largest company: Forbes. Indian Express.com
- ↑ Baldwin, page 37
- ↑ সমাজলৈ বিপ্লৱ অনা বিজ্ঞানীসকল, মূল কে.ভি. গোপালকৃষ্ণণ, অনুঃ ভৱেশ মহন্ত, পৃষ্ঠা সংখ্যা-৭১, প্ৰকাশক- নেশ্যনেল বুক ট্ৰাষ্ট, প্ৰথম প্ৰকাশ-২০০১
- ↑ Baldwin, pages 40–41
- ↑ U.S. Patent 90,646. Patimg1.uspto.gov
- ↑ The Edison Papers, Rutgers University. Retrieved March 20, 2007
- ↑ Baldwin 1995, p.60
- ↑ Baldwin 1995, p.67
- ↑ (October 31, 1931). Older Son To Sue To Void Edison Will; William, Second Child Of The Counsel. New York Times
- ↑ The Life of Thomas Edison. American Memory from the Library of Congress. Retrieved March 3, 2009
- ↑ Rutgers Today. Retrieved November 18, 2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থমাছ আলভা এডিচন” প্ৰবন্ধৰ সংশোধন ৫১৭০৩১ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।