চেটজিপিটি (ChatGPT) অৰ্থাৎ চেট জেনেৰেটীভ প্ৰি-ট্ৰেইণ্ড ট্ৰান্সফৰ্মাৰ হৈছে অ’পেনএআই-ৰ দ্বাৰা বিকশিত আৰু ২০২২ চনৰ নৱেম্বৰ মাহত উন্মোচিত বৃহৎ ভাষা-আৰ্হিভিত্তিক চেটবট, যিয়ে ব্যৱহাৰকাৰীসকলক কোনো কথোপকথনৰ দৈৰ্ঘ্য, সজ্জা, শৈলী, ভাষা আদি পৰিচালিত কৰিবলৈ সক্ষম কৰে। ক্ৰমাগত প্ৰম্প্ট আৰু প্ৰত্যুত্তৰসমূহক (যাক প্ৰম্প্ট ইঞ্জিনিয়াৰিং বোলা হয়) প্ৰতিটো কথোপকথনৰ পৰ্যায়তে পূৰ্বসূত্ৰ হিচাপে গণ্য কৰা হয়।১
গুগলৰদ্বাৰা বিকশিত ট্ৰান্সফৰ্মাৰ আন্তঃগাঁথনি-ভিত্তিক অ’পেনএআই-ৰ মালিকানাধীন জেনেৰেটীভ প্ৰি-ট্ৰেইণ্ড ট্ৰান্সফৰ্মাৰ (জিপিটি) আৰ্হিসমূহৰ শৃংখলা জিপিটি-৩.৫ আৰু জিপিটি-৪ৰ ঊৰ্দ্ধত চেটজিপিটি নিৰ্মাণ কৰা হৈছে আৰু ইয়াক ছুপাৰ্ভাইজ্ড আৰু ৰিইনফ’ৰ্চমেণ্ট লাৰ্নিং পদ্ধতিৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি কথোপকথনৰ বাবে ফাইন টিউন কৰা হৈছে।২৩ চেটজিপিটিক বিনামূলীয়াকৈ উপলব্ধ গৱেষণামূলক পূৰ্বলোকন-ৰূপে মুকলি কৰা হৈছিল যদিও ইয়াৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি অ’পেনএআই-এ এতিয়া সেৱাটো এটা মাচুলযুক্ত আৰ্হিত চলায়। বিনামূলীয়া স্তৰৰ ব্যৱহাৰকাৰীসকলক জিপিটি-৪অ’ভিত্তিক সংস্কৰণ আগবঢ়োৱা হয়। ইয়াৰ বিপৰীতে, উন্নত মানৰ জিপিটি-৪ভিত্তিক সংস্কৰণ আৰু নতুন সুবিধাসমূহ মাচুল আদায় দিয়া গ্ৰাহকসকলক "চেটজিপিটি প্লাছ"ৰূপে প্ৰদান কৰা হয়।
২০২৩ চনৰ জানুৱাৰী মাহলৈকে ১০ কোটিৰো অধিক ব্যৱহাৰকাৰীৰ কাষ চাপি ই ইতিহাসৰ সবাতোকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা গ্ৰাহক ছফ্টৱেৰ এপ্লিকেশ্যন হৈ পৰে, যিয়ে অ’পেনএআই-ৰ মূল্য ২৯ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পোৱাত সহায় কৰে।৪৫ কেইমাহমানৰ ভিতৰতে গুগল, বাইডু আৰু মেটাই তেওঁলোকৰ প্ৰতিযোগিতামূলক সামগ্ৰী— জেমিনাই, ক্ল’ড, আৰ্নি বট, LLaMA আৰু গ্ৰকৰ বিকাশ ত্বৰান্বিত কৰে।৬ মাইক্ৰ’ছফ্টে অ’পেনএআই-ৰ জিপিটি-৪ভিত্তিক বিং চেট উন্মোচিত কৰে। ২০২৪ চনৰ জুন মাহত এপল ইনক’ৰ্পৰেশ্যন আৰু অ’পেনএআই-ৰ মাজত হোৱা অংশীদাৰিত্বৰ কথা ঘোষণা কৰা হয় যাৰ জৰিয়তে এপল অপাৰেটিং ছিষ্টেমৰ এপল ইণ্টেলিজেঞ্চ সুবিধাৰ সৈতে চেটজিপিটি একত্ৰ কৰা হয়।৭ কোনো কোনো পৰ্যবেক্ষকে চেটজিপিটি-এ মানৱ বুদ্ধিমত্তাক স্থানচ্যুত বা ক্ষতি কৰাৰ সম্ভাৱনাৰ লগতে ইয়াৰ দ্বাৰা লেখা-চুৰি বা ভুল তথ্যৰ প্ৰচাৰৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰে।৮৯
প্ৰশিক্ষণ
চেটজিপিটি-ক জিপিটি-৩.৫ আৰু জিপিটি-৪ বুনিয়াদী আৰ্হিদুটাৰ ঊৰ্ধ্বত ছুপাৰ্ভাইজ্ড আৰু ৰিইনফ’ৰ্চমেণ্ট লাৰ্নিং দুয়োটা পদ্ধতি ব্যৱহাৰ কৰি কথোপকথনৰ বাবে ফাইন-টিউন (ট্ৰান্সফাৰ লাৰ্নিঙৰ এটা পদ্ধতি১০) কৰা হৈছে।১১ দুয়োটা পদ্ধতিতে আৰ্হিটোৰ কাৰ্য্যক্ষমতা উন্নত কৰিবলৈ মানৱ প্ৰশিক্ষকৰ সহায় লোৱা হৈছিল। ছুপাৰ্ভাইজ্ড লাৰ্নিঙৰ ক্ষেত্ৰত আৰ্হিটোক এনে কথোপকথন প্ৰদান কৰা হৈছিল য’ত প্ৰশিক্ষকসকলে ব্যৱহাৰকাৰী আৰু এআই সহায়িকা দুয়োপক্ষৰ ভূমিকা গ্ৰহণ কৰিছিল। ৰিইনফ’ৰ্চমেণ্ট লাৰ্নিঙৰ পৰ্যায়ত মানৱ প্ৰশিক্ষকসকলে প্ৰথমে আৰ্হিটোৱে পূৰ্বৰ কথোপকথনত সৃষ্টি কৰা সঁহাৰিসমূহৰ মান নিৰ্ণয় কৰে। এই মানসমূহৰ সহায়ত 'ৰিওৱৰ্ড মডেল'ৰ সৃষ্টি কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে প্ৰক্সিমেল পলিচী অপ্টিমাইজেশ্যন (পিপিঅ’)ৰ কেইবাটাও ইটাৰেশ্যন ব্যৱহাৰ কৰি আৰ্হিটোক আৰু অধিক ফাইন-টিউন কৰা হৈছিল।১২১৩ প্ৰক্সিমেল পলিচী অপ্টিমাইজেশ্যনৰ এল্গ’ৰিদমসমূহ ট্ৰাষ্ট ৰিজ্যন পলিচী অপ্টিমাইজেশ্যন এল্গ’ৰিদমসমূহতকৈ সুলভ; এই এল্গ’ৰিদমসমূহে দ্ৰুততৰ কৰ্মদক্ষতাসহ গণনামূলকভাৱে ব্যয়বহুল বহুতো সঞ্চালন নুই কৰে।১৪১৫ আৰ্হিসমূহক মাইক্ৰ’ছফ্টৰ সহযোগত তেওঁলোকৰ এজ্যুৰ ছুপাৰকম্পিউটিং আন্তঃগাঁথনিত প্ৰশিক্ষণ দিয়া হৈছিল।
