ৱিলিয়াম শ্বেইক্সপিয়াৰ (William Shakespeare,; (২৬ এপ্ৰিল ১৫৬৪ – ২৩ এপ্ৰিল ১৬১৬)১ আছিল এজন ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়।২ তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়।৩৪ তেওঁৰ সাহিত্য সম্ভাৰে ৩৮খন নাটক,৫ ১৫৪টা চনেট, দুটা আখ্যানমূলক কবিতা, জন কম্ব আৰু এলিয়াছ জেমছ নামৰ মানুহ দুজনৰ কবৰৰ সমাধিবাণী (এপিটাফ) আৰু আন বহুতো কবিতাৰ এক বহুল পৰিসৰ সামৰি লয়। তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় প্ৰতিটো সভ্য জীৱিত ভাষালৈ অনূদিত হৈছে আৰু আন কোনো নাট্যকাৰতকৈ অধিকবাৰ মঞ্চস্থ হৈছে।৬
ষ্ট্ৰেটফ’ৰ্ড-আপন-এভনত জন্ম লাভ কৰা শ্বেইক্সপিয়াৰে ওঠৰ বছৰ বয়সত এন হাথাৱেক বিয়া কৰায় আৰু ছুজানা, হেমনেট আৰু জুদিথ নামৰ তিনিটি সন্তানৰ পিতৃ হয়। ১৫৮৫ৰ পৰা ১৫৯২ লৈ তেওঁ লণ্ডনত এগৰাকী অভিনেতা, লেখক হিচাপে বিখ্যাত হৈ পৰে আৰু পিচলৈ কিংছ মেন হিচাপে জনাজাত হোৱা লৰ্ড চেম্বাৰ্লেইঞ্ছ মেন নামৰ নাট্য প্ৰতিষ্ঠানটিৰ অংশীদাৰ হয়। খুব সম্ভৱ ৪৯ বছৰ বয়সত ১৬১৩ চনত তেওঁ অৱসৰ লৈ ষ্ট্ৰেটফ’ৰ্ডত থাকিবলৈ লয় আৰু তাতেই কিছু বছৰ পিছত মৃত্যুবৰণ কৰে। শ্বেইক্সপিয়াৰৰ ব্যক্তিগত জীৱনৰ বিষয়ে অতি সীমিত তথ্য উপলব্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ শাৰীৰিক অবয়ৱ, যৌনতা, ধৰ্মীয় বিশ্বাস আৰু তেওঁৰ নাম থকা ৰচনাসমূহ সঁচাকৈয়ে তেওঁ লিখা হয় নে নহয় তাক লৈ বিতৰ্কৰ অন্ত নাই।৭
শ্বেইক্সপিয়াৰে তেওঁৰ বেছিভাগ লিখনি ১৫৮৯ আৰু ১৬১৩ৰ মাজত ৰচনা কৰে।৮৯ প্ৰথমাৱস্থাত তেওঁ মূলতঃ মিলনান্তক আৰু ইতিহাসমূলক নাট লিখি ষোল্ল শতিকাৰ শেষলৈ সেই ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰে। তাৰ পিছত তেওঁ হেমলেট, কিং লিয়াৰ, অ’থেল’, মেকবেথ আদি বিয়োগান্তক নাট লিখে যাক ইংৰাজী ভাষাৰ উত্কৃষ্ট সাহিত্য কৰ্মৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়। শেষৰ ফালে তেওঁ নিজাকৈ ৰোমাঞ্চ বা ট্ৰেজিকমেডী শ্ৰেণীৰ নাট লিখাৰ উপৰিও আন আন লিখকৰ লগত যুক্ত হৈয়ো বহুতো নাটক ৰচনা কৰে।
তেওঁৰ জীৱনকালতে শ্বেইক্সপিয়াৰৰ ভালেকেইখন নাটক গুন তথা শুদ্ধতাৰ কোনো মানদণ্ড নোহোৱাকৈ প্ৰকাশ পায়। ১৬২৩ চনত “ফাৰ্ষ্ট ফলিঅ’” নামৰ এক সংস্কৰণত দুখনত বাদে তেওঁৰ প্ৰায় আটাইকেইখন নাট প্ৰকাশ পায়। বেন জনছনে ইয়াৰ পাতনিত এটা কবিতা লিখে আৰু শ্বেইক্সপিয়াৰক “কোনো এটা যুগৰ নহয়, বৰং সৰ্বকালৰ” বুলি অভিহিত কৰে।১০
নিজৰ দিনতো শ্বেইক্সপিয়াৰ এজন নামজ্বলা কবি আৰু নাট্যকাৰ আছিল যদিও ১৯ শতিকালৈ তেওঁৰ নামে বৰ্তমানৰ খ্যাতি পোৱা১১ ২০ শতাব্দীত শিক্ষা আৰু অভিনয়ৰ ক্ষেত্ৰত হোৱা বিপ্লৱে শ্বেইক্সপিয়াৰৰ কৰ্মৰাজিৰ পুনৰাৱিস্কাৰ আৰু নৱ অভিযোজনৰ বাট মুকলি কৰে। আজি বিশ্বৰ চাৰিওদিশে তেওঁৰ নাট সমূহৰ জনপ্ৰিয়তা আকাশলঙ্ঘী আৰু সাংস্কৃতিক বা ৰাজনৈতিক ক্ষেত্ৰত ইয়াৰ পৌনঃপৌনিক অধ্যয়ন, ৰূপায়ণ আৰু পুনৰনুবাদ হৈয়েই আছে।
জীৱন
প্ৰাৰম্ভিক জীৱন
উইলিয়াম শ্বেইকছপীয়েৰ আছিল নগৰ সমিতিৰ সদস্য তথা এজন গ্লোভাৰ জন শ্বেইকছপীয়েৰ আৰু এক ধনী খেতিয়কৰ জীয়াৰি মেৰী শ্বেইকছপীয়েৰৰ সন্তান। .১২ ষ্ট্ৰেটফ’ৰ্ড-আপন-এভনত তেওঁৰ জন্ম হয় আৰু তাত ২৬ এপ্ৰিল ১৫৬৪ তাৰিখে তেওঁক খ্ৰীষ্টধৰ্মত দীক্ষিত কৰা হয়। তেওঁৰ জন্মৰ প্ৰকৃত তাৰিখ অজ্ঞাত যদিও ইয়াক ২৩ এপ্ৰিল তাৰিখে ছেইণ্ট জৰ্জ ডে হিচাপে পালন কৰা হয়।১৩ ঘৰৰ আঠজন সন্তানৰ ভিতৰত উইলিয়াম আছিল তৃতীয় কিন্তু জ্যেষ্ঠ জীৱিত সন্তান।১৪
কোনো নথিগত তথ্য নাথাকিলেও বেছিভাগ জীৱনীকাৰে বিশ্বাস কৰে যে তেওঁ ষ্ট্ৰেটফ’ৰ্ডৰ ঘৰৰ পৰা এমাইল দূৰত থকা কিংছ নিউ স্কুল নামৰ এখন বিনামূলীয়া শিক্ষানুষ্ঠানত শিক্ষালাভ কৰিছিল।১৫১৬

ওঠৰ বছৰ বয়সত শ্বেইকছপীয়েৰে ছাব্বিশ বছৰীয়া এন হাথাৱেক বিয়া কৰায়। ইয়াৰে ছমাহ পিছত হাথাৱেই কন্যা সন্তান ছুজানাক জন্ম দিয়ে।১৭ ইয়াৰ দুবছৰ পিছত তেওঁ হেমনেট আৰু জুদিথ নামৰ এহাল যঁমজ ভাই-ভনীৰ মাতৃ হয়।১৮ কোনো অজ্ঞাত কাৰণত হেমনেটৰ এঘাৰ বছৰত মৃত্যু হয় আৰু ১১আগষ্ট, ১৫৯৬ তাৰিখে সমাধিস্থ কৰা হয়।১৯
লণ্ডন আৰু মঞ্চ জীৱন
"All the world's a stage, and all the men and women merely players: they have their exits and their entrances; and one man in his time plays many parts..." “এই ধৰাখন এক মঞ্চ, নৰ-নাৰী তাৰেই কলাকাৰ: কোনোৱে কৰে প্ৰৱেশ কোনোৱে প্ৰস্থান; আকৌ কোনোৱে অংশীদাৰ হয় একাধিক ভূমিকাৰ...”
