অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৎপল দত্ত (অভিনেতা)

উৎপল দত্ত (Utpal Dutt) এজন ভাৰতীয় অভিনেতা, পৰিচালক, লেখক আৰু নাট্যকাৰ আছিল। তেওঁ মুলতঃ বঙালী থিয়েটাৰৰ এজন অভিনেতা আৰু আধুনিক ভাৰতীয় থিয়েটাৰৰ এজন অগ্ৰণী ব্যক্তি আছিল। তেওঁ ১৯৪৯ চনত "লিটল থিয়েটাৰ গ্ৰুপ" প্ৰতিষ্ঠা কৰে।

হালনাগাদ: ১২ ছেপ্তেম্বৰ ২০২৩ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

উৎপল দত্ত (Utpal Dutt) এজন ভাৰতীয় অভিনেতা, পৰিচালক, লেখক আৰু নাট্যকাৰ আছিল। তেওঁ মুলতঃ বঙালী থিয়েটাৰৰ এজন অভিনেতা আৰু আধুনিক ভাৰতীয় থিয়েটাৰৰ এজন অগ্ৰণী ব্যক্তি আছিল। তেওঁ ১৯৪৯ চনত "লিটল থিয়েটাৰ গ্ৰুপ" প্ৰতিষ্ঠা কৰে। এই নাট্যদলটোৱে নিজকে সম্পূৰ্ণৰূপে ৰাজনৈতিক আৰু কঠোৰপন্থী থিয়েটাৰলৈ ৰূপান্তৰিক কৰাৰ পূৰ্বে ই বহুতো ইংৰাজী, শ্বেইক্সপীয়েৰিয়ান আৰু ব্ৰেখটীয় নাটক মঞ্চস্থ কৰিছিল; যি সময়চোৱাক এতিয়া "এপিক থিয়েটাৰ" বুলি উল্লেখ কৰা হয়।

দত্তৰ নাটকসমূহ তেওঁৰ মাৰ্ক্সবাদী মতাদৰ্শ প্ৰকাশৰ এক উপযুক্ত বাহন হৈ পৰিছিল, যি মতাদৰ্শ কল্লোল (১৯৬৫), মানুষেৰ অধিকাৰ, লৌহা মানৱ (১৯৬৪), টিনেৰ তলোৱাৰ আৰু মহা-বিদ্ৰোহ আদিৰ দৰে সামাজিক-ৰাজনৈতিক নাটকত দৃশ্যমান হৈছিল। তেওঁ ৪০ বছৰীয়া কৰ্মজীৱনত ১০০খনতকৈও অধিক বাংলা আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। মৃণাল সেনৰ ভুৱন সোম (১৯৬৯), সত্যজিৎ ৰায়ৰ আগন্তুক (১৯৯১), গৌতম ঘোষৰ পদ্মা নদীৰ মাঝি (১৯৯৩) আৰু হৃষীকেশ মুখাৰ্জীৰ গোলমাল (১৯৭৯) আৰু ৰং বিৰংগীৰ (১৯৮৩) দৰে চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সৰ্বাধিক পৰিচিত।১২৩ মৃত্যুৰ মাত্ৰ কিছুদিন আগতে ১৯৯৩ চনত দূৰদৰ্শন ধাৰাবাহিক ব্যোমকেশ বক্সীৰ ‘সীমান্ত হীৰা’ খণ্ডত তেওঁ ছাৰ দিগেন্দ্ৰ নাৰায়ণ নামৰ এজন ভাস্কৰ্যশিল্পীৰ চৰিত্ৰতো অভিনয় কৰিছিল।

১৯৭০ চনত তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰিও তিনিটাকৈ শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। নাট্যজগতলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ১৯৯০ চনত সংগীত নাটক একাডেমীয়ে তেওঁক ফেলোশ্বিপ প্ৰদান কৰে।

বঁটা আৰু স্বীকৃতি

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Inside the actor's mind Mint (newspaper), 3 July 2009
  2. ↑ Remembering Utpal Dutt Shoma A Chatterji, Screen (magazine), 20 August 2004
  3. ↑ Stage On & Off: Man in iron mask The Telegraph (Kolkata), 26 August 2006
  4. ↑ 17th National Film Awards. Directorate of Film Festivals

সম্পৰ্কিত শ্ৰেণী

নাট্যকাৰভাৰতীয় অভিনেতাশ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীবঙালী চলচ্চিত্ৰৰ অভিনেতাহিন্দী চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৎপল দত্ত (অভিনেতা)” প্ৰবন্ধৰ সংশোধন ৩৭৭৭৩৮ (১২ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।