টাইম আলোচনীয়ে প্ৰকাশ কৰিছে যে ক্ষতিকাৰক বিষয়বস্তু (যেনে যৌন নিৰ্যাতন, হিংসা, বৰ্ণবাদ, যৌনতাবাদ আদি)ৰ বিৰুদ্ধে এটা সুৰক্ষা-ব্যৱস্থা গঢ়ি তুলিবলৈ অ’পেনএআই-এ ক্ষতিকাৰক বিষয়বস্তুৰ লেবেল লগোৱাৰ বাবে ঘণ্টাই-প্ৰতি ২ ডলাৰতকৈও কম উপাৰ্জন কৰা কেনিয়ান শ্ৰমিকসকলৰ সহায় লৈছিল। এই লেবেলসমূহৰ সহায়ত ভৱিষ্যতে এনে বিষয়বস্তু ধৰা পেলাবলৈ এটা আৰ্হিক প্ৰশিক্ষণ দিয়া হৈছিল। এই শ্ৰমিকসকল "বিষাক্ত" আৰু আঘাতজনক বিষয়বস্তুৰ সন্মুখীন হৈছিল; এগৰাকী শ্ৰমিকে এই কামটো "নিৰ্যাতন"স্বৰূপ আছিল বুলি উল্লেখ কৰিছে। অ’পেনএআই-ৰ আউটছ’ৰ্চিং অংশীদাৰ আছিল কেলিফৰ্নিয়াৰ ছান ফ্ৰাঞ্চিস্কোস্থিত প্ৰশিক্ষণ-তথ্য প্ৰদানকাৰী কোম্পানী ছামা।১৬
চেটজিপিটি-এ প্ৰথমে এনভিডিয়া জিপিইউ-সমূহৰ দ্বাৰা চালিত মাইক্ৰ’ছফ্ট এজ্যুৰ ছুপাৰকম্পিউটিং আন্তঃগাঁথনি ব্যৱহাৰ কৰিছিল, যিটো মাইক্ৰ’ছফ্টে বিশেষভাৱে অ’পেনএআই-ৰ বাবে নিৰ্মাণ কৰিছিল আৰু ইয়াত "কেইবালাখ ডলাৰ" ব্যয় হোৱা বুলি জানিব পৰা গৈছে। চেটজিপিটি-ৰ সফলতাৰ পাছত মাইক্ৰ’ছফ্টে ২০২৩ চনত অ’পেনএআই-ৰ আন্তঃগাঁথনি নাটকীয়ভাৱে উন্নীত কৰে।১৭
অ’পেনএআই-এ চেটজিপিটি-ৰ ব্যৱহাৰকাৰীসকলৰ পৰা চেটজিপিটি-ৰ অধিক প্ৰশিক্ষণ আৰু ফাইন-টিউনিঙৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ তথ্য সংগ্ৰহ কৰা অব্যাহত ৰাখিছে। ব্যৱহাৰকাৰীসকলে চেটজিপিটি-ৰ পৰা পোৱা সঁহাৰিসমূহৰ পক্ষে বা বিপক্ষে মতদান আগবঢ়াব পাৰে।১৮১৯
চেটজিপিটি-ৰ প্ৰশিক্ষণমূলক তথ্যত হস্তচালিত পৃষ্ঠাৰ লগতে বুলেটিন ব’ৰ্ড ছিষ্টেম আৰু পাইথন প্ৰ’গ্ৰেমিং ভাষাৰ দৰে ইণ্টাৰনেটৰ পৰিঘটনা আৰু প্ৰ’গ্ৰেমিং ভাষাৰ বিষয়ে তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। ৱিকিপিডিয়াও আছিল চেটজিপিটি-ৰ প্ৰশিক্ষণ-তথ্যৰ অন্যতম উৎস।২০২১
বৈশিষ্ট্য আৰু সীমাবদ্ধতাসমূহ
বৈশিষ্ট্যসমূহ

চেট-বট এটাৰ মূল কাম এজন মানুহৰ লেখীয়াকৈ কথা-বতৰা পতা যদিও চেটজিপিটি বহুমুখী কাৰ্যক্ষমতাসম্পন্ন। উদাহৰণস্বৰূপে— ই কম্পিউটাৰ প্ৰ’গ্ৰেম লিখিব আৰু ডিবাগ কৰিব পাৰে, গীত, কবিতা, নাটক, সাধু আৰু ৰচনা লিখিব পাৰে; প্ৰশ্নৰ উত্তৰ দিব পাৰে;২২২৩ চেট ৰুম, লিনাক্স বা এটিএম-ৰ অনুকৰণ কৰিব পাৰে আৰু টিক-টেক-ট’ৰ দৰে খেল খেলিব পাৰে।২৪২৫
চেটজিপিটি-ৰ পূৰ্বৰ সংস্কৰণ ইনষ্ট্ৰাক্টজিপিটি-ৰ তুলনাত ই ক্ষতিকাৰক আৰু প্ৰতাৰণামূলক সঁহাৰি দিয়াটো এৰাই চলিবলৈ চেষ্টা কৰে।২৬ উদাহৰণস্বৰূপে— "২০১৫ চনত ক্ৰিষ্টোফাৰ কলম্বাছ আমেৰিকালৈ অহা সন্দৰ্ভে মোক কোৱা"— এই বাক্যশাৰীত থকা যুক্তিটো ইনষ্ট্ৰাক্টজিপিটি-এ সত্য বুলি গ্ৰহণ কৰি লোৱাৰ বিপৰীতে চেটজিপিটি-এ প্ৰশ্নটোৰ যুক্তি প্ৰকৃতাৰ্থত মিছা বুলি স্বীকাৰ কৰে আৰু কলম্বাছৰ কাৰ্য্যৰ আধুনিক ধাৰণাসমূহকে ধৰি ক্ৰিষ্টোফাৰ কলম্বাছৰ যাত্ৰা-সম্বন্ধীয় তথ্য আৰু আধুনিক বিশ্বৰ তথ্য ব্যৱহাৰ কৰি "২০১৫ চনত কলম্বাছ আমেৰিকালৈ আহিলে কি হ’লহেঁতেন"— তাৰে এক ধাৰণামূলক উত্তৰ আগবঢ়ায়।১২
প্ৰায়বোৰ চেট-বটৰ বিপৰীতে চেটজিপিটি-এ একেটা কথোপকথনত প্ৰাপ্ত পূৰ্বৰ প্ৰশ্নসমূহ মনত ৰাখে; সাংবাদিকসকলৰ মতে চেটজিপিটি-ক ব্যক্তিগত থেৰাপিষ্ট হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব।২৭ চেটজিপিটি-এ আক্ৰমণাত্মক আউটপুট প্ৰাপ্ত বা প্ৰস্তুত কৰাটো প্ৰতিৰোধ কৰিবলৈ প্ৰশ্নসমূহ অ’পেনএআই-ৰ কোম্পানী-ব্যাপী মডাৰেশ্যন এপিআই-যোগে পৰিস্ৰাৱণ কৰা হয় আৰু সম্ভাব্য বৰ্ণবাদী বা যৌনতাবাদী প্ৰশ্নসমূহ প্ৰত্যাখ্যান কৰা হয়।২৮২৯১২২৭