— — এজ য়ু লাইক ইট, দ্বিতীয় খণ্ড, দৃশ্য ৭, ১৩৯–৪২২০
ঠিক কেতিয়াৰ পৰা শ্বেইকছপীয়েৰে লিখিবলৈ আৰম্ভ কৰিছিল সেয়া স্পষ্ট নহয় যদিও কিছুমান তথ্যই কয় যে তেওঁৰ অধিকাংশ নাটকে ১৫৯২ চনত লণ্ডণৰ মঞ্চত স্থান পাইছিল।২১ ১৫৯৪ চনৰ পৰা শ্বেইকছপীয়েৰৰ নাটক সমূহ কেৱল শ্বেইকছপীয়েৰকে ধৰি কেইজনমান শিল্পীৰ মালিকানাধীন “লৰ্ড চেম্বাৰলেইনছ মেন” নামৰ দলটিয়ে মঞ্চস্থ কৰিবলৈ লয় আৰু শীঘ্ৰেই ই লণ্ডনৰ শীৰ্ষ নাট্যদল হৈ পৰে।২২ ১৬০৩ চনত ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত নতুন ৰজা জেমচ১ম এ ইয়াক ৰাজকীয় মৰ্যাদা দি দলটিৰ নাম “কিংছ মেন”লৈ সলনি কৰে।২৩
১৫৯৪ৰ কোৱাৰ্টো সংস্কৰণত শ্বেইকছপীয়েৰৰ কিছুমান নাটক প্ৰকাশিত হয়। ১৫৯৮ মানলৈ তেওঁৰ নামটো বিক্ৰীৰ এক আকৰ্ষণ হৈ পৰে আৰু তেওঁৰ নাম প্ৰথম পৃষ্ঠাত প্ৰকাশিত হ’বলৈ ধৰে।২৪ এজন নাট্যকাৰ হিচাপে খ্যাতি লাভ কৰাৰ পিছত শ্বেইকছপীয়েৰে নিজৰ তথা আনৰ নাটকত অভিনয় কৰিবলৈ লয়।
জীৱনৰ পাছচোৱা আৰু মৃত্যু

১৬০৬–১৬০৭ৰ পিছত শ্বেইকছপীয়েৰে অতি কম নাটক লিখিবলৈ লয় আৰু ১৬১৩ৰ পিছত এখনো নিলিখে।২৫ তেওঁৰ শেষৰ নাট তিনিখন হয়তো জন ফ্লেট্চাৰৰ লগত লগ হৈ লিখা আছিল২৬ যিয়ে শ্বেইকছপীয়েৰৰ পিছত কিংছ মেন দলৰ নাট্যকাৰৰ বাব লাভ কৰিছিল।২৭
নিজ পত্নী আৰু দুই জীয়ৰীক এৰি শ্বেইকছপীয়েৰে ২৩ এপ্ৰিল, ১৬১৬ত মৃত্যুবৰণ কৰে।২৮ ১৬০৭ চনত চুজানাই জন হল নামৰ এক চিকিত্সকক বিয়া কৰায়২৯ আৰু শ্বেইকছপীয়েৰৰ মৃত্যুৰ দুমাহ পূৰ্ব্বে যুদিথে থমাছ কুইনীক বিয়া কৰায়।৩০
মৃত্যুৰ দুদিন পিছত শ্বেইকছপীয়েৰক হ’লী ট্ৰিনিটি চাৰ্চৰ চেনচেলত সমাধিস্থ কৰা হয়।৩১ তেওঁৰ সমাধিত থকা শিলালিপিখনত এটা শাপ খোদিত কৰা আছে যাক সেই গীৰ্জাঘৰৰ ২০০৮ চনৰ স্থানান্তৰণৰ সময়ত সাৱধানে এৰাই চলা হয়:৩২

Good frend for Iesvs sake forbeare, To digg the dvst encloased heare.Bleste be ye man yt spares thes stones, And cvrst be he yt moves my bones.৩৩
(অসমীয়া অৰ্থ: হে বন্ধু, যীশুৰ শপত নিজক সম্বৰণ কৰা,। ইয়াত আবদ্ধ হৈ থকা মাটি নাখান্দিবা॥ যিয়ে ইয়াক স্পৰ্শ নকৰে তেওঁ আশীৰ্ব্বাদ পাঁওক,। আৰু যিয়ে মোৰ হাড়ত হাত লগাই তাৰ গাত শাঁওপাত লাগক। )
১৬২৩ কিছু বছৰ আগতে নৰ্থ ৱালত শ্বেইকছপীয়েৰৰ লিখি থকা অৱস্থাৰ আৱক্ষ মূৰ্তি এটা উন্মোচন কৰা হয়। আৰু ইয়াত তেওঁক নেষ্টৰ, ছক্ৰেটিছ আৰু ভাৰ্জিলৰ লগত তুলনা কৰা হৈছে।৩৪
ইয়াৰোপৰি সমগ্ৰ বিশ্বতে ভালেমান মূৰ্তি আৰু স্মৃতিচিহ্নত শ্বেইকছপীয়েৰ ৰ নাম উল্লেখ আছে।
সমালোচকৰ মতামত
"তেওঁ কোনো এক যুগৰ নহয়, বৰং সৰ্বকালৰ। "
— —বেন জনছন৩৫
জীৱিতকালক শ্বেইকছপীয়েৰে পূজ্য কবিৰ সন্মান লাভ নকৰিলেও যথেষ্ট প্ৰশংসা লাভ কৰে। .৩৬ ১৫৯৮ চনত সাহিত্যিক ফ্ৰান্সিছ মেৰেছে তেওঁক ইংৰাজ সাহিত্যিকৰ এটা দলৰ ভিতৰত মিলনান্তক আৰু বিয়োগাত্মক উভয় দিশতে "সৰ্বশ্ৰেষ্ঠ" আখ্যা দিয়ে। .৩৭ আৰু কেমব্ৰিজৰ ছেইণ্ট জৰ্জ কলেজৰ পাৰনাছাছ নাটসমূহৰ লেখকসকলে তেওঁক চ'চাৰ, গ'ৱাৰ, স্পেঞ্চাৰ আদিৰ লগত স্থান দিয়ে।৩৮ ফাৰ্ষ্ট ফলিঅ'ত বেন জনচনে তেওঁক "যুগপ্ৰাণ, আমাৰ মঞ্চৰ প্ৰশংসা, আনন্দ আশ্চৰ্য্য" বুলি অভিহিত কৰে যদিও আন এক ঠাইত "শ্বেইকছপীয়েৰে কলা বিচাৰে" বুলিও কয়।
