অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গিৰীশ কৰ্ণাড

গিৰীশ ৰঘুনাথ কৰ্ণাড (Girish Karnad; ১৯ মে' ১৯৩৮ – ১০ জুন ২০১৯) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৯৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

গিৰীশ ৰঘুনাথ কৰ্ণাড (Girish Karnad; ১৯ মে' ১৯৩৮ – ১০ জুন ২০১৯)১ এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক,২ নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল। ১৯৬০ৰ দশকত নৱ ভাৰতীয় নাট্যজগতত তেওঁ কন্নড় ভাষাৰ বিখ্যাত নাট্যকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।৩ তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেওঁক ১৯৯৮ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।৪

চাৰি দশক জুৰি গিৰীশ কৰ্ণাডে ঐতিহাসিক আৰু ধৰ্মীয় আখ্যানমূলক কাহিনীক বৰ্তমান সময়ৰ লগত খাপ খুৱাই নাট্যৰ যোগেৰে প্ৰতিফলিত কৰিছে। তেওঁৰ নাটক সমূহ ইংৰাজীকে আদি কৰি বিভিন্ন ভাষাত অনূদিত হৈছে। লগতে বহুতে বিখ্যাত নাট্য পৰিচালকে তেওঁৰ নাটক মঞ্চস্থ কৰিছে।

তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ জগতৰ লগতো সক্ৰিয় ভাবে চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু চিত্ৰনাট্যকাৰ হিচাপে জড়িত হৈ আছিল। তেওঁৰ হিন্দী আৰু কন্নড় বোলছবিয়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিব সক্ষম হৈছে। তেওঁ বিভিন্ন শাখাৰ সৰ্বমুঠ ১০টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ৭টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ১৯৭৪ চনত পদ্মশ্ৰী আৰু ১৯৯২ চনত পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।

২০১৯ চনৰ ১০ জুন তাৰিখে দীৰ্ঘদিন অসুস্থতাৰ ফলত ৮১ বছৰ বয়সত বেংগালুৰুত গিৰীশ কৰ্ণাডে শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৩৮ চনৰ ১৯ মে' তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেচিডেন্সিৰ মাথেৰণত গিৰীশ কৰ্ণাডৰ জন্ম হৈছিল। তেওঁৰ এটি সন্তানৰ সৈতে বিধৱা মাতৃ কৃষ্ণাবাঈয়ে ধাত্ৰীবিদ্যাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থাকোঁতে বোম্বে মেডিকেল সেৱাত কৰ্মৰত ডাঃ ৰঘুনাথ কৰ্ণাডক লগ পায়। সমাজত বিধৱা পুনৰবিবাহৰ নিয়ম নথকাৰ বাবে তেওঁলোকে পাঁচ বছৰলৈ বিয়া কৰাব পৰা নাছিল। পিছত আৰ্য সমাজৰ সহায়ত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। তেওঁলোকৰ তাৰপিছত জন্ম হোৱা চাৰি সন্তানৰ ভিতৰত গিৰীশ তৃতীয় সন্তান।৫

তেওঁ প্ৰাৰম্ভিক শিক্ষা মাৰাঠী ভাষাত গ্ৰহণ কৰিছিল। তেওঁ কৰ্ণাটকৰ সৃষ্টিত থাকোঁতে তেওঁ থিয়েটাৰ দল, নাটক মণ্ডলীত যোগ দিয়াৰ সুযোগ লাভ কৰে।৬ শৈশৱত তেওঁ গাঁৱৰ থিয়েটাৰ যক্ষগণৰ ডাঙৰ প্ৰশংসক আছিল।৭ ১৪ বছৰ বয়সত তেওঁৰ পৰিয়ালে কৰ্ণাটকৰ ধাৰৱাদলৈ উঠি আহে।৮

১৯৫৮ চনত তেওঁ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ধাৰৱাদৰ কৰ্ণাটক কলা মহাবিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰ আৰু পৰিসংখ্যা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যায় আৰু তত তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ মেগডালেন কলেজত দৰ্শন, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি অধ্যয়ন কৰে। ৰডছ স্কলাৰ হিচাপে তেওঁ ১৯৬৩ চনত দৰ্শন, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৯ তেওঁ ১৯৬২-৬৩ চনত অক্সফোৰ্ড ইউনিয়নৰ অধ্যক্ষ পদত নিৰ্বাচিত হৈছিল।১০

বঁটা আৰু সন্মান

সাহিত্য কৰ্মৰ বাবে

চলচ্চিত্ৰৰ বাবে

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • ১৯৭১: শ্ৰেষ্ঠ পৰিচালক: ভমস বৃক্ষ
  • ১৯৭১: শ্ৰেষ্ঠ কন্নড় চলচ্চিত্ৰ: ভমস বৃক্ষ
  • ১৯৭৩: দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ: কাদু
  • ১৯৭৭: শ্ৰেষ্ঠ কন্নড় চলচ্চিত্ৰ: তাৱলীয়ু নিনাদে মগনে১৩১৪
  • ১৯৭৮: শ্ৰেষ্ঠ চিত্ৰনাট্য: ভূমিকা
  • ১৯৭৮: শ্ৰেষ্ঠ কন্নড় চলচ্চিত্ৰ: অন্দানন্দু কলাদাল্লী
  • ১৯৮৯: শ্ৰেষ্ঠ অপ্ৰদৰ্শিত চলচ্চিত্ৰ: কনক পুৰাণদাৰা
  • ১৯৯০: সামাজিক সমস্যাৰ শ্ৰেষ্ঠ অপ্ৰদৰ্শিত চলচ্চিত্ৰ: দা লেম্প ইন দা নিছ
  • ১৯৯২: পৰিৱেশ সংৰক্ষণৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ: চেলুভী
  • ১৯৯৯: শ্ৰেষ্ঠ কন্নড় চলচ্চিত্ৰ: কানুৰু হেগাদাঠি১৫