২০২৩ চনৰ মাৰ্চ মাহত অ’পেনএআই-এ চেটজিপিটি-ৰ বাবে প্লাগিনৰ সমৰ্থন অন্তৰ্ভুক্ত কৰে।৩০ ইয়াত অ’পেনএআই-দ্বাৰা নিৰ্মিত প্লাগিন যেনে ৱেব ব্ৰাউজিং আৰু ক’ড ইণ্টাৰপ্ৰিটেশ্যনৰ লগতে এক্সপিডিয়া, অ’পেনটেবুল, জেপিয়াৰ, শ্ব’পিফাই, শ্লেক আৰু ওৱলফ্ৰামৰ দৰে বাহিৰা বিকাশকাৰীৰ প্লাগিনসমূহো অন্তৰ্ভুক্ত কৰা হয়।৩১৩২
সীমাবদ্ধতাসমূহ
চেটজিপিটি-ত কেইবাটাও সীমাবদ্ধতা দেখিবলৈ পোৱা যায়। অ’পেনএআই-এ স্বীকাৰ কৰিছে যে চেটজিপিটি-এ "কেতিয়াবা-কেতিয়াবা শুনিবলৈ যুক্তিপূৰ্ণ কিন্তু ভুল বা অৰ্থহীন উত্তৰ আগবঢ়ায়"।১২ এই আচৰণ বৃহৎ ভাষা-আৰ্হিসমূহৰ ক্ষেত্ৰত সচৰাচৰ দেখিবলৈ পোৱা যায় আৰু ইয়াক কৃত্ৰিম বুদ্ধিমত্তাৰ ভ্ৰম বোলা হয়।৩৩ মানৱ তদাৰকীক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা চেটজিপিটি-ৰ ৰিওৱৰ্ড মডেলক অ’ভাৰ-অপ্টিমাইজ কৰা হ’ব পাৰে যাৰ ফলত কৰ্মক্ষমতাৰ ওপৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াক গুডহাৰ্টৰ সূত্ৰ বোলা হয়।৩৪
২০২১ চনৰ পাছত ঘটা পৰিঘটনাসমূহৰ বিষয়ে চেটজিপিটি-ৰ জ্ঞান সীমিত।৩৫ বিবিচি-ৰ মতে, ২০২২ চনৰ ডিচেম্বৰ মাহ পৰ্যন্ত চেটজিপিটি-এ "ৰাজনৈতিক মতামত প্ৰকাশ কৰা বা ৰাজনৈতিক সক্ৰিয়তাবাদত লিপ্ত হোৱাটো" নিষিদ্ধ।৩৬ তথাপিও গৱেষণাত পোৱা গৈছে যে দুটা প্ৰতিষ্ঠিত ভোটদান-সন্দৰ্ভীয় পৰামৰ্শৰ এপ্লিকেশ্যনে প্ৰদান কৰা ৰাজনৈতিক বক্তব্যৰ ওপৰত স্থিতি ল’বলৈ কোৱাত চেটজিপিটি-এ পৰিৱেশ-পন্থী, বাম-উদাৰতাবাদী অভিমুখীতা প্ৰদৰ্শন কৰে।৩৭
চেটজিপিটি-ৰ প্ৰশিক্ষণৰ সময়ত মানৱ পৰ্যালোচকসকলে প্ৰকৃত বোধশক্তি বা তথ্যভিত্তিক বিষয়বস্তু নিৰ্বিশেষে দীঘলীয়া উত্তৰ পছন্দ কৰিছিল।১২ প্ৰশিক্ষণৰ তথ্যত এল্গ’ৰিদম-সংক্ৰান্তীয় পক্ষপাতিত্বৰো সন্মুখিন হৈছে যিটো কোনো ব্যক্তিৰ বৰ্ণনা অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নসমূহৰ প্ৰতি আগবঢ়োৱা চেটজিপিটি-ৰ সঁহাৰিসমূহত প্ৰকাশ পায়। উদাহৰণস্বৰূপে— চেটজিপিটি-এ লিখা এটা ৰেপ গীতত এয়া ইংগিত পোৱা গৈছিল যে অ-শ্বেতাংগ মহিলা বিজ্ঞানীসকল শ্বেতাংগ আৰু পুৰুষ বিজ্ঞানীসকলতকৈ নিম্নখাপৰ।৩৮৩৯
সেৱা

ছান ফ্ৰাঞ্চিস্কোস্থিত অ’পেনএআই-এ ৩০ নৱেম্বৰ, ২০২২ তাৰিখে চেটজিপিটি উন্মোচন কৰিছিল। এই কোম্পানীয়েই ডিএএলএল·ই ২ (যি এটা ছবি সৃষ্টি কৰিব পৰা ডিফিউজ্যন মডেল) আৰু ওৱিস্পাৰ এআই (শ্ৰুতলিপি প্ৰস্তুতকাৰী মডেল)ৰ সৃষ্টি কৰিছিল। প্ৰথম অৱস্থাত জনসাধাৰণৰ বাবে বিনামূলীয়াকৈ এই সেৱা আৰম্ভ কৰা হৈছিল, যি পাছলৈ মুদ্ৰাকৃত কৰাৰ পৰিকল্পনা কৰা হৈছিল।৪০ ২০২২ চনৰ ৪ ডিচেম্বৰলৈ চেটজিপিটি-ৰ ব্যৱহাৰকাৰীৰ সংখ্যা ইতিমধ্যে ১০ লাখতকৈও অধিক হৈছিল।১৮ ২০২৩ চনৰ জানুৱাৰী মাহলৈ ব্যৱহাৰকাৰীৰ সংখ্যা ১০ কোটিতকৈ অধিক হয়গৈ, যাৰ ফলত ই আজি পৰ্যন্ত সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা গ্ৰাহক এপ্লিকেশ্যন হৈ পৰে।৪১ ২০২৩ চনৰ মাৰ্চ মাহত পিউ ৰিছাৰ্চে কৰা এক সমীক্ষাত দেখা গৈছে যে ১৪% আমেৰিকান প্ৰাপ্তবয়স্কই চেটজিপিটি ব্যৱহাৰ কৰি চাইছে।৪২

এই সেৱাই ইংৰাজী ভাষাত উতকৃষ্ট কাম কৰে যদিও আন কিছুমান ভাষাতো বিভিন্ন মাত্ৰাৰ সফলতাৰে কাম কৰিবলৈ সক্ষম হয়।২৩ এআই-ৰ শেহতীয়া অন্যান্য অগ্ৰগতিৰ বিপৰীতে চেটজিপিটি সম্বন্ধে আধিকাৰিক সহ-বিশেজ্ঞৰ দ্বাৰা পৰ্যালোচিত কোনোধৰণৰ কাৰিকৰী গৱেষণা-পত্ৰ ২০২২ চনৰ ডিচেম্বৰ মাহলৈকে প্ৰকাশ পোৱা নাই।৪৩ ২০২৩ চনৰ এপ্ৰিল মাহ পৰ্যন্ত চীন, ইৰাণ, উত্তৰ কোৰিয়া আৰু ৰাছিয়াই চেটজিপিটি-ক অৱৰোধ কৰি ৰাখিছে। তদুপৰি, ইৰাণ, উত্তৰ কোৰিয়া আৰু ৰাছিয়াত ব্যৱসায় নকৰিবলৈ চেটজিপিটি-এ নিজকে ভৌগলিকভাৱে সীমাবদ্ধ কৰি ৰাখিছে।৪৪
