ইন্দ্ৰ বণিয়া (Indra Bania) অসমৰ এজন অভিনেতা। ১৯৪২ চনৰ ২৪ ডিচেম্বৰত লখিমপুৰ জিলাৰ ধলপুৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। ষাঠীৰ দশকৰ পৰা অসমৰ নাট্য জগতত তেওঁ এক সুকীয়া স্থান লাভ কৰে। ১৯৬৪ চনৰ পৰা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পীৰূপে তেখেতে 'গোবৰ্ধন চৰিত' আৰু 'মইনাৰ সংবাদ' নাটকেৰে জনপ্ৰিয়তা লাভ কৰে।১২ পাছলৈ জাহ্নু বৰুৱাৰ 'হালধীয়া চৰায়ে বাওধান খায়' (১৯৮৭) চলচ্চিত্ৰত এজন দুৰ্দশাগ্ৰস্ত খেতিয়কৰ চৰিত্ৰ ৰূপায়ণ কৰি তেওঁ লোকাৰ্ণ' চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল।৩ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত এনে বঁটা লাভ কৰা তেৱেঁই প্ৰথম অসমীয়া অভিনেতা।৪ কোনো বিচাৰ নোহোৱাকৈ ৫৪ বছৰ জেলত থকা মাচাং লালুঙৰ বিষয়ে নিৰ্মিত 'Freedom at the Edge' (২০০৭) নামৰ অসমীয়া চুটি ছবিখনত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৫ ইন্দ্ৰ বণিয়াই অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।
শৈশৱ, শিক্ষা আৰু পৰিয়াল
ইন্দ্ৰ বণিয়াৰ জন্ম হৈছিল ১৯৪২ চনৰ ২৪ ডিচেম্বৰত লখিমপুৰ জিলাৰ ধলপুৰত। তেওঁৰ পিতৃৰ নাম আনন্দৰাম বণিয়া আৰু মাতৃৰ নাম পদুমী বণিয়া। তেওঁ পত্নী মিনু বণিয়া আৰু পুত্ৰ গৌৰৱ বণিয়া(১৯৭৮-২০২৩)।৩
প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতেই বণিয়াই ধলপুৰ এৰে আৰু বৰদেউতাক নন্দেশ্বৰ বণিয়াৰ লগত থাকিবলৈ লয়। বৰদেউতাকৰ চাকৰিসূত্ৰে বদলি হৈ থকাত, তেওঁৰ শৈশৱ অসমৰ বিভিন্ন ঠাইত অতিবাহিত হয়। কৰিমগঞ্জ হাইস্কুলৰ পৰা তেওঁ প্ৰৱেশিকাত উত্তীৰ্ণ হয়। পাছত তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় আৰু অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ কৰে।৬
অভিনয় জগতত প্ৰৱেশ
ইন্দ্ৰ বণিয়াই সৰু অৱস্থাত ভাওনাত অভিনয় কৰিছিল। সমনীয়াৰ লগত ভাওনাৰ বচন মাতিছিল। লাহে লাহে তেওঁ দুই-এখন নাটকতো অভিনয় কৰিবলৈ আৰম্ভ কৰে। ইন্দ্ৰ বণিয়াৰ বৰদেউতাক আছিল এজন বায়ন। সেইসূত্ৰেই সৰুতেই তেখেতে এক সাংস্কৃতিক পৰিৱেশ লাভ কৰিছিল। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত শিক্ষাগ্ৰহণ কৰাৰ পাছত তেওঁ নগাঁৱলৈ, পুনৰ বৰদেউতাকৰ ওচৰলৈ যায়। নগাঁৱত তেখেতে অসমৰ নাট্যজগতৰ দুজন বিশেষ নমস্য ব্যক্তি চন্দ্ৰ ফুকন আৰু সাৰদাকান্ত বৰদলৈৰ অভিনয়ত আকৃষ্ট হৈছিল। কলকাতাৰ পৰা অসমলৈ অভিনয় কৰিবলৈ অহা প্ৰখ্যাত নাট্যশিল্পী শম্ভু মিত্ৰ, উৎপল দত্ত, তৃপ্তি মিত্ৰৰ অভিনয়েও তেখেতক আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিছিল। ১৯৬৪ চনত তেওঁ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চাকৰিত যোগদান কৰে। চাকৰিৰ মাজতেই তেখেতে নাটক আৰু অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি যায়। ১৯৭৫ চনত তেওঁ জীৱনৰ প্ৰথমখন ছবি 'খোজ (অসমীয়া চলচ্চিত্ৰ)'ত অভিনয় কৰে।৭
