জ্ঞানপীঠ বঁটা বিজয়ী
২৮ প্ৰবন্ধ
-
মামণি ৰয়ছম গোস্বামী
মামণি ৰয়ছম গোস্বামী (প্ৰকৃত নাম ইন্দিৰা গোস্বামী) অসমৰ এগৰাকী প্ৰভাৱশালী ঔপন্যাসিকা, গৱেষক আৰু অধ্যাপিকা; তেখেতে অসমীয়া সাহিত্যক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰিসৰত চিনাকি কৰাই দিছিল।
-
জ্ঞানপীঠ বঁটা
জ্ঞানপীঠ বঁটা (Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ্ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
-
মহাশ্বেতা দেৱী
মহাশ্বেতা দেৱী (Mahasweta Devi; জন্ম ১৪ জানুৱাৰী, ১৯২৬) এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী। তেওঁ জ্ঞানপীঠ বঁটা তথা পদ্মবিভূষণ উপাধিৰে সন্মানিত। শেহতীয়াকৈ ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে অসম সাহিত্য সভাই তেওঁক মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰে।
-
গিৰীশ কৰ্ণাড
গিৰীশ ৰঘুনাথ কৰ্ণাড (Girish Karnad; ১৯ মে' ১৯৩৮ – ১০ জুন ২০১৯) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল।
-
অমৃতা প্ৰীতম
অমৃতা প্ৰীতম (ਅੰਮ੍ਰਿਤਾ ਪ੍ਰੀਤਮ) (৩১ আগষ্ট ১৯১৯- ৩১ অক্টোবৰ, ২০০৫) এগৰাকী ভাৰতীয় লেখিকা। তেওঁ মূলত পঞ্জাবী আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰিছিল। বিংশ শতিকাৰ পঞ্জাবী ভাষা-সাহিত্যৰ প্ৰথমগৰাকী প্ৰগতিবাদী লেখিকা অমৃতা প্ৰীতমৰ কবিতা, উপন্যাস আৰু ৰচনা সমূহ ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে সমানে সমাদৃত।
-
শংখ ঘোষ
শংখ ঘোষ (Shankha Ghosh, জন্ম: চিত্তপ্ৰিয় ঘোষ, ৫ ফেব্ৰুৱাৰী ১৯৩২ – ২১ এপ্ৰিল ২০২১) হ'ল এজন ভাৰতীয় কবি আৰু সমালোচক। ১৯৫১ চনত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা পূৰ্ব স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
-
অমিতাভ ঘোষ
অমিতাভ ঘোষ (Amitav Ghosh; জন্ম ১১ জুলাই ১৯৫৬)
-
মহাদেৱী বৰ্মা
মহাদেৱী বৰ্মা (২৬ মাৰ্চ, ১৯০৭ – ১১ ছেপ্তেম্বৰ, ১৯৮৭) হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি। হিন্দী সাহিত্যৰ ছায়াবাদী যুগৰ "চাৰিটা মুখ্য স্তম্ভৰ" ভিতৰত মহাদেৱী বৰ্মা অন্যতম। তেওঁক আধুনিক মীৰা বুলিও জনা যায়। এইগৰাকী প্ৰতিভাবান কবিক কবি নিৰালাই “হিন্দী সাহিত্যৰ বিশাল মন্দিৰৰ সৰস্বতী” বুলি কৈছে।
-
আশাপূৰ্ণা দেৱী
আশাপূৰ্ণা দেৱী (৮ জানুৱাৰী ১৯০৯ - ১৩ জুলাই ১৯৯৫) এগৰাকী প্ৰসিদ্ধ বঙালী ঔপন্যাসিক আৰু কবি। নিজৰ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হোৱা দেৱীয়ে ১৯৭৬ চনত জ্ঞানপীঠ বঁটা আৰু ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
-
ৰামধাৰী সিং দিনকৰ
ৰামধাৰী সিং দিনকৰ (২৩ চেপ্তেম্বৰ, ১৯০৮ - ২৪ এপ্ৰিল, ১৯৭৪) আছিল হিন্দী সাহিত্যৰ এগৰাকী মুখ্য লেখক, কবি তথা নিবন্ধকাৰ আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ আধুনিক যুগৰ শ্ৰেষ্ঠ 'বীৰ ৰস'ৰ কবি ৰূপে পৰিচিত। বিহাৰ প্ৰদেশৰ বেগুসৰায় জিলাৰ সিমৰিয়া ঘাটত তেওঁৰ জন্ম হৈছিল।