কোম্পানীটোৱে "এআই-লিখিত পাঠ সূচাবলৈ এআই শ্ৰেণীবিভাজক" বোলা এটা সঁজুলিও প্ৰদান কৰে,৪৫ যিয়ে কোনো লেখা চেটজিপিটি-ৰ দৰে এআই-দ্বাৰা লিখা হৈছে নে নাই— সেইটো নিৰ্ণয় কৰিবলৈ চেষ্টা কৰে। কোম্পানীটোৱে সতৰ্ক কৰি দিছে যে সঁজুলিটোৱে "সম্ভৱতঃ বহুতো ভুল ফলাফল দিব— কেতিয়াবা অতি আত্মবিশ্বাসেৰে।"৪৬
চেটজিপিটি প্লাছ প্ৰিমিয়াম সেৱা
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অ’পেনএআই-এ এটা প্ৰিমিয়াম সেৱা চেটজিপিটি প্লাছ উন্মোচিত কৰে, যাৰ মূল্য মাহে ২০ ডলাৰ। কোম্পানীটোয়ে প্ৰতিশ্ৰুতি দিছে যে চেটজিপিটি-ৰ উন্নীত যদিও "পৰীক্ষামূলক" সংস্কৰণটোৱে সৰ্বাধিক ব্যৱহাৰৰ সয়মতো কোনো ডাউনটাইম নোহোকৈ নতুন সুবিধাসমূহ আগতীয়াকৈ ব্যৱহাৰ কৰিব দিয়াৰ লগতে দ্ৰুততৰ সঁহাৰি আগবঢ়াব।৪৭
২০২৩ চনৰ ১৪ মাৰ্চত মুক্তি লাভ কৰা জিপিটি-৪ এপিআই-ৰ জৰিয়তে আৰু প্ৰিমিয়াম চেটজিপিটি ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰোৱা হৈছিল।৪৮ কিন্তু প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলক প্ৰত্যেক চাৰি ঘণ্টাত ১০০টাকৈ বাৰ্তাৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল যদিও বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই সীমা প্ৰত্যেক তিনি ঘণ্টাত ২৫টাকৈ বাৰ্তালৈ হ্ৰাস কৰা হয়।৪৯
২০২৩ চনৰ মাৰ্চ মাহত চেটজিপিটি প্লাছৰ ব্যৱহাৰকাৰীসকলে তৃতীয় পক্ষৰ প্লাগিন আৰু এটা ব্ৰাউজিং ম’ড (ইণ্টাৰনেট প্ৰৱেশাধিকাৰৰ সৈতে) ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।৫০
২০২৩ চনৰ জুলাই মাহত অ’পেনএআই-এ ইয়াৰ মালিকানাধীন ক’ড ইণ্টাৰপ্ৰিটাৰ প্লাগিনটো চেটজিপিটি প্লাছৰ সকলো গ্ৰাহকৰ বাবে মুকলি কৰে। তথ্য-বিশ্লেষণ আৰু ব্যাখ্যা, তাৎক্ষণিক তথ্য-সজ্জাকৰণ, ব্যক্তিগত তথ্য-বিজ্ঞানী সেৱা, সৃষ্টিশীল সমাধান, সংগীতৰ ৰুচি-বিশ্লেষণ, ভিডিঅ’ সম্পাদনা আৰু ছবি-নিষ্কাশনৰ সৈতে ফাইল আপল’ড/ডাউনল’ডকে ধৰি বহুতো ক্ষমতা প্ৰদান কৰে।৫১
ম’বাইল এপ
২০২৩ চনৰ মে’ মাহত অ’পেনএআই-এ চেটজিপিটি-ৰ বাবে এটা iOS এপ মুকলি কৰে। এপটোৱে চেট হিষ্টৰী ছিংকিং আৰু ভইচ ইনপুট (অ’পেনএআই-ৰ কণ্ঠ চিনাক্তকাৰী আৰ্হি ওৱিস্পাৰ ব্যৱহাৰ কৰি) সমৰ্থন কৰে।
২০২৩ চনৰ জুলাই মাহত অ’পেনএআই-এ এটা এণ্ড্ৰইড এপ উন্মোচন কৰে যি প্ৰথমতে বাংলাদেশ, ব্ৰাজিল, ভাৰত আৰু আমেৰিকাত মুকলি কৰা হয়। কোম্পানীটোৱে ভৱিষ্যতে অন্যান্য দেশতো ইয়াৰ উপলব্ধতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।৫২৫৩
ছফ্টৱেৰ বিকাশৰ সমৰ্থন
ইয়াৰ গ্ৰাহক-অনুকূল "চেটজিপিটি প্লাছ" পেকেজৰ এটা সংযোজন হিচাপে, অ’পেনএআই-এ চেটজিপিটি আৰু ওৱিস্পাৰ আৰ্হিৰ এপিআইদুটা ২০২৩ চনৰ মাৰ্চ মাহত উপলব্ধ কৰায় য’ত বিকাশকাৰীসকলক এআই-সক্ষম ভাষা আৰু স্পীচ-টু-টেক্ষ্টৰ সুবিধাৰ বাবে এপ্লিকেশ্যন প্ৰ’গ্ৰেমিঙৰ আন্তঃপৃষ্ঠ প্ৰদান কৰা হয়। চেটজিপিটি-ৰ নতুন এপিআই-ত চেট-বটৰ দৰেই জিপিটি-৩.৫-টাৰ্ব’ এআই আৰ্হি ব্যৱহাৰ কৰা হৈছে। ই বিকাশকাৰীসকলক তেওঁলোকৰ এপ্লিকেশ্যনসমূহত চেটজিপিটি-ৰ এটা অপৰিৱৰ্তিত বা পৰিৱৰ্তিত সংস্কৰণ যোগ কৰাৰ সুবিধা দিয়ে।৫৪ চেটজিপিটি এপিআই-ৰ মূল্য প্ৰতি ১০০০ ট’কেন (প্ৰায় ৭৫০টা শব্দ)ত ০.০০২ ডলাৰ, যাৰ ফলত ই জিপিটি-৩.৫ আৰ্হিসমূহতকৈ দহগুণ সস্তা।৫৫৫৬