১৭ শতিকাৰ শেষৰফালে ধ্ৰুপদী সাহিত্যৰ ধাৰণা অস্পষ্ট হৈ পৰে। ফলত সেই সময়ৰ সমালোচক সকলে শ্বেইকছপীয়েৰক জন ফ্লেট্চাৰ আৰু বেন জনচনতকৈ তলতহে স্থান দিয়ে।৩৯ উদাহৰণস্বৰূপে থমাছ ৰায়মাৰে কমিক আৰু ট্ৰেজেডী মিহলি কৰি পেলোৱা বাবে শ্বেইকছপীয়েৰক ভৰ্ত্সনা কৰে। সি যি কি নহওক কবি, সমালোচক জন ড্যাইডেনে কয় যে "মই তেওঁক(বেন জনছন) শ্ৰদ্ধা কৰো, কিন্তু শ্বেইকছপীয়েৰক ভাল পাঁও। "৪০ ৰাইমাৰৰ মতামত বহুদশকলৈ চলি থাকে কিন্তু ওঠৰ শতিকাত সমালোচকসকলে শ্বেইকছপীয়েৰৰ প্ৰাকৃতিক প্ৰতিভাক স্বীকাৰ কৰে। ১৮০০ চনলৈ তেওঁ ইংলেণ্ডৰ জাতীয় কবি হিচাপে প্ৰতিপত্তি লাভ কৰে।৪১ ১৮ আৰু ১৯ শতিকাত গোটেই বিশ্বতেই শ্বেইকছপীয়েৰৰ সাহিত্যকৰ্মই বিশেষ খ্যাতি লাভ কৰে। ৰোমাণ্টিক যুগত কবি তথা সাহাত্যিক দাৰ্শনিক ছেমুৱেল টেইলৰ কলেৰিজে তেওঁক প্ৰশংসা কৰে আৰু আগষ্ট ৱিলহেল্ম শ্বেলগেলে জাৰ্মান ৰমন্যাসবাদৰ ধাৰাত তেওঁৰ নাটকসমূহ অনুবাদ কৰে।৪২ ১৯শতিকাত শ্বেইকছপীয়েৰৰ প্ৰতিভাৰ প্ৰশংসাই সীমা চেৰাই যায়। .৪৩ নাট্যকাৰ, সমালোচক জৰ্জ বাৰ্ণাড শ্ব'ই শ্বেইকছপীয়েৰৰ এই পূজনক "বাৰ্ডোলেট্ৰী" আখ্যা দিয়ে। তেওঁ কয় যে ইবছেনৰ প্ৰকৃতিবাদে শ্বেইকছপীয়েৰৰ ৰচনাক মূল্যহীন কৰি তুলিছে।৪৪ কিন্তু বিংশ শতাব্দীৰ কলাৰ ক্ষেত্ৰত হোৱা আধুনিক বিপ্লৱে শ্বেইকছপীয়েৰৰ লিখনিক দলিয়াই পেলোৱাৰ সলনি দুয়োহাতে আঁকোৱালি লয়। টি এচ ইলিয়টে বাৰ্ণাড শ্ব'ৰ বিৰূদ্ধে থিয় দি কয় যে শ্বেইকছপীয়েৰৰ "পৌৰাণিকতা"ই তেওঁক আধুনিক হে কৰিহে তুলিছে।৪৫ ১৯৫০ৰ দশকত সাহিত্য সমালোচনাৰ এক নৱতম ঢৌৱে আধুনিকতাবাদক পিছ পেলাই প্ৰতি-আধুনিকতাবাদৰ আলোকত শ্বেইকছপীয়েৰৰ লিখনি অধ্যয়নৰ নতুন বাট মুকলি কৰি দিয়ে। .৪৬ ১৯৮০ৰ দশকত শ্বেইকছপীয়েৰৰ লিখনি গঠনবাদ, নাৰীবাদ, নতুন ইতিহাসবাদ, আফ্ৰিকান আমেৰিকান সাহিত্য আদি বিভিন্ন ধাৰাৰ সৈতে সানমিহলি হৈ পৰে।৪৭৪৮
শ্বেইকছপীয়েৰ সম্বন্ধীয় বিতৰ্ক
লিখনি
শ্বেইকছপীয়েৰৰ মৃত্যুৰ প্ৰায় ২৩০ বছৰ পিছত তেওঁৰ নামত থকা লিখনি সমূহ দৰাচলতে তেওঁ লিখিছিল নে নাই তাক লৈ বিতৰ্ক আৰম্ভ হয়।৪৯ কিছুমানে ইয়াক হয়তো ফ্ৰান্সিছ বেকন বা খ্ৰিষ্টোফাৰ মাৰ্লো অথবা এডৱাৰ্ড দে ভেৰেৰ লিখনি বুলি সন্দেহ কৰে।৫০ অৱশ্যে অতি কম সংখ্যক পণ্ডিতে এই বিষয়ত সন্দেহৰ থল থকা বুলি ভাবিলেও৫১ এই বিষয়ৰ প্ৰতি একৈশ শতিকাতো আকৰ্ষণৰ অভাৱ নাই।৫২
ধৰ্ম
কিছুমান পণ্ডিতৰ মতে শ্বেইকছপীয়েৰৰ পৰিয়ালৰ সদস্য সকল কেথলিক আছিল, যি সময়ত কেথলিক ধৰ্ম আইনবিৰূদ্ধ আছিল।৫৩ পণ্ডিতসকলে শ্বেইকছপীয়েৰৰ নাটকত কেথলিকিজমৰসপক্ষ আৰু বিপক্ষ উভয় দিশৰে সাক্ষ্য বিচাৰি পায় কিন্তু সত্য উদ্ধাৰৰ পথ এতিয়াও অসম্ভৱ হৈ আছে।৫৪
যৌনতা
শ্বেইকছপীয়েৰৰ যৌনতাৰ কিছুমান দিশ এতিয়াও অন্ধকাৰত আছে। ওঠৰ বছৰ বয়সত তেওঁ ছাব্বিশ বছৰীয়া এন হাথাৱেক বিয়া কৰায়, যি সেই সময়ত গৰ্ভৱতী আছিল। বহুতে মতপোষণ কৰে যে শ্বেইকছপীয়েৰৰ চনেট সমূহ আত্মজীৱনীমূলক৫৫ আৰু ডেকা ল’ৰাৰ প্ৰতি থকা শ্বেইকছপীয়েৰৰ আকৰ্ষণৰ প্ৰতীক। কিন্তু কিছুমানে ইয়াক শাৰীৰিক প্ৰেমৰ সলনি অন্তৰংগ বন্ধুত্বৰ প্ৰকাশ বুলিহে অভিহিত কৰে।৫৬ আকৌ এক বিবাহিত মহিলাক উদ্দ্যেশ্যি তেওঁ লিখা ২৬টা ডাৰ্ক লেডী চনেট তেওঁৰ উভগামিতাৰ প্ৰতীক বুলি ধৰা হয়।৫৭
শাৰীৰিক অৱয়ব