ফিল্মফেয়াৰ বঁটা দক্ষিণ

  • ১৯৭২: শ্ৰেষ্ঠ পৰিচালক - কানাড়া – ভমস বৃক্ষ
  • ১৯৭৪: শ্ৰেষ্ঠ পৰিচালক - কানাড়া – কাদু
  • ১৯৭৮: শ্ৰেষ্ঠ পৰিচালক - কানাড়া – অন্দানন্দু কলাদাল্লী
  • ১৯৮৩: শ্ৰেষ্ঠ অভিনেতা - কানাড়া - আনন্দ ভৈৰৱী

ফিল্মফেয়াৰ বঁটা হিন্দী

  • ১৯৮০: শ্ৰেষ্ঠ চিত্ৰনাট্য: গধূলি

কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা

  • ১৯৭১-৭২ প্ৰথম শ্ৰেষ্ঠ চলচ্চিত্ৰ – ভমস বৃক্ষ
  • ১৯৭১-৭২ শ্ৰেষ্ঠ সংকলাপ – ভমস বৃক্ষ
  • ১৯৭৩-৭৪ দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ – কাদু
  • ১৯৮৯-৯০ শ্ৰেষ্ঠ সহযোগী অভিনেতা

– চান্থ শিশুনাল চাৰিফা

  • ১৯৯৫-৯৬ শ্ৰেষ্ঠ সহযোগী অভিনেতা – সংগীতা সাগৰ গণযোগী পঞ্চক্ষৰ গাভাই
  • ১৯৯৯-০০ দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ – কানুৰু হেগাদাঠি

অন্যান্য

  • গোবি বিৰান্না বঁটা
  • ইউনিভাৰ্চিটি অফ চাউথাৰ্ন কেলিফৰ্ণিয়া, লছ এঞ্জেলেছৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী – ২০১১১৬

ব্যক্তিগত জীৱন

গিৰীশ কৰ্ণাডে সৰস্বতী গণপতিৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুগৰাকী সন্তান আছে। তেওঁ বেংগালুৰুত বসবাস কৰিছিল।৯ ২০১৯ চনৰ ১০ জুন তাৰিখে দীৰ্ঘদিনীয়া অসুস্থতাৰ ফলত বেংগালুৰুত তেওঁৰ মৃত্যু হয়।১৭১৮

সামাজিক কৰ্ম

গিৰীশ কৰ্ণাডে বহুসাংস্কৃতিবাদ আৰু অভিব্যক্তিৰ স্বাধীনতাৰ প্ৰতি সদায় মাত মাতিছিল। তেওঁ ধৰ্মৰ নামত কুসংস্কাৰ, ধৰ্মীয় মৌলবাদ আৰু হিন্দুত্বৰ বিষয়ে সমালোচনা কৰিছিল। ১৯৯২ চনৰ বাবৰী মছজিদ ধ্বংসক তেওঁ ৰাজহুৱাকৈ নিন্দা কৰিছিল।৯ তেওঁ সদায় ধৰ্মনিৰপেক্ষতাৰ পক্ষত থিয় দিছিল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ভাৰতীয় জনতা পাৰ্টী আৰু অন্যান্য হিন্দু সংস্থা সমূহৰ প্ৰবল বিৰোধিতা কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (10 June 2019). Girish Karnad passes away, end of an era in Indian theatre and cinema. The News Minute
  2. ↑ Sahitya Akademi: Who's Who of Indian Writers. Sahitya Akademi
  3. ↑ (28 January 2007). Drama between the lines. Financial Express
  4. ↑ (21 January 1999). Jnanpith for Dr Girish Karnad. Rediff.com
  5. ↑ How a Brahmin woman broke into the twentieth century
  6. ↑ Kumar, p.115
  7. ↑ Conversation with Girish Karnad. Bhargavi Rao on Muse India. Muse India
  8. ↑ (11 October 2013). Conversation: 'I wish I were a magician'. Livemint
  9. ↑ AWARDS: The multi-faceted playwright Frontline, Vol. 16, No. 3, 30 Jan.–12 Feb 1999
  10. ↑ Hibbert. (1988). ((The Encyclopaedia of Oxford)). Macmillan. পৃ. 527–532. ISBN 0-333-39917-X
  11. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  12. ↑ (14 April 2011). USC News. Mobile.usc.edu
  13. ↑ 25th National Film Awards. International Film Festival of India
  14. ↑ 25th National Film Awards (PDF). Directorate of Film Festivals
  15. ↑ Biography and plays of Girish Karnad
  16. ↑ Honorary Doctorate for Karnad
  17. ↑ (10 June 2019). Girish Karnad, veteran actor and playwright, dies at 81. হিন্দুস্তান টাইমছ
  18. ↑ (10 June 2019). Girish Karnad, veteran actor and playwright, dies at 81. PINKVILLA

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাভাৰতীয় সাহিত্যিকপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীজ্ঞানপীঠ বঁটা বিজয়ীশ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীশ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীভাৰতীয় সমাজবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিৰীশ কৰ্ণাড” প্ৰবন্ধৰ সংশোধন ৬৩২৫৮৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।