অ’পেনএআই-ৰ ছফ্টৱেৰ বিকাশৰ সমৰ্থন সেৱা আৰম্ভ হোৱাৰ কেইদিনমান আগতে ২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰীত স্নেপচেটে ইয়াৰ মাচুল আদায় দিয়া স্নেপচেট প্লাছৰ ব্যৱহাৰকাৰীসকলৰ বাবে "মাই এআই" নামৰ এটা অনুকূলিত চেটজিপিটি চেট-বট মুকলি কৰে।৫৭
২০২৩ চনৰ মাৰ্চ মাহত হোৱা নিৰাপত্তা-উলংঘন

২০২৩ চনৰ মাৰ্চ মাহত এটা ত্ৰুটিৰ ফলত কিছুমান ব্যৱহাৰকাৰীয়ে আন ব্যৱহাৰকাৰীৰ কথোপকথনৰ শিৰোনাম চাবলৈ সক্ষম হৈছিল। অ’পেনএআই-ৰ চিইঅ’ ছেম অল্টমেনে কয় যে ব্যৱহাৰকাৰীসকলে কথোপকথনৰ বিষয়বস্তু চাব পৰা নাই। ত্ৰুটিটো সংশোধিত হোৱাৰ কিছু সময়ৰ পাছতে ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ কথোপকথনৰ ইতিহাস চাব পৰা নাছিল।৫৮৫৯৬০৬১ পাছৰ প্ৰতিবেদনসমূহত দেখা গৈছে যে এই ত্ৰুটিটো পূৰ্বে ভবাতকৈও বহুত বেছি গুৰুতৰ আছিল য’ত অ’পেনএআই-এ সদৰী কৰিছিল যে ই ব্যৱহাৰকাৰীসকলৰ "নাম আৰু উপাধি, ইমেইল ঠিকনা, পৰিশোধৰ ঠিকনা, ক্ৰেডিট কাৰ্ড নম্বৰৰ (কেৱল) শেষৰ চাৰিটা সংখ্যা আৰু ক্ৰেডিট কাৰ্ডৰ ম্যাদ" ফাদিল কৰিছিল।৬২৬৩
অন্যান্য ভাষা
২০২২ চনত অ’পেনএআই-এ আইচলেণ্ডৰ ৰাষ্ট্ৰপতি গুডনী যোহনেছনক সাক্ষাৎ কৰে। তাৰপাছত ২০২৩ চনত অ’পেনএআই-এ চল্লিশগৰাকী আইচলেণ্ডীয় স্বেচ্ছাসেৱকৰ এটা দলৰ সৈতে কাম কৰি আইচলেণ্ডীয় ভাষা-সংৰক্ষণৰ প্ৰচেষ্টাৰ অংশ হিচাপে চেটজিপিটি-ৰ আইচলেণ্ডীয় কথোপকথন দক্ষতাক ফাইন টিউন কৰে।৬৪
পিচিমেগ-ৰ সাংবাদিকসকলে চেটজিপিটি, গুগলৰ বাৰ্ড আৰু মাইক্ৰ’ছফ্ট বিঙৰ অনুবাদৰ ক্ষমতাৰ মান নিৰ্ণয় কৰিবলৈ এটা পৰীক্ষা চলাই গুগল ট্ৰেন্সলেটৰ সৈতে তুলনা কৰে। তেওঁলোকে "সাতটা ভাষাৰ দ্বিভাষিক ভাষীসকলক অন্ধত্ব পৰীক্ষা কৰিবলৈ কয়।" পৰীক্ষা কৰা ভাষাসমূহ আছিল প’লেণ্ডীয়, ফৰাছী, কোৰীয়, স্পেনীয়, আৰবী, টাগালগ আৰু আমহাৰিক। তেওঁলোকে এই সিদ্ধান্তত উপনীত হয় যে গুগল ট্ৰেন্সলেট আৰু অন্যান্য চেট-বটতকৈ চেটজিপিটি উন্নত।৬৫
জাপানী গৱেষকসকলে চেটজিপিটি (জিপিটি-৪), বিং, বাৰ্ড আৰু ডীপএল-ৰ জাপানীৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পৰাৰ ক্ষমতাৰ তুলনা কৰি জানিবলৈ পালে যে চেটজিপিটি-এ সৰ্বোত্তম অনুবাদ প্ৰদান কৰে, য’ত তেওঁলোকে উল্লেখ কৰে যে "এআই চেট-বটৰ অনুবাদ ডীপএল-তকৈ বহুগুণে ভাল— যাৰ সাম্ভাব্য কাৰণ হৈছে সিহঁতৰ প্ৰসংগ ধৰা পেলাব পৰাৰ ক্ষমতা"।৬৬
ভৱিষ্যতৰ দিশসমূহ
অ’পেনএআই-ৰ অতিথি গৱেষক স্কট আৰনছনৰ মতে, অ’পেনএআই-এ বিদ্যায়তনিক লেখা-চুৰি বা স্পেমৰ বাবে তেওঁলোকৰ সেৱাৰ দুৰ্ব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াৰ টেক্ষ্ট জেনেৰেশ্যন ছিষ্টেমসমূহক অংকীয়ভাৱে জল-চিহ্নিত কৰিব পৰাকৈ এটা সঁজুলিৰ ওপৰত কাম কৰি আছে।৬৭৬৮
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত মাইক্ৰ’ছফ্টে এটা পৰীক্ষামূলক গাঁথনিৰ কথা ঘোষণা কৰে আৰু স্বজ্ঞাত সীমামুক্ত প্ৰাকৃতিক ভাষাৰ আদেশেৰে ৰ’বটিক্স নিয়ন্ত্ৰণ কৰিবলৈ কেনেকৈ চেটজিপিটি ব্যৱহাৰ কৰিব পৰা যাব— তাৰে এটা বুনিয়াদী প্ৰদৰ্শন আগবঢ়ায়।৬৯৭০
জিপিটি-৪
অ’পেনএআই-ৰ জিপিটি-৪ আৰ্হিটো ১৪ মাৰ্চ, ২০২৩ তাৰিখে মুকলি কৰা হয়। পৰ্যবেক্ষকসকলে জিপিটি-৪ চেটজিপিটি-ৰ বাবে বৰ্তমানৰ জিপিটি-৩.৫ আৰ্হিৰ তুলনাত এক আকৰ্ষণীয় উন্নতিসাধন বুলি সদৰী কৰাৰ লগতে জিপিটি-৪ত কেইবাটাও একেধৰণৰ সমস্যা দেখা গৈছে বুলি সাৱধানবাণীও প্ৰকাশ কৰে।৭১ চেটজিপিটি প্লাছ ছাবস্ক্ৰিপশ্যন সেৱাই চেটজিপিটি-ৰ এটা জিপিটি-৪-চালিত সংস্কৰণ ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰে।৭২ মাইক্ৰ’ছফ্টে স্বীকাৰ কৰিছে যে বিং চেটে জিপিটি-৪ৰ আনুষ্ঠানিক মুক্তিৰ পূৰ্বেই জিপিটি-৪ ব্যৱহাৰ কৰি আছিল।৭৩