শ্বেইকছপীয়েৰৰ শাৰীৰিক অৱয়বৰ কোনো লিখিত বিৱৰণ পোৱা নাযায় আৰু তেওঁ নিজা প্ৰতিকৃতি অংকন কৰাৰো কোনো তথ্য নাই।৫৮ গতিকে ষ্ট্ৰেটফ’ৰ্ডৰ শ্বেইকছপীয়েৰৰ প্ৰতিমূৰ্ত্তিয়েই তেওঁৰ অৱয়বৰ উত্তম সাক্ষী। ওঠৰ শতিকাৰ শ্বেইকছপীয়েৰৰ প্ৰকৃত চিত্ৰৰ চাহিদাই শ্বেইকছপীয়েৰৰ সঁচা প্ৰতিকৃতি বৰ্তি থকা বুলি জনৰৱ তোলে। ইয়াৰ ফলত বহুতো নকল চিত্ৰৰ নিৰ্মাণ, বেলেগ লোকৰ চিত্ৰৰ পুনৰনামকৰণ আদি ঘটনা ঘটে।৫৯
কৰ্মৰাজি
নাটকৰ শ্ৰেণীবিভাজন

১৬২৩ চনত “ফাৰ্ষ্ট ফ’লিও”ত শ্বেইকছপীয়েৰৰ নাটক সমূহক মিলনান্তক(কমেডী), ইতিহাসমূলক(হিষ্ট্ৰী) আৰু বিয়োগান্তক(ট্ৰেজেডী) এই তিনিটা ভাগত ভাগ কৰা হয়।৬০ ইয়াত দ্য টু নোবল কিন্সমেন আৰু পেৰিক্লিছ, প্ৰিন্স অৱ টায়ৰা এই নাটক দুখন ধৰা হোৱা নাই। কিন্তু বিশেষজ্ঞ সকলৰ মতে যিহেতু ইয়াৰ অধিকাংশই শ্বেইকছপীয়েৰৰ দ্বাৰাৰচিত, ইয়াকো তেওঁৰ ৰচনাৱলীৰ অন্তৰ্ভুক্ত কৰিব পাৰি।৬১ ফাৰ্ষ্ট ফ’লিওত শ্বেইকছপীয়েৰৰ কোনো কবিতাৰ কথা উল্লেখ কৰা হোৱা নাছিল।
১৯ শতিকাৰ শেষভাগত এডৱাৰ্ড ড’ডেনে শ্বেইকছপীয়েৰৰ শেহতীয়া চাৰিখন কমেডীক “ৰোমাঞ্চ” আখ্যা দিয়ে আৰু বহুতো পণ্ডিতে ইয়াক “ট্ৰেজিকমেডী” আখ্যা দিলেও ৰোমাঞ্চ নামটিহে অধিক জনপ্ৰিয়।৬২ এইনাটক সমূহ আৰু যৌথভাৱে লিখা “টু নোবল কিংছন” নাটকখন তৰা চিহ্ন (*)ৰে সূচিত কৰা হৈছে। ১৮৯৬ চনত ফ্ৰেডেৰিক এছ বোৱাছে অল ইজ ৱেল ডেট এণ্ডছ ৱেল, মীজাৰ ফৰ মীজাৰ, ট্ৰইলাছ এণ্ড ক্ৰেছিডা আৰু হেমলেট এই কেইখন নাটকক ‘‘দুবিধাজনক নাট’’ বা ‘‘প্ৰব্লেম প্লেজ’’ আখ্যা দিয়ে কাৰণ ইয়াক একেষাৰে কমেডী বা ট্ৰেজেডী আখ্যা দিব নোৱাৰি।৬৩৬৪ অৱশ্যে ইয়াৰে হেমলেটক সকলোৱে ট্ৰেজেডী বুলি মানি লৈছে।৬৫ বাকী দুবিধাজনক নাটসমূহ “‡” চিহ্নৰে সূচিত কৰা হৈছে।
যিবোৰ নাট শ্বেইকছপীয়েৰৰ দ্বাৰা আংশিক ভাৱে ৰচিত বুলি বিশ্বাস কৰা হয় তাক “†” চিহ্নৰেচিহ্নিতকৰা হৈছে। তেওঁৰ বাকী লিখনি সমূহ “অপ্ৰামাণিক ৰচনা” হিচাপে তালিকাভুক্ত কৰা হৈছে।
কৰ্মৰাজি
কমেডী
- অল ইজ ৱেল ডেট এণ্ডছ ৱেল ‡
- এজ য়ু লাইক ইট
- কমেডী অৱ এৰ'ৰচ
- লাভ্ছ লেবাৰ্ছ লষ্ট
- মীজাৰ ফৰ মীজাৰ ‡
- দ্য মাৰ্ছেণ্ট অৱ ভেনিছ
- দ্য মেৰী ৱাইভছ অৱ ৱিণ্ডছ’ৰ
- এ মিডছামাৰ নাইট্স ড্ৰীম
- মাচ্চ এডো এবাউট নাথিং
- পেৰিক্লিছ, প্ৰিন্স অৱ টায়াৰ *†
- দ্য টেমিং অৱ দ্য শ্ৰিউ
- দ্য টেম্পেষ্ট *
- টুৱেলফ্থ নাইট
- দ্য টু জেণ্টলমেন অৱ ভেৰ’ণা
- দ্য টু নোবল কিন্সমেন *†
- দ্য ৱিণ্টাৰ্ছ টেল *
ইতিহাসমূলক
- কিং জন
- ৰিচাৰ্ড দ্বিতীয়
- হেনৰী চতুৰ্থ, প্ৰথম খণ্ড
- হেনৰী চতুৰ্থ, দ্বিতীয় খণ্ড
- হেনৰী পঞ্চম
- হেনৰী ষষ্ঠ, প্ৰথম খণ্ড †
- হেনৰী ষষ্ঠ, দ্বিতীয় খণ্ড
- হেনৰী ষষ্ঠ, তৃতীয় খণ্ড
- ৰিচাৰ্ড তৃতীয়
- হেনৰী অষ্টম †
ট্ৰেজেডী
- ৰোমিও এণ্ড জুলিয়েট
- কোৰিঅ’লেনাছ
- টাইটাছ এণ্ড্ৰোনিকাচ †
- টিমন অৱ এথেন্স †
- জুলিয়াছ ছিজাৰ
- মেকবেথ †
- হেমলেট
- ট্ৰলিয়াছ এন্দ ক্ৰেছিডা ‡
- কিং লীয়েৰ
- অ’থেলো
- এণ্টনী এণ্ড ক্লিওপেট্ৰা
- ছিম্বেলিন *
কবিতা
- শ্বেইকছপীয়েৰৰ চনেট'
- ভেনাছ এণ্ড এডোনিছ
- দ্য ৰেপ অৱ লুক্ৰীছ
- দ্য পেশ্যনেট পিলগ্ৰিম
- দ্য ফিনিক্স এণ্ড দ্য টাৰ্টল
- এ লাভাৰ্ছ কমপ্লেইণ্ট'হেৰাই যোৱা নাটক'
- লাভছ লেবাৰ্ছ ৱোন
- দ্য হিষ্ট্ৰী অৱ কাৰ্ডেনিও †
অপ্ৰামাণিক ৰচনা
- আৰ্ডেন অৱ ফেভাৰ্শ্বেম
- দ্য বাৰ্থ অৱ মাৰ্লিন
- এডৱাৰ্ড তৃতীয়
- লোক্ৰিন
- দ্য লণ্ডন প্ৰোডিগেল
- দ্য প্যুৰিটান
- দ্য চেকেণ্ড মেইডেন্স ট্ৰেজেডী
