শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
২০ প্ৰবন্ধ
-
অমিতাভ বচ্চন
অমিতাভ হৰিবংশ বচ্চন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেখেতৰ জন্ম হৈছিল ১১ অক্টোবৰ, ১৯৪২ চনত। ১৯৭০-ৰ দশকত তেখেতে অভিনীত বোলছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰে 'খঙাল যুৱক' (Angry Young Man) হিচাপে। তেওঁ ভাৰতীয় বোলছবি ইতিহাসৰ আটাইতকৈ প্ৰখ্যাত তাৰকা।
-
অক্ষয় কুমাৰ
অক্ষয় কুমাৰ (Akshay Kumar; জন্ম: ৯ ছেপ্টেম্বৰ ১৯৬৭; জন্ম নাম: ৰাজীৱ হৰি ঔম ভটিয়া) হৈছে এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান অভিনেতা, প্ৰযোজক, মাৰ্চাল আৰ্টিষ্ট আৰু টেলিভিচন ব্যক্তিত্ব যিয়ে বলিউড ছবিত কাম কৰে। ২৯ বছৰৰ বেছি কেৰিয়াৰত, কুমাৰ ১০০ টাতকৈ বেছি চলচ্চিত্ৰত অভিনয় কৰিছে।
-
অনিল কাপুৰ
অনিল কাপুৰ (Anil Kapoor; জন্ম: ২৪ ডিচেম্বৰ ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰযোজক, যিয়ে প্ৰায় শতাধিক হিন্দী ভাষাৰ চলচ্চিত্ৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু টেলিভিচন ছিৰিজতো অভিনয় কৰিছে। তেওঁ পেচাত অভিনয়শিল্পী হিচাপে আৰু ২০০৫ চনৰ পৰা প্ৰযোজক হিচাপে ৪০ বছৰ ব্যয় কৰিছে।
-
নাছিৰুদ্দিন শ্বাহ
নাছিৰুদ্দিন শ্বাহ (Naseeruddin Shah) হৈছে এগৰাকী প্ৰসিদ্ধ ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেওঁ মূলসূঁতিৰ হিন্দী চলচ্চিত্ৰৰ লগতে ভাৰতীয় সমান্তৰাল চলচ্চিত্ৰৰ লগতো জড়িত। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অভিনেতাজন ফিল্মফেয়াৰ বঁটাৰে সন্মানিত হৈছে। ভেনিচ চলচ্চিত্ৰ মহোৎসৱত তেওঁ বিশেষভাৱে সন্মানিত হৈছে।
-
উৎপল দত্ত (অভিনেতা)
উৎপল দত্ত (Utpal Dutt) এজন ভাৰতীয় অভিনেতা, পৰিচালক, লেখক আৰু নাট্যকাৰ আছিল। তেওঁ মুলতঃ বঙালী থিয়েটাৰৰ এজন অভিনেতা আৰু আধুনিক ভাৰতীয় থিয়েটাৰৰ এজন অগ্ৰণী ব্যক্তি আছিল। তেওঁ ১৯৪৯ চনত "লিটল থিয়েটাৰ গ্ৰুপ" প্ৰতিষ্ঠা কৰে।
-
অজয় দেৱগন
অজয় দেৱগন (Ajay Devgn; জন্ম: ২ এপ্ৰিল ১৯৬৯; জন্ম নাম: বিশাল দেৱগন) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক আৰু প্ৰযোজক। তেখেত হিন্দী চলচ্চিত্ৰৰ অন্যতম তীব্ৰ তথা প্ৰভাৱশালী অভিনেতা হিচাপে পৰিচিত, যিয়ে শতাধিক হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
শশী কাপুৰ
শশী কাপুৰৰ ১৯৩৮ চনৰ ১৮ মাৰ্চত জন্ম হয়। জন্মৰ সময়ত তেখেতৰ নাম আছিল বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ। শশী কাপুৰ ভাৰতৰ চলচ্চিত্ৰ সাম্ৰাজ্য বলিউদৰ বিখ্যাত কাপুৰ পৰিয়ালৰ এগৰাকী সদস্য। তেখেত এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক আৰু দাদা চাহেব বঁটা বিজেতা।
-
ইৰফান খান
ইৰফান খান (Irrfan Khan; ৭ জানুৱাৰী ১৯৬৭ – ২৯ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে ব্ৰিটিছ আৰু হলিউডৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ প্ৰায় তিনি দশকজুৰি চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ আছিল। প্ৰায় ৫০খন ভাৰতীয় ছবিত তেওঁ অভিনয় কৰিছে।
-
উত্তম কুমাৰ
উত্তম কুমাৰ (Uttam Kumar; জন্ম: অৰুণ কুমাৰ চাট্টোপাধ্যায়; ৩ ছেপ্টেম্বৰ ১৯২৬ – ২৪ জুলাই ১৯৮০) এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ আৰু গায়ক আছিল, যিয়ে মূলতঃ বঙালী চলচ্চিত্ৰত কাম কৰিছিল। বহুলভাৱে তেওঁ মহানায়ক নামেৰে পৰিচিত।