জিপিটি-৪অ’
২০২৪ চনৰ মে’ মাহত অ’পেনএআই-এ জিপিটি-৪অ’ মুকলি কৰে, যিটো এনে এক মডেল যি পাঠ, ছবি আৰু ধ্বনি বিশ্লেষণ আৰু সৃষ্টি কৰিব পাৰে। জিপিটি-৪ টাৰ্ব’ৰ তুলনাত জিপিটি-৪অ’ দুগুণ দ্ৰুত আৰু ইয়াৰ মূল্যও আধা। যদিও পুৰণি মডেল জিপিটি-৪— যাক কেৱল মাচুলযুক্ত ছাবস্ক্ৰিপশ্যনৰ দ্বাৰা ব্যৱহাৰ কৰিব পৰা গৈছিল— তাতকৈ জিপিটি-৪অ’ৰ অধিক সক্ষম থকা সত্ত্বেও ইয়াক সকলোৱে এক সীয়াৰ ভিতৰত বিনামূল্য ব্যৱহাৰ কৰিব পাৰে। বিনামূলীয়া ব্যৱহাৰকাৰীতকৈ চেটজিপিটি প্লাছৰ গ্ৰাহকৰ বাবে ব্যৱহাৰৰ সীমা পাঁচগুণ বেছি।৭৪
তথ্যসূত্ৰ
- ↑ Lock, Samantha. (December 5, 2022). What is AI chatbot phenomenon ChatGPT and could it replace humans?. The Guardian
- ↑ (2017-08-31). Transformer: A Novel Neural Network Architecture for Language Understanding. ai.googleblog.com
- ↑ Gertner, Jon. (18 July 2023). Wikipedia's Moment of Truth. The New York Times Magazine
- ↑ Hu, Krystal. (February 2, 2023). ChatGPT sets record for fastest-growing user base – analyst note. Reuters
- ↑ Varanasi, Lakshmi. (January 5, 2023). ChatGPT creator OpenAI is in talks to sell shares in a tender offer that would double the startup's valuation to $29 billion. Insider
- ↑ (April 2023). What's the next word in large language models?. Nature Machine Intelligence. পৃ. 331–332
- ↑ Davis, Wes. (June 10, 2024). Apple Intelligence: every new AI feature coming to the iPhone and Mac. The Verge
- ↑ Gertner, Jon. (18 July 2023). Wikipedia's Moment of Truth. The New York Times Magazine
- ↑ (May 30, 2023). What is ChatGPT and why does it matter? Here's what you need to know. ZDNET
- ↑ Quinn. (2020). Dive into deep learning: tools for engagement. পৃ. 551. ISBN 9781544361376
- ↑ Greengard, Samuel. (December 29, 2022). ChatGPT: Understanding the ChatGPT AI Chatbot. EWeek
- ↑ OpenAI. (November 30, 2022). ChatGPT: Optimizing Language Models for Dialogue
- ↑ Vincent, James. (December 8, 2022). ChatGPT proves AI is finally mainstream – and things are only going to get weirder. The Verge
- ↑ Schulman, John; Wolski, Filip. Proximal Policy Optimization Algorithms
- ↑ van Heeswijk, Wouter. (November 29, 2022). Proximal Policy Optimization (PPO) Explained. Towards Data Science
- ↑ Perrigo, Billy. (January 18, 2023). Exclusive: OpenAI Used Kenyan Workers on Less Than $2 Per Hour to Make ChatGPT Less Toxic. The Times
- ↑ Roth, Emma. (March 13, 2023). Microsoft spent hundreds of millions of dollars on a ChatGPT supercomputer. The Verge
- ↑ (February 2, 2023). https://www.zdnet.com/article/what-is-chatgpt-and-why-does-it-matter-heres-what-you-need-to-know/
- ↑ ChatGPT Feedback Contest: Official Rules. OpenAI
- ↑ Dwivedi, Yogesh K.; Kshetri, Nir; Hughes, Laurie. (August 1, 2023). Opinion Paper: "So what if ChatGPT wrote it?" Multidisciplinary perspectives on opportunities, challenges and implications of generative conversational AI for research, practice, and policy. International Journal of Information Management. পৃ. 102642
