শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
১১ প্ৰবন্ধ
-
মৃণাল সেন
মৃণাল সেন (Mrinal Sen) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। সত্যজিত ৰায়ৰ লগতে মৃণাল সেনকো সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।
-
গুলজাৰ
সম্পূৰণ সিং কাল্ৰা (জন্ম ১৮ আগষ্ট ১৯৩৪), গুলজাৰ ছদ্মনামেৰে বিখ্যাত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক, কবি আৰু সাহিত্যিক। ব্ৰিটিছ ভাৰতৰ ঝিলাম জিলাত (বৰ্তমান পাকিস্তান) জন্মগ্ৰহণ কৰা গুলজাৰৰ পৰিয়ালে দেশ বিভাজনৰ পিছত ভাৰতলৈ গুচি আহে।
-
ঋতুপৰ্ণ ঘোষ
ঋতুপৰ্ণ ঘোষ (Rituparno Ghosh; ৩১ আগষ্ট ১৯৬৩ – ৩০ মে' ২০১৩) আছিল ভাৰতৰ এক চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ। ঋতুপূৰ্ণ ঘোষৰ জন্ম হয় ৩১ আগষ্ট ১৯৬৩ চনত কলকাতাত। ১২খন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে বহুত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ অৰ্জন কৰা ঋতুপৰ্ণ ঘোষৰ জীৱন ইমান সহজ নাছিল।
-
অৰুন্ধতী ৰায়
সুজানা অৰুন্ধতী ৰায় (Suzanna Arundhati Roy; জন্ম: ২৪ নৱেম্বৰ ১৯৬১)
-
গিৰীশ কৰ্ণাড
গিৰীশ ৰঘুনাথ কৰ্ণাড (Girish Karnad; ১৯ মে' ১৯৩৮ – ১০ জুন ২০১৯) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল।
-
আদুৰ গোপালকৃষ্ণন
আদুৰ গোপালকৃষ্ণন (Adoor Gopalakrishnan) এজন ভাৰতীয় চিত্ৰনিৰ্মাতা, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। নামজ্বলা ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সকলৰ ভিতৰত তেওঁ অন্যতম। ৭০ৰ দশকত নিজৰ প্ৰথমখন চিনেমা স্বয়ম্বৰম নিৰ্মাণেৰে গোপালকৃষ্ণনে মালয়ালম চিনেমাত এক নতুন ঢৌৰ সৃষ্টি কৰিছিল।
-
তপন সিনহা
তপন সিনহা (Tapan Sinha; ২ অক্টোবৰ ১৯২৪ – ১৫ জানুৱাৰী ২০০৯) তেওঁৰ সময়ৰ অন্যতম বিশিষ্ট ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল আৰু সত্যজিৎ ৰায়, ঋত্বিক ঘটক আৰু মৃণাল সেনৰ সৈতে এটা কিংবদন্তি চতুৰ্ভূজ গঠন কৰিছিল। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰৰ পৰিচালক আছিল যদিও তেওঁ হিন্দী ভাষাতো ছবি নিৰ্মাণ কৰিছিল।
-
বুদ্ধদেৱ দাসগুপ্ত
বুদ্ধদেৱ দাসগুপ্ত (Buddhadeb Dasgupta; ১১ ফেব্ৰুৱাৰী ১৯৪৪ – ১০ জুন ২০২১) আছিল এগৰাকী বঙালী কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ-নিৰ্মাতা। 'বাঘ বাহাদুৰ', 'তাহাদেৰ কথা', 'চৰাচৰ' আৰু 'উত্তৰা' আদি ছবিৰ বাবে দাসগুপ্তই সমাদৰ লাভ কৰিছিল।
-
বিজয় টেণ্ডুলকাৰ
বিজয় টেণ্ডুলকাৰ (Vijay Tendulkar; विजय तेंडुलकर; ৬ জানুৱাৰী, ১৯২৮ - ১৯ মে, ২০০৮) মাৰাঠী ভাষাৰ এজন আগশাৰীৰ ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ আৰু ধাৰাবাহিক লিখক, সাহিত্যিক, ৰাজনৈতিক সংবাদকৰ্মী। মহাৰাষ্ট্ৰত পাঁচোটা দশক ধৰি, তেখেতৰ নাটক আৰু থিয়েটাৰ সমূহে প্ৰভাৱিত কৰি ৰাখিছিল।
-
গৌতম ঘোষ
গৌতম ঘোষ (Goutam Ghose); জন্ম ২৪ জুলাই ১৯৫০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সংগীত পৰিচালক আৰু চিনেমাটোগ্ৰাফাৰ যিজনে মূলতঃ বাংলা ভাষাৰ চিনেমাত কাম কৰে। ১৯৯৭ চনত ইটালীৰ "ভিটৰিঅ' ডি চিকা" বঁটা লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয়।
-
কুট্টি শ্ৰাংক (চলচ্চিত্ৰ)
কুট্টিশ্ৰাংক (Kutty Srank) হৈছে ২০১০ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম আৰ্টহাউছ চলচ্চিত্ৰ, যিখন শাজি এন. কৰুণে পৰিচালনা কৰিছিল। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰ কুট্টি শ্ৰাংকৰ ভূমিকাত মম্মূটীয়ে অভিনয় কৰিছে আৰু আনহাতে খলনায়কৰ ভূমিকাত পি. ডি. সতীশ চন্দ্ৰই অভিনয় কৰিছে।