কেনিয়া ( বা ), (কে'ন্য়া), বা চৰকাৰীভাৱে কেনিয়া গণৰাজ্য, আফ্ৰিকাৰ এখন দেশ। ইয়াৰ ৰাজধানী আৰু বৃহত্তম নগৰ নাইৰোবি। কেনিয়া বিষুৱ ৰেখাত অৱস্থিত। ইয়াৰ দক্ষিণ-পশ্চিমে আছে ভাৰত মহাসাগৰ, দক্ষিণে টাঞ্জানিয়া, পশ্চিমে উগাণ্ডা, উত্তৰ-পশ্চিমে দক্ষিণ চুডান, উত্তৰে ইথিয়'পিয়া আৰু উত্তৰ-পূবে ছোমালিয়া। কেনিয়াৰ মাটিকালি 581309 বৰ্গ কি.মি. আৰু জুলাই, ২০১২ৰ তথ্য অনুসৰি জনসংখ্যা প্ৰায় ৪৪ নিযুত।১
ভাৰতীয় মহাসাগৰৰ সীমাৰ ফালে কেনিয়াৰ জলবায়ু গৰম আৰু আৰ্দ্ৰ; ৰাজধানীৰ ফালে বন্যপ্ৰাণীৰে ভৰা চাভানা তৃণভূমি অৱস্থিত। নাইৰোবিৰ জলবায়ু শীতল আৰু কেনিয়া পৰ্বতৰ দিশে তাপমাত্ৰা অধিক কম। কেনিয়া পৰ্বতত তিনিটা স্থায়ী বৰফেৰে ভৰা শৃংগ আছে। আৰু ভিতৰলৈ ভিক্ট'ৰিয়া হ্ৰদৰ ওচৰত, পশ্চিমৰ নাতিশীতোষ্ণ বনাঞ্চল আৰু পাহাৰীয়া অঞ্চলত জলবায়ু পুনৰ তুলনামূলকভাৱে গৰম আৰু আৰ্দ্ৰ। চোমালিয়া আৰু ইথিয়'পিয়াৰ সীমাত থকা উত্তৰ-পূব অঞ্চল শুকান আৰু মৰুভূমিৰে ভৰা। ভিক্ট'ৰিয়া হ্ৰদ পৃথিৱীৰ দ্বিতীয় বৃহত্তম বিশুদ্ধ পানীৰ আৰু বৃহত্তম ক্ৰান্তীয় হ্ৰদ। দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত এই হ্ৰদটো উগাণ্ডা আৰু টাঞ্জানিয়াতো পৰে। চাফাৰীৰ বাবে প্ৰখ্যাত কেনিয়াৰ কেইখনমান বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যান হৈছে পূব-পশ্চিম চাভ' ৰাষ্ট্ৰীয় উদ্যান, মাচাই মাৰা, লে'ক নাকুৰু ৰাষ্ট্ৰীয় উদ্যান আৰু এবেৰ্ডেৰিছ ৰাষ্ট্ৰীয় উদ্যান। লামুৰ আৰু আন কেইবাটাও বিশ্ব ঐতিহ্য ক্ষেত্ৰ থকাৰ লগতে কেনিয়াত কিলিফিৰ দৰে কেইখনমান বিশ্ববিখ্যাত বীচ্চো আছে য'ত প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় য়াট্ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
কেনিয়াও অন্তৰ্ভুক্ত হোৱা আফ্ৰিকান গে'ট লে'ক অঞ্চলত নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰেপৰা মানুহ থকাৰ প্ৰমাণ আছে। কেনিয়াৰ অংশ আফ্ৰিকান গ্ৰেট লেক অঞ্চলত নিম্ন পুৰাপাথৰ যুগৰ পৰাই মানুহে বাস কৰি আহিছে। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দলৈকে বান্টু সম্প্ৰসাৰণে পশ্চিম-মধ্য আফ্ৰিকাৰ পৰা এই অঞ্চলত উপস্থিত হৈছিল। আধুনিক ৰাষ্ট্ৰৰ সীমান্তই ফলস্বৰূপে মহাদেশখনৰ নাইজাৰ-কংগো, নীলো-চাহাৰা আৰু আফ্ৰিকান-এছিয়াটিক অঞ্চলৰ সংযোগস্থল গঠন কৰে, যিয়ে আফ্ৰিকাত পোৱা প্ৰায়বোৰ প্ৰধান নৃতাত্ত্বিক গোটক প্ৰতিনিধিত্ব কৰে। বান্টু আৰু নিলোটিক জনসংখ্যাই মিলি দেশৰ প্ৰায় ৯৭% বাসিন্দা গঠন কৰে। উপকূলীয় মোম্বাছাত ইউৰোপীয় আৰু আৰবৰ উপস্থিতি আধুনিক যুগৰ আৰম্ভণিৰ; ১৯ শতিকাৰ পৰাই ইউৰোপীয় অভ্যন্তৰীণ অঞ্চলৰ অন্বেষণ আৰম্ভ হৈছিল। ১৮৯৫ চনত ব্ৰিটিছ সাম্ৰাজ্যই ইষ্ট আফ্ৰিকা প্ৰটেক্টৰেট স্থাপন কৰে, যিয়ে ১৯২০ চনৰ পৰা আৰম্ভ কৰি কেনিয়া কলনীৰ ঠাই লয়। ১৯৬৩ চনৰ ডিচেম্বৰ মাহত কেনিয়া ৰিপাব্লিকে স্বাধীনতা লাভ কৰে।২০১০ চনৰ আগষ্ট মাহত গণভোট আৰু নতুন সংবিধান গ্ৰহণৰ পিছত কেনিয়া এতিয়া ৪৭ খন অৰ্ধস্বায়ত্তশাসিত কাউন্টিত বিভক্ত হৈছে, যিবোৰ নিৰ্বাচিত গৱৰ্ণৰৰ দ্বাৰা পৰিচালিত।
ৰাজধানী নাইৰোবি আঞ্চলিক বাণিজ্যিক কেন্দ্ৰ। দক্ষিণ-পূব আৰু মধ্য আফ্ৰিকাৰ জিডিপিৰ হিচাপত কেনিয়াৰ অৰ্থনীতি আটাইতকৈ বেছি।২৩ কৃষি এটা প্ৰধান নিয়োগকৰ্তা; দেশখনে পৰম্পৰাগতভাৱে চাহ আৰু কফি ৰপ্তানি কৰে আৰু শেহতীয়াকৈ ইউৰোপলৈ সতেজ ফুল ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে। সেৱা উদ্যোগটোও এক প্ৰধান অৰ্থনৈতিক চালক। কেনিয়া ইষ্ট আফ্ৰিকান কমিউনিটিৰ সদস্য। আফ্ৰিকাৰ আন দেশৰ তুলনাত কেনিয়াত তুলনামূলকভাৱে উচ্চ ৰাজনৈতিক আৰু সামাজিক স্থিতিশীলতা আছে।
তথ্যসূত্ৰ
Kenya profile from Africa.com Kenya Corruption Profile from the Business Anti-Corruption Portal
তথ্যসূত্ৰ
- ↑ "2019 Kenya population and housing census – population by county and sub county – Kenya Data Portal". kenya.opendataforafrica.org. Archived from the original on 16 April 2021. Retrieved 2 January 2021
- ↑ Ethiopia GDP purchasing power 2010: 86 billion. Imf.org. 14 September 2006
- ↑ Kenya GDP purchasing power 2010: 66 Billion. Imf.org. 14 September 2006
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেনিয়া” প্ৰবন্ধৰ সংশোধন ৬১৬৪৫৬ (৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।