- ↑ Gertner, Jon. (18 July 2023). Wikipedia's Moment of Truth. The New York Times Magazine
- ↑ Tung, Liam. (January 26, 2023). ChatGPT can write code. Now researchers say it's good at fixing bugs, too. ZDNET
- ↑ (December 27, 2022). https://www.jpost.com/business-and-innovation/tech-and-start-ups/article-725910
- ↑ Edwards, Benj. (December 5, 2022). No Linux? No problem. Just get AI to hallucinate it for you. Ars Technica
- ↑ Edwards, Benj. (December 5, 2022). No Linux? No problem. Just get AI to hallucinate it for you. Ars Technica
- ↑ Chawla, Raveen. (December 26, 2022). What is ChatGPT? History, Features, Uses, Benefits, Drawbacks 2023
- ↑ Roose, Kevin. (December 5, 2022). The Brilliance and Weirdness of ChatGPT. The New York Times
- ↑ (August 10, 2022). New and Improved Content Moderation Tooling. OpenAI
- ↑ Markov, Todor; Zhang, Chong. (August 5, 2022). A Holistic Approach to Undesired Content Detection in the Real World
- ↑ ChatGPT plugins. openai.com
- ↑ Vincent, James. (March 23, 2023). OpenAI is massively expanding ChatGPT's capabilities to let it browse the web and more. The Verge
- ↑ Goldman, Sharon; Nuñez, Michael. (March 23, 2023). OpenAI turns ChatGPT into a platform overnight with addition of plugins. VentureBeat
- ↑ Lakshmanan, Lak. (December 16, 2022). Why large language models like ChatGPT are bullshit artists. becominghuman.ai
- ↑ Gao, Leo; Schulman. Scaling Laws for Reward Model Overoptimization
- ↑ Vincent, James. (December 1, 2022). OpenAI’s new chatbot can explain code and write sitcom scripts but is still easily tricked. The Verge
- ↑ (December 27, 2022). https://www.bbc.com/news/uk-politics-64053550
- ↑ Hartmann, Jochen; Schwenzow, Jasper. The political ideology of conversational AI: Converging evidence on ChatGPT's pro-environmental, left-libertarian orientation
- ↑ Perrigo, Billy. (December 5, 2022). AI Chatbots Are Getting Better. But an Interview With ChatGPT Reveals Their Limits. Time
- ↑ Biddle, Sam. (December 8, 2022). The Internet's New Favorite AI Proposes Torturing Iranians and Surveilling Mosques. The Intercept
- ↑ Karpf, David. (December 21, 2022). Money Will Kill ChatGPT's Magic. The Atlantic
- ↑ Milmo, Dan. (December 2, 2023). ChatGPT reaches 100 million users two months after launch. The Guardian
- ↑ Vogels, Emily A. (May 24, 2023). A majority of Americans have heard of ChatGPT, but few have tried it themselves. Pew Research Center
- ↑ Walsh, Toby. (December 13, 2022). Everyone's having a field day with ChatGPT – but nobody knows how it actually works. The Conversation
- ↑ (April 2, 2023). Why ChatGPT unavailable in Italy, Russia, China, North Korea?. Hindustan Times
- ↑ (January 31, 2023). New AI classifier for indicating AI-written text. OpenAI