- চাৰ জন ওল্ডকেছল
- থমাছ লৰ্ড ক্ৰমৱেল
- এ য়ৰ্কশ্বায়াৰ ট্ৰেজেডী
- ছৰ থমাছ ম’ৰে
টোকা
তথ্য সংগ্ৰহ
- Ackroyd, Peter. (2006). Shakespeare: The Biography. Vintage. ISBN 978-0-7493-8655-9.
- Adams, Joseph Quincy. (1923). A Life of William Shakespeare. Houghton Mifflin.
- Baer, Daniel. (2007). The Unquenchable Fire. Xulon Press. ISBN 978-1-60477-327-9.
- Baldwin, T. W. (1944). William Shakspere's Small Latine & Lesse Greek. University of Illinois Press.
- Barber, C. L. (1964). Shakespearian Comedy in the Comedy of Errors. College English 25.7.
- Bate, Jonathan. (2008). The Soul of the Age. Penguin. ISBN 978-0-670-91482-1.
- BBC News. (28 May 2008). Bard's 'cursed' tomb is revamped. British Broadcasting Corporation
- Bentley, G. E. (1961). Shakespeare: A Biographical Handbook. Yale University Press. ISBN 0-313-25042-1.
- Berry, Ralph. (2005). Changing Styles in Shakespeare. Routledge. ISBN 0-415-35316-5.
- Bertolini, John Anthony. (1993). Shaw and Other Playwrights. Pennsylvania State University Press. ISBN 0-271-00908-X.
- Bevington, David. (2002). Shakespeare. Blackwell. ISBN 0-631-22719-9.
- Bloom, Harold. (1999). Shakespeare: The Invention of the Human. Riverhead Books. ISBN 1-57322-751-X.
- Boas, F. S. (1896). Shakspere and His Predecessors. Charles Scribner's Sons.
- Bowers, Fredson. (1955). On Editing Shakespeare and the Elizabethan Dramatists. University of Pennsylvania Press.
- Boyce, Charles. (1996). Dictionary of Shakespeare. Wordsworth. ISBN 1-85326-372-9.
- Bradbrook, M. C. (2004). Shakespeare's Styles: Essays in Honour of Kenneth Muir. Cambridge University Press. পৃ. 191–204. ISBN 0-521-61694-8
- Bradford, Gamaliel Jr. (February 1910). The History of Cardenio by Mr. Fletcher and Shakespeare. Modern Language Notes.
- Bradley, A. C. (1991). Shakespearean Tragedy: Lectures on Hamlet, Othello, King Lear and Macbeth. Penguin. ISBN 0-14-053019-3.
- Brooke, Nicholas. (1998). The Tragedy of Macbeth. Oxford University Press. ISBN 0-19-283417-7.
- Brooke, Nicholas. (2004). Shakespeare's Styles: Essays in Honour of Kenneth Muir. Cambridge University Press. পৃ. 67–78. ISBN 0-521-61694-8
- Bryant, John. (1998). The Cambridge Companion to Herman Melville. Cambridge University Press. ISBN 0-521-55571-X.
- Bryson, Bill. (2007). Shakespeare: The World as a Stage. Harper Collins. ISBN 0-06-074022-1.
- Burns, Edward. (2000). King Henry VI, Part 1. Arden Shakespeare, Thomson. ISBN 1-903436-43-5.
- Carlyle, Thomas. (1907). On Heroes, Hero-worship, and the Heroic in History. Houghton, Mifflin and Company. ISBN 1-4069-4419-X.
- Casey, Charles. (Fall 1998). Was Shakespeare gay? Sonnet 20 and the politics of pedagogy. College Literature.
