সমকামিতা
১৭ প্ৰবন্ধ
-
সমকামিতা
সমকামিতা (Homosexuality) মানে হ'ল এক প্ৰকাৰৰ চাৰিত্ৰিক বৈশিষ্ট্য যত কোনো এজন ব্যক্তি বা কোনো জীৱই নিজৰ সৈতে একে লিংগৰ কোনোবাৰ প্ৰতি শাৰীৰিক, প্ৰেম তথা আবেগিক ভাবে আকৰ্ষিত হয়। ই একপ্ৰকাৰৰ যৌন অভিমুখিতা আৰু প্ৰেম অভিমুখিতা (Romantic orientation) লগতে এটা আকৰ্ষণ ভিক্তিক পৰিচয় হয়।
-
লেছবিয়ান
লেছবিয়ান (Lesbian) মানে হৈছে সমকামী মহিলা যি অন্য মহিলাৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়। চিকিৎসা বিজ্ঞান আৰু বৈজ্ঞানিক গৱেষণাই প্ৰকাশ কৰিছে যে একে লিংগৰ আকৰ্ষণ, অনুভৱ আৰু ব্যৱহাৰ সম্পূৰ্ণ স্বাভাৱিক আৰু ই মানৱ অভিমুখীতাৰ এটা সাধাৰণ প্ৰকাৰ।
-
গে'
গে (Gay) মানে হৈছে সমকামী পুৰুষ যি অন্য পুৰুষৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়। বৰ্তমান বৃহৎ সংখ্যক চিকিৎসাবিজ্ঞান আৰু মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।ভাৰতত বৰ্তমান সমকামী সম্পৰ্ক বৈধ।
-
কামিং আউট
কামিং আউট (অৰ্থ: ওলাই অহা, ইংৰাজী শব্দ Coming Out ৰ পৰা অহা) হ'ল এটা অৱস্থা য’ত একে লিংগৰ প্ৰতি আকৰ্ষিত সমকামীসকলে নিজৰ বিষয়ে আনৰ আগত ব্যক্ত কৰে। য'ত কোনো এজন সমকামী ব্যক্তিয়ে নিজৰ প্ৰেম তথা যৌন অভিমুখিতাৰ বিষয়ে সমাজৰ আগত খোলাকৈ প্ৰকাশ কৰে।
-
একে লিংগৰ বিয়া
একে লিংগৰ বিয়া ( Same sex marriage) হল অনুষ্ঠানিকভাবে দুজন পুৰুষ বা দুগৰাকী মহিলাৰ মাজত হোৱা বিয়া যি সমকামিতাৰ ফলত হোৱা একে লিংগৰ প্ৰেমৰ পৰিনাম হয়। একে লিংগৰ বিয়া ভিন্ন প্ৰাচীন সভ্যতা যেনে ৰোমান আৰু চীনা ফুজিয়ানৰ মাজত প্ৰাচীন কালৰে পৰা অনুষ্ঠিত হৈ আহিছে।
-
হমফবিয়া
হমফবিয়া (Homophobia) হ'ল সমকামিতাক লৈ অৰ্থাৎ গে' তথা লেচবিয়ানৰ বিৰুদ্ধে থকা অযুক্তিকৰ প্ৰত্যাখ্যান, অৱমাননামূলক, বৈষম্যমূলক, আপত্তিজনক বা প্ৰতিকূল মনোভাৱৰ বিদ্বেষ। এই নেতিবাচক, পক্ষপাতিত্বমূলক আৰু বৈষম্যমূলক মনোভাৱ বিশ্বৰ বহু দেশৰ আইন প্ৰণয়নত এক অপৰাধ।
-
একে লিংগৰ সম্পৰ্ক
একে লিংগৰ সম্পৰ্ক (ইংৰাজী: Same sex relationship) হল একে লিংগৰ দুজন ব্যক্তিৰ মাজৰ প্ৰেম তথা যৌন সম্পৰ্ক। একে লিংগৰ বিবাহ একে লিংগৰ দুজন ব্যক্তিৰ মাজত আনুষ্ঠানিক বিবাহক বুজায়; কিছু দেশত একে লিংগৰ বিবাহৰ সলনি আইনী দম্পতী নামৰ ব্যৱস্থা দেখা যায়।
-
ৰাষ্ট্ৰীয় কামিঙআউট দিৱস
ৰাষ্ট্ৰীয় কামিঙআউট দিৱস (National comingout day) আন্তৰ্জাতিকভাৱে ১১ অক্টোবৰ তাৰিখে লেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ মানৱ অধিকাৰৰ ওপৰত সজাগতাৰ বাবে উদযাপন কৰা হয়। এই দিৱসটোত নিজৰ পৰিয়াল, সমনীয়া আৰু সহকৰ্মীৰ আগত কামিঙ আউট হৈ মুক্ত ভাবে জীয়াই থকাৰ বাবে সজাগতা অনা হয়।
-
আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস
আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস পৃথিৱীৰ যৌন আৰু লৈংগীক সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্য আৰু ঘৃণাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে মে মাহৰ ১৭ তাৰিখে এই দিৱস পালন কৰা হয়।
