অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লাইফ অৱ পাই (চলচ্চিত্ৰ)

লাইফ অৱ পাই (Life of Pi) ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান ত্ৰিমাত্ৰিক কম্পিউটাৰ এনিমেটেড ৰোমাঞ্চক চলচ্চিত্ৰ। ২০০১ চনত প্ৰকাশিত য়ান মাৰ্টেলৰ লাইফ অৱ পাই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি পৰিচালক আং লীয়ে চলচ্চিত্ৰখন নিৰ্মাণ কৰে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩৪০ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

লাইফ অৱ পাই (Life of Pi) ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান ত্ৰিমাত্ৰিক কম্পিউটাৰ এনিমেটেড ৰোমাঞ্চক চলচ্চিত্ৰ। ২০০১ চনত প্ৰকাশিত য়ান মাৰ্টেলৰ লাইফ অৱ পাই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি পৰিচালক আং লীয়ে চলচ্চিত্ৰখন নিৰ্মাণ কৰে।১ ২০১২ চন চনৰ ২৮ ছেপ্টেম্বৰত ৫০ সংখ্যক নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱৰ "ৱাল্টাৰ ৰীড থিয়েটাৰ" আৰু "এলিছ টুলী হ'ল"ত চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ হৈছিল আৰু তাত উদ্বোধনী চলচ্চিত্ৰৰূপে লাইৱ অৱ পাই দেখুওৱা হৈছিল।২

কাহিনী সাৰাংশ

লাইফ অৱ পাই চলচ্চিত্ৰখনৰ মূল চৰিত্ৰ হ'ল পাই। পাইৰ নাম আছিল পিছকাইন মলিটৰ। তেওঁ নিজেই সেই নাম সলাই পাই পেটেল ৰাখে। কাহিনী অনুসৰি পাইৰ পৰিয়ালৰ এক নিজা চিৰিয়াখানা আছিল। চিৰিয়াখানাখন পাইৰ ১৬ বছৰ বয়সত বন্ধ কৰি দি জীৱ জন্তুবোৰ বিক্ৰী কৰাৰ বাবে পৰিয়ালটোৱে প্ৰশান্ত মহাসাগৰৰ মাজেৰে এখন জাপানী জাহাজেৰে কানাডালৈ যাত্ৰা কৰিছিল। যাত্ৰাকালত সাগৰৰ প্ৰচণ্ড ধুমুহাই জাহাজখন ধ্বংস কৰে। বাকী সকলো লোক আৰু প্ৰাণী মৃত্যুমুখত পৰে যদিও এখন লাইফ বোটত উঠি পাই আৰু চিৰিয়াখানাৰ বাঘ এটাই কোনোমতে প্ৰাণ ৰক্ষা কৰে। এই বাঘটোৰ নাম আছিল ৰিচাৰ্ড পাৰ্কাৰ। পূৰ্বতে পায়ে সদায় ঢেঁকীয়াপতীয়া বাঘটোক আহাৰ যোগান ধৰিছিল। কিন্তু সৰু নাওখনত পায়ে বাঘটোৰ সৈতে সুৰক্ষিতবোধ কৰা নাছিল। পায়ে জানিছিল যে যিদিনাই বাঘটোৰ খাদ্যৰ নাটনি হ'ব সেইদিনাই সি পাইক হত্যা কৰিব। লাইফ বোটত থকা খাদ্যৰে পাইৰ অভাৱ ঘটিছিল আৰু পায়ে বহু কষ্টৰ মাজেৰে বাঘটোক খুৱাই বুৱাই ৰখাৰ ব্যৱস্থা কৰিছিল। সাগৰৰ মাজত এনেদৰে প্ৰায় ২২৭ চিন ওপঙি থকাৰ মাজতে বহুতো অদ্ভুত ঘটনা ঘটিছিল। অৱশেষত পাইৰ নাওখন মেক্সিকোৰ উপকূলত লাগিছিল। কোনোবাই পাইক নি চিকিত্‍সালয়ত ভৰ্ত্তি কৰাইছিল আৰু তাতেই তেওঁৰ ওচৰলৈ জাপানী জাহাজখনৰ বীমা কোম্পানীৰ এজেণ্টজন আহিছিল। এজেণ্টজনৰ আগত পায়ে সকলো কাহিনী বৰ্ণনা কৰিছিল যদিও এজেণ্টজনে বিশ্বাস কৰা নাছিল। তেতিয়া পায়ে একেটা কাহিনীকে ৰূপকধৰ্মীতাৰে বৰ্ণনা দিছিল।

চৰিত্ৰসমূহ

পাইৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে সূৰুজ শৰ্মাই। পাইৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ চলচ্চিত্ৰ অভিনেতা আদিল হুছেইনে। আনসকল চৰিত্ৰ হ'ল ইৰফান খান, জিৰাৰ্ড ডেপাৰদেউ, টাবু, মৈথিলি প্ৰকাশ আদি।

সফলতা

মুক্তিৰ পাছত, "লাইফ অৱ পাই" ব্যৱসায়িকভাৱে যথেষ্ট সফল হয় আৰু প্ৰায় ৬০০ মিলিয়ন ডলাৰ উপাৰ্জন কৰে। ৮৫ তম একাডেমি পুৰস্কাৰত এইখনে ১১টা বঁটাৰ বাবে মনোনীত হৈছিল য'ত "শ্ৰেষ্ঠ চলচ্চিত্ৰ" আৰু ৪টা বঁটা লাভ কৰে, পৰিচালক "আং লী"য়ে শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ অৰ্জন কৰে।৩ চলচ্চিত্ৰখনে লগতে ৩টা গোল্ডেন গ্ল'ৱ এৱাৰ্ডৰ বাবে মনোনীত হয় আৰু গোল্ডেন গ্ল'ৱ এৱাৰ্ড ফ'ৰ বেষ্ট অৰিজিনেল স্কৰ বঁটা লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Zeitchik, Steven; Horn, John. (May 27, 2010). 'Life of Pi' suffers another blow. Los Angeles Times
  2. ↑ Scott, A. O. (September 27, 2012). A Festival Whose Age Is Just a Number. The New York Times
  3. ↑ Ang Lee Wins The Academy Award For Best Director. Stories99

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী চলচ্চিত্ৰআমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাইফ অৱ পাই (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৭০৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।