- Cercignani, Fausto. (1981). Shakespeare's Works and Elizabethan Pronunciation. University Press (Clarendon Press).
- Chambers, E. K. (1923). The Elizabethan Stage. Clarendon Press. ISBN 0-19-811511-3.
- Chambers, E. K. (1944). Shakespearean Gleanings. Oxford University Press. ISBN 0-8492-0506-9.
- Chambers, E. K. (1930). William Shakespeare: A Study of Facts and Problems. 2 vols.. Clarendon Press. ISBN 0-19-811774-4.
- Cheney, Patrick Gerard. (2004). The Cambridge Companion to Christopher Marlowe. Cambridge University Press. ISBN 0-521-52734-1.
- Clemen, Wolfgang. (2005a). Shakespeare's Dramatic Art: Collected Essays. Routledge. ISBN 0-415-35278-9.
- Clemen, Wolfgang. (2005b). Shakespeare's Imagery. Routledge. ISBN 0-415-35280-0.
- Clemen, Wolfgang. (1987). Shakespeare's Soliloquies. Routledge. ISBN 0-415-35277-0.
- Cooper, Tarnya. (2006). Searching for Shakespeare. Yale University Press. ISBN 978-0-300-11611-3.
- Craig, Leon Harold. (2003). Of Philosophers and Kings: Political Philosophy in Shakespeare's "Macbeth" and "King Lear". University of Toronto Press. ISBN 0-8020-8605-5.
- Cressy, David. (1975). Education in Tudor and Stuart England. St Martin's Press. ISBN 0-7131-5817-4.
- Crystal, David. (2001). The Cambridge Encyclopedia of the English Language. Cambridge University Press. ISBN 0-521-40179-8.
- Dillon, Janette. (2007). The Cambridge Introduction to Shakespeare's Tragedies. Cambridge University Press. ISBN 0-521-85817-8.
- Dobson, Michael. (1992). The making of the national poet. Oxford University Press. ISBN 978-0-19-818323-5.
- Dominik, Mark. (1988). Shakespeare–Middleton Collaborations. Alioth Press. ISBN 0-945088-01-9.
- Dowden, Edward. (1881). Shakspere. Appleton & Co..
- Drakakis, John. (1985). Alternative Shakespeares. Meuthen. ISBN 0-416-36860-3.
- Dryden, John. (1889). An Essay of Dramatic Poesy. Clarendon Press. ISBN 81-7156-323-6.
- Dutton, Richard; Howard, Jean. (2003). A Companion to Shakespeare's Works: The Histories. Blackwell. ISBN 0-631-22633-8.
- Edwards, Phillip. (1958). Shakespeare Survey. Cambridge University Press. ISBN 0-521-21500-5.
- (2004). Shakespeare's Styles: Essays in Honour of Kenneth Muir. Cambridge University Press. ISBN 0-521-61694-8.
- Eliot, T. S. (1934). Elizabethan Essays. Faber & Faber. ISBN 0-15-629051-0.
- Evans, G. Blakemore. (1996). The Sonnets. Cambridge University Press. ISBN 0-521-22225-7.
- Farley-Hills, David. (1990). Shakespeare and the Rival Playwrights, 1600–06. Routledge. ISBN 0-415-04050-7.
- Foakes, R. A. (1990). The Cambridge Companion to English Renaissance Drama. Cambridge University Press. ISBN 0-521-38662-4.
- Fort, J. A. (October 1927). The Story Contained in the Second Series of Shakespeare's Sonnets. The Review of English Studies.
- Freehafer, John. (May 1969). 'Cardenio', by Shakespeare and Fletcher. PMLA.
- Friedman, Michael D. (2006). Acts of Criticism: Performance Matters in Shakespeare and his Contemporaries: Essays in Honor of James P. Lusardi. Fairleigh Dickinson University Press. ISBN 0-8386-4059-1.
- Frye, Roland Mushat. (2005). The Art of the Dramatist. Routledge. ISBN 0-415-35289-4.
- Gager, Valerie L. (1996). Shakespeare and Dickens: The Dynamics of Influence. Cambridge University Press. ISBN 0-521-45526-X.
- Gibbons, Brian. (1980). Romeo and Juliet. The Arden Shakespeare Second Series. Thomson Learning. ISBN 978-1-903436-41-7.
- Gibbons, Brian. (1993). Shakespeare and Multiplicity. Cambridge University Press. ISBN 0-521-44406-3.
- Gibson, H. N. (2005). The Shakespeare Claimants: A Critical Survey of the Four Principal Theories Concerning the Authorship of the Shakespearean Plays. Routledge. ISBN 0-415-35290-8.
- Grady, Hugh. (2001a). Shakespeare and Modern Theatre: The Performance of Modernity. Routledge. ISBN 0-415-21984-1.
- Grady, Hugh. (2001b). The Cambridge Companion to Shakespeare. Cambridge University Press. ISBN 0-521-65094-1.
- Gray, Arthur. (1926). A Chapter in the Early Life of Shakespeare. Cambridge University Press. Reissued by Cambridge University Press, 2009;. ISBN 978-1-108-00557-9.
- Greenblatt, Stephen. (2005). Will in the World: How Shakespeare Became Shakespeare. Pimlico. ISBN 0-7126-0098-1.
- Greer, Germaine. (1986). William Shakespeare. Oxford University Press. ISBN 0-19-287538-8.
- Halio, Jay. (1998). Romeo and Juliet: A Guide to the Play. Greenwood Press. ISBN 0-313-30089-5
- Hansen, William. (1983). Saxo Grammaticus & the Life of Hamlet. University of Nebraska Press. ISBN 0-8032-2318-8.
- Hattaway, Michael. (1990). The First Part of King Henry VI. Cambridge University Press. ISBN 0-521-29634-X.
- Hoeniger, F. D. (1963). Pericles. Arden Shakespeare. ISBN 0-17-443588-6l.
- Holland, Peter. (2000). ((Cymbeline)). Penguin. ISBN 0-14-071472-3.
- Honan, Park. (1998). Shakespeare: A Life. Oxford University Press. ISBN 0-19-811792-2.
- Honigmann, E. A. J. (1999). Shakespeare: The Lost Years. Manchester University Press. ISBN 0-7190-5425-7.
- Hunter, Robert E. (1864). Shakespeare and Stratford-upon-Avon: A ‘Chronicle of the Time’. Whittaker. Reissued by Cambridge University Press, 2009;. ISBN 978-1-108-00162-5.
- Jackson, MacDonald P. (2004). Shakespeare Studies. Associated University Press. ISBN 0-8386-4120-2.