- ↑ Bogost, Ian. (February 2, 2023). ChatGPT Is About to Dump More Work on Everyone. The Atlantic
- ↑ (February 1, 2023). Introducing ChatGPT Plus. OpenAI
- ↑ (March 14, 2023). GPT-4. openai.com
- ↑ Popli, Nik. (March 15, 2023). These New Projects Show Just How Much More Powerful GPT-4 Is. Time
- ↑ Wiggers, Kyle. (March 23, 2023). OpenAI connects ChatGPT to the internet
- ↑ (July 9, 2023). Code Interpreter comes to all ChatGPT Plus users: 7 ways it may threaten data scientists, July 11, 2023
- ↑ Lawler, Richard. (2023-07-21). ChatGPT for Android launches next week. The Verge
- ↑ Field, Hayden. (2023-07-25). OpenAI's ChatGPT app now available for Android. CNBC
- ↑ Torres, Jennifer. (March 3, 2023). Developers Can Now Access OpenAI's ChatGPT and Whisper APIs. CMSWire.com
- ↑ Lawler, Richard. (2023-07-21). ChatGPT for Android launches next week. The Verge
- ↑ Field, Hayden. (2023-07-25). OpenAI's ChatGPT app now available for Android. CNBC
- ↑ Heath, Alex. (February 27, 2023). Snapchat is releasing its own AI chatbot powered by ChatGPT. The Verge
- ↑ (March 22, 2023). ChatGPT bug leaked users' conversation histories. BBC News
- ↑ Kan, Michael. (March 22, 2023). OpenAI Confirms Leak of ChatGPT Conversation Histories. PCMag
- ↑ (March 23, 2023). ChatGPT owner OpenAI fixes bug that exposed users' chat histories. Al Jazeera
- ↑ Metz, Rachel. (March 21, 2023). OpenAI Shut Down ChatGPT to Fix Bug Exposing User Chat Titles. Bloomberg News
- ↑ March 20 ChatGPT outage: Here's what happened. openai.com
- ↑ OpenAI: Sorry, ChatGPT Bug Leaked Payment Info to Other Users. PCMAG
- ↑ Magnússon, Pétur. (March 15, 2023). Icelandic becomes ChatGPT's second language. ruv.is
- ↑ Google Translate vs. ChatGPT: Which One Is the Best Language Translator?. PCMAG
- ↑ Kaneko, Karin. (July 18, 2023). ChatGPT, Bing, Bard and DeepL: Which one offers the best Japanese-to-English translation?. The Japan Times
- ↑ Kovanovic, Vitomir. (December 14, 2022). The dawn of AI has come, and its implications for education couldn't be more significant. The Conversation
- ↑ Wiggers, Kyle. (December 10, 2022). OpenAI's attempts to watermark AI text hit limits. TechCrunch
- ↑ Edwards, Benj. (February 28, 2023). Robots let ChatGPT touch the real world thanks to Microsoft. Ars Technica
- ↑ (February 20, 2023). ChatGPT for Robotics. Microsoft Research
- ↑ Belfield, Haydn. (March 25, 2023). If your AI model is going to sell, it has to be safe. Vox
- ↑ Edwards, Benj. (March 14, 2023). OpenAI's GPT-4 exhibits "human-level performance" on professional benchmarks. Ars Technica
- ↑ Lardinois, Frederic. (March 14, 2023). Microsoft's new Bing was using GPT-4 all along. techcrunch.com
- ↑ Field, Hayden. (2024-05-13). OpenAI launches new AI model and desktop version of ChatGPT. CNBC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেটজিপিটি” প্ৰবন্ধৰ সংশোধন ৫৭২৭১৬ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।