-
প্ৰতিভা ৰায়
প্ৰতিভা ৰায় (Pratibha Ray; ପ୍ରତିଭା ରାୟ) এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। ২০১১ বৰ্ষত তেওঁক ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়। প্ৰতিভা ৰায়ৰ জন্ম হয় ১৯৪৩ চনৰ ২১ জানুৱাৰীত উৰিষ্যাৰ অবিভক্ত কটক জিলাত(বৰ্তমানৰ জগতসিঙপুৰ জিলা)।
-
অক্কিতম অচ্যুতম নম্বুথিৰী
অক্কিতম অচ্যুতম নম্বুথিৰী (Akkitham Achuthan Namboothiri; জন্ম: ১৮ মাৰ্চ, ১৯২৬ – ১৫ অক্টোবৰ, ২০২০), এজন ভাৰতীয় কবি আৰু গদ্যকাৰ, যি মালয়ালম ভাষাত লিখা-মেলা কৰে। অক্কিতম তেওঁ লিখা সৰল আৰু আকৰ্ষক শৈলীৰ, প্ৰেম আৰু সহানুভূতি বিষয়ক লেখাবোৰৰ বাবে জনাজাত।
-
কেদাৰনাথ সিং
কেদাৰনাথ সিং (Kedarnath Singh; জন্ম: ৭ জুলাই, ১৯৩৪ - মৃত্যু: ১৯ মাৰ্চ, ২০১৮) এজন ভাৰতীয় কবি। তেওঁ হিন্দী ভাষাত লিখে। তেওঁ এজন প্ৰসিদ্ধ সমালোচক আৰু প্ৰাৱন্ধিকো। ২০১৩ চনত তেওঁ জ্ঞানপীঠ বঁটা আৰু তেওঁৰ কাব্য সংকলন 'অকাল ম্যে সাৰস' (ক্ৰেইনচ্ ইন ড্ৰৱ্ট)ৰ বাবে হিন্দীত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
আলি চৰ্দাৰ জাফ্ৰি
আলি চৰ্দাৰ জাফ্ৰি (Ali Sardar Jafri; জন্ম:২৯ নৱেম্বৰ, ১৯১৩ – ১ আগষ্ট, ২০০০) এগৰাকী উৰ্দু ভাষাৰ ভাৰতীয় লেখক। লগতে তেওঁ এগৰাকী কবি, সমালোচক আৰু চলচ্চিত্ৰীয় গীতিকাৰ ৰূপেও পৰিচিত।
-
কৃষ্ণা সোব্তি
কৃষ্ণা সোব্তি (Krishna Sobti; ১৮ ফেব্ৰুৱাৰী, ১৯২৫ – ২৫ জানুৱাৰী, ২০১৯) হ'ল এগৰাকী ভাৰতীয় হিন্দী ভাষাৰ সাহিত্যিক তথা প্ৰবন্ধকাৰ। সোব্তিক তেওঁৰ ১৯৬৬ চনৰ উপন্যাস 'মিত্ৰৌ মৰজানি'ৰ বাবে জনা যায়, য'ত বিবাহিত মহিলাৰ যৌনতাক সাহসিকতাৰে চিত্ৰন কৰা হৈছে।
-
জয়কান্তন
ড. জয়কান্তন (Jayakanthan; জন্ম: ২৪ এপ্ৰিল, ১৯৩৪ – ৮ এপ্ৰিল, ২০১৫), জনপ্ৰিয় নাম: জেকে, হ'ল এগৰাকী ভাৰতীয় লেখক, সাংবাদিক, সু-বক্তা, চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক আৰু সক্ৰিয় সমাজ-কৰ্মী।
-
শ্ৰীলাল শুক্লা
শ্ৰীলাল শুক্লা (Shrilal Shukla; জন্ম: ৩১ ডিচেম্বৰ, ১৯২৫ – ২৮ অক্টোবৰ, ২০১১)) এজন হিন্দী ভাষাৰ লেখক, যাক তেওঁৰ ব্যংগ লেখাৰ বাবে জনা যায়। তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ এজন পিচিএচ (প্ৰিন্সিপাল চিভিল চাৰ্ভিছ) বিষয়া ৰূপে কৰ্মৰত আছিল, পিছত তেওঁ আই এ এছ লাভ কৰে।
-
ৰঘুবীৰ চৌধাৰী
ৰঘুবীৰ চৌধাৰী (Raghuveer Chaudhari) গুজৰাটৰ এজন ঔপন্যাসিক, কবি আৰু সমালোচক। তেওঁ সন্দেশ, জন্মভূমি, দিব্য ভাস্কৰ আদি বহুতো কাকতত স্তম্ভ-লেখক ৰূপেও কাম কৰে। ১৯৯৮ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
-
ৰবীন্দ্ৰ কেলকৰ
ৰবীন্দ্ৰ কেলকৰ(Ravindra Kelekar; জন্ম: ৭ মাৰ্চ, ১৯২৫ – ২৭ আগষ্ট, ২০১০) কোংকণী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ভাৰতীয় লেখক। কোংকণী ভাষাৰ উপৰিও তেওঁ হিন্দী আৰু মাৰাঠী ভাষাতো লেখা-মেলা কৰে। তেখেত এগৰাকী গান্ধীবাদী কৰ্মী, স্বাধীনতা সেনানী আৰু কোংকণী ভাষৰ বাটকটীয়া আছিল।