- Jackson, MacDonald P. (2003). Defining Shakespeare: Pericles as Test Case. Oxford University Press. ISBN 0-19-926050-8.
- Johnson, Samuel. (2002). Samuel Johnson's Dictionary: Selections from the 1755 Work that Defined the English Language. Levenger Press. ISBN 1-84354-296-X.
- Jonson, Ben. (1996). The First Folio of Shakespeare. W. W. Norton & Company. ISBN 0-393-03985-4.
- Kastan, David Scott. (1999). Shakespeare After Theory. Routledge. ISBN 0-415-90112-X.
- Kathman, David. (2003). Shakespeare: an Oxford Guide. Oxford Guides. Oxford University Press. পৃ. 620–32. ISBN 978-0-19-924522-2
- Keeble, N.H. (1980). Romeo and Juliet: Study Notes. York Notes. ISBN 0-582-78101-9.
- Kermode, Frank. (2004). The Age of Shakespeare. Weidenfeld & Nicholson. ISBN 0-297-84881-X.
- Kolin, Philip C. (1985). Shakespeare and Southern Writers: A Study in Influence. University Press of Mississippi. ISBN 0-87805-255-0.
- Knutson, Roslyn. (2001). Playing Companies and Commerce in Shakespeare's Time. Cambridge University Press. ISBN 0-521-77242-7.
- Lambourne, Lionel. (1999). Victorian Painting. Phaidon. ISBN 0-7148-3776-8.
- Lee, Sidney. (1900). Shakespeare's Life and Work. Smith Elder & Co..
- Levenson, Jill L. (2000). Romeo and Juliet. Oxford University Press. ISBN 0-19-281496-6.
- Levin, Harry. (1986). The Cambridge Companion to Shakespeare Studies. Cambridge University Press. ISBN 0-521-31841-6.
- Love, Harold. (2002). Attributing Authorship: An Introduction. Cambridge University Press. ISBN 0-521-78948-6.
- Maguire, Laurie E. (1996). Shakespearean Suspect Texts: The "Bad" Quartos and Their Contexts. Cambridge University Press. ISBN 0-521-47364-0.
- McAfee, Cleland Boyd. (1912). The Greatest English Classic: A Study of the King James Version of the Bible and Its Influence on Life and Literature.
- McDonald, Russ. (2006). Shakespeare's Late Style. Cambridge University Press. ISBN 0-521-82068-5.
- McIntyre, Ian. (1999). Garrick. Allen Lane. ISBN 0-7139-9328-6.
- McMichael, George; Glenn, Edgar M. (1962). Shakespeare and his Rivals: A Casebook on the Authorship Controversy. Odyssey Press.
- McMullan, Gordon. (2000). King Henry VIII. Arden Shakespeare, Thomson. ISBN 1-903436-25-7.
- Meagher, John C. (2003). Pursuing Shakespeare's Dramaturgy: Some Contexts, Resources, and Strategies in his Playmaking. Fairleigh Dickinson University Press. ISBN 0-8386-3993-3.
- Milward, Peter. (1973). Shakespeare's Religious Background. Loyola University Press. ISBN 0-8294-0508-9.
- Morris, Brian Robert. (1968). Christopher Marlowe. Hill and Wang. ISBN 0-8090-6780-3.
- Muir, Kenneth. (2005). Shakespeare's Tragic Sequence. Routledge. ISBN 0-415-35325-4.
- Nagler, A. M. (1958). Shakespeare's Stage. Yale University Press. ISBN 0-300-02689-7.
- Nolen, Stephanie. (2002). Shakespeare's Face. Vintage Canada. ISBN 978-0-676-97484-3.
- Nuttall, Anthony. (2007). Shakespeare the Thinker. Yale University Press. ISBN 978-0-300-11928-2.
- Paraisz, Júlia. (2006). Shakespeare Survey. Cambridge University Press. ISBN 0-521-86838-6.
- Pequigney, Joseph. (1985). Such Is My Love: A Study of Shakespeare's Sonnets. University of Chicago Press. ISBN 0-226-65563-6.
- Pollard, Alfred W. (1909). Shakespeare Quartos and Folios: A Study in the Bibliography of Shakespeare's Plays, 1594–1685. Methuen.
- Porter, Roy; Teich, Mikuláš. (1988). Romanticism in National Context. Cambridge University Press. ISBN 0-521-33913-8.
- Potter, Lois. (1997). The Two Noble Kinsmen. Arden Shakespeare, Thomson. ISBN 1-904271-18-9.
- Pritchard, Arnold. (1979). Catholic Loyalism in Elizabethan England. University of North Carolina Press. ISBN 0-8078-1345-1.
- Ramos, Péricles Eugênio da Silva. (1976). Hamlet (translate to portuguese). Editora Abril.
- Ribner, Irving. (2005). The English History Play in the Age of Shakespeare. Routledge. ISBN 0-415-35314-9.
- Ringler, William, Jr. (1997). In Lear from Study to Stage: Essays in Criticism. Fairleigh Dickinson University Press. ISBN 0-8386-3690-X.
- Rowe, John. (2006). The Poems: Venus and Adonis, The Rape of Lucrece, The Phoenix and the Turtle, The Passionate Pilgrim, A Lover's Complaint, by William Shakespeare. Cambridge University Press. ISBN 0-521-85551-9.
- Rowe, Nicholas. (1709). Some Acount of the Life &c. of Mr. William Shakespear.
- Royle, Nicholas. (2000). The Limits of Death: Between Philosophy and Psychoanalysis. Manchester University Press. ISBN 0-7190-5751-5.
- Sawyer, Robert. (2003). Victorian Appropriations of Shakespeare. Fairleigh Dickinson University Press. ISBN 0-8386-3970-4.
- Schanzer, Ernest. (1963). The Problem Plays of Shakespeare. Routledge and Kegan Paul. ISBN 0-415-35305-X.
- Schoch, Richard. (2002). The Cambridge Companion to Shakespeare on Stage. Cambridge University Press. ISBN 0-521-79711-X.
- Schoenbaum, S. (1981). William Shakespeare: Records and Images. Oxford University Press. ISBN 978-0-19-520234-2
- Schoenbaum, Samuel. (1991). Shakespeare's Lives. Oxford University Press. ISBN 0-19-818618-5.
- Schoenbaum, Samuel. (1987). William Shakespeare: A Compact Documentary Life. Oxford University Press. ISBN 0-19-505161-0.
- Schopenhauer, Arthur. (1958). The World as Will and Representation. Falcon Wing's Press.
- Shakespeare, William. (1914). (www.bartleby.com/70/ The Oxford Shakespeare: the Complete Works of William Shakespeare). Oxford University Press.