-
গে' স্বীকাৰাত্মক মনোচিকিৎসা
গে' স্বীকাৰাত্মক মনোচিকিৎসা (ইংৰাজী:Gay affirmative psychotherapy) হল অবিপৰীতকামী বিশেষকৈ গে' আৰু লেছবিয়ান সকলৰ বাবে এক প্ৰকাৰৰ মনোচিকিৎসা যত নিজৰ বিশ্বাসযোগ্যতা আৰু নিজক গ্ৰহণ কৰিবলৈ শিকোৱা হয় যাতে ব্যক্তিজনে নিজৰ যৌন আৰু প্ৰেম অভিমুখীতাক সলনি কৰিবলৈ নিবিচাৰে বা একে লিংগৰ প্ৰতি থকা প্ৰেম আৰু…
-
সমকামিতা আৰু মনোবিজ্ঞান
মনোবিজ্ঞানত সমকামিতাক মানৱ যৌন অভিমুখীতাৰ এটা ভাগ হিচাপে বিস্তৃত ভাবে অধ্যয়ন কৰা হয়। চিকিৎসা বিজ্ঞান আৰু বৈজ্ঞানিক গৱেষণাই প্ৰকাশ কৰিছে যে একে লিংগৰ আকৰ্ষণ, অনুভৱ আৰু ব্যৱহাৰ সম্পূৰ্ণ স্বাভাৱিক আৰু ই মানৱ অভিমুখীতাৰ এটা সাধাৰণ প্ৰকাৰ।
-
এলজিবিটি অভিভাৱক
এলজিবিটি অভিভাৱক (LGBT Parenting) মানে এলজিবিটি সমাজৰ লোকসকলে এজন বা ততোধিক সন্তানক অভিভাৱক বা পোষক হিচাপে ডাঙৰ-দীঘল কৰা বা যত্ন লোৱা। ইয়াৰ ভিতৰত আছে: দুজন পুৰুষ বা দুগৰাকী মহিলা দম্পতীয়ে ডাঙৰ-দীঘল কৰা শিশু (সমকামী অভিভাৱকত্ব), একক এলজিবিটি পিতৃ-মাতৃৰ দ্বাৰা ডাঙৰ-দীঘল কৰা শিশু বিপৰীত লিংগৰ…
-
ছেম অল্টমেন
ছেমুৱেল হেৰিছ অল্টমেন (Sam Altman; জন্ম: ২২ এপ্ৰিল, ১৯৮৫) এজন আমেৰিকান প্ৰযুক্তি-উদ্যোগী আৰু বিনিয়োগকাৰী। তেওঁ ২০১৯ চনৰ পৰা অ’পেনএআই-ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অধিক পৰিচিত। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক কম সময়ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰি পুনৰ নিযুক্তি দিয়া হয়।
-
সমপ্ৰেমী নাটকৰ তালিকা
{| ! সম্প্ৰচাৰ !! নাম !! নেটওয়াৰ্ক !! দেশ |- | ২০১৯ || মিছিং পিছ || || থাইলেণ্ড |- | নট ইউ || || থাইলেণ্ড |- | হোটেল ষ্টাৰ দ্য সিৰিজ || জিএমএম || থাইলেণ্ড |- | আনটিল উই মিট এগেইন || || থাইলেণ্ড |- | আই এম ইউৰ কিং || || থাইলেণ্ড |- | থাৰ্ন-টাইপ || || থাইলেণ্ড |- | দ্য ইফেক্ট || || থাইলেণ্ড |- |…
-
ৰুথ ভানিতা
ৰুথ ভানিতা (Ruth Vanita) ভাৰতীয় একাডেমিক, সক্ৰিয় কৰ্মী আৰু লেখিকা। তেওঁ ব্ৰিটিছ আৰু ভাৰতীয় সাহিত্যৰ ইতিহাস বিশেষভাৱে লিংগ আৰু যৌনতা অধ্যয়নৰ প্ৰেক্ষাপটত অধ্যয়ন কৰে। লগতে, তেওঁ হিন্দু দৰ্শন বিষয়তো পঢ়ায় আৰু লিখে।
-
গে আইকন
গে আইকন (ইংৰাজী: Gay icon) হ’ল এনে এগৰাকী ৰাজহুৱা ব্যক্তি যাক এলজিবিটিকিউ সম্প্ৰদায়ৰ সদস্যসকলে এজন সাংস্কৃতিক আইকন হিচাপে গণ্য কৰে। এনে ব্যক্তিসকলৰ সাধাৰণতে এলজিবিটিকিউ সম্প্ৰদায়ৰ মাজত এক উৎসৰ্গিত অনুৰাগী গোষ্ঠী থাকে আৰু তেওঁলোকে প্ৰায়ে নিজৰ কামৰ জৰিয়তে এই সম্প্ৰদায়ৰ সহযোগী (ally) হিচাপে কাম…
-
ৰিতু ডালমিয়া
ৰিতু ডালমিয়া (জন্ম ১৯৭৩) এগৰাকী ভাৰতীয় জনপ্ৰিয় ৰন্ধনশিল্পী আৰু ৰেষ্টুৰেণ্ট ব্যৱসায়ী। তেওঁ দিল্লীত ২০০০ চনত "ডিভা" নামৰ জনপ্ৰিয় ইটালিয়ান ৰেষ্টুৰেণ্ট স্থাপন কৰিছিল, যাক তেওঁ গীতা ভল্লাৰ সৈতে "ৰিগা ফুড" নামৰ অংশীদাৰী প্ৰতিষ্ঠানৰ অধীনত মুকলি কৰিছিল।