ভাৰতীয় সমাজবাদী
৭ প্ৰবন্ধ
-
জৱাহৰলাল নেহৰু
জৱাহৰলাল নেহৰু (Jawaharlal Nehru; ১৪ নৱেম্বৰ ১৮৮৯ - ২৭ মে' ১৯৬৪) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এগৰাকী প্ৰখ্যাত লেখক তথা ৰাজনীতিবিদ আছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে।
-
ইন্দিৰা গান্ধী
ইন্দিৰা গান্ধী (Indira Gandhi; ১৯১৭–১৯৮৪) ভাৰত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী, জৱাহৰলাল নেহৰুৰ কন্যা আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে।
-
জয়প্ৰকাশ নাৰায়ণ
জয়প্ৰকাশ নাৰায়ণ (Jayaprakash Narayan; ১৯০২–১৯৭৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মুক্তি যুদ্ধা আছিল। দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল।
-
ভি পি সিং
বিশ্বনাথ প্ৰতাপ সিং (২৫ জুন ১৯৩১ - ২৭ নৱেম্বৰ ২০০৮), সংক্ষিপ্ত ৰূপত ভি পি সিং, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল, যি ১৯৮৯ চনৰ পৰা ১৯৯০ চনলৈ ভাৰতৰ ৭ম প্ৰধানমন্ত্ৰী আছিল আৰু মান্দাৰ ৪১তম ৰাজা বাহাদুৰ। তেওঁ ভাৰতৰ একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে পূৰ্বতে ৰজাৰ পদত অধিষ্ঠিত আছিল।
-
ৰাম মনোহৰ লোহিয়া
ৰাম মনোহৰ লোহিয়া (Ram Manohar Lohia; ২৩ মাৰ্চ ১৯১০ – ১২ অক্টোবৰ ১৯৬৭) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন কৰ্মী আৰু এজন সমাজবাদী ৰাজনৈতিক নেতা আছিল। ভাৰতত ব্ৰিটিছ শাসনৰ শেষ পৰ্যায়ত তেওঁ কংগ্ৰেছ ৰেডিঅ'ত কাম কৰিছিল, যি ১৯৪২ চনলৈকে বম্বেৰ বিভিন্ন ঠাইৰ পৰা গোপনে সম্প্ৰচাৰিত হৈছিল।
-
মৃদুলা সাৰাভাই
মৃদুলা সাৰাভাই (Mridula Sarabhai) (৬ মে', ১৯১১ – ২৬ অক্টোবৰ, ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ। তেওঁ আহমেদাবাদৰ সাৰাভাই পৰিয়ালৰ এজন সদস্য।
-
চন্দ্ৰ শেখৰ আজাদ
চন্দশেখৰ আজাদ এজন ভাৰতীয় স্বাধীনতা যুঁজাৰু তথা বিপ্লৱী আছিল। তেওঁ ৰাম প্ৰসাদ বিছমিলে প্ৰতিষ্ঠা কৰা হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচন (এইচ আৰ এ) সংগঠনটো ৰাম প্ৰসাদ বিছমিলে আৰু আন তিনিজন বিশিষ্ট দলৰ নেতা ৰোশন সিং, ৰাজেন্দ্ৰ নাথ লাহিড়ী আৰু আশফাকুল্লা খানৰ মৃত্যুৰ পিছত হিন্দুস্তান ছ'চিয়েলিষ্ট…