শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
৮ প্ৰবন্ধ
-
সত্যজিৎ ৰায়
সত্যজিৎ ৰায় (২ মে’ ১৯২১-২৩ এপ্ৰিল ১৯৯২) এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেখেতক বিংশ শতিকাৰ এজন উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। কলিকতাৰ (এতিয়াৰ কলকাতা) কলা আৰু সাহিত্যৰ ক্ষেত্ৰত সুনাম থকা এক পৰিয়ালত সত্যজিৎ ৰায়ৰ জন্ম হৈছিল। ৰায়ে বাণিজ্যিক শিল্পীৰূপে জীৱিকা আৰম্ভ কৰিছিল।
-
মৃণাল সেন
মৃণাল সেন (Mrinal Sen) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। সত্যজিত ৰায়ৰ লগতে মৃণাল সেনকো সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।
-
আদুৰ গোপালকৃষ্ণন
আদুৰ গোপালকৃষ্ণন (Adoor Gopalakrishnan) এজন ভাৰতীয় চিত্ৰনিৰ্মাতা, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। নামজ্বলা ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সকলৰ ভিতৰত তেওঁ অন্যতম। ৭০ৰ দশকত নিজৰ প্ৰথমখন চিনেমা স্বয়ম্বৰম নিৰ্মাণেৰে গোপালকৃষ্ণনে মালয়ালম চিনেমাত এক নতুন ঢৌৰ সৃষ্টি কৰিছিল।
-
তপন সিনহা
তপন সিনহা (Tapan Sinha; ২ অক্টোবৰ ১৯২৪ – ১৫ জানুৱাৰী ২০০৯) তেওঁৰ সময়ৰ অন্যতম বিশিষ্ট ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল আৰু সত্যজিৎ ৰায়, ঋত্বিক ঘটক আৰু মৃণাল সেনৰ সৈতে এটা কিংবদন্তি চতুৰ্ভূজ গঠন কৰিছিল। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰৰ পৰিচালক আছিল যদিও তেওঁ হিন্দী ভাষাতো ছবি নিৰ্মাণ কৰিছিল।
-
বুদ্ধদেৱ দাসগুপ্ত
বুদ্ধদেৱ দাসগুপ্ত (Buddhadeb Dasgupta; ১১ ফেব্ৰুৱাৰী ১৯৪৪ – ১০ জুন ২০২১) আছিল এগৰাকী বঙালী কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ-নিৰ্মাতা। 'বাঘ বাহাদুৰ', 'তাহাদেৰ কথা', 'চৰাচৰ' আৰু 'উত্তৰা' আদি ছবিৰ বাবে দাসগুপ্তই সমাদৰ লাভ কৰিছিল।
-
গৌতম ঘোষ
গৌতম ঘোষ (Goutam Ghose); জন্ম ২৪ জুলাই ১৯৫০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সংগীত পৰিচালক আৰু চিনেমাটোগ্ৰাফাৰ যিজনে মূলতঃ বাংলা ভাষাৰ চিনেমাত কাম কৰে। ১৯৯৭ চনত ইটালীৰ "ভিটৰিঅ' ডি চিকা" বঁটা লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয়।
-
আদিত্য ধৰ
আদিত্য ধৰ (Aditya Dhar; জন্ম: ১২ মাৰ্চ ১৯৮৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু প্ৰযোজক। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক (২০১৯) আৰু ধুৰন্ধৰ (২০২৫) পৰিচালনাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
থম্পু (চলচ্চিত্ৰ)
থম্পু (Thampu) হৈছে ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত জি. অৰবিন্দনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন মালায়ালম ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনত ভাৰত গোপী, নেডুমুডি ভেণু, ভি. কে. শ্ৰীৰামন, জলজা আৰু গ্ৰেট চিত্ৰা চাৰ্কাছৰ শিল্পীসকলে অভিনয় কৰিছে।