-
সৌমিত্ৰ চেটাৰ্জী
সৌমিত্ৰ চেটাৰ্জী (বা সৌমিত্ৰ চট্টোপাধ্যায়, Soumitra Chatterjee) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। অস্কাৰ বিজয়ী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ সৈতে কৰা সহযোগিতামূলক কামৰ বাবে তেওঁক জনা যায়। সত্যজিৎ ৰায়ৰ সৈতে চেটাৰ্জীয়ে চৈধ্যখন চলচ্চিত্ৰত কাম কৰিছে।
-
ধনুষ
ধনুষ (தனுஷ்; জন্ম ২৮ জুলাই, ১৯৮৩) হৈছে ভাৰতীয় এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ আৰু নেপথ্য গায়ক। এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ২৮ জুলাই তামিলনাডুৰ চেন্নাইত।
-
ৰাজকুমাৰ ৰাও
ৰাজকুমাৰ ৰাও (Rajkummar Rao) (জন্ম: ৰাজ কুমাৰ যাদৱ; ৩১ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১০ চনৰ পৰা বৰ্তমানলৈকে তেওঁ ৩০খনতকৈও অধিক ছবিত অভিনয় কৰিছে।
-
প্ৰকাশ ৰাজ
প্ৰকাশ ৰাজ (Prakash Raj; জন্ম: ২৬ মাৰ্চ ১৯৬৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক, প্ৰযোজক, টেলিভিচন উপস্থাপক, কৰ্মী আৰু ৰাজনীতিবিদ, যিয়ে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ জগতত অভিনয়ৰ বাবে পৰিচিত।
-
ওম পুৰী
ওম প্ৰকাশ পুৰী (Om Puri); ১৮ অক্টোবৰ ১৯৫০ – ৬ জানুৱাৰী ২০১৭) আছিল এজন ভাৰতীয় অভিনেতা যিয়ে মূলসুঁতিৰ বাণিজ্যিক হিন্দী ছবিৰ লগতে উৰ্দু, মালয়ালম, বাংলা, কানাড়া, ইংৰাজী, পাঞ্জাবী, গুজৰাটী, তেলেগু, আৰু মাৰাঠী ছবিৰ লগতে স্বতন্ত্ৰ আৰু কলাত্মক ছবিত অভিনয় কৰিছিল আৰু কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চিনেমাতো…
-
এম জি ৰামচন্দ্ৰন
এম. জি. ৰামচন্দ্ৰন (M. G. Ramachandran; ১৯১৭-১৯৮৭) অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক আছিল তেওঁ।
-
নানা পাটেকৰ
বিশ্বনাথ পাটেকৰ (Vishwanath Patekar; জন্ম ১ জানুৱাৰী ১৯৫১) যি নানা পাটেকৰ নামে পৰিচিত হৈছে এগৰাকী ভাৰতীয় অভিনেতা, লেখক, সমাজ সেৱক আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কাম কৰে।
-
ভিকি কৌশল
ভিকি কৌশল (; জন্ম: ১৬ মে' ১৯৮৮) মূলতঃ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা-বাহন তথা স্বীকৃতি লাভ কৰা কৌশলে ২০১৯ চনৰ ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনতো স্থান লাভ কৰিছে।
-
আয়ুষ্মান খুৰানা
আয়ুষ্মান খুৰানা (Ayushmann Khurrana; জন্ম: নিশান্ত খুৰানা; ১৪ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা আৰু কণ্ঠশিল্পী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁৰ চলচ্চিত্ৰসমূহত, সততে তেওঁক সাধাৰণ ব্যক্তিৰ চৰিত্ৰত বিভিন্ন সামাজিক অনুষঙ্গৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা দেখা যায়।
-
কোডিয়েট্টম (চলচ্চিত্ৰ)
কোডিয়েট্টম (Kodiyettam) হৈছে আদূৰ গোপালকৃষ্ণনে ৰচনা আৰু পৰিচালনা কৰা এখন মালায়ালম ভাষাৰ চলচ্চিত্ৰ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভাৰত গোপীয়ে। আন উল্লেখযোগ্য সৰু চৰিত্ৰত কে. পি. এ. চি.
-
বানপ্ৰস্থম
বানপ্ৰস্থম: দ্য লাষ্ট ডান্স (ফৰাচী: Vanaprastham: La Dernière Danse) হৈছে শাজী এন. কৰুণ পৰিচালিত ১৯৯৯ চনৰ এখন মালয়ালম ভাষাৰ মনস্তাত্ত্বিক কালপৰ্বভিত্তিক নাট্যধৰ্মী চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন ফৰাচী সাহিত্যিক পিয়েৰ আসুলিনৰ প্ৰযোজনাত ভাৰত-ফ্ৰান্সৰ এক যৌথ প্ৰযোজনা হিচাপে নিৰ্মাণ কৰা হৈছিল।