-
ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ
ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ (( Rajendra Keshavlal Shah; জন্ম: ২৮ জানুৱাৰী, ১৯১৩ – ২ জানুৱাৰী, ২০১০) এগৰাকী গুজৰাটী ভাষাৰ ভাৰতীয় গীতিকবি। কাপৰৱাণিত জন্ম হোৱা এই কবিগৰাকীয়ে ২০খনতকৈও অধিক কবিতা আৰু গীতৰ পুথি ৰচনা কৰিছে।
-
ৰাভুৰি ভৰদ্বাজ
ৰাভুৰি ভৰদ্বাজ (రావూరి భరద్వాజ) এগৰাকী প্ৰথিতযশা তেলুগু ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক। তেলুগু সাহিত্য জগতলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ২০১২ বৰ্ষৰ দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
-
অমৰকান্ত
অমৰকান্ত (Amarkant; জন্ম: ১৯২৫ – ১৭ ফেব্ৰুৱাৰী, ২০১৪) হিন্দী ভাষাৰ এজন ভাৰতীয় সাহিত্যিক। তেওঁৰ উপন্যাস ইন্হি হথিয়াৰৌ চেৰ বাবে তেওঁ ২০০৭ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০৯ চনত ব্যাস পুৰস্কাৰ লাভ কৰে। ২০০৯ চনত তেওঁক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
-
কুৰটোলেইন হাইদৰ
কুৰটোলেইন হাইদৰ (Qurratulain Hyder; জন্ম: ২০ জানুৱাৰী, ১৯২৭- মৃত্যু: ২১ আগষ্ট, ২০০৭) এগৰাকী ভাৰতীয় উৰ্দু ঔপন্যাসিক, গল্পকাৰ, শিক্ষাবিদ আৰু সাংবাদিক। তেওঁ উৰ্দু সাহিত্যৰ প্ৰভাৱশালী আৰু উৎকৃষ্ট সাহিত্যিকসকলৰ মাজৰ এজন।
-
চন্দ্ৰশেখৰ কম্বাৰ
চন্দ্ৰশেখৰ কম্বাৰ (ಚಂದ್ರಶೇಖರ ಕಂಬಾರ; জন্ম: ২ জানুৱাৰী, ১৯৩৭) এজন প্ৰসিদ্ধ ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য। তেওঁ ৱিনায়ক কৃষ্ণ গোকাক (১৯৮৩) আৰু ইউ আৰ অনন্তমূৰ্তিৰ পাছতে সাহিত্য অকাডেমিৰো সভাপতি।
-
পন্নালাল পেটেল
পন্নালাল নানালাল পেটেল (Pannalal Nanalal Patel; জন্ম:৭ মে’ ১৯১২ - মৃত্যু: ৬ এপ্ৰিল ১৯৮৯) এগৰাকী ভাৰতীয় গুজৰাটী লেখক। গুজৰাটী সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বিশেষ ভাৱে পৰিচিত।
-
ভালচন্দ্ৰ নেমাডে
ভালচন্দ্ৰ ভানাজী নেমাডে (Bhalchandra Vanaji Nemade; জন্ম: ১৯৩৮) এজন মাৰাঠী ভাষাৰ ভাৰতীয় লেখক, কবি, সমালোচক আৰু ভাষাবিদ। 'কুশলা' উপন্যাসেৰে সাহিত্যিক জীৱনৰ পাতনি মেলা নেমাডেই মাৰাঠী সাহিত্যক এক নতুন মাত্ৰা দিছিল।
-
সত্যব্ৰত শাস্ত্ৰী
সত্যব্ৰত শাস্ত্ৰী ( Satya Vrat Shastri; জন্ম: ২৯ ছেপ্টেম্বৰ, ১৯৩০) হ'ল ভাৰতৰ এজন সংস্কৃত পণ্ডিত, লেখক, ব্যাকৰণবিদ আৰু কবি। তেওঁ সংস্কৃত ভাষাত তিনিখন মহাকাব্য, তিনিখন খণ্ডকাব্য, এখন প্ৰৱন্ধকাব্য, এখন পত্ৰকাব্য আৰু পাঁচখন আলোচনাত্মক কিতাপ লিখিছে।
-
নিৰ্মল বাৰ্মা
নিৰ্মল বাৰ্মা (জন্ম,৩ এপ্ৰিল ১৯২৯ –মৃত্যু, ২৫ অক্টোবৰ ২০০৫) এজন হিন্দী লেখক, ঔপন্যাসিক, কৰ্মী, অনুবাদক। তেখেতক হিন্দী সাহিত্যৰ 'নয়ী কাহানি' সাহিত্য আন্দোলনৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। তেওঁৰ প্ৰথম গল্প সংকলন 'পৰিন্দে'ক ইয়াৰ প্ৰথম উদাহৰণ হিচাপে গণ্য কৰা হয়।