- Shapiro, James. (2005). 1599: A Year in the Life of William Shakespeare. Faber and Faber. ISBN 0-571-21480-0.
- Shapiro, James. (2010). Contested Will: Who Wrote Shakespeare?. Simon & Schuster. ISBN 9781416541622.
- Snyder, Susan; Curren-Aquino, Deborah. (2007). The Winter's Tale. Cambridge University Press. ISBN 0-521-22158-7.
- Steiner, George. (1996). The Death of Tragedy. Yale University Press. ISBN 0-300-06916-2.
- Taylor, Dennis. (2006). Thomas Hardy Reappraised: Essays in Honour of Michael Millgate. University of Toronto Press. ISBN 0-8020-3955-3.
- Taylor, Gary. (1990). Reinventing Shakespeare: A Cultural History from the Restoration to the Present. Hogarth Press. ISBN 0-7012-0888-0.
- Taylor, Gary. (1987). William Shakespeare: A Textual Companion. Oxford University Press. ISBN 0-19-812914-9.
- Vickers, Brian. (2002). Shakespeare, Co-Author: A Historical Study of Five Collaborative Plays. Oxford University Press. ISBN 0-19-925653-5.
- Wain, John. (1975). Samuel Johnson. Viking. ISBN 0-670-61671-0.
- (2005). The Oxford Shakespeare: The Complete Works. Oxford University Press. ISBN 0-19-926717-0.
- Wells, Stanley. (1997). Shakespeare: A Life in Drama. W. W. Norton. ISBN 0-393-31562-2.
- Wells, Stanley. (2006). Shakespeare & Co. Pantheon. ISBN 0-375-42494-6.
- (2003). Shakespeare: An Oxford Guide. Oxford University Press. ISBN 0-19-924522-3.
- Werner, Sarah. (2001). Shakespeare and Feminist Performance. Routledge. ISBN 0-415-22729-1.
- Wilson, Richard. (2004). Secret Shakespeare: Studies in Theatre, Religion and Resistance. Manchester University Press. ISBN 0-7190-7024-4.
- Wood, Michael. (2003). Shakespeare. Basic Books. ISBN 0-465-09264-0.
- Wright, George T. (2004). Shakespeare: An Anthology of Criticism and Theory, 1945–2000. Blackwell. ISBN 0-631-23488-8.
আৰু চাওক
বাহ্যিক সংযোগ
- Internet Shakespeare Editions
- Folger Digital Texts
- Open Source Shakespeare complete works, with search engine and concordance
- First Four Folios at Miami University Library, digital collection
- The Shakespeare Quartos Archive
- Shakespeare's Words the online version of the best-selling glossary and language companion
- Shakespeare's Will from The National Archives
- William Shakespeare at Project Gutenberg
- William Shakespeare at SB
তথ্যসূত্ৰ
- ↑ Dates follow the Julian calendar, used in England throughout Shakespeare's lifespan, but with the start of year adjusted to 1 January (see Old Style and New Style dates). Under the গ্ৰেগৰিয়ান বৰ্ষপঞ্জী, adopted in Catholic countries in 1582, Shakespeare died on 3 May Schoenbaum 1987
- ↑ Greenblatt 2005; Bevington 2002; Wells 1997
- ↑ Dobson 1992
- ↑ The "national cult" of Shakespeare, and the "bard" identification, dates from September 1769, when the actor David Garrick organised a week-long carnival at Stratford to mark the town council awarding him the freedom of the town. In addition to presenting the town with a statue of Shakespeare, Garrick composed a doggerel verse, lampooned in the London newspapers, naming the banks of the Avon as the birthplace of the "matchless Bard" McIntyre 1999
- ↑ The exact figures are unknown. See Shakespeare's collaborations and Shakespeare Apocrypha for further details
- ↑ Craig 2003
- ↑ Shapiro 2005; Schoenbaum 1991; Taylor 1990
- ↑ Chambers 1930; Taylor 1987
- ↑ Individual play dates and precise writing span are unknown. See Chronology of Shakespeare's plays for further details
- ↑ The Norton Anthology of English Literature: Sixteenth/Early Seventeenth Century, Volume B, 2012, pg. 1168
- ↑ Bertolini 1993
- ↑ Schoenbaum 1987
- ↑ Schoenbaum 1987
- ↑ Schoenbaum 1987
- ↑ Schoenbaum 1987; Ackroyd 2006; Wells Taylor Jowett
- ↑ Baldwin 1944
- ↑ Schoenbaum 1987
- ↑ Schoenbaum 1987
- ↑ Schoenbaum 1987
- ↑ Wells Taylor Jowett
- ↑ Chambers 1930
- ↑ Schoenbaum 1987
- ↑ Chambers 1923
- ↑ Schoenbaum 1987; Kastan 1999; Knutson 2001
- ↑ Schoenbaum 1987
- ↑ Honan 1998
- ↑ Schoenbaum 1987
- ↑ Schoenbaum 1987
- ↑ Schoenbaum 1987
- ↑ Schoenbaum 1987
- ↑ Schoenbaum 1987; Wells Taylor Jowett
- ↑ BBC News 2008
- ↑ Schoenbaum 1987
- ↑ Schoenbaum 1987
- ↑ Jonson 1996
- ↑ Dominik 1988; Grady 2001b
- ↑ Grady 2001b; Greer 1986
- ↑ Grady 2001b
- ↑ Grady 2001b
- ↑ Dryden 1889
- ↑ Dobson 1992 Cited by Grady 2001b
- ↑ Levin 1986
- ↑ Sawyer 2003
- ↑ Grady 2001b
- ↑ Grady 2001a
- ↑ Grady 2001a
- ↑ Grady 2001a
- ↑ Drakakis 1985
- ↑ Shapiro 2010
- ↑ Gibson 2005
- ↑ Did He or Didn’t He? That Is the Question, The New York Times, 22 April 2007
- ↑ Kathman 2003; Love 2002; Schoenbaum 1991
- ↑ Pritchard 1979
- ↑ Wilson 2004; Shapiro 2005
- ↑ Lee 1900
- ↑ Casey; Pequigney 1985; Evans 1996
- ↑ Fort 1927
- ↑ Cooper 2006
- ↑ Schoenbaum 1981
- ↑ Boyce 1996
- ↑ Kathman 2003; Boyce 1996
- ↑ Edwards 1958; Snyder Curren-Aquino 2007
- ↑ Schanzer 1963
- ↑ Boas 1896
- ↑ Schanzer 1963; Bloom 1999; Berry 2005
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিলিয়াম শ্বেইক্সপিয়াৰ” প্ৰবন্ধৰ সংশোধন ৬২৮৯১৫ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।