ভ্ৰাম্যমাণত প্ৰৱেশ
আশীৰ দশকত ইন্দ্ৰ বণিয়াই পূবেৰুণ থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণৰ প্ৰৱেশ কৰে। 'গোৱৰ্দ্ধন চৰিত' নাটকৰ নায়কৰ চৰিত্ৰত ইন্দ্ৰ বণিয়াই বলিষ্ঠ অভিনয় কৰি দৰ্শক ৰাইজৰ মন মোহে। ইয়াৰ লগতে উজনি অসমৰ দুটা থিয়েটাৰগোষ্ঠীৰ লগত জড়িত হৈ নাটক পৰিচালক হিচাপেও তেওঁ দায়িত্ব পালন কৰে।৭
মৃত্যু
২০১৫ চনৰ ২৫ মাৰ্চৰ নিশা ১০-৩০ বজাত গুৱাহাটীৰ হায়াট চিকিৎসালয়ত ইন্দ্ৰ বণিয়াৰ মৃত্যু হয়।৭
চলচ্চিত্ৰপঞ্জী
ইন্দ্ৰ বণিয়াই অভিনয় কৰা প্ৰথম অসমীয়া ছবিখন হ’ল 'খোজ (অসমীয়া চলচ্চিত্ৰ)' (১৯৭৫)।৮ তেওঁৰ অভিনীত চলচ্চিত্ৰসমূহ হ'ল:
- খোজ (অসমীয়া চলচ্চিত্ৰ) (১৯৭৫)
- আদালত (১৯৭৬)
- শ্ৰীমতী মহিমাময়ী (১৯৭৯)
- অপৰূপা (১৯৮২)
- অপেক্ষা (অপৰূপাৰ হিন্দী সংস্কৰণ)
- সেন্দূৰ (১৯৮৪)
- অগ্নিস্নান (১৯৮৫)
- পূজা (১৯৮৫)
- সূৰুয (১৯৮৫)
- ব’হাগৰ দুপৰীয়া (১৯৮৫)
- পাপৰি (১৯৮৬)
- হালধীয়া চৰায়ে বাওধান খায় (১৯৮৭)
- জেতুকী (১৯৮৭)
- ধ্ৰুৱতৰা (১৯৯০)
- উত্তৰকাল (১৯৯০)
- ৰঙা মদাৰ (১৯৯২)
- হলধৰ (১৯৯২)
- মীমাংসা (১৯৯৪)
- উৰ্বশী (১৯৯৫)
- যৌৱনে আমনি কৰে (১৯৯৫)
- সত্যৱতী (২০০০)
- দমন (হিন্দী) (২০০১)
- শেষ উপহাৰ (২০০২)
- কইনা মোৰ ধুনীয়া (২০০২)
- মৰমী হ’বানে লগৰী (২০০২)
- Freedom at the Edge (২০০৭)
- আই ক'ত নাই (২০০৮)
- জাংফাই জোনাক (২০১২)
বঁটা
তথ্যসূত্ৰ
- ↑ (১ আগষ্ট, ২০১০). Drama awards for Indra Bania, Ratan Lahkar. The Assam Tribune
- ↑ (26-Mar-2015). Veteran Assamese actor Indra Bania dies. Mid-Day Infomedia Ltd
- ↑ (২৬ মাৰ্চ). অভিনেতা ইন্দ্ৰ বণিয়া আৰু নাই. জনসাধাৰণ. পৃ. ৮ পৃষ্ঠা
- ↑ K. Moti Gokulsing, Wimal Dissanayake. (2013). Routledge Handbook of Indian Cinemas. Routledge. পৃ. 57
- ↑ Sushanta Talukdar. (1 জুলাই 2007). A lifetime in illegal detention. The Hindu
- ↑ (মাৰ্চ ২৭, ২০১৫). অজান্তিমুলুকত ইন্দ্ৰ বণিয়া. আমাৰ অসম. পৃ. ১,৮
- ↑ ভাগৱতী, কমল কুমাৰ. (২২ মাৰ্চ ২০২০). অসমৰ অভিনয় জগতৰ এটি জনপ্ৰিয় নাম ইন্দ্ৰ বণিয়া. দৈনিক অসম. পৃ. দেওবৰীয়া পৰিপূৰিকা, পৃষ্ঠা-৪
- ↑ (March 26, 2015). Noted Assamese thespian Indra Bania passes away. Business Standard Ltd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দ্ৰ বণিয